হায়দৰাবাদৰ অন্যতম বৃহৎ ৰমজান এক্সপ’ 'ডাৱত-ই-ৰামজান' উদ্বোধন কৰিব ৰবীনা টেণ্ডনে

Story by  atv | Posted by  Munni Begum • 1 Months ago
'ডাৱত-ই-ৰামজান' উদ্বোধন কৰিব ৰবীনা টেণ্ডনে
'ডাৱত-ই-ৰামজান' উদ্বোধন কৰিব ৰবীনা টেণ্ডনে
 
হায়দৰাবাদ
 
হায়দৰাবাদৰ অন্যতম বৃহৎ ৰমজান এক্সপ’ বহু প্ৰত্যাশিত 'ডাৱত-ই-ৰামজান' উদ্বোধন কৰিব বলীউডৰ মোহময়ী অভিনেত্ৰী ৰবীনা টেণ্ডনে। অনম মিৰ্জাই আয়োজন কৰা এই অনুষ্ঠানত অহা ২৭ মাৰ্চৰ পৰা আৰম্ভ হ’ব। এই অনুষ্ঠানৰ বাবে জনসাধাৰনে চহৰখনৰ চুকে-কোণে যথেষ্ট ভিৰ কৰাৰ সম্ভাৱনা আছে। 
 
শেহতীয়াকৈ অনুষ্ঠানটোৰ অফিচিয়েল ইনষ্টাগ্ৰাম পেজত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত অভিনেত্ৰী ৰবীনাই নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি সকলো হায়দৰাবাদীকে এই উৎসৱত যোগদান কৰিবলৈ উষ্ম আমন্ত্ৰণ জনায়। তেওঁ কয়, "ছালাম আৰু নমস্কাৰ হায়দৰাবাদ, মই ৰবীনা টণ্ডন, আৰু মই ২৭ মাৰ্চৰ সন্ধিয়া ৭.৩০ বজাত 'ডাৱত-ই-ৰমজান'ত আপোনালোক সকলোকে লগ কৰিবলৈ আহি আছো। তাত আপোনালোক সকলোকে লগ পাবলৈ মই আগ্ৰহী। বজাৰ কৰাৰ লগতে ভিন্ন প্ৰকাৰৰ খাদ্যৰ সোৱাদ লও আহক (শ্বপিং কাৰতে হে আৰু বহুত ছাৰা খানা খাতে হে)।"
 
 
গৌহাৰ খান, মহম্মদ চিৰাজকে ধৰি কেইবাগৰাকীও চেলিব্ৰিটিয়ে হায়দৰাবাদীসকলক 'ডাৱত-ই-ৰমজান'ত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছে। ২৭ মাৰ্চৰ পৰা ১০ এপ্ৰিললৈকে চলিবলগীয়া এই অনুষ্ঠানটো এক গ্ৰেণ্ড এফেয়াৰ হ’ব বুলি প্ৰতিশ্ৰুতি দিছে, য’ত বিভিন্ন ধৰণৰ খাদ্য, কাপোৰ, গহনা আৰু অন্যান্য সামগ্ৰী প্ৰদৰ্শন কৰা বহুতো ষ্টল থাকিব। দৰ্শকে হালিম, কাবাব, বিৰিয়ানী, মিঠাইকে ধৰি কিছুমান উত্তম ৰমজানৰ সুস্বাদু খাদ্যৰ সোৱাদ লোৱাৰ আশা কৰিব পাৰে।  
 
গতিকে, আপোনাৰ কেলেণ্ডাৰত চিহ্নিত কৰক আৰু ৰমজানৰ প্ৰকৃত আত্মা অনুভৱ কৰিবলৈ আৰু হায়দৰাবাদৰ উন্নতমানৰ খাদ্য আৰু সংস্কৃতিত অংশগ্ৰহণ কৰিবলৈ 'ডাৱত ই ৰামজান এক্সপ’লৈ যাওঁক।