গুৱাহাটী
অসমত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা হাতী-মানুহৰ সংঘাতৰ সমস্যা সমাধানৰ বাবে স্থানীয় লোক আৰু হস্তীকূলৰ সহাৱস্থানক উদগনি যোগোৱাৰ উদ্দেশ্যে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে “গজ কথা” নামৰ এক অভিনৱ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে।
হাতী-মানুহৰ সংঘাতে প্ৰভাৱিত কৰা পূৱ অসমৰ গাঁওসমূহক লক্ষ্য কৰি লোৱা এই পদক্ষেপৰ জৰিয়তে হাতীৰ আচৰণ, পৰিৱেশতন্ত্ৰ আৰু অঞ্চলটোৰ সৈতে সাংস্কৃতিক সংযোগ আৰু ইহঁতৰ সংৰক্ষণৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰা হয়।
মানৱ আৰু বন্যপ্ৰাণীৰ সহাৱস্থানক উদগনি যোগোৱাৰ প্ৰচেষ্টাৰ অংশ হিচাপে আৰণ্যক আৰু ব্ৰিটিছ এছিয়ান ট্ৰাষ্টে অসমৰ বন বিভাগৰ সৈতে যৌথভাৱে আৰু ডাৰউইন ইনিচিয়েটিভৰ সহযোগত এই কাৰ্য ৰূপায়ণ কৰিছে।
আৰণ্যকৰ গজ কথা অভিযানৰ কিছু দৃশ্য
আৰণ্যকৰ হাতী গৱেষণা আৰু সংৰক্ষণ বিভাগৰ এগৰাকী জ্যেষ্ঠ সংৰক্ষণবিদ ড০ আললিকা সিনহাই কয়, “বিজ্ঞানী, শিল্পী, শিক্ষাবিদ আৰু সংৰক্ষণবিদসকলৰ সৈতে আলোচনা কৰি আমি মহিলা, পুৰুষ, যুৱক-যুৱতী, বৃদ্ধ আৰু ছাত্ৰ-ছাত্ৰীকে ধৰি স্থানীয় লোকসকলৰ বাবে মুকলি কৰা প্ৰদৰ্শনীৰ বাবে অন্তৰ্দৃষ্টি সম্পন্ন আৰু আকৰ্ষণীয় সজাগতা সামগ্ৰী প্ৰস্তুত কৰিছো।”
এতিয়ালৈ ২৪টা “গজ কথা” অভিযানৰ জৰিয়তে হাতী-মানুহৰ সংঘাতৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পূব অসমৰ ১২০০ৰো অধিক লোকৰ ওচৰ চপা হৈছে বুলি আৰণ্যকে এক প্ৰেছ বিবৃতিত উল্লেখ কৰিছে।
মাজুলীৰ হালধিবাৰী, জাবৰচুক কাঠনি, গজেৰা, গজেৰা হাইস্কুল, উজানী মাজুলী খেৰকটীয়া হাইস্কুল, পূৱ মাজুলী খেৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, জাবৰচুক বচা আৰু জোপানচুকত এই অভিযান চলোৱা হয়। ডিব্ৰুগড়ত কোঁৱাবাম, পানচুকীয়া বনগাঁও, নাহৰজান লেবানকুলা, নাগাঘাট তাঁতীপথাৰ, লেবানকুলা এম ই স্কুল আৰু কমাৰগাঁও এম ই স্কুলত আৰু তিনিচুকীয়াত উজানী শদিয়া উচ্চতৰ মধ্যমিক বিদ্যালয় আৰু পদুমফুলাতো এই অভিযান চলোৱা হয়।
'গজ কথা' অভিযানৰ এক দৃশ্য
এই অভিযান চলোৱা আন স্থানসমূহৰ ভিতৰত আছিল শিৱসাগৰৰ চমৰাজান, চৰগুৱা গ্ৰাণ্ট, মাজুমেলিয়া, চৰগুৱা এম ই স্কুল, চৰগুৱা হাইস্কুল, ডেমোমুখ গোহাঁইগাঁও আৰু যোৰহাটৰ শংকৰদেৱ জনজাতি এম ই স্কুল আৰু বেজৰচিগা।
আৰণ্যকে কেইবাটাও স্থানীয় সংগঠনৰ সহযোগিতাত হাতী-মানুহৰ সংঘাত হোৱা প্ৰতিটো এলেকাত স্থানীয় লোকৰ সদস্য আৰু ভৱিষ্যতে বন্যপ্ৰাণীৰ সুৰক্ষাৰ দায়িত্ব পালন কৰিবলগা যুৱক সকলক সংগঠিত কৰিছিল। এই সংগঠন আৰু সম্প্ৰদায়ৰ সদস্যসকলে আৰাণ্যকৰ বিশেষজ্ঞসকলৰ সৈতে মত-বিনিময় আৰু মানুহ-বন্যপ্ৰাণীৰ সহাৱস্থানৰ বাবে উদ্ভাৱনীমূলক পদ্ধতিৰ বিষয়ে আলোচনা কৰে।
পূব অসমৰ বিভিন্ন অঞ্চলত হাতী মানুহৰ মাজৰ সংঘাত দূৰ কৰাৰ বাবে অনুষ্ঠিত 'গজ কথা' অভিযান
পূৱ অসমত এই পদক্ষেপৰ দায়িত্বত থকা আৰণ্যকৰ এজন বিষয়া জাকিৰ ইছলাম বৰাই কয়, "আমাৰ সমূহীয়া শিক্ষাদাতা, ক্ষেত্ৰকৰ্মী আৰু গাঁও চেম্পিয়নসকলে বুজন সংখ্যক হাতীৰ বাসস্থান অসমত স্থানীয় লোক আৰু হাতীৰ এই সহাৱস্থানৰ পদক্ষেপৰ লগতে বৰ্দ্ধিত সংঘাতক লৈ নিৰলসভাৱে কাম কৰি আছে।"