ভঙা পঁজাৰ পৰা পকী ঘৰলৈঃ শামা পাৰৱীন আৰু শ্বাবিনা বিৰ সপোন পূৰণৰ কাহিনী

Story by  atv | Posted by  [email protected] • 2 d ago
উত্তৰ প্ৰদেশত মুছলমান মহিলাই ঘৰ লাভ কৰাৰ দৃশ্য
উত্তৰ প্ৰদেশত মুছলমান মহিলাই ঘৰ লাভ কৰাৰ দৃশ্য
 
মধুকৰ পাণ্ডে / লক্ষ্ণৌ
 
দেশৰ বিভিন্ন প্ৰান্তত উত্তৰ প্ৰদেশক লৈ সময়ে সময়ে যি ছবি দাঙি ধৰা হয়, সেয়া বাস্তৱৰ সৈতে একেবাৰে নিমিলে। বিশেষকৈ সংখ্যালঘু সম্প্ৰদায় তথা মুছলিম সমাজক লৈ এনে এক ধাৰণা গঢ়ি তোলা হৈছে যে চৰকাৰী আঁচনিসমূহৰ সুবিধা তেওঁলোকে সীমিত পৰিমাণেহে লাভ কৰে। কিন্তু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পৰিসংখ্যা আৰু হিতাধিকাৰীসকলৰ বাস্তৱ কাহিনীয়ে এই ধাৰণাক সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে। উত্তৰ প্ৰদেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ "সবকা সাথ-সবকা বিকাশ"ৰ সংকল্পক মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নেতৃত্বত যিধৰণে ৰূপায়ণ কৰা হৈছে, তাৰ আটাইতকৈ বলিষ্ঠ প্ৰমাণ হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা। এই আঁচনিখন ৰাজ্যৰ লাখ লাখ মুছলমান পৰিয়ালৰ বাবে কেৱল চৰকাৰী সাহায্যই নহয়, বৰঞ্চ এক মৰ্যাদাপূৰ্ণ জীৱনৰ আধাৰ হিচাপে প্ৰমাণিত হৈছে।
 
চৰকাৰী তথ্য অনুসৰি, মাৰ্চ ২০১৭ৰ পৰা জানুৱাৰী ২০২৬লৈকে প্ৰায় চাৰে আঠ বছৰত উত্তৰ প্ৰদেশত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (গ্ৰাম্য আৰু নগৰীয়া দুয়োটা) অধীনত প্ৰায় ৬০ৰ পৰা ৬২ লাখ পৰিয়ালক পকী ঘৰ প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ৰাজহুৱা দাবী অনুসৰি, ইয়াৰ ভিতৰত প্ৰায় ২১ লাখ ঘৰ মুছলিম পৰিয়ালে লাভ কৰিছে। যদিও চৰকাৰীভাৱে ধৰ্মভিত্তিক পৃথক তথ্য উপলব্ধ নহয়, তথাপি মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ ওপৰত ভিত্তি কৰি বিশ্লেষণ কৰিলে দেখা যায় যে আঁচনিখনত মুছলিম হিতাধিকাৰীৰ অংশগ্ৰহণ ৩০ৰ পৰা ৩৫ শতাংশৰ ভিতৰত। এই পৰিসংখ্যাটো এইবাবেই গুৰুত্বপূৰ্ণ কাৰণ উত্তৰ প্ৰদেশৰ মুঠ জনসংখ্যাৰ ভিতৰত মুছলিম সম্প্ৰদায়ৰ অংশ প্ৰায় ১৮ৰ পৰা ১৯ শতাংশ।
 
প্ৰতিনিধিত্বমূলক ছবি
 
যদি ইয়াক এক 'ডেটা মেপ' হিচাপে চোৱা হয়, তেন্তে উত্তৰ প্ৰদেশৰ সামাজিক-অৰ্থনৈতিক মানচিত্ৰই স্পষ্ট সংকেত দিয়ে যে যিবোৰ জিলাত দৰিদ্ৰতা, গৃহহীনতা আৰু কেঁচা ঘৰৰ সংখ্যা বেছি আছিল, তাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লাভো সেই অনুপাতে পাবলৈ সক্ষম হৈছে। এই বাছনি প্ৰক্ৰিয়া ধৰ্মৰ ওপৰত ভিত্তি কৰি নহয়, বৰঞ্চ সম্পূৰ্ণৰূপে দৰিদ্ৰতা নিৰ্মূলকৰণ আৰু যোগ্যতাক মাপকাঠি হিচাপে লৈ কৰা হৈছে। অনুমান অনুসৰি, যদি মুঠ ৬২ লাখ হিতাধিকাৰীৰ ওপৰত ৩০–৩৫ শতাংশ প্ৰয়োগ কৰা হয়, তেন্তে মুছলিম হিতাধিকাৰীৰ সংখ্যা ১৮.৬ লাখৰ পৰা ২১.৭ লাখৰ ভিতৰত হয়।
 
গ্ৰাম্য আৰু নগৰীয়া বিভাজনৰ পৰিসংখ্যাই এই আঁচনিৰ ব্যাপকতাক অধিক স্পষ্ট কৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত উত্তৰ প্ৰদেশৰ গ্ৰামাঞ্চলত ৩৫ৰ পৰা ৩৬ লাখ ঘৰ নিৰ্মাণ কৰা হৈছে, আনহাতে নগৰীয়া অঞ্চলত ১৭ৰ পৰা ১৯ লাখ ঘৰ হয় সম্পূৰ্ণ হৈছে নতুবা অনুমোদন লাভ কৰিছে। যদি এই তথ্যসমূহ জিলাভিত্তিক মেপত ৰখা হয়, তেন্তে পশ্চিম উত্তৰ প্ৰদেশ, অৱধ আৰু পূৰ্বাঞ্চলৰ বহুকেইখন জিলা আগস্থানত থাকে, যিবোৰত মুছলিম জনসংখ্যা তুলনামূলকভাৱে বেছি আৰু তাত আঁচনিৰ হিতাধিকাৰীৰ সংখ্যাও উল্লেখযোগ্য।
 
'মেজিক ব্ৰিক্স'ৰ প্ৰতিবেদন অনুসৰি, প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰীয়া ২.০ৰ অধীনত বহু জিলাৰ হিতাধিকাৰীৰ একাউণ্টত প্ৰথম কিস্তিৰ ধন প্ৰত্যক্ষভাৱে হস্তান্তৰ কৰা হৈছে। গাজিয়াবাদত ৮,৯৩৭, বেৰেলীত ৮,৬৯৩ আৰু লক্ষ্ণৌত ৮,৫৬৮টা পৰিয়ালে প্ৰথম কিস্তি লাভ কৰিছে। প্ৰতাপগড়ত ৭,২১৪, গোৰখপুৰত ৭,১৪২ আৰু কুশীনগৰত ৬,২৩১টা পৰিয়ালে আঁচনিখনৰ সুবিধা লাভ কৰিছে। একেদৰে বিজনৌৰ (৫,৫৮১), আলীগড় (৫,৩৮২), লক্ষিমপুৰ খেৰী (৫,১০০) আৰু প্ৰয়াগৰাজ (৫,০২৩)ৰ দৰে জিলাসমূহতো হাজাৰ হাজাৰ পৰিয়াল উপকৃত হৈছে। অযোধ্যা, মথুৰা, দেৱৰীয়া, মহাৰাজগঞ্জ, বদায়ুন, মোৰাদাবাদ, আগ্ৰা, বুলন্দচহৰ, মউ, উন্নাও, ফাৰুখাবাদ, বাৰাণসী আৰু মিৰ্জাপুৰৰ পৰিসংখ্যাই প্ৰমাণ কৰে যে আঁচনিখন ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে সমানভাৱে উপলব্ধ হৈছে।

যদি এই জিলাসমূহক এটা সামাজিক-জনগাঁথনিমূলক মানচিত্ৰত ৰখা হয়, তেতিয়া আলীগড়, মোৰাদাবাদ, বদায়ুন, লক্ষ্ণৌ, বুলন্দচহৰ আৰু আগ্ৰাৰ দৰে জিলাত, য’ত মুছলিম জনসংখ্যা অধিক, তাত মুছলিম পৰিয়ালসমূহে বৃহৎ সংখ্যাত চৰকাৰী আৱাস লাভ কৰিছে। এই তথ্যই এই কথাকেই প্ৰমাণ কৰে যে আঁচনিখনৰ ৰূপায়ণ কোনো ধৰ্মীয় বৈষম্যৰ ভিত্তিত নহয়, বৰঞ্চ স্থানীয় প্ৰয়োজনীয়তাৰ ভিত্তিতহে কৰা হৈছে।
 
প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ মানৱীয় ছবিখন ফিৰোজাবাদৰ শামা পাৰৱীনৰ কাহিনীত স্পষ্টকৈ ফুটি উঠিছে। আজমেৰী গেট অঞ্চল নিবাসী শামা পাৰৱীনে বহু বছৰ ধৰি পকী ছাদ নোহোৱাকৈ জীৱন কটাইছিল। যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক ৰাজহুৱা কাৰ্যসূচীত তেওঁক ঘৰৰ চাবিটো অৰ্পণ কৰিছিল, তেতিয়া তেওঁৰ চকুহাল আনন্দৰ চকুপানীৰে উপচি পৰিছিল। তেওঁ আৱেগিক হৈ কয় যে এতিয়ালৈকে তেওঁৰ মূৰৰ ওপৰত নিজাকৈ ছাদ নাছিল, কিন্তু প্ৰধানমন্ত্ৰী মোদীৰ বাবে তেওঁৰ এই সপোন পূৰণ হ’ল। তেওঁ প্ৰধানমন্ত্ৰীক আশীৰ্বাদ দি কয় যে তেওঁ এশ বছৰ জীয়াই থাকক। লগতে তেওঁ চৰকাৰৰ জনকল্যাণমূলক আঁচনি, বিশেষকৈ বিনামূলীয়া খাদ্য শস্য বিতৰণৰ শলাগ লয় আৰু ৰন্ধন গেছৰ দাম হ্ৰাস কৰাৰ বাবেও অনুৰোধ জনায়, যিয়ে এটা দুখীয়া পৰিয়ালৰ প্ৰকৃত প্ৰয়োজনক প্ৰতিফলিত কৰে।
 
ৰাজধানী লক্ষ্ণৌতো প্ৰধানমন্ত্ৰী আৱাস যোজনাই মুছলিম পৰিয়ালৰ জীৱনলৈ এক বৃহৎ পৰিৱৰ্তন আনিছে। হুছেইনাবাদৰ বাসিন্দা তথা এগৰাকী দৰিদ্ৰ মুছলিম বিধৱা শ্বাবিনা বি (৪৫)ই বছৰ বছৰ ধৰি পুত্ৰসকলৰ সৈতে কেঁচা আৰু ভাড়াতীয়া ঘৰত জীৱন অতিবাহিত কৰিছিল। প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰীয়া)ৰ অধীনত যেতিয়া তেওঁক হিতাধিকাৰী হিচাপে নিৰ্বাচিত কৰা হ’ল আৰু প্ৰথম কিস্তিৰ ধন তেওঁৰ একাউণ্টত সোমায়, তেতিয়া সেয়া তেওঁৰ বাবে এক নতুন জীৱনৰ আৰম্ভণিৰ দৰে আছিল। শ্বাবিনা বিয়ে কয় যে যোগী আৰু মোদীৰ আশীৰ্বাদত এতিয়া তেওঁৰ পকী ঘৰ নিৰ্মাণ হৈ আছে আৰু প্ৰথমবাৰৰ বাবে তেওঁ নিজৰ ঘৰত এক সুৰক্ষিত ভৱিষ্যতৰ আশা দেখিবলৈ পাইছে।
 
উত্তৰ প্ৰদেশৰ হিতাধিকাৰী মহিলাসকল
 
একেদৰে ছিনহাট অঞ্চলৰ শ্ৰমিক মহম্মদ ইকবাল(৩৮)ৰ চাৰিজনীয়া পৰিয়ালেও গ্ৰাম্য প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সুবিধা লাভ কৰিছে। বছৰ বছৰ ধৰি ভঙা চাল আৰু বৰষুণৰ পানীৰ মাজত জীৱন কটোৱাৰ পিছত এতিয়া তেওঁৰ পৰিয়ালটো নিৰাপদ আৰু স্থায়ী আৱাসৰ দিশে অগ্ৰসৰ হৈছে। চৰখাৰীৰ পৰা অহা হিতাধিকাৰী নেহা আৰু শ্বাহীন খাতুনৰ আৱেগিক প্ৰতিক্ৰিয়াইও প্ৰমাণ কৰে যে এই আঁচনি কেৱল ইটা-চিমেন্টৰ গাঁথনি নহয়, ই মৰ্যাদা আৰু আত্মসন্মানৰ প্ৰতীক।
 
প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰীয়া ২.০ৰ অধীনত প্ৰতিজন হিতাধিকাৰীক মুঠ ২.৫০ লাখ টকাৰ সাহায্য প্ৰদান কৰা হৈছে। এই ধনৰাশি তিনিটা পৰ্যায়ত প্ৰত্যক্ষভাৱে বেংক একাউণ্টলৈ হস্তান্তৰ কৰা হয়— প্ৰথম কিস্তি ১ লাখ টকা, দ্বিতীয় কিস্তি ৭৫ শতাংশ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত ১ লাখ টকা আৰু তৃতীয় কিস্তি ঘৰটো সম্পূৰ্ণ হোৱাৰ পিছত ৫০ হাজাৰ টকা। এই ব্যৱস্থাই স্বচ্ছতা নিশ্চিত কৰাৰ লগতে দুৰ্নীতিৰ সম্ভাৱনা বহুখিনি হ্ৰাস কৰিছে।
 
সামগ্ৰিকভাৱে ক’বলৈ গ’লে, যদি উত্তৰ প্ৰদেশৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তথ্যসমূহক সামাজিক, ভৌগোলিক আৰু জনগাঁথনিমূলক হিচাপে চোৱা হয়, তেন্তে ইয়াৰ পৰা স্পষ্ট হয় যে মুছলিম সম্প্ৰদায়ৰ অংশগ্ৰহণ কেৱল গুৰুত্বপূৰ্ণই নহয়, বহু জিলাত তেওঁলোকৰ অংশ জনসংখ্যাৰ অনুপাততকৈও অধিক হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰীয়া ২.০ এতিয়া কেৱল এখন চৰকাৰী আঁচনি হৈ থকা নাই, বৰঞ্চ উত্তৰ প্ৰদেশৰ লাখ লাখ মুছলিম আৰু দৰিদ্ৰ পৰিয়ালৰ সপোনৰ আধাৰ হৈ পৰিছে। যিয়ে প্ৰমাণ কৰিছে যে বিকাশ তেতিয়াহে সাৰ্থক হয়, যেতিয়া সেয়া কোনো বৈষম্য নোহোৱাকৈ সমাজৰ প্ৰতিটো শ্ৰেণীৰ ওচৰলৈ গৈ পায়