কাইলৈ হাজোৰ পোৱামক্কা দৰগাহত 'পূৰ্ণ উৰুচ মেলা'

Story by  atv | Posted by  Munni Begum • 2 Months ago
 হাজোৰ পোৱামক্কা দৰগাহত 'পূৰ্ণ উৰুচ মেলা'ৰ এক দৃশ্য
হাজোৰ পোৱামক্কা দৰগাহত 'পূৰ্ণ উৰুচ মেলা'ৰ এক দৃশ্য
 
গুৱাহাটী 
 
অইনবেলিৰ দৰে এইবেলিও আঠশবছৰীয়া বর্ণিল পৰম্পৰাৰে যোৱা পহিলা মাঘৰ পৰা পোৱামক্কা দৰগাহত আৰম্ভ হৈছে 'উৰুচ মেলা'। এই 'উৰুচ মেলা'ৰ 'পূর্ণ উৰুচ মেলা' কাইলৈ, অর্থাৎ ২৪ ফেব্ৰুৱাৰীৰ পূৰ্ণিমাৰ নিশা অনুষ্ঠিত হ'ব। 
 
দৰগাহ পৰিচালনা সমিতিৰ 'খাদিম' তৌফিক হুছেইনে জনোৱা মতে, ইয়াৰ কোনো তাত্ত্বিক কাৰণ অথবা ধর্মীয় বাধ্যবাধকতা নাই। যথার্থতে ই এক শান্তি-সম্প্রীতি আৰু সমন্বয়ৰ পৰম্পৰাগত উৎসৱহে। আগতীয়া প্ৰচাৰ আৰু আহ্বান নোহোৱাকৈয়ে মাথোঁ পূর্ব পৰম্পৰা অনুযায়ী উত্তৰ-পূৰ্বাঞ্চল তথা ভাৰতৰ ভিন্ন প্রান্তৰ পৰা ফকীৰবাবা, সাধক, তীর্থযাত্রী আৰু ভক্তিপ্রাণ ৰাইজ জাতি-ধর্ম-ভাষা-বর্ণ নির্বিশেষে দলে-বলে 'উৰুচ মেলালৈ স্বতঃস্ফূর্তভাৱে আহে। 
মনোকামনা পূৰণার্থে ভিন্নজনে হাঁহ, কুকুৰা, চাউল আদি সমূহীয়া 'চিৰণী'ৰ বাবে দগাহ পৰিচালনা সমিতিৰ হাতত অর্পণ কৰে। মূলতঃ উৰুচ উপলক্ষে এচাম ফকীৰবাবা, সাধকে গোটেই নিশা উজাগৰে থাকি বাউল, কাৱালী, জিকিৰ-জাৰী পৰিবেশন কৰি এই নিশাটো বর্ণিল কৰি তোলে। আন এচামে আকৌ মিলাদে-মেহফিলত চামিল হৈ বিশ্বনবী হজৰত মহম্মদ (ছঃ)ৰ জীৱন চর্চা কৰে। 'পূর্ণ উৰুচ'ৰ পুৱতি নিশা ফজৰৰ নামাজৰ পিচত অনুষ্ঠিত হ'ব 'আখেৰী দোৱা'।