৫৫ সংখ্যক বাৰ্ষিক শৈলাৰোহণ প্ৰশিক্ষণ শিৱিৰৰ শুভাৰম্ভ

Story by  atv | Posted by  Munni Begum • 8 Months ago
শৈলাৰোহণ প্ৰশিক্ষণ শিৱিৰ
শৈলাৰোহণ প্ৰশিক্ষণ শিৱিৰ
 
গুৱাহাটী
 
ৰাজ্যত পৰ্বতাৰোহণৰ প্ৰতি নৱ প্ৰজন্মক উৎসাহিত কৰাৰ লক্ষ্যৰে উত্তৰ পূৱৰ অন্যতম অগ্ৰণী দুঃসাহসিক ক্ৰীড়া সংগঠন অসম পৰ্বতাৰোহণ সন্থাই বাৰ্ষিক শীতকালীন শৈলাৰোহণ প্ৰশিক্ষণ শিৱিৰৰ আয়োজন কৰি আহিছে৷ চলিত বৰ্ষৰ ৫৫ সংখ্যক বাৰ্ষিক শৈলাৰোহণ প্ৰশিক্ষণ কাৰ্যসূচী আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়৷ 
 
অসম ৰাজ্যিক চিৰিয়াখানা চৌহদৰ প্ৰয়াত ৰোহিনী কুমাৰ ভূঞা স্মাৰক শৈলক্ষেত্ৰত অনুষ্ঠিত  শিবিৰৰ ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ বিষয়া বিক্ৰম জ্যোতি দাসে ৷ ডিচেম্বৰ মাহৰ অন্তিম দেওবাৰপৰ্যন্ত প্ৰতি দেওবাৰে (৩, ৯, ১০, ১৭ আৰু ২৫ ডিচেম্বৰ) অনুষ্ঠিত হ’বলগীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীত ১৫–৪৫ বছৰ বয়সৰ ৫০ জনতকৈ অধিক প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰিছে৷ 
 
গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানা বাকৰিত আজি পুৱা অনুষ্ঠিত এই বছৰৰ প্ৰশিক্ষণ শিৱিৰৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি প্ৰশিক্ষাৰ্থীসকলক উৎসাহিত কৰে উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশ সঞ্জয় কুমাৰ মেধি আৰু ষ্টেট বেংক অব্ ইন্ডিয়াৰ বিষয়া তথা প্ৰাক্তন মাইনিং ইঞ্জিনিয়াৰ বিক্ৰম জ্যোতি দাস৷ 
 
সন্থাৰ সভাপতি ডা॰ দেবেন্দ্ৰ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাত প্ৰৱীণ পৰ্বতাৰোহী বীৰেণ দাস, ৰাজেন গৌতম, পাৰ্বতী প্ৰসাদ গৌতম, দীনেশ চন্দ্ৰ দাস, অৰ্চনা ভট্টাচাৰ্য, জগদীশ বসুমতাৰী আদি উপস্থিত থাকে৷
 
লক্ষ্যণীয় যে এই শিৱিৰত শৈলাৰোহণ আৰু পৰ্বতাৰোহণৰ বিভিন্ন দিশৰ প্ৰাথমিক জ্ঞান প্ৰদান কৰা হয়৷ প্ৰতিবাৰৰ দৰে এইবাৰো প্ৰশিক্ষণ শিৱিৰত শৈলাৰোহণ, হাইকিং, ৰেপেলিং, ছিংগল্‌ ৰ’প ব্ৰীজ টেকনিক, লেডাৰ ক্লাইম্বিং এণ্ড ক্ৰ’চিং, চিমনী ক্লাইম্বিং, ৱাটাৰফল্‌ ক্লাইম্বিং, ডেল্টা ক্ৰ’চিং আদিৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব৷ 
 
প্ৰশিক্ষণৰ অংশ হিচাপে ট্ৰেকিং আৰু নাইট কেম্পিঙৰ অভিজ্ঞতাও দিয়া হ’ব প্ৰশিক্ষাৰ্থীসকলক৷ উল্লেখযোগ্য যে এই শিৱিৰত প্ৰদৰ্শন কৰা পাৰদৰ্শিতাৰ ভিত্তিত প্ৰশিক্ষাৰ্থীসকলৰ মাজৰপৰা সন্থাই হিমালয় পৰ্বতমালাৰ বিভিন্ন স্থানত হাই এল্‌চিটিউট ট্ৰেকিঙৰ বাবে দল বাচনি কৰিব বুলি সন্থাৰ সাধাৰণ সম্পাদক মানস বৰুৱাই এক বিবৃতিযোগে জানিবলৈ দিয়ে৷