অম্বুবাচী মেলাত নাথাকিব ভক্তৰ থকা-খোৱাৰ সুবিধাৰ লগতে বিনামূলীয়া ৰেলসেৱা ব্যৱস্থা

Story by  atv | Posted by  Munni Begum • 1 Years ago
অম্বুবাচী মেলাৰ প্ৰতিনিধিত্বমুলক ফটো
অম্বুবাচী মেলাৰ প্ৰতিনিধিত্বমুলক ফটো
গুৱাহাটী
 
সম্পূৰণ দুটা বছৰৰ অন্তত ঐতিহাসিক নীলাচলৰ বুকুত অহা ২২ জুনৰ পৰা অনুষ্ঠিত হ’ব অম্বুবাচী মেলা। মেলাৰ বাবে ইতিমধ্যে সাজু হৈছে কামাখ্যা দেৱালয় কৰ্তৃপক্ষ আৰু অম্বুবাচী মেলা পৰিচালনা সমিতি। 
 
জিলা প্ৰশাসনৰ সৈতে হোৱা আলোচনামৰ্মে দেৱালয় কর্তৃপক্ষই কেইবাটাও বিশেষ নির্দেশনা জানিবলৈ দিছে। কামাখ্যা দেৱালয় কর্তৃপক্ষই জনোৱা অনুসৰি অম্বুবাচী মেলাৰ সময়ত এইবাৰ নীলাচলৰ বুকুত নাথাকিব বহিঃৰাজ্যৰ পৰা অহা ভক্তসকলৰ থকা-খোৱাৰ ব্যৱস্থা। একেদৰে মেলা উপলক্ষে কোনো লোকে অস্থায়ী বিপণী স্থাপন কৰিব নোৱাৰিব। পূৰ্বৰ দৰে এইবাৰৰ অম্বুবাচী মেলাত দেখা নাযাব ভক্ত-দর্শনাৰ্থীৰ ভিৰ। 
কোৰোনাৰ সংক্ৰমণ হ্রাস পোৱা বাবে এইবাৰ মেলাত ভক্তৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকাত দেৱালয় কর্তৃপক্ষই ৰে'ল মন্ত্ৰালয়লৈ বিনামূলীয়া ৰেলসেৱা হ্রাস কৰাৰ আহ্বানেৰে পত্ৰ প্ৰেৰণ কৰিছে। ভক্তসকলক ক'ভিড বিধি মানি মেলালৈ আহিবলৈ অনুৰোধ জনাইছে কামাখ্যা দেবালয় কর্তৃপক্ষ আৰু অম্বুবাচী মেলা পৰিচালনা সমিতিয়ে। 
উল্লেখ্য যে অহা ২২ জুনৰ নিশা ৮.১৫ বজাত প্ৰবৃত্তিৰ লগে লগে মা কামাখ্যাৰ দুবাৰ বন্ধ হ'ব আৰু ২৬ জুল পুৱা ভক্তৰ বাবে দুৱাৰ মুকলি কৰা হ'ব।