গুৱাহাটী
ভাৰতত পৰ্যটন খণ্ডৰ উন্নয়ন আৰু প্ৰসাৰৰ অৰ্থে সংশ্লিষ্ট ৰাজ্য চৰকাৰ আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ প্রশাসনে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। দেশৰ পৰ্যটন সম্পর্কীয় আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে পৰ্যটন মন্ত্ৰ্যালয়ে পৰ্যটনৰ প্ৰসাৰৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহকে ধৰি ৰাজ্য/কেন্দ্রীয়শাসিত অঞ্চলত 'স্বদেশ দর্শন' 'নেচনেল মিছন অন পিলগ্রিমেজ ৰিজুভিনেচন এণ্ড স্পিৰিচুৱেল হেৰিটেজ অগমেন্টেচন ড্রাইভ(PRASHAD)', 'এচিষ্টেন্স টু চেন্ট্রেল এজেন্সিজ ফৰ টুৰিজম ইনফ্রাস্ট্রাকচাৰ ডেভেলপমেন্ট' আদি আঁচনিৰ অধীনত আর্থিক সাহায্য প্রদান কৰে।
পর্যটন মন্ত্র্যালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ভিন্ন পর্যটনস্থলীক প্রচাৰমূলক অনুষ্ঠান, মেলা-উৎসৱ আয়োজনৰ বাবে ৰাজ্য চৰকাৰ-অংশীদাৰসকলক সহায়, প্রদর্শনীত অংশগ্রহণ, ৱেবছাইট আৰু ছ'চিয়েল মিডিয়াকে প্রমুখ্য কৰি একাধিক পদক্ষেপৰ জৰিয়তে প্রচাৰ কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰ্যটনৰ সম্ভাৱনাৰাজি প্রদর্শনৰ বাবে মন্ত্র্যালয়ে উত্তৰ-পূর্বাঞ্চলত আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টৰ আয়োজন কৰি আহিছে।
২০২৪ৰ ২৬-২৯ নৱেম্বৰত কাজিৰঙাত আই টি এমৰ শেহতীয়া সংস্কৰণ অনুষ্ঠিত হয়। গুৱাহাটী আৰু শিলচৰস্থিত কেন্দ্রীয় হোটেল ব্যৱস্থাপনা প্রতিষ্ঠানৰ জৰিয়তে পর্যটন মন্ত্র্যালয়ে আতিথ্যৰ ক্ষেত্ৰত পেছাদাৰী শিক্ষা আৰু প্রশিক্ষণ প্রদানেৰে পৰ্যটন আৰু আতিথ্য উদ্যোগৰ প্রয়োজনীয়তা পূৰণৰ বাবে চেষ্টা কৰিছে।
পর্যটন মন্ত্ৰ্যালয়ৰ আঁচনি সেৱা প্রদানকাৰীসকলক শিক্ষা, প্রশিক্ষণ আৰু প্রমাণপত্র প্রদানৰ বাবে একাধিক দক্ষতা বিকাশ কার্যসূচী হাতত লৈছে। তদুপৰি উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটনৰ প্ৰসাৰ হৈছে উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্রালয়ৰ অন্যতম অগ্রাধিকাৰ খণ্ড। ড'নাৰ মন্ত্ৰ্যালয়ে ইয়াৰ আঁচনি উত্তৰ-পূব বিশেষ আন্ত-গাঁথনি উন্নয়ন আঁচনি, উত্তৰ-পূর্বাঞ্চলৰ বাবে প্রধানমন্ত্রীৰ উন্নয়ন পদক্ষেপ, উত্তৰ-পূব পৰিষদৰ আঁচনিৰ অধীনত ভিন্ন আন্তঃগাঁথনি প্রকল্পত অনুমোদন জনাইছে, যিয়ে উত্তৰ-পূর্বাঞ্চলব পর্যটন খণ্ডকো সহায় কৰে।
পূর্বৰ তুলনাত উত্তৰ-পূবলৈ বৃদ্ধি হৈছে পৰ্যটকৰ আগমন। তথ্যত প্রকাশ পোৱা অনুসৰি ২০২৩ চনত উত্তৰ-পূবৰ ৰাজ্যসমূহলৈ ১,২০,৭৮,৭৭৬ গৰাকী ঘৰুৱা পৰ্যটকৰ আগমন হোৱাৰ বিপৰীতে ২,২১,০৫০ গৰাকী বিদেশী পর্যটকৰ আগমন হয়। উত্তৰ-পূর্বাঞ্চল উন্নয়ন মন্ত্ৰ্যালয়ৰ ৰাজ্যিক মন্ত্রী ড° সুকান্ত মজুমদাৰে জানিবলৈ দিয়ামতে সেই বর্ষটোত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ভিতৰত ৭৬,১২,৭২০ গৰাকী ঘৰুৱা পর্যটক আৰু ২৩,৮১৮ গৰাকী বিদেশী পর্যটকে অসম ভ্রমণ কৰে।
সেইদৰে ১৩,৭১,৬৭৮ গৰাকী ঘৰুৱা আৰু ১৯,৯৭৩ গৰাকী বিদেশী পর্যটকে মেঘালয় ভ্ৰমণ কৰাৰ বিপৰীতে ১০,৪০,৬০১ গৰাকী ঘৰুৱা আৰু ৪,৪৯৬ বিদেশী পর্যটকে অৰুণাচল প্রদেশ, ১৩,২১,১৬৯ ঘৰুৱা আৰু ৯৩,৯০৮ গৰাকী বিদেশী পর্যটকে ছিকিম, ২,০৯,০৮৭ গৰাকী ঘৰুৱা আৰু ৩,৭৫৪ গৰাকী বিদেশী পর্যটকে মিজোৰাম, ৩,৬৬,১০৪ গৰাকী ঘৰুৱা আৰু ৬৬,৭০৮ গৰাকী বিদেশী পর্যটকে ত্রিপুৰা আৰু ৯৯,৭২০ গৰাকী ঘৰুৱা আৰু ৪,৭২৫ গৰাকী বিদেশী পর্যটকে নাগালেণ্ড ভ্রমণ কৰে।