বেংগালুৰু
বেংগালুৰু আৰক্ষীয়ে ৬৭ বছৰীয়া এজন ব্যক্তিৰ মৃতদেহ প্লাষ্টিকৰ মোনাত পোৱাৰ এসপ্তাহৰ পাছত মৃত্যুৰ তদন্তত প্ৰকাশ পাইছে যে প্ৰেয়সীৰ সৈতে যৌন সম্ভোগ কৰি থকা অৱস্থাত হৃদযন্ত্ৰ বন্ধ হৈ মৃত্যু হোৱা বুলি অভিযোগ উঠিছে। লোকজনৰ মৃতদেহ নিষ্কাশন কৰাৰ অভিযোগ উঠিছে প্ৰেমিকা, তেওঁৰ স্বামী আৰু প্ৰেমিকাৰ ভাতৃৰ ওপৰত।
আৰক্ষীয়ে জনোৱা মতে, ৬৭ বছৰীয়া ব্যৱসায়ীজনৰ ৩৫ বছৰীয়া ঘৰুৱা সহায়কৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। যোৱা ১৬ নৱেম্বৰত প্ৰেয়সীৰ ঘৰলৈ গৈ প্ৰেয়সীৰ সৈতে যৌন সম্ভোগ কৰি থকা অৱস্থাত হৃদযন্ত্ৰ বন্ধ হুৱাৰ ফলত মৃত্যু হয়।
জে পি নগৰৰ পুটেনাহাল্লীৰ বাসিন্দা বালা সুব্ৰমণিয়ান নামৰ লোকজনে যোৱা ১৬ নৱেম্বৰত নাতিক বেডমিণ্টনৰ ক্লাছলৈ নিবলৈ ঘৰৰ পৰা ওলাই গৈছিল। বিয়লি প্ৰায় ৪.৫৫ বজাত বালাই বোৱাৰীয়েকক ফোন কৰি দেৰি হ’ব বুলি জনাইছিল কাৰণ তেওঁৰ কিছুমান ব্যক্তিগত কাম আছে।
দীৰ্ঘদিন বালাৰ পৰিয়ালৰ লোকে যোগাযোগ কৰিব নোৱাৰাত পুত্ৰই সুব্ৰমণীয়া নগৰ থানাত নিৰুদ্দেশৰ অভিযোগ দাখিল কৰে। নিৰুদ্দেশৰ অভিযোগ দাখিল কৰাৰ এদিন পিছতে আৰক্ষীয়ে প্লাষ্টিকৰ মোনা আৰু বেডশ্বীটত বান্ধি থোৱা সন্দেহজনক অৱস্থাত এটা মৃতদেহ উদ্ধাৰ কৰে।
এই ঘটনাটো চৰ্চালৈ আহিলে তেওঁ চৰিত্ৰ সমাজত কলংকিত হ’ব বুলি আশংকা কৰি মহিলাগৰাকীয়ে লগে লগে স্বামী আৰু ভাতৃক ফোন কৰিলে। অভিযোগ অনুসৰি মহিলাগৰাকী আৰু তেওঁৰ আত্মীয়ই ব্যৱসায়ীজনৰ মৃতদেহটো প্লাষ্টিকৰ মোনাত ভৰাই জে পি নগৰৰ এক বিচ্ছিন্ন স্থানত পেলাই দিয়ে।
সোধা-পোছাৰ সময়ত মহিলাগৰাকীয়ে নিজৰ ৬৭ বছৰীয়া প্ৰেমিকৰ মৃতদেহ নিষ্কাশন কৰাৰ কথা স্বীকাৰ কৰে। আৰক্ষীয়ে হত্যাৰ গোচৰ ৰুজু কৰিব পাৰে বুলি আশংকাত ভুগি সেৱকগৰাকীয়ে তেওঁৰ স্বামী আৰু ভাতৃৰ সহায়ত মৃতদেহটো পথত পেলাই দিয়ে।
জানিব পৰা গৈছে যে বালা সুব্ৰমণিয়ানৰ লগত তেওঁৰ চাকৰৰ সৈতে বহুদিন ধৰি সম্পৰ্ক আছিল আৰু তেওঁ সঘনাই তেওঁৰ ঘৰলৈ গৈছিল। যোৱা বছৰ বালাৰ এঞ্জিওপ্লাষ্টি অস্ত্ৰোপচাৰ কৰা হৈছিল।
ইফালে, আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰি মহিলাগৰাকীয়ে কৰা দাবী সত্য নে নহয় সেয়া নিশ্চিত কৰিবলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।