সমন্বয়ৰ বাৰ্তা লৈ ৰঙিয়াৰ ইষ্টেমালৈ আহিল শংকৰ সংঘৰ ৩ ভকত

Story by  Ariful Islam | Posted by  Munni Begum • 2 Months ago
ৰঙিয়াৰ ইষ্টেমা
ৰঙিয়াৰ ইষ্টেমা
 
আৰিফুল ইছলাম / ৰঙিয়া
 
মোৰ মনত ভেদভাব নাই অ' আল্লাহ/ মোৰ মনত ভেদভাব নাই অ’ আল্লাহ/ হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান মোৰ মনত একেটি ভাব।
 
আজান ফকীৰে লিখি থৈ যোৱা এই জিকিৰ ফাকি আখৰে আখৰে প্ৰতিফলিত হৈছে কামৰূপ জিলাৰ ৰঙিয়াত। শান্তি-সম্প্ৰীতিৰ বাৰ্তা বিলাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক ৰঙিয়া অধিৱেশন সমাপ্ত হোৱাৰ পিছত এইবাৰ ৰঙিয়া ইষ্টেমাত ধৰ্মীয় একতা-সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ অনুপম নিদৰ্শন দেখিবলৈ পোৱা গৈছে।

ৰঙিয়াৰ কছাৰী শ'লমাৰীত তিনিদিনীয়াকৈ অনুষ্ঠিত ইষ্টেমা পৰিদৰ্শন কৰিবলৈ আহিল ৩জনকৈ শংকৰ সংঘৰ ভকত। হিৰেন্দ্ৰ নাথ, বিপিন নাথ আৰু জগদীশ নাথ নামৰ ভকত তিনিজনে বুধবাৰে ইছলাম ধৰ্মীয় অনুষ্ঠান ইষ্টেমাৰ খা-খবৰ ল'বলৈ কছাৰী শ'লমাৰী পথাৰত উপস্থিত হয়। বয়োজেষ্ঠ ভকত কেইজনক স্থানীয় মুছলমান ব্যক্তিসকলে আদৰ-সম্ভাষণেৰে ইষ্টেমাস্থলীলৈ লৈ যায়। 
 
 
"অসমত আজান-ফকীৰ আৰু শংকৰদেৱৰ দিনৰ পৰাই একতা-সম্প্ৰীতি আৰু সমন্বয়ৰ পৰিৱেশ চলি আহিছে। এই ক্ষেত্ৰত আমি আমাৰ ওচৰৰে হাজোৰ কথা ক'ব পাৰো। তাত হিন্দু-মুছলমানসকলে যি সম্প্ৰীতিৰে বাস কৰে, সেই একতা-সম্প্ৰীতি অসমৰ সাতামপুৰুষীয়া পৰম্পৰা। এনে সময়তে একাংশ ৰাজনীতিবিদ আৰু দুষ্ট চক্ৰই আমাৰ এই একতা-সম্প্ৰীতিৰ এনাজৰী ভংগ কৰিবলৈ উঠিপৰি লাগি থাকে। এইবোৰ ৰোধ কৰিবলৈ আমি এইধৰণৰ সৰ্বসাধাৰণ ৰাইজে মিলিজুলি থাকিব লাগিব। হিন্দুৱে হওক বা মুছলমানে হওক আমি সকলোৱে এইধৰণে ওলাই আহি আমাৰ একতা-সম্প্ৰীতি বৰ্তাই ৰখা উচিত।"-শংকৰ সংঘৰ নিষ্ঠাৱান সদস্য জগদীশ নাথে এইদৰে কয়।
 
শংকৰ সংঘৰ সৈতে জড়িত হৈ থকাৰ পিছতো মুছলমান অধিৱেশনলৈ কিয় যাব লাগে বুলি তেওঁ বিভিন্নজনৰ প্ৰশ্নৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰি ভকত হিৰেন্দ্ৰ নাথে কয় যে আনৰ ধৰ্মৰ বিষয়ে জানিব বিচৰাটো বা আনৰ ধৰ্মৰ প্ৰতি আদৰ-সন্মান প্ৰদৰ্শন কৰাটো কেতিয়াও ভুল কথা হ'ব নোৱাৰে। এনে সংকীৰ্ণ মনোভাৱৰ পৰা আমি সকলো মুক্ত হ'ব লাগে বুলিও তেওঁ উল্লেখ কৰে।   
 
ইফালে, ইষ্টেমাৰ বিষয়ে জানিবলৈ অহা বিপিন নাথ নামৰ ভকতজনে কয়, "আমি সকলো একে মানুহ। আমাৰ মাজত কোনো ভেদাভেদ নাই। আপোনালোকে কোৰাণক মানি চলে, ঠিক একেদৰে আমি ভাগৱতৰ কথা কও। সকলো ধৰ্মীয় গ্ৰন্থৰ সাৰমৰ্ম একেই। সেয়ে আমি সকলোৱে একেলগে থাকি সমাজখনক আগুৱাই নিব লাগে।"
 
ৰঙিয়াৰ ইষ্টেমালৈ আহিল শংকৰ সংঘৰ ৩ ভকত  
 
মনকৰিবলগীয়া যে, ৰঙিয়াত ১৩ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত ইছলাম ধৰ্মীয় অধিৱেশন ইষ্টেমাৰ খা-খবৰ ল'বলৈ ইয়াৰ পূৰ্বে শংকৰ সংঘৰ বিষয়ববীয়াসকলো আহিছিল। একেদৰে, শংকৰ সংঘৰ অধিবেশনৰ বাবে স্থানীয় বহু মুছলমান লোকে শ্ৰমদান কৰিছে। শংকৰ-আজানৰ সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি অধিৱেশন উপলক্ষে শ্ৰমদান কৰিছিল নিজ বড়িগোগ কুমাৰপাতা জামে মছজিদ কমিটিয়ে। সুবিশাল কৃষি পথাৰৰ ভূমি পৰিস্কাৰৰ কামত নিয়োজিত হৈছিল মছজিদ কমিটিৰ প্ৰতিজন কৰ্মকৰ্তা। 
 
তদুপৰি, শংকৰ সংঘৰ অধিৱেশন অনুষ্ঠিত হাতীখলা পথাৰৰ প্ৰায় এহেজাৰ বিঘা মাটিৰ অধিকাংশৰে গৰাকী হৈছে ইছলাম ধৰ্মাৱলম্বী লোক। উল্লেখনীয় দিশটো হ'ল তেওঁলোকে এই ভূমিভাগ স্ব-ইচ্ছাই শংকৰদেৱ সংঘৰ অধিৱেশনৰ বাবে এৰি দিছে আৰু অধিৱেশনখন সফল কৰাৰ বাবে হাত উজান দিছে, যিয়ে সাম্প্রতিক সময়ত জাত-পাতৰ নামত সংঘাত সৃষ্টি কৰিব বিচৰাসকলক এক সঠিক আৰু সময়োচিত জবাব দিছে।
 
"স্থানীয় বাসিন্দা হিচাপে আমি কিছুদিনৰ পৰা শুনি আছিলো যে ইয়াত এখন মুছলমান ধৰ্মীয় সমাৱেশ অনুষ্ঠিত হ'ব। সেয়ে আজি আমি তিনিওজনে ইয়াৰ পৰিৱেশটো চাবলৈ আহিলো। আমাৰ ধৰ্ম বেলেগ হ'লেও, সকলো একে। আমি সকলো একেটা অঞ্চলতে থাকো। আপোনালোকৰ অভ্যৰ্থনাত আমি সঁচাকৈয়ে আনন্দিত, খুৱ ভাল পালো ইয়ালৈ আহি। ইয়াৰ পৰিৱেশ দেখি ভাল লাগিছে। এইদৰে আমি সমন্বয়ৰ মাজেৰে, মিলপ্ৰীতিৰ মাজেৰে চলি থাকিব পাৰিলে, সমাজখন সঠিক দিশত আগুৱাই যাব।"-ইষ্টেমাৰ বিষয়ে জানিবলৈ ৰঙিয়াৰ কছাৰী শ'লমাৰী পথাৰলৈ অহা হিৰেন্দ্ৰ নাথে কয়।