আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী বাণিজ্য মেলাত গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰা এখন বিশেষ বিপনী

Story by  atv | Posted by  [email protected] • 1 Years ago
আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী বাণিজ্য মেলাত গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰা বাংলাদেশী শাৰীৰ সম্ভাৰ
আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী বাণিজ্য মেলাত গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰা বাংলাদেশী শাৰীৰ সম্ভাৰ
মুন্নী বেগম / গুৱাহাটী
 
জামদানী হৈছে কপাহী সূতাৰে তৈয়াৰ কৰা এক প্ৰকাৰৰ অতি সুন্দৰ শাৰী। এই শাৰীয়ে বৰ্তমান সমগ্ৰ বিশ্বৰ লোকৰে দৃষ্টি আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ গুৱাহাটী মহানগৰীৰ আই এছ বি টিৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী বাণিজ্য মেলাত বাংলাদেশৰ পুৰুষ শিপিনী নুৰ ভাইয়ে দেশখনৰ পৰম্পৰাগত জামদানী শাৰীৰ সম্ভাৰ লৈ অহা দেখা গৈছিল। তেওঁৰ ভিন্নৰঙী শাৰীয়ে বাণিজ্য মেলালৈ অহা প্ৰতিগৰাকী গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। 
 
জামদানী শাৰীৰ বয়ন পদ্ধতি অন্য বস্ত্ৰৰ বয়ন পদ্ধতিতকৈ যথেষ্ট সুকীয়া। জামদানী বস্ত্ৰ বোৱাৰ সময়ত ডিজাইনবোৰ প্ৰতি তৃতীয়ডাল সূতাৰে টানি আনি কৰা হয়। সাধাৰণতে মছলিন বস্ত্ৰ বয়নৰ বাবে ৩০০ ডাল গণনা সূতা ব্যৱহাৰ কৰা হয়, যদিও জামদানী শাৰীৰ বয়নত সাধাৰণতে ২৬-৮০-৮৪ ডাল সূতা ব্যৱহাৰ কৰা হয়। জামদানী শাৰী বোৱাৰ এই অনন্য পদ্ধতিক ইউনেস্কোৰ দ্বাৰা সাংস্কৃতিক ঐতিহ্য হিচাপে স্বীকৃতি দিয়া হৈছে।  
‘আৱাজ-দ্য ভইচ’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বাংলাদেশৰ ব্যৱসায়ী নুৰ ভাইয়ে কয়, "জামদানী শাৰীবোৰ মিহি তথা মসৃণ হোৱাৰ বাবে প্ৰাচীনকালৰে পৰা বেংগলী মহিলাসকলৰ মাজত এই শাৰীৰ যথেষ্ট সমাদৰ আছে। জামদানী কাপোৰ মছলিনৰ ওপৰত ডিজাইন কৰি তৈয়াৰ কৰা হয়।
বৰ্তমান জামদানী শাৰী বিভিন্ন ঠাইত প্ৰস্তুত কৰা হয়, যদিও ঢাকাক জামদানী শাৰীৰ জন্মস্থান বুলি গণ্য কৰা হয়। বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰততো জামদানী শাৰীৰ যথেষ্ট চাহিদা আছে। অসমতো যথেষ্ট সংখ্যক লোকে জামদানী শাৰী ক্ৰয় কৰা দেখা গৈছে। 
 
 
যিহেতু এই শাৰীৰ বয়ন পদ্ধতি অন্য শাৰীৰ তুলনা সুকীয়া। সেয়েহে এই শাৰীৰ মূল্য অন্য শাৰীৰ তুলনাত কিছু পৰিমানে বেছি। কিন্তু এই শাৰীবোৰৰ মূল্য বেছি হোৱা সত্ত্বেও অসমৰ সৰহ সংখ্যক লোকে এই শাৰীৰ প্ৰতি আকৰ্ষিত হৈ ক্ৰয় কৰা দেখা গৈছে।
 
হাতে নিৰ্মিত ঢাকাই জামদানী শাৰীৰ দেখুৱাই আছে ব্যৱসায়ী নুৰ ভাইয়ে
 
‘জামদানী’ শব্দটো পাৰ্চী ভাষাৰ পৰা আহিছে। পাৰ্চী ভাষাত 'জামা' মানে কাপোৰ আৰু 'দান' মানে 'বুটা' অৰ্থাৎ জামদানী মানে বুটাবচা কাপোৰ। ভাৰতীয় উপমহাদেশত মুছলমান সম্প্ৰদায়ৰ লোকসকলে জামদানী বস্ত্ৰ আৱিস্কাৰ কৰিছিল বুলি বিশ্বাস কৰা হয়। 
জামদানী মানে সাধাৰণতে শাৰী। কিন্তু পূৰ্বে জামদানীৰে ওৰণি, কূৰ্তা, পাগুৰি, ৰুমাল, পৰ্দা আদিও প্ৰস্তুত কৰি উলিওৱা হৈছিল। ১৭০০ চনত জামদানীৰে শ্বেৰৱানী ডিজাইনৰ প্ৰচলন আছিল। তদুপৰি মোগল আৰু নেপালৰ আঞ্চলিক বস্ত্ৰ ৰং কৰাৰ বাবেও জামদানী কাপোৰ ব্যৱহাৰ কৰা হৈছিল।
ব্যৱসায়ী নুৰে কয়, "জামদানী হৈছে তাঁতত ডিজাইন কৰা আটাইতকৈ পুৰণি শাৰী। বাংলাদেশে স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা আমি নিজে এই কাপোৰবোৰ প্ৰস্তুত কৰি আহিছো। আমি প্ৰস্তুত কৰা কাপোৰ বাংলাদেশৰ লগতে বিদেশলৈও ৰপ্তানি কৰি আহিছো। এই কাপোৰবোৰ প্ৰস্তুত কৰা কামৰ সৈতে আমাৰ পূৰ্বপুৰুষসকল জড়িত হৈ আছিল। শৈশৱৰ পৰাই কিদৰে মোৰ ককা আজোককাহঁতে বিভিন্ন প্ৰকাৰৰ বস্ত্ৰ প্ৰস্তুত কৰি আহিছে মই সেইয়া দেখি আহিছো। আজি সেইবোৰ কাপোৰ মানুহৰ মাজত খুবেই জনপ্ৰিয়। জামদানী শাৰী প্ৰস্তুত কৰাটো আমাৰ পৰিয়ালৰ জীৱিকাৰ এক আধাৰ হৈ পৰিছে। আমি দেশৰ বিভিন্ন ৰাজ্যত অনুষ্ঠিত মেলা তথা প্ৰদৰ্শনী সমুহলৈ আমাৰ কাপোৰৰ সম্ভাৰ লৈ যাওঁ। বিশ্বৰ বিভিন্ন দেশৰ লগতে প্ৰতিবছৰে অসমলৈও এই কাপোৰৰ সম্ভাৰ লৈ আহি আছো।" 
 
বিভিন্ন প্ৰকাৰৰ বাংলাদেশী শাৰী
 
জামদানী শাৰী প্ৰস্তুত কৰিবলৈ কপাহৰ পৰা সূতা কটা হয়। পিছত সূতাবোৰ ৰং কৰি বয়নৰ বাবে প্ৰস্তুত কৰা হয়। সূতাবোৰ টান কৰিবলৈ ভাতৰ মাৰত সিজাই সূতাবোৰ ৰ'দত শুকোৱা হয়। পিছত মূল শাৰীৰ সূতা সাধাৰণ তাঁতত ৰখা হয় আৰু তাৰ ওপৰত ৰঙীন সূতাৰে ডিজাইন কৰা হয়। শাৰীবোৰ বিভিন্ন ৰঙীন সূতা আৰু ডিজাইনেৰে সজোৱা হয়। ডিজাইন কৰা সূতাবোৰতো ভাতৰ মাৰ ব্যৱহাৰ কৰা হয়।  
ব্যৱসায়ী নুৰে কয়, "বৰ্তমান আমাৰ শাড়ীৰ কাৰখানাত ১০ খন তাঁত আৰু ১৪ গৰাকী কৰ্মচাৰী নিয়োজিত হৈ আছে। বাংলাদেশৰ ৰূপগঞ্জৰ নোৱাপাৰাত আমাৰ জামদানী শাৰী প্ৰস্তুতৰ কাৰখানা আছে। ডিজাইনৰ ওপৰত ভিত্তি কৰি একোখন জামদানী শাৰী প্ৰস্তুত কৰিবলৈ শিপিনী সকলক এসপ্তাহৰ পৰা দুমাহ পৰ্যন্ত সময়ৰ প্ৰয়োজন হয়। জামদানী শাৰীৰ মুখ্য বৈশিষ্ট্যয়ে হৈছে ইয়াৰ সুন্দৰ জ্যামিতিৰ অলংকাৰীক ডিজাইনবোৰ”।
জামদানী শাৰী বহু প্ৰকাৰৰ আছে যদিও মূলত তিনি প্ৰকাৰৰ জামদানী শাৰী ক্ৰমে আধা ৰেচম জামদানী (যাৰ পথালি সূতাবোৰ কপাহ আৰু দীঘল সূতাবোৰ ৰেচমৰ), সম্পূৰ্ণ কপাহ জামদানী (যি সম্পূৰ্ণৰূপে কপাহৰ সূতাৰে তৈয়াৰ কৰা হয়), ফুলৰেচম জামদানী (যি সম্পূৰ্ণৰূপে ৰেচম সূতাৰে তৈয়াৰ কৰা হয়)।
 
বাংলাদেশৰ জামদানী শাৰী
 
জামদানী শাৰীৰ ডিজাইনবোৰ ক্ৰমে টেৰচা, জলপাৰ, পান্না হাজাৰ, কৰোলা, দুবলাজাল, সবুৰ্গা, বলিহাৰ, শপলা ফুল, আঙুৰলতা, ময়ুৰপাচপাৰ, বাঘনলী, কলমিল্টা, চন্দ্ৰপাৰ, ঝুমকা, বুটিদাৰ, ঝলাৰ, ময়ুৰপাখা, পুইলতা, কলকাপাৰ, কচুপাতা, পখিলা, জেচমিন, হান্সবালাকা, শবনম, ঝুমকা, জবাফুল আদি। বৰ্তমান তেওঁৰ বিপনীত এই সকলোবোৰ ডিজাইন থকা ঢাকাই জামদানী শাৰীৰ লগতে  ৰাচিয়াই চিল্ক, ঢাকাই মছলিন, কটন, সোণো কটন, মালমল জামদানী আদিৰ দৰে মুঠ ৮ প্ৰকাৰৰ শাৰী আছে। এইবোৰ মূল্য ১৫০০ ৰ পৰা ২০,০০০ পৰ্যন্ত বুলি ব্যৱসায়ীজনে জানিবলৈ দিয়ে।  
 
জামদানী শাৰীবোৰ কপাহী সূতাৰে প্ৰস্তুত কৰাৰ বাবে বছৰৰ প্ৰতিটো ঋতুতে পিন্ধাৰ বাবে উপযোগী। সেয়ে বছৰৰ সকলো সময়তে এই শাৰীৰ চাহিদা একে থাকে। বাংলাদেশৰ লগতে বিশ্বৰ অন্যান্য প্ৰান্তৰ লোকে অনলাইনযোগে তেওঁলোকৰ পৰা জামদানী শাৰী ক্ৰয় কৰি আহিছে বুলি ব্যৱসায়ী নুৰে আৱাজ দ্য ভইচৰ আগত প্ৰকাশ কৰে।