পর্যটন বৰ্ষৰ সামৰণি: কাজিৰঙাত ২০২১-২২ বৰ্ষত সংগ্রহ ৬.২৪ কোটি টকা

Story by  atv | Posted by  [email protected] • 1 Years ago
কাজিৰঙাত ২০২১-২২ বৰ্ষত সংগ্রহ ৬.২৪ কোটি টকা
কাজিৰঙাত ২০২১-২২ বৰ্ষত সংগ্রহ ৬.২৪ কোটি টকা
গুৱাহাটী
 
বিভিন্ন ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ কালি ২০২১-২২ পৰ্যটন বর্ষ সামৰিলে কাজিৰঙাই। পূৰ্বৰে পৰা চলি অহা নিয়মানুসাৰে আজিৰে পৰা অহা চাৰি মাহপর্যন্ত পৰ্যটকৰ বাবে সম্পূৰ্ণকৈ বন্ধ থাকিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। যোৱা ৩০ এপ্রিলত কাজিৰঙাৰ হাতী ছাফাৰী বন্ধ হোৱাৰ পিচতো বিগত এটা মাহে চলি থকা ৰাষ্ট্ৰীয় উদ্যানৰ জীপ ছাফাৰী আজি বন্ধ কৰা হয়।
 
উল্লেখযোগ্য যে বিগত বৰ্ষৰ ২২ ছেপ্টেম্বৰত ৰাজাৰ বন বিভাগৰ হাতত জমা থকা ২,৪৭৯টা খৰ্গ চৰকাৰীভাৱে দাহ কৰাৰ পিচতেই ১ অক্টোবৰত আনুষ্ঠানিকভাৱে মুকলি হৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। জীপ ছাফাৰীৰে মুকলি হোৱা ২০২১-২২ ৰ কাজিৰঙাৰ পৰ্যটন বৰ্ষত ১ নৱেম্বৰত হাতী ছাফাৰী আৰম্ভ কৰা হয়। শীতৰ কুঁৱলী ফালি ৰাষ্ট্ৰীয় উদ্যানৰ নৈসর্গত সময় উদযাপন কৰিবলৈ স্রোত বয় পৰ্যটকৰ। বিগত দুটাকৈ পর্যটন বৰ্ষত পৰ্যটকৰ আহ-যাহ একপ্ৰকাৰ নাইকিয়া হোৱাৰ পিচত এইবাৰ দেশী-বিদেশী পৰ্যটকৰ ৰম্যভূমিত পৰিণত হয় ৰাষ্ট্ৰীয় উদ্যানখন। 
 
এই পর্যটন বৰ্ষত বিদেশী পৰ্যটকৰ সংখ্যা কম যদিও বিগত দুটা বছৰৰ তুলনাত যথেষ্ট পর্যটকে দর্শন কৰে ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা। বন বিভাগৰ তথ্য অনুসৰি কাজিৰঙাৰ কঁহৰা, বাগৰি অগৰাতলী আৰু বুঢ়াপাহাৰ বনাঞ্চলত ২০২১-২২ পর্যটন বর্ষত ২ লাখতকৈও অধিকসংখ্যক পর্যটকে ভ্ৰমণ কৰে। কাজিৰঙা পৰ্যটনৰ বাবে এইবাৰৰ আটাইতকৈ ভাল লগা খবৰটো হ'ল, ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতিয়ে সপত্নীক কাজিৰঙা ভ্ৰমণ কৰে। 
হাতীৰ পিঠিত উঠি আৰু খোলা জীপছি গাড়ীৰে ৰাষ্ট্ৰীয় উদ্যানৰ নৈসর্গত তেওঁলোকে সময় অতিবাহিত কৰে। তদুপৰি দেশৰ লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ লগতে বলিউডৰ বিভিন্ন শিল্পী আৰু আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ বাইচুং ভূটীয়ায়ো কাজিৰঙা দৰ্শন কৰে। আনকি ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি অসমত উপস্থিত হোৱা দেশৰ প্ৰখ্যাত সাহিত্যিক তথা জ্ঞানপীঠ বঁটা বিজয়ী দামোদৰ মৌজেও কাজিৰঙা ভ্ৰমণ কৰে। 
 
প্ৰথমবাৰৰ বাবে কাজিৰঙা ভ্ৰমণ কৰি আপ্লুত হৈ পৰা সুসাহিত্যিকগৰাকীয়ে উদ্যানৰ কৰ্তৃপক্ষৰ সৈতেও কিছু সময় কটায়। ইয়াৰ মাজতে অভিনেতা অক্ষয় কুমাৰে কাজিৰঙাৰ সুৰক্ষাৰ বাবে প্ৰদান কৰা এক কোটি টকাৰ অৰ্থসাহায্যৰে ৰাষ্ট্ৰীয় উদ্যানৰ অন্তভাগত চোৰাং চিকাৰ প্ৰতিৰোধী শিবিৰ নিৰ্মাণ কৰা হয়। উল্লেখযোগ্য যে ক’ভিডকালীন পৰিস্থিতিৰ পিচতে পুনৰ ঠন ধৰি উঠা কাজিৰঙা পৰ্যটনত বন বিভাগে জীপ ছাফাৰী আৰু হাতী ছাফাৰীৰ দ্বাৰা বৃহৎসংখ্যক ৰাজহ সংগ্ৰহেৰে পুনৰ প্ৰতিপন্ন কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতি পৰ্যটকৰ বৰ্ধিত আকর্ষণ। 
 
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ বাবদ এই পর্যটন বৰ্ষত উদ্যান কর্তৃপক্ষই ৬ কোটি ২৪ লাখ ৮ হেজাৰ ৬শ ৫৬ টকা পৰ্যটকৰ পৰা সংগ্ৰহ কৰে। এইবাৰ পৰ্যটন বৰ্ষত মুঠ ২,৫৫,৬৭৬ পর্যটকে ৰাষ্ট্ৰীয় উদ্যানৰ কেউখন বনাঞ্চলত হাতী ছাফাৰী আৰু জীপ ছাফাৰী কৰে। ইয়াৰে ১,৬৮৭ গৰাকী বিদেশী পৰ্যটক আৰু ২,৫৩,৯৮৯ গৰাকী দেশীয় পর্যটক। বিশেষভাৱে ডিচেম্বৰ মাহতে আগমন হয় সর্বাধিক ৫৫,৭৭৩ গৰাকী পৰ্যটকৰ। 
উল্লেখযোগ্য যে ২০১৯-২০ পর্যটন বর্ষত ১,৪২,৮৫৯ গৰাকী পৰ্যটকৰ পৰা ৪,২০,৬৩,৫৪১ টকা আৰু ২০২০-২১ পর্যটন বৰ্ষত ১,৬৭,৬৪৪ গৰাকী পৰ্যটকৰ পৰা ৩,৬০,০০,৬১১ টকা কাজিৰঙা কৰ্তৃপক্ষই সংগ্ৰহ কৰিছিল। ইপিনে বিগত দুটা বছৰৰ তুলনাত কাজিৰঙাৰ হোটেল-ৰিজৰ্টসমূহেও তুলনামূলকভাৱে আশাব্যঞ্জক ব্যৱসায় কৰিবলৈ সমৰ্থ হৈছে। সমান্তৰালভাৱে কাজিৰঙা পৰ্যটনত বিগত পাঁচটা বছৰ পূৰ্বে আৰম্ভ হোৱা কাজিৰঙা অৰ্কিড উদ্যানলৈকো বৃহৎসংখ্যক পৰ্যটকৰ আগমন ঘটে। ইপিনে এইবাৰৰ পৰ্যটন বৰ্ষত ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত সুলভ হৈ পৰা ঢেকীয়াপতীয়া বাঘৰ বিচৰণৰ ছবি দেশী-বিদেশী পর্যটক, টুৰিষ্ট গাইড তথা স্থানীয় সংবাদকর্মীসকলে বিভিন্ন মাধ্যমত প্ৰকাশ কৰাত পর্যটক অধিক আকর্ষিত হয়।