এলভিছ আলী হাজৰিকাৰ পৰিয়ালে ভাৰতৰ আন্তঃধৰ্মীয় সম্প্ৰীতিৰ জীৱনশৈলীক মূৰ্ত কৰি তুলিছে

Story by  Imtiaz Ahmed | Posted by  Munni Begum • 6 Months ago
মহানগৰীৰ বগলামুখী মন্দিৰত এলভিছ আৰু পত্নী প্ৰণামীয়ে যজ্ঞ কৰাৰ এক মূহুৰ্ত
মহানগৰীৰ বগলামুখী মন্দিৰত এলভিছ আৰু পত্নী প্ৰণামীয়ে যজ্ঞ কৰাৰ এক মূহুৰ্ত
 
ইমতিয়াজ আহমেদ / গুৱাহাটী
 
অসমৰ প্ৰখ্যাত চেনেল সাঁতোৰবিদ এলভিছ আলী হাজৰিকা আৰু তেওঁৰ পৰিয়াল এইকেইদিন গুৱাহাটীত নিজৰ ঘৰখন সজাই পৰাই তোলাত ব্যস্ত হৈ আছে। কোনো ঘৰুৱা অনুষ্ঠান বা ঈদৰ বাবে তেওঁলোকৰ এই প্ৰস্তুতি নহয়৷ পোহৰৰ উৎসৱ দীপাৱলীৰ বাবেহে তেওঁলোকৰ ঘৰখন ব্যস্ত হৈ পৰিছে৷
 
জন্মসূত্ৰে সনাতন হিন্দু ধৰ্মৰ অনুগামী নহ’লেও এলভিছ আৰু তেওঁৰ পৰিয়ালে মুছলমান আৰু হিন্দু উভয় ধৰ্মৰে প্ৰতিটো ধৰ্মীয় উৎসৱ উলহ-মালহেৰে পালন কৰে। প্ৰকৃতাৰ্থত এলভিছ সমানেই এজন ভক্তিময় মুছলমান হোৱাৰ লগতে মা কামাখ্যা দেৱী আৰু বগলামুখী দেৱীৰো ভক্ত।
 
ঈদত পৰিয়ালৰ সৈতে এলভিছ
 
বিশ্বৰ তিনিটা ডাঙৰ চেনেল ক্ৰমে ইংলিছ চেনেল, নৰ্থ চেনেল আৰু কেটালিনা চেনেল সাঁতুৰি পাৰ হোৱা এলভিছে অহা বছৰ ইংলিছ চেনেল তিনিবাৰকৈ সাঁতুৰিবলৈ দেৱীসকলৰ আশীৰ্বাদ বিচাৰি প্ৰাৰ্থনা কৰিব।
 
এলবান আলী হাজৰিকা আৰু দীপিকা আলী হাজৰিকা নামৰ আন্তঃধৰ্মীয় দম্পতীৰ ঘৰত জন্মগ্ৰহণ কৰা এলভিছ আলী হাজৰিকাই শৈশৱৰ পৰা এক উদাৰ পৰিৱেশত ডাঙৰ দীঘল হৈছিল, যিয়ে তেওঁক নিজৰ পছন্দৰ ধৰ্মীয় বিশ্বাস অনুসৰণ কৰিবলৈ উৎসাহিত কৰিছিল। আৰু, তেনেকৈয়ে তেওঁ নিজৰ পুত্ৰ প্ৰেছলিকো একেই শিক্ষা দিছে। বহু অভিলেখৰ অধিকাৰী সাঁতোৰবিদগৰাকীয়ে একেধৰণৰ উদাৰ হিন্দু পৰিয়ালৰ কন্যা প্ৰণামীক নিজৰ জীৱন সংগী হিচাপে বাছি লৈছিল।
 
“হয়, মই জন্মসূত্ৰে মুছলমান। আৰু, নবীৰ সকলো শিক্ষা পালন কৰো। মই মছজিদলৈ নামাজৰ বাবে যাওঁ, কবৰস্থানলৈ গৈ দেউতাৰ বাবে প্ৰাৰ্থনা কৰোঁ, ৰমজানত ৰোজা ৰাখো, আৰ্তজনক দান-বৰঙণি দিওঁ আৰু আন সকলো ইছলামিক অনুষ্ঠানত অংশ লও। কিন্তু, একে সময়তে মই হিন্দু ধৰ্মকো সমানে সন্মান কৰোঁ আৰু মা কামাখ্যা আৰু মা বগালামুখীৰ আশীৰ্বাদত এক বিশেষ শক্তি থকা বুলি বিশ্বাস কৰোঁ। মন্দিৰত সেৱা কৰো। ই মোক অপৰিসীম আধ্যাত্মিক শান্তি আৰু পূৰ্ণতা প্ৰদান কৰে।" - এলভিছে আৱাজ - দ্য ভইচক এইদৰে কয়। 
 
পৰিয়ালৰ সৈতে এলভিছ তেওঁ নিজৰ বাসগৃহত
 
"একেদৰে মোৰ পত্নীয়েও ৰোজা ৰাখে আৰু ৰমজানত আমি ৰোজাদাৰ মুছলমানসকলৰ বাবে ইফতাৰ আয়োজন কৰোঁ। আমাৰ মছজিদৰ ইমামে প্ৰতি শুকুৰবাৰে আমাৰ বাসগৃহত গৈ আমাৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰে আৰু আমাৰ পৰিয়ালৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে। আমি আমাৰ বাসগৃহত নাম (নৱ বৈষ্ণৱী অনুষ্ঠান)ৰো আয়োজন কৰোঁ। মই মোৰ পুত্ৰ প্ৰেছলিকো একেধৰণৰ ধৰ্মীয় বিশ্বাসৰ স্বাধীনতা দিছো, যাতে তেঁৱো মোৰ দৰেই এক মানৱীয় পৰিৱেশত ডাঙৰ হ’ব পাৰে।" - তেওঁ লগতে কয়।
 
তেওঁৰ মাতৃ আৰু পত্নী প্ৰণামীও নৱবৈষ্ণৱী প্ৰথাক বিশ্বাস কৰে, যিয়ে মূৰ্তিৰ সন্মুখত পূজা নকৰে। অৱশ্যে এলভিছৰ দৰে প্ৰণামীয়েও কামাখ্যা মন্দিৰত সেৱা কৰে আৰু বগালামুখী মন্দিৰত পূজা-অৰ্চনা আগবঢ়ায়।
 
“দুটা বা তাতোকৈ অধিক ধৰ্মক সন্মান কৰা বা অনুসৰণ কৰাত কি ভুল থাকিব পাৰে, যদি আপুনি ইয়াক যুক্তিসংগত বুলি বিশ্বাস কৰে? মুঠতে আমি সকলোৱে মানুহ। ধৰ্ম মাথোঁ এটা জীৱন-ধাৰণৰ পদ্ধতিহে।" - এলভিছে কয়। 
 
বিহুত পৰিয়ালৰ সৈতে এলভিছ
 
তেওঁৰ পৰিয়ালৰ দুয়োপক্ষৰ সমাজ বা বন্ধুমহলে তেওঁৰ বা তেওঁৰ পত্নীয়ে দুয়োটা ধৰ্মকে নিষ্ঠাবান সহকাৰে অনুসৰণ কৰাত আপত্তি কৰে নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত এলভিছে কয়, “দুয়োপক্ষৰ সমাজে আমাৰ জীৱনশৈলীক অতিশয় সমৰ্থন কৰে। কিন্তু, মোৰ বন্ধুসকলৰ এটা নগণ্য অংশই কেতিয়াবা হিন্দু দেৱীসকলৰ প্ৰতি মোৰ বিশ্বাসৰ বিষয়ে নেতিবাচক মন্তব্য আগবঢ়ায়। কিন্তু, সেইটো আমাৰ বাবে একো গুৰুত্বপূৰ্ণ নহয়। মানুহ হোৱাটো মোৰ ব্যক্তিগত পছন্দ।”
 
এইবাৰ তেওঁৰ দীপাৱলীৰ পৰিকল্পনা সন্দৰ্ভত সুদক্ষ সাঁতোৰবিদগৰাকীয়ে কয়: "দীপাৱলী এতিয়া ধৰ্মীয় উৎসৱ নহয়। ই ভাৰতীয় সংস্কৃতিৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে। জাতি, ধৰ্ম নিৰ্বিশেষে প্ৰায় প্ৰতিজন ভাৰতীয়ই দীপাৱলীত আনন্দ কৰে। প্ৰতিজন ভাৰতীয়ৰ বাবে ই এক উৎসৱ। বিশেষকৈ অসমৰ প্ৰায় সকলো মুছলমান আৰু খ্ৰীষ্টান লোকে দীপাৱলী পালন কৰে। পোহৰৰ উৎসৱে আমাৰ জীৱনলৈ সতেজতা আৰু নতুন শক্তি কঢ়িয়াই আনে।”
 
কামাখ্যা মন্দিৰত পৰিয়ালৰ সৈতে এলভিছ 
 
এলভিছে লগতে কয় যে তেওঁ পৰিৱেশৰ প্ৰতিও যত্ন লয় আৰু সেয়েহে তেওঁ আতচবাজী ফুটোৱাক সমৰ্থন নকৰে। তেওঁ দীপাৱলীক ফটকা আৰু ধোঁৱাৰ উৎসৱ হিচাপে নহয়, পোহৰৰ উৎসৱ হিচাপে উদযাপন কৰিবলৈ সকলোকে আহ্বান জনায়।
 
এলভিছে পুনৰ কয়, "মই নিশ্চিতভাৱে সদায়ৰ দৰে মন্দিৰত সেৱা কৰিম আৰু দিৱালী উৎসৱ যথাসম্ভৱ পৰিৱেশ-অনুকূলভাৱে উদযাপন কৰিম।"


শেহতীয়া খবৰ