বিবাহ আৰু মাতৃত্বৰ পিছত কেনেকৈ মডেলিং কেৰিয়াৰ আৰম্ভ কৰিলে গুলচন বানুৱে ?

Story by  atv | Posted by  [email protected] • 1 Years ago
মডেল গুলছান বানু
মডেল গুলছান বানু
আৰিফুল ইছলাম / গুৱাহাটী
 
দেশৰ বহুসংখ্যাক যুৱক-যুৱতীয়ে মডেলিঙৰ জৰিয়তে চিনেমা বা মনোৰঞ্জন জগতত প্ৰৱেশ কৰাৰ সপোন দেখে। ইয়াৰে কিছুসংখ্যকৰহে এই সপোন সাৰ্থক হয় আৰু বাকীসকলে কোনো ফল দেখিবলৈ নোপোৱাত অন্য কাম-কাজত নিয়োজিত হোৱা দেখা যায়। বহুতেই আকৌ বিবাহ পাশত আৱদ্ধ হোৱাৰ পিছত মডেলিঙৰ সপোন ত্যাগ কৰে। কিন্তু আজি আমি এনে এগৰাকী মহিলাৰ কথা ক'ব ওলাইছোঁ, যিয়ে বিবাহৰ পিছত মডেলিঙৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। এই ব্যতিক্ৰমী মহিলা গৰাকীৰ নাম হ'ল গুলছান বানু।
 
অসমৰ তৈলনগৰী দুলিয়াজানত জন্মগ্ৰহণ কৰা গুলছান বানুয়ে বিবাহৰ পিছত কৰ্মসূত্ৰে কলিকতাত থাকিবলৈ লয়। বিয়াৰ পিছত তেওঁ কলকতাত চাকৰি কৰি আছিল। কিন্তু সন্তান জন্ম হোৱাৰ পাছত বানুৱে চাকৰি এৰিবলগীয়া হৈছিল। 
 

অৱশ্যে, সন্তান অলপ ডাঙৰ হোৱাত বানুৱে নতুনকৈ কিবা এটা কৰাৰ পৰিকল্পনা কৰে। এই অনুসৰি তেওঁ ২০১৯ চনত মিছেছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাখনে গুলছানৰ ভাগ্য সলনি কৰি পেলায়। প্ৰতিযোগিতাখনত তেওঁ দ্বিতীয় ৰানাৰ আপ আৰু মিছ গ্লেমাৰিয়াছ পাৰ্ছনেলিটিৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল।
 
‘আৱাজ দ্য ভইচ’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মডেল গুলছান বানুৱে কয়; "মই এটাই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ আৰু সেই প্ৰতিযোগিতাতে মই বিজয়ী হৈছিলোঁ। তাৰ পাছতহে মই মডেলিং কেৰিয়াৰ আৰম্ভ কৰিলোঁ। লগতে মই অভিনয় জগততো প্ৰৱেশ কৰো। এতিয়ালৈ বহু কেইখন চুটি ছবিত মই অভিনয় কৰিছোঁ।"
 
গুলছান বানু
 
"বৰ্তমান মহিলাসকলে প্ৰায় সকলো কামতে নিয়োজিত হোৱা দেখা যায়। মহিলাসকলক আগবঢ়াই দিয়াৰ ক্ষেত্ৰত নিজৰ পৰিয়ালটোৱে গুৰুতৰ ভূমিকা ল'ব লাগিব। মহিলাসকলৰ লগত পৰিয়ালৰ সহযোগিতা নহ’লে আমি কোনো ফিল্ডতে আগুৱাই যাব নোৱাৰিব। মই যদিও মুছলমান পৰিয়ালৰ ছোৱালী, তথাপিও মডেলিং বা অভিনয়ৰ ক্ষেত্ৰত মই কেতিয়াও পৰিয়ালৰ পৰা কোনো ধৰণৰ বাধা পোৱা নাই। বৰঞ্চ, মোৰ পৰিয়ালে মোক প্ৰতি মুহূৰ্ততে সহযোগিতা আগবঢ়াই আহিছে। মই কেতিয়াও কাৰোবাৰ অধীনত থকা যেন অনুভৱ কৰা নাই। মই সম্পূৰ্ণ স্বাধীন।", মডেল গৰাকীয়ে কয়। 
 
মিছেছ ইণ্ডিয়াৰ শিতাপ দখল কৰাৰ পিছত গুলছান বানু
 
মডেল গুলছান বানুৱে নিজৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত যি কামেই কৰিছে, সেই কামত তেওঁৰ পৰিয়ালে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। "মই পৰিয়ালৰ পৰা সম্পূৰ্ণ স্বাধীনতা পালেও, কেতিয়াও এনেকুৱা একো কাম কৰা নাই, যিটো কামৰ বাবে মোৰ পৰিয়ালে দুখ পাব। মোৰ পৰিয়ালৰ ঐতিহ্য, সন্মানৰ প্ৰতি লক্ষ্য ৰাখিয়ে সকলো কাম কৰোঁ। সমাজৰ পৰাও মই কোনোধৰণৰ বাধা-বিঘিনি পোৱা নাই", তেওঁ কয়। 
উল্লেখ্য যে, বৰ্তমান গুলছান বানুৱে মডেলিং আৰু অভিনয়ৰ উপৰিও বিভিন্ন কাম-কাজৰ সৈতে জড়িত।  অতি সোনকালে তেওঁ গুৱাহাটীত এখন সৌন্দৰ্য্য প্ৰতিযোগিতা আয়োজন কৰাৰ পৰিকল্পনা কৰিছে। ইতিমধ্যেই এই প্ৰতিযোগিতাৰ বাবে যাৱতীয় কাম-কাজ আৰম্ভ কৰা হৈছে। 
গুলছান বানুৱে নিজৰ কাম-কাজৰ উপৰিও মহিলা সৱলীকৰণৰ ওপৰতো যথেষ্ট গুৰুত্ব আৰোপ কৰে। তেওঁৰ মতে, মহিলা সৱলীকৰণ মানে মহিলাক বেছি গুৰুত্ব দিয়া নহয়। সমাজত পুৰুষ-মহিলা সকলোকে সমান অধিকাৰ দি কাম কৰাৰ আহ্বান জনায় মডেল গৰাকীয়ে। লগতে গুলছান বানুৱে সকলো পৰিয়ালক নিজৰ লৰা-ছোৱালীৰ সপোন দিঠক কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।