গুৱাহাটী
আজিৰে পৰা কাজিৰঙা অর্কিড উদ্যানত মুকলি কৰা হয় ম'হ আৰু ঘোঁৰাৰ গাড়ীৰ ছাফাৰী। হাতী ছাফাৰী, জীপ ছাফাৰীৰ পিছত এতিয়াৰে পৰা কাজিৰঙালৈ আগমন ঘটা পর্যটকে ম'হ আৰু ঘোঁৰা গাড়ীত উঠি ছাফাৰী কৰিব পাৰিব। আধুনিকতাৰ ধামখুমীয়াত ক্ৰমাৎ হেৰাই যাবলৈ উপক্রম হোৱা গৰু, ম'হ অথবা ঘোঁৰা গাড়ীৰ স'তে উঠি অহা প্ৰজন্মৰ চিনাকি হোৱা তথা এই গাড়ীবোৰত উঠি ঘূৰি ফুৰাৰ যি মাদকতা সেয়া লাভ কৰিব পাৰিব।
ইপিনে, কাজিৰঙাৰ চাৰিকুৰি বছৰ গৰকা পৰ্যটনত আজিৰে পৰা আৰম্ভ হোৱা এই ছাফাৰী আনুষ্ঠানিকভাৱে মুকলি কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা, নিৱন্ধকাৰ শান্তনু বৰঠাকুৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰিকি গগৈয়ে। কাজিৰঙা অর্কিড উদ্যানৰ অধ্যক্ষ তথা বিধায়ক অখিল গগৈ উপস্থিত থকা এই অনুষ্ঠানৰ আঁত ধৰে উদ্যানৰ এগৰাকী কর্মকর্তা ৰঞ্জন ফুকনে।
শান্তনু বৰঠাকুৰে কয় যে, কাজিৰঙা অর্কিড উদ্যানে বিগত সময়ত অসমৰ বৈচিত্র্যময় সংস্কৃতি তুলি ধৰাৰ চেষ্টা কৰি আহিছে, অসমৰ গ্ৰাম্য জীৱনক উদ্ভাসিত কৰাৰ চেষ্টা কৰি আহিছে। বাহিৰৰ পৰা অহা পর্যটকে অর্কিড উদ্যানত সোমাই অসমখনৰ এক আভাস পায়। তাৰ লগতে এক অংশ হিচাপে ম'হৰ গাড়ী, ঘোঁৰাৰ গাড়ীৰ এই সংযোগে পর্যটকক আকৰ্ষিত কৰিব।
ইফালে, অখিল গগৈয়ে কয় যে, আমাৰ পুৰণিকলীয়া ম'হৰ গাড়ী, ঘোঁৰাৰ গাড়ী পৰ্যটকৰ বাবে অর্কিড উদ্যানত আৰম্ভ কৰিছো। গৰুৰ গাড়ীও থাকিব। কাজিৰঙাৰ পৰ্যটনত নতুন সংযোজন কৰাৰ চেষ্টা কৰি আছো। আমি পাহাৰত উঠা, চাইকেল চলোৱা আৰু বার্ডিঙো আৰম্ভ কৰিব বিচাৰিছো। সেইসমূহত অসমৰ ৰাইজক অংশগ্রহণ কৰিবলৈ আহ্বান জনাইছে। অসমৰ পর্যটনক নতুন ধৰণে, পর্যটকক গ্রাম্য জীৱনৰ সোৱাদ দিবলৈ বিভিন্ন প্রয়াসেৰে কৃষি পর্যটন, গ্রাম্য পর্যটন আমি কৰিবলৈ আগবাঢ়িছো।