এনে সৌন্দৰ্য সচেতনতাৰ প্ৰয়োজনীয়তা কিমান?

Story by  atv | Posted by  Munni Begum • 4 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
  স্বপ্না দাস
 
সাজি-কাছি আহিছে যুৱতীসকল। কেশসজ্জাৰ পৰা পোছাক পৰিচ্ছদলৈকে যাৰ যেনেকৈ সম্ভৱ নিজৰ পচন্দ অনুসৰি তেওঁলোকে নিজকে সজাইছে। যুৱকসকলো পিছপৰি থকা নাই। তেওঁলোকেও নিজকে সজাই তোলাত অলপো যত্নৰ ত্ৰুটি কৰা নাই। সকলোৱে পূজা কৰিছে। সকলোৱে ছেলফি, গ্ৰুপফিত নিজকে আৱদ্ধ কৰিছে। প্ৰতিবছৰে সৰস্বতী পূজাৰ দিনা বাটে-ঘাটে, শিক্ষানুষ্ঠানে শিক্ষানুষ্ঠানে তথা টেলিভিছন চেনেলত এনে  দৃশ্যই দেখোঁ। সামাজিক মাধ্যমতো দেখোঁ। বিভিন্ন মাধ্যমত ইয়াকে কেন্দ্ৰ কৰি বিভিন্নগৰাকীৰ বক্তব্যও পঢ়িবলৈ পাওঁ; বহু সংখ্যককেই ইয়াৰ বিৰুদ্ধাচৰণ কৰাও দেখা পাওঁ।
 
বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজাই প্ৰকৃত গৰিমা হেৰুৱাইছে নেকি? সৌন্দৰ্যচৰ্চা প্ৰকটৰ দিন হৈ পৰিছে নেকি সৰস্বতী পূজা? প্ৰতিবছৰেই সৰস্বতী পূজাৰ দিনা যুৱক-যুৱতীৰ পোছাক পৰিচ্ছদ, প্ৰসাধন আদি প্ৰসংগত হোৱা চৰ্চা প্ৰত্যক্ষ কৰি এই প্ৰশ্ন মনলৈ আহে। দেখা যায় যে, সৰস্বতী পূজাৰ দিনা যুৱক-যুৱতীসকলে কৰা ফেশ্বন বহুতেই বক্ৰোক্তি পোষণ কৰি এই কাৰ্যক নঞাৰ্থক বুলি মতপোষণ কৰে। তেনেসকলৰ মতে সৰস্বতী পূজা এতিয়া বিদ্যাৰ অধিষ্ঠাত্ৰীৰ পূজাতকৈ অধিক অঘোষিত ফেশ্বন শ্ব'ৰ নিচিনা হৈ পৰিছে। মই ব্যক্তিভাৱে একেই ভাৱধাৰাৰ নহয়। 
 
 
সৰস্বতী পূজাত যুৱক-যুৱতীয়ে বিশেষকৈ যুৱতীসকলে নিজকে সুন্দৰকৈ সজোৱাৰ যি 'অঘোষিত নিয়ম' সেয়া আজিৰ নহয়। বছৰ বছৰ ধৰি ছাত্ৰীসকলে সৰস্বতী পূজাৰ দিনা নিজকে ধুনীয়াকৈ সজাই পূজাথলীলৈ গৈ আহিছে। আমি স্কুল-কলেজত পঢ়ি থকা দিনতো ইয়াৰ ব্যতিক্ৰম নাছিল। পূজাৰ আগৰে পৰাই সৰস্বতী পূজাত নিজকে সজোৱাৰ জল্পনা-কল্পনা আৰম্ভ কৰিছিলো। পূজাৰ দিনা সাজি-কাছি পূজাথলীলৈ গৈছিলো। পূজা কৰাৰ উপৰি বান্ধৱীসকল একগোট হৈ কাষৰ শিক্ষানুষ্ঠানবোৰৰ পূজাথলীলৈ গৈছিলো। ষ্টুডিঅ'ত ফটো উঠিছিলো। মনত আছে স্পষ্টকৈ যে, সিদিনা শিক্ষানুষ্ঠান থকা ঠাইৰ পথত, ষ্টুডিঅ'ত ভিৰ হৈছিল পূজা কৰা যুৱক-যুৱতীৰ। কাকততো প্ৰকাশিত তেনে খবৰ পুৰণি বাতৰি কাকত খুঁচৰিলে হয়তো ওলাব।
 
সেই দিনবোৰ আৰু বৰ্তমানৰ মাজত পাৰ্থক্য আছে। প্ৰায় সকলো ক্ষেত্ৰতে পৰিৱৰ্তন দেখা যায়। সৰস্বতী পূজাৰ সৌন্দৰ্য সচেতনাৰে জড়িত নানান দিশতো বিভিন্ন পৰিৱৰ্তন চকুত পৰে। কিন্তু এই কথা স্বীকাৰ কৰো যে পূৰ্বতেও যুৱতীসকলে সৰস্বতী পূজাৰ দিনা নিজকে সজোৱাত গুৰুত্ব দিছিল; এতিয়াও দিয়ে। আগতে ষ্টুডিঅ'ত ভিৰ কৰিছিল ফটো উঠিবলৈ। কিন্তু আজিকালি নকৰে। সকলোৰে হাতে হাতে স্মাৰ্ট ফোন; ষ্টুডিঅ'তনো কি ভিৰ কৰিব! আগতে কাকতত সৰস্বতী পূজাৰ যুৱতীক লৈ বাতৰি পঢ়া মনত আছে, এতিয়া সেই স্থান টিভি চেনেলেও ল'লে। ইমানখিনিলৈকে আমাৰ দৃষ্টিত আপত্তি কৰিবলগীয়া একো নাই। মাত্ৰ সৰস্বতী পূজা যিহেতু বিদ্যাৰ অধিষ্ঠাত্ৰীৰ পূজা, সেয়েহে উক্ত দিনটোত কেৱল বাহ্যিক সুন্দৰতাৰ প্ৰতিযোগিতা পতা বা কেৱল বাহ্যিক সৌন্দৰৃযতাতেই গুৰুত্ব আৰোপ কৰাতকৈ ইয়াৰ সমানে 'প্ৰজ্ঞাৰে কোন কিমান সুন্দৰ' তাৰ প্ৰতিও আমি সচেতন হোৱা উচিত বুলি অনুভৱ কৰো।
 
প্ৰতিনিধিত্বমূলক ছবি
 
সৌন্দৰ্য সচেতনতা জীৱনৰ বাবেই প্ৰয়োজনীয়। প্ৰকৃত সৌন্দৰ্য সচেতনতাই আমাৰ দেহ-মন সুন্দৰ কৰি ৰখাত সহায় কৰে। সেইফালৰ পৰাও সৰস্বতী পূজাৰ সৌন্দৰ্য সচেতনতাক অপ্ৰয়োজনীয় বুলি নাভাবো। মাথোন পোছাক পৰিচ্ছদত শালীনতা বৰ প্ৰয়োজনীয়। ক'ত কি কাপোৰ পিন্ধিম তাকে লৈ আমি সচেতন হ'লেই হ'ল! তদুপৰি আনৰ পোছাক পৰিচ্ছদক লৈ তাচ্ছিল্য কোনো বিৱেকসম্পন্ধ লোকে নকৰে বুলি ভাবো।
 
সকলোৰে জ্ঞাত যে সৰস্বতী বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী। দেৱী সৰস্বতীৰ উল্লেখ মধ্যযুগীয় আৰু প্ৰাচীন ভাৰতীয় সাহিত্যত ১০ খ্ৰীষ্টপূৰ্বৰ পৰা ১৫০০ খ্ৰীষ্টাব্দৰ ভিতৰত পোৱা যায়। দেৱী সৰস্বতীৰ গুৰুত্ব আৰু তাৎপৰ্য বৈদিক যুগৰ পৰা আধুনিক যুগলৈকে দেখা যায়। হিন্দু সংস্কৃতিৰ মহাভাৰত মহাকাব্যত শিক্ষাৰ দেৱীক শান্তি পৰ্বত বেদৰ মাতৃ বুলি জনা যায়। ভগৱান ব্ৰহ্মাৰ দ্বাৰা বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ সময়ত দেখা দিয়া মহাকাশীয় সত্বা বুলিও জনা যায়। তেওঁ তিনিগৰাকী দেৱী মাহলক্ষ্মী, মহাসৰস্বতী আৰু মহাপাৰ্বতীৰ ত্ৰিমূৰ্তিৰ এক অবিচ্ছেদ্য অংশ গঠন কৰে হেনো।
 
প্ৰতিনিধিত্বমূলক ছবি
 
'Taittiriya Brahmana' নামৰ গ্ৰন্থখনত সৰস্বতী দেৱীক বিতোপন সংগীত আৰু সাৱলীল বক্তৃতাৰ মাতৃ বুলি উল্লেখ কৰা হৈছে। হিন্দু বৈদিক সাহিত্যত গঙ্গা নদীৰ দৰে পবিত্ৰ তথা গুৰুত্বপূৰ্ণ হিচাপে চৰ্চিত সৰস্বতী দেৱীক ঋগবেদত "জ্ঞানৰ প্ৰতীক" বুলি উল্লেখ কৰা হৈছে। আনহাতে, 'ব্ৰহ্মবৈৱৰ্ত পুৰাণ'ৰ মতে সৈতে ভগৱান কৃষ্ণই দেৱী সৰস্বতীক আশীৰ্বাদ দিছিল যে বসন্ত পঞ্চমীত তেওঁক পূজা কৰা হ'ব। সৰস্বতী পূজা যিহেতু বিদ্যাৰ অধিষ্ঠাত্ৰীৰ পূজা, গতিকে এই পূজাত বাগদেৱীৰ বন্দনা প্ৰথম আৰু প্ৰধান।
 
পুনৰ উল্লেখ কৰিছো যে আমাৰ সময়তো সৰস্বতী পূজাত সৌন্দৰ্য সচেতনতাক গুৰুত্ব দিয়া হৈছিল; এতিয়াও হয়। এয়া অপ্ৰয়োজনীয় বুলিব নোৱাৰি বুলি ভাবো। মাথোন আজিকালি পূজাতকৈ সাজোন-কাছোনত গুৰুত্ব বেছিকৈ দিয়া হয় বুলি অ'ত-ত'ত কেতিয়াবা শুনিবলৈ পালে ব্যথিত হওঁ। আমি পূজাত ভাগ নোলোৱালৈকে উপবাসে থাকি দেৱী বন্দনা কৰিহে কাষৰ শিক্ষানুষ্ঠানত এপাক মাৰিছিলো এতিয়াও যদি পূজাৰ গুৰুত্ব প্ৰধান হয়, আনৰ পৰিচ্ছদক লৈ তাচ্ছিল্য নকৰো, সৌন্দৰ্য সচেতনতাৰ লগতে প্ৰজ্ঞাকো গুৰুত্বাৰোপ কৰা হয়-- তেনেহ'লে সৰস্বতী পূজাৰ সৌন্দৰ্য সচেতনতাক একেবাৰেই অপ্ৰয়োজনীয় বুলিব নোৱাৰি বুলি ভাবো। 
 
(স্বপ্না দাস এগৰাকী স্বতন্ত্ৰ লেখক)