ৰোজাদাৰৰ স্বাস্থ্যৰ বাবে চৰৱতৰ গুৰুত্ব

Story by  Munni Begum | Posted by  Munni Begum • 1 Months ago
জবা ফুলৰ চৰৱত আৰু বেলৰ চৰৱত
জবা ফুলৰ চৰৱত আৰু বেলৰ চৰৱত
 
মুন্নী বেগম / গুৱাহাটী
 
ৰমজান মাহত শৰীৰত প্ৰচুৰ পৰিমাণে পানীৰ অভাৱ হোৱা দেখা যায়। কিয়নো এই পবিত্ৰ মাহত ইছলাম ধৰ্মালম্বী লোকসকলে এটুপি পানীও সেৱন নকৰাকৈ গোটেই দিনটো উপবাসে থাকে। ইয়াৰ ফলত তেওঁলোকৰ শৰীৰত ডিহাইড্ৰচনৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। এই সময়ছোৱাত প্ৰচুৰ পৰিমাণে পানী, ফলৰ ৰস তথা চৰৱত সেৱন কৰিব লাগে, যিয়ে শৰীৰত পানীৰ সন্তুলন ৰক্ষা কৰাত সহায় কৰে।
 
এই সন্দৰ্ভত 'আৱাজ-দ্য ভইচ অসম'ৰ সৈতে হোৱা এক কথোপকথনত ব্যঞ্জন বিশেষজ্ঞ পম্পী শৰ্মা খাউণ্ডে কয়, "উপবাসৰ সময়ত শৰীৰৰ ভৌতিক কাৰ্য বাহাল ৰখাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ পানী সেৱন কৰাটো অতি গুৰুত্বপূৰ্ণ। কিয়নো শৰীৰত পানীৰ অভাৱ হ'লে ডিহাইড্ৰেচনৰ সমস্যা হ'ব পাৰে আৰু ইয়াৰ ফলত মূৰ ঘূৰোৱা, মূৰৰ বিষ, অলসতা আৰু ভাগৰ লাগিব পাৰে। এনে অৱস্থাত প্ৰতিগৰাকী ব্যক্তিয়ে শৰীৰত পানীৰ সন্তুলন ৰক্ষা কৰাৰ বাবে শীতল পানীয় সেৱন কৰি শৰীৰটো ঠাণ্ডা কৰি ৰাখিব বিচাৰে। বৰ্তমান মহানগৰীৰ বজাৰত শীতল পানীয়ৰ অভাৱ নাই। নানান কোম্পানীৰ শীতল পানীয়ৰে উভৈনদী হৈ আছে মহানগৰীৰ বজাৰ। প্ৰচুৰ গৰমৰ পৰা নিজৰ শৰীৰৰ শীতল আৰু সতেজ কৰি তুলিবলৈ বজাৰত উপলব্ধ বিভিন্ন ব্ৰেণ্ডৰ শীতল পানীয় ক্ৰয় কৰি সেৱন কৰাটো বৰ্তমান সকলোৰে মাজত এক ফেশ্বনত পৰিণত হৈছে। কিন্তু বজাৰত উপলব্ধ এই বিভিন্ন প্ৰকাৰৰ শীতল পানীয় সেৱন কৰি কেৱল মাত্ৰ তৃষ্ণাহে দূৰ কৰিব পৰা যায়, শৰীৰত পানীৰ ভাৰসাম্য ৰক্ষা কৰিব পৰা নাযায়। তেনেস্থলত আমি প্ৰচুৰ পৰিমাণে পানী, ফলৰ ৰস তথা চৰৱত সেৱন কৰিব লাগে। যিয়ে শৰীৰত পানীৰ সন্তুলন ৰক্ষা কৰে।" 
 
কেঁচা আমৰ চৰৱত আৰু ৰবাব টেঙাৰ চৰৱত
 
গ্ৰীষ্মকালীন ৰমজান মাহত ঘৰতে উপলব্ধ সামগ্ৰীৰে কিদৰে অতি সহজে স্বাস্থ্যসন্মত চৰৱত প্ৰস্তুত কৰিব পৰা যায় সেই বিষয়ে ইতিমধ্যে পম্পী শৰ্মা খাউণ্ডে 'বেটাৰ লাইফ' নামৰ তেওঁৰ ইউটিউব চেনেলত চৰৱতৰ প্ৰস্তুত প্ৰণালী খাদ্য ৰসিকসকলৰ বাবে আপলোড কৰিছে।
 
পম্পী শৰ্মা খাউণ্ডে কয়, "মুছলমান সম্প্ৰদায়ৰ লোকসকলে ৰমজান মাহত উপবাসৰ সময়ত শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰি চলাৰ বাবে মই ঘৰত উপলব্ধ কিছু সামগ্ৰীৰে চৰৱত প্ৰস্তুত কৰিছোঁ। যিয়ে শৰীৰৰ বিভিন্ন ৰোগ উপশম কৰাৰ লগতে ইমিউনিটি বৃদ্ধি আৰু শৰীৰ শীতল কৰি ৰখাত সহায় কৰিব। মই ঘৰত সহজে উপলব্ধ নেমুৰ লগতে ঔটেঙাৰ গুড়ি, বগৰী গুড়ি, দুপাৰ টেঙা, তেঁতেলী, তিয়ঁহ, পকা অমিতা, কিৱি, কলজামু, ছাল কুঁৱৰী, লতাবেল, বেল, ভীমকল, তৰমুজ, আনাৰস, লিচু, ৰবাব টেঙা, নাচপতি, জবা ফুল, আঙুৰ, কেঁচা আম, অপৰাজিতা ফুল, থেকেৰা টেঙা আদিৰ লগত পদিনা কলা নিমখ আৰু জালুকৰ গুড়ি মিহলি কৰি চৰৱত প্ৰস্তুত কৰিছোঁ। এই চৰৱতে তৃষ্ণা নিবাৰণ কৰাৰ লগতে ডিহাইড্ৰচনৰ সমস্যাৰ সমাধানত সহায়ক হব। ইয়াৰোপৰি এই প্ৰতিবিধ চৰৱতে শৰীৰৰ বাবে খুবেই উপকাৰী।"
 
চালকোঁৱৰীৰ চৰৱত আৰু দুপৰ টেঙাৰ চৰৱত
 
পম্পী শৰ্মা খাউণ্ডৰ কেইবিধমান চৰৱতৰ প্ৰস্তুত প্ৰনালী হৈছে---
 
জবা ফুলৰ চৰৱত 

উপকৰণ --- জবা ফুল - ১০/১২ পাহ, চেনী /মৌ - ৫/৬ চামুচ, ক'লা নিমখ - ২ চামুচ (সোৱাদ অনুপাতে), নেমুৰ ৰস - ৫ চামুচ, আদা - ১টুকুৰা (খুন্দি লোৱা), চাট মছলা - ২চামুচ, পানী - ২/৩  গিলাচ (জোখ অনুপাতে)
 
প্ৰস্তুত প্ৰনালী--- প্ৰথমতে জবা ফুল খিনি ভালদৰে ধুই ল'ব। এতিয়া জবা ফুলৰ মাজৰ অংশ চিঙি লৈ পাহি খিনি এটা এটাকৈ এৰুৱাই ল'ব। এটা চচপেনত দুই তিনি গিলাছ পানী দি তাত জবাফুল পাহি, খুন্দি লোৱা আদা, চেনী এই আটাইখিনি উপাদান দি অলপমান সময় উতলিবলৈ দিব। যেতিয়া ফুলৰ ৰং ভালকৈ উলাই যাব তেতিয়া গেছ অফ কৰি নমাই ঠাণ্ডা হবলৈ দিব। এতিয়া উতলাই লোৱা ফুল খিনি এটা বাউলত এখন চাকনিৰে চেকি ল'ব। তাৰ পিছত জবা ফুলৰ ৰস খিনিৰ লগত জোখ অনুযায়ী পানী মিলাই ল'ব লগত চাট মছলা আৰু নেমু ৰস খিনি ভালদৰে মিলাই ল'ব। এটা গিলাছত নেমু কাটি দি, ওপৰত বৰফৰ টুকুৰা লগত দি জবা ফুল সৈতে সজাই দি সুন্দৰকৈ পৰিৱেশন কৰক। খাবলৈ খুব সোৱাদ ভৰা হোৱাৰ লগতে স্বাস্থ্যৰ বাবে উপকাৰীও। 
 

পকা অমিতাৰ চৰৱত আৰু আনাৰসৰ চৰৱত
 
লতা বেলৰ চৰৱত
 
উপকৰণ --- লতা বেল - ৪/৫ টা, চেনী - ৩/৪ চামুচ, ক'লা নিমখ - ১চামুচ, পানী - ২/৩ গিলাছ
 
প্ৰস্তুত প্ৰণালী--- প্ৰথমে লতা বেল কেইটা ধুই মাজেৰে দুফাল কৰি লৈ ভিতৰত সাহ খিনি এখন চামুচৰ সহায়েৰে উলিয়াই ল'ব। এটা বাউলত সাহ খিনি দি হাত তথা চামুচেৰে ভালদৰে মোহাৰি লৈ‌ জোখ অনুপাতে পানী মিলাই লৈ এখন চাকনিৰে চাকি ল'ব। উলিয়াই লোৱা ৰস খিনিত হিচাপ অনুসৰি চেনী, ক'লা নিমখ মিলাই ভালদৰে মিলাই লৈ অলপমান সময় ফ্ৰিজত থৈ ঠাণ্ডা কৰি উলিয়াই আনি এটা গ্লাছত পুদিনা পাতেৰে সজাই লৈ পৰিৱেশন কৰক। 
 
বাদাম মিল্কচেক আৰু কিৱিৰ চৰৱত 
 
কেঁচা আম আৰু পুদিনাৰ চৰৱত
 
উপকৰণ--- কেঁচা আম - ২টা , পুদিনা পাত - ১০/১২ খিলা, জীৰা গুৰি - ১চামুচ (গোটা জীৰা ভাজি গুৰি কৰি লোৱা), নিমখ/ক'লা নিমখ - সোৱাদ অনুপাতে, চেনী - সোৱাদ অনুপাতে, আইচ কিউব ---৩/৪টুকুৰা।
 
প্ৰস্তুত প্ৰণালী--- প্ৰথমে কেঁচা আম দুটা ধুই টুকুৰা কৰি কাটি ল'ব। এতিয়া মিক্সিৰ জাৰত কাটি লোৱা আম,পুদিনা পাত, জীৰা গুৰি, নিমখ, ক'লা নিমখ, চেনী আৰু লগত অলপমান পানী দি ব্লেড কৰি লব। এতিয়া এটা বাউলত এখন ষ্টিলৰ চাকনিৰে পেষ্ট কৰি লোৱা আমৰ মিশ্ৰণ খিনি ভালদৰে চেকি ল'ব। আমৰ চৰৱত খিনি বেছি ডাঠ হলে অলপমান পানী মিলাই লব। এতিয়া প্ৰস্তুত হৈ যোৱা আম আৰু পুদিনাৰ চৰৱত খিনি এটা গ্লাচত কেইটুকুৰা মান আইচ কিউব আৰু পুদিনাৰ পাত দি সজাই পৰিৱেশন কৰক।
 
প্লামৰ চৰৱত আৰু কেঁচা আম-পুদিনাৰ চৰৱত
 
পবিত্ৰ ৰামজান মাহত থলুৱা সোৱাদেৰে ভৰা শৰীৰৰ বাবে উপযোগী শীতল পানীয়ৰ লগতে বিভিন্ন প্ৰকাৰৰ স্বাস্থ্যসন্মত হালোৱা প্ৰস্তুত কৰিছে পম্পী শৰ্মা খাউণ্ডে। তেওঁৰ মতে এই হালৱাই শৰীৰত বিভিন্ন ধৰণে উপকাৰ সাধন কৰে।
 
তেওঁ কয়, "পবিত্ৰ ৰামজান মাহত মুছলমান সম্প্ৰদায়ৰ লোক সকলৰ ছেহেৰী আৰু ইফটাৰৰ সময়ত খাদ্যৰ মেজখন বিভিন্ন প্ৰকাৰৰ সুস্বাদু ব্যঞ্জনৰে পৰিপূৰ্ণ হৈ থাকে। ইফটাৰৰ সময়ত খাদ্যৰ মেজখনৰ বিশেষ আকৰ্ষণেই হৈছে 'হালোৱা'। চুজি, আটা আদিৰ দৰে বাদাম, মগু দাইল, গাজৰ, বিট, মিঠা আলু, কেঁচা অমিতা, কেঁচা মটৰ, পকা আম, কমলা-চুজি আদিৰ হালৱা প্ৰস্তুত কৰিব পাৰি। এই সকলোবোৰ উপকৰণৰ সৈতে গাখীৰ, চেনী, ড্ৰাই ফ্ৰুট আদিৰ মিশ্ৰনেৰে প্ৰস্তুত হালোৱা সুস্বাদু হোৱাৰ লগতে স্বাস্থ্যৰ বাবেও উপকাৰী।"
 
তেওঁৰ কেইবিধমান হালৱা প্ৰস্তুত প্ৰনালী হৈছে---
 
কমলা আৰু চুজি হালৱা
 
উপকৰণ--- চুজি - ১কাপ, চেনী - ১কাপ  (সোৱাদ অনুপাতে), কমলা ৰস - আধা কাপ। কাজু- ৪/৫টা, কিচমিচ - ৪/৫টা, চেৰী- ৩/৪টা, কমলা বাকলি (Orange zest)- ১চামুচ, ঘী - ৪/৫চামুচ, পানী- জোখ অনুপাতে।
 
পকা আমৰ হালৱা আৰু কেঁচা মটৰৰ হালৱা
 
প্ৰস্তুত প্ৰণালী--- এখন কেৰাহিত চুজি খিনি অলপ সময় ভাজি ল'ব। এতিয়া আন এখন কেৰাহি ত ঘী দি কাজু, কিচমিচ, চেৰী, কমলা বাকলি দি লগত কমলা ৰস আৰু জোখ অনুপাতে পানী দি চেনী দিব তাৰ পিছত চুজি খিনি দি ভালদৰে ল'ৰাই থাকিব যেতিয়া পানী শুকাই চুজি খিনি ডাঠ হব তেতিয়া নমাই দি গৰমে গৰমে পৰিবেশন কৰক।
 
গ্ৰীণ হালৱা (কেঁচা মটৰৰ হালৱা)
 
উপকৰণ--- কেঁচা মটৰ - ২ কাপ, গাখীৰ - ১কাপ, পাউদাৰ গাখীৰ- আধা কাপ, নাৰিকল পাউদাৰ - ৩/৪ চামুচ, চেনী - ১কাপ (সোৱাদ অনুপাতে), লং/ডালচেনি - কেইটামান, ইলাচী পাউদাৰ - ১চামুচ, কাজু - ৪/৫টা, কিচমিচ - ৪/৫টা, কাঠ বাদাম - ৪টা, ঘী - জোখ অনুপাতে, গ্ৰীণ ফুড কালাৰ - ১/২ টোপাল, পৰিবেশনৰ বাবে চেৰী - ৩/৪টা।  
 
প্ৰস্তুত প্ৰণালী--- প্ৰথমে কেঁচা মটৰ খিনি ৫/১০ মিনিট মান পানী দি বয়ল কৰি ল'ব। এতিয়া মটৰ খিনি মিক্সিত গাখীৰ দি পেষ্ট কৰি লব। এতিয়া এখন ননষ্টিক কেৰাহিত ঘী দি লং ,ডালচেনি, কাজু ,কিচমিচ, কাঠ বাদাম দি লগত পেষ্ট কৰি লোৱা মটৰ খিনি ভাজি লব। তাৰ পিছত গেছটো কমাই নাৰিকল পাউদাৰ, পাউদাৰ গাখীৰ, চেনী দি ভালদৰে লৰাই ভাজিব। এতিয়া সকলোবোৰ বস্তু ভালদৰে ভজা হোৱাৰ পিছত ইলাচী পাউদাৰ, ফুড কালাৰ আৰু গাখীৰ দি ল'ৰাই মটৰখিনি ডাঠ হোৱাৰ পিছত নমাই দিব। কাজু, চেৰী দি গানিছ কৰি পৰিৱেশন কৰক। 
 
কমলা চুজিৰ হালৱা আৰু কেঁচা অমিতাৰ হালৱা
 
মেংগো হালৱা
 
উপকৰণ--- চুজি - ১কাপ, চেনী - ১কাপ  (সোৱাদ অনুপাতে), পকা আমৰ পেষ্ট  - ১কাপ, কাজু - ৩/৪টা, কিচমিচ - ৩/৪টা, কাঠবাদাম - ৪/৫টা, ইলাচী পাউদাৰ - ১চামুচ, কাটি লোৱা আম - আধা কাপ, ঘী - ৪/৫চামুচ, গাখীৰ/পানী - ১কাপ। 
 
প্ৰস্তুত প্ৰণালী--- প্ৰথমে পকা আমখিনি চেনী দি মিক্সিত পেষ্ট কৰি লব। এতিয়া এখন কেৰাহিত ঘী দি চুজিখিনি অলপ সময় ভাজি লব। লগত কাজু, কিচমিচ, কাঠবাদাম, চেনী দি আকৌ এবাৰ ভালদৰে ল'ৰাই দি লগত আমৰ পেষ্ট খিনি দি ভালদৰে ল'ৰাই দিব। তাৰ পিছত কাটি লোৱা আমখিনি আৰু গাখীৰ/পানী, ইলাচী পাউদাৰ দি ভালকৈ ল'ৰাই দি যেতিয়া চুজিখিনিৰ পৰা পানী শুকাই ডাঠ হব, তেতিয়া নমাই দিব। কাটি লোৱা আমৰ টুকুৰা আৰু কাজু,আলমণ্ড দি ইয়াক পৰিৱেশন কৰক।