ছৌদি আৰৱৰ নীতি অনুসৰণ কৰিলে ভাৰতত আজান বিতৰ্কৰ অন্ত পৰিব

Story by  atv | Posted by  Munni Begum • 10 Months ago
মছজিদত আজান দি থকা এক দৃশ্য
মছজিদত আজান দি থকা এক দৃশ্য
 
ফিৰদৌছ খান
 
বিগত কেইবছৰমানৰ পৰা ভাৰতত আজান আৰু লাউডস্পীকাৰৰ বিষয়টোৱে তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰি আহিছে। আজান সন্দৰ্ভত বিতৰ্ক আৰম্ভ হৈছিল যেতিয়া হিন্দু সম্প্ৰদায়ৰ একাংশ লোকে পুৱাৰ আজানে তেওঁলোকৰ টোপনি বিঘ্নিত কৰে বুলি অভিযোগ উত্থাপন কৰিছিল আৰু তেওঁলোকে ইয়াক বন্ধ কৰিবলৈ দাবী জনাইছিল।
 
এই অভিযোগৰ পিছতে মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশৰ হাজাৰ হাজাৰ মছজিদৰ পৰা লাউডস্পীকাৰ আঁতৰাই দিয়া হয়। একাংশ মুছলমানে ইয়াৰ বিৰুদ্ধে মাত মাতি আদালতৰ দাৰস্থ হয়।  অৱশ্যে ইছলামৰ দুৰ্গ হিচাপে পৰিচিত ছৌদি আৰব এই বিষয়ত আমাৰ বাবে এক উত্তম আদৰ্শ হ’ব পাৰে।
 
আজানৰ যি অনুবাদ আৰবী ভাষাত আছে সেয়া হ’ল: মই সাক্ষ্য দিওঁ যে হজৰত মহম্মদ ছাল্লাল্লাহু আলাইহি ৱাছালাম হৈছে আল্লাহৰ বাৰ্তাবাহক; আহক আমি নামাজ পঢ়ো আৰু সফলতাৰ দিশে আগবাঢ়ো। আল্লা হ'ল সৰ্বশ্ৰেষ্ঠ। আল্লাৰ বাহিৰে আন কোনেও উপাসনাৰ যোগ্য নহয়। ইফালে, ফজৰ বা পুৱতি নিশাৰ নামাজৰ আজানৰ ক্ষেত্ৰত এটা অতিৰিক্ত বাক্য সংযোজন কৰা হৈছে। সেয়া হ’লঃ টোপনিতকৈ নামাজ শ্ৰেষ্ঠ।
 
আজানৰ সকলো কথা দুবাৰকৈ আওৰোৱা হয়। ইছলাম মানে নিৰাপত্তা আৰু মুছলমান মানে ইছলামৰ অনুগামী। ইছলামত আনক আঘাত দিয়া যিকোনো কাম বন্ধ কৰি দিয়া হৈছে। সেইবাবেই ভাৰতীয় মুছলমান সকলেও আনক আঘাত দিয়া কাম কৰিব নালাগে।
মনকৰিবলগীয়া যে, ইছলামৰ লগত লাউডস্পীকাৰৰ কোনো সম্পৰ্ক নাই। মানুহে নিজৰ সুবিধাৰ বাবে মছজিদত লাউডস্পীকাৰ লগাইছে। মছজিদত লাউডস্পীকাৰৰ জৰিয়তে যেতিয়া আজান দিয়া হয়, তেতিয়া ইয়াৰ শব্দ বহু দূৰলৈ শুনা যায় আৰু মানুহে গম পায় যে নামাজৰ সময় হৈছে।
 
এগৰাকী ব্যক্তিয়ে আজান দি থকা এক দৃশ্য
 
যদি স্থানীয় অঞ্চল এটাত বহুকেইটা মছজিদ আছে, তেন্তে সকলোৰে বাবে আজানৰ সময়ৰ পাৰ্থক্য থকা দেখা যায়। ইয়াৰ উপৰিও দেখা গৈছে যে মছজিদ সমিতিসমূহে স্থানীয় অঞ্চলৰ বহু ঘৰৰ চাদৰ ওপৰত মছজিদৰ লাউডস্পীকাৰ স্থাপন কৰে। ইয়াৰ বাবে মছজিদ নথকা ঠাইতো আজানৰ শব্দ শুনা যায়।
 
আজানৰ শব্দই মুছলমানক শান্তি দিয়ে, কিন্তু ই আনকো যে শান্তি দিব তেনেকুৱা নহয়। আজানৰ বিৰোধিতাৰ বাবে সমগ্ৰ দেশতে ই এক বিতৰ্কত পৰিণত হৈছে। বাস্তৱত এই লোকসকলৰ আজানৰ লগত কোনো সমস্যা নাই। কিন্তু ইয়াৰ উচ্চ ডেচিবেল শব্দক লৈহে তেওঁলোকৰ সমস্যা আছে।
 
উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰে যোৱা বছৰৰ এপ্ৰিল মাহত নিৰ্দেশ দিছিল যে যদি ধৰ্মীয় স্থানত নিৰ্ধাৰিত সংখ্যাতকৈ অধিক লাউডস্পীকাৰ স্থাপন কৰা হয়, তেন্তে সেইবোৰ আঁতৰাই পেলাব লাগে। ইয়াৰ সমান্তৰালকৈ পুনৰ নতুনকৈ লাউডস্পীকাৰ লগাব নালাগে বুলিও সতৰ্কবাণী দিয়া হৈছিল। বদৌনৰ নূৰী মছজিদ কমিটীয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ত উত্তৰ প্ৰদেশ চৰকাৰৰ আদেশক মৌলিক অধিকাৰৰ উলংঘন বুলি এক আবেদন দাখিল কৰিছিল। 
 
দুয়োপক্ষৰ যুক্তি শুনি আদালতে মছজিদ সমিতিৰ আবেদন নাকচ কৰে। আদালতে নিজৰ আদেশত কয় যে লাউডস্পীকাৰৰ জৰিয়তে আজান দিয়াটো বন্ধ কৰাটো মৌলিক অধিকাৰ উলংঘা নহয়। আজান ইছলামৰ এটা অংশ, কিন্তু লাউডস্পীকাৰৰ জৰিয়তে আজান দিয়াটো ইছলামৰ কোনো অপৰিহাৰ্য অংগ নহয়। গতিকে সমগ্ৰ উত্তৰ-প্ৰদেশৰ মছজিদ কমিটীক লাউডস্পীকাৰৰ জৰিয়তে আজান দিবলৈ অনুমতি দিয়া হোৱা নাই।
 
এটা মছজিদৰ লাউডস্পীকাৰ
 
লাউডস্পীকাৰৰ সৈতে জড়িত এটা গোচৰত উচ্চতম ন্যায়ালয়ে ২০০৫ চনৰ অক্টোবৰ মাহত কৈছিল যে উৎসৱ উপলক্ষে মাজনিশালৈকে লাউডস্পীকাৰ বজাব পাৰি, কিন্তু বছৰত ১৫ দিনতকৈ বেছি দিন এনে হ’ব নোৱাৰে। নিশা ১০ বজাৰ পৰা পুৱা ৬ বজাৰ ভিতৰত লাউডস্পীকাৰ বা তেনেধৰণৰ যিকোনো শব্দ সৃষ্টিকাৰী যন্ত্ৰ বন্ধ থাকিব। ইয়াৰ পূৰ্বে ২০০৫ চনৰ ১৮ জুলাইৰ এক আদেশত উচ্চতম ন্যায়ালয়ে উচ্চ স্তৰৰ শব্দ সন্দৰ্ভত কিছু মানদণ্ড নিৰ্ধাৰণ কৰিছিল।
 
বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰা মানদণ্ডৰ ভিত্তিত কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে শব্দ প্ৰদূষণ ৰোধৰ বাবে বিভিন্ন নীতি নিৰ্ধাৰণ কৰিছে। সেই অনুসৰি, আৱাসিক অঞ্চলৰ বাবে দিনত সৰ্বোচ্চ শব্দ ৫৫ ডেচিবেল আৰু নিশাৰ ভিতৰত ৪৫ ডেচিবেল নিৰ্ধাৰণ কৰা হৈছে। একেদৰে ঔদ্যোগিক অঞ্চলৰ বাবে দিনত ৭৫ ডেচিবেল আৰু নিশাৰ ভাগত ৭০ ডেচিবেল, ৰাজহুৱা স্থানৰ বাবে দিনত ৬৫ ডেচিবেল আৰু নিশা ৫৫ ডেচিবেল, নিস্তব্ধ অঞ্চলত দিনত ৫০ ডেচিবেল আৰু নিশা ৪০ ডেচিবেল নিৰ্ধাৰণ কৰা হৈছে। 
 
চিকিৎসালয়, আদালত আৰু শিক্ষানুষ্ঠানৰ আশে-পাশে ১০০ মিটাৰ ব্যাসাৰ্ধ পৰ্যন্ত অঞ্চলসমূহক নিস্তব্ধ অঞ্চল হিচাপে ঘোষণা কৰা হৈছে। এই অঞ্চলসমূহত দিনৰ সময় পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ আৰু ৰাতিৰ সময় নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ বিবেচনা কৰা হয়।
 
এজাক শিশুৱে নিজে দোৱা কৰি থকা দৃশ্য মোবাইলত বন্দী কৰিছে
 
ভাৰতীয় সংবিধানৰ ধাৰা-১৩৯ৰ অধীনত যিকোনো ধৰণৰ শব্দ প্ৰদূষণ বিয়পোৱাৰ বিৰুদ্ধে শাস্তি আৰু জৰিমনা বিহাৰ ব্যৱস্থা আছে। অযথা শব্দ সৃষ্টি কৰাটো অপৰাধ হোৱাৰ উপৰিও ই ক্ষতিকাৰক প্ৰদূষণৰো সৃষ্টি কৰে। ইয়াৰ বাবে ধাৰা-২৭৮ৰ অধীনত শাস্তি আৰু জৰিমনা বিহাৰ ব্যৱস্থা আছে। ভাৰত চৰকাৰে পৰিৱেশ (সুৰক্ষা) আইন-১৯৮৬ আৰু ইয়াৰ লগত জড়িত নিয়মৰ অধীনত শব্দ প্ৰদূষণ অধিনিয়ম-২০০০ প্ৰস্তুত কৰিছে। ইয়াৰ অধীনত উপযুক্ত অনুমতি অবিহনে নিশা লাউডস্পীকাৰ ব্যৱহাৰ কৰিব নোৱাৰিব।
 
প্ৰেক্ষাগৃহ, কনফাৰেন্স ৰুম, কমিউনিটি হল আৰু ভোজন গৃহত মাইক্ৰ’ফোন ব্যৱহাৰ কৰিব পাৰি। এই নিয়ম উলংঘা কৰিলে শাস্তি হ’ব পাৰে। উচ্চতম ন্যায়ালয়ে লাউডস্পীকাৰ ব্যৱহাৰৰ লগতে ফটকাৰ শব্দ আৰু বায়ু প্ৰদূষণ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে।বাস্তৱত আজানকৈ লৈ কোনো বিতৰ্কৰ সৃষ্টি হোৱা উচিত নহয়। যদি মুছলমানে বুদ্ধিদীপ্তভাৱে কাম কৰে, তেন্তে ইয়াক লৈ হোৱা বিতৰ্ক ক্ষন্তেকতে শেষ হ’ব পাৰে। মুৱাজ্জিনে মাইক নোহোৱাকৈ আজান দিব লাগে; আৰু যদি লাউডস্পীকাৰ লগোৱাটো গুৰুত্বপূৰ্ণ, তেন্তে এইবোৰ বাহিৰত নহয় মছজিদৰ ভিতৰত স্থাপন কৰিব পাৰি।
 
বহুতে হয়তো ভাবিব পাৰে যে আজানৰ শব্দ নুশুনাকৈ নামাজৰ সময় কেনেকৈ মনত ৰাখিম? কিন্তু প্ৰতিটো মছজিদত দৈনিক আজানৰ সময়ৰ তালিকা থাকে আৰু ইয়াৰ ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ উপৰিও বহুতো এনে মোবাইল এপ আছে, যিয়ে ব্যৱহাৰকাৰীক এটা নিৰ্দিষ্ট সময়ত নামাজ আগবঢ়োৱাৰ এক সোঁৱৰণি দিয়ে। আজি প্ৰতিখন ঘৰ আৰু প্ৰতিটো পৰিয়ালৰ প্ৰতিজন সদস্যৰ হাতত এটা মোবাইল ফোন আছে; সময়মতে নামাজ আগবঢ়োৱাৰ বাবে ইয়াৰ এলাৰ্ম ব্যৱহাৰ কৰিব পাৰি।
 
এগৰাকী ব্যক্তিয়ে আজান দি থকা এক মূহুৰ্ত
 
উল্লেখ্য যে, ছৌদি আৰৱত লাউডস্পীকাৰ মছজিদৰ ভিতৰত থাকে, বাহিৰত নহয়। ২০২১ চনৰ জুন মাহত ছৌদি আৰৱ চৰকাৰে মছজিদত লাউডস্পীকাৰৰ সংখ্যা সীমিত কৰিছিল। ইছলামিক পৰিক্ৰমা মন্ত্ৰী শ্বেখ ড° আব্দুল লতিফ বিন আব্দুল আজিজ আল শ্বেখে প্ৰতিটো মছজিদত আজানৰ বাবে লাউডস্পীকাৰৰ সংখ্যা চাৰিটা নিৰ্ধাৰণ কৰিছে। তেওঁ ইমামসকলক নিৰ্দেশ দিছিল যে যদি তেওঁলোকৰ হাতত অধিক লাউডস্পীকাৰ থাকে তেন্তে সেই একেখিনি পিছত ব্যৱহাৰৰ বাবে গুদামত ৰাখিব পাৰি বা লাউডস্পীকাৰৰ অভাৱ থকা মছজিদবোৰক দিব পাৰি।
 
অতি পৰিতাপৰ কথা যে ভাৰতীয় মুছলমানসকলে প্ৰতিটো বিষয়তে ছৌদি আৰৱক অনুসৰণ কৰে যদিও লাউডস্পীকাৰৰ দৰে বিষয়ক ছৌদি আৰৱৰ নীতিক তেওঁলোকে অনুসৰণ নকৰে। প্ৰকৃতাৰ্থত ভাৰতৰ মছজিদৰ বাহিৰতো লাউডস্পীকাৰ লগোৱা উচিত নহয়। ভাৰত ইমান এখন বিশাল দেশ, য'ত বহু সংস্কৃতি আৰু ধৰ্মৰ লোকে একেলগে বাস কৰে। সেইবাবেই আমি, মুছলমানসকলে নিশ্চিত কৰাটো আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰে যে, আমাৰ কামে যাতে আনক আঘাত নিদিয়ে বা আমনি নকৰে। আমি আমাৰ ধৰ্মীয় বিশ্বাস নিজৰ মাজতে ৰাখিব লাগিব আৰু আনৰ ওপৰত জাপি দিব নালাগে।
 
(ফিৰদৌচ খান 'Fahm al Qu'ran'-ৰ ৰচক)