ড০ নন্দ সিং বৰকলা
জ্যোতি-বিষ্ণুৰ আশিস লৈ সংগীতৰ জগতত সোমাই পৰা ভূপেন হাজৰিকাই পিছে এই ক্ষেত্ৰখনত বহু বেছি বৰঙণি আগবঢ়াই থৈ গ’ল৷
তেওঁ বিদেশলৈ গৈ পল ৰবচনৰ দৰে শিল্পীক লগ পালে, নতুন দিনৰ গান শুনিলে, পৰিৱৰ্তনৰ বিভিন্ন ৰূপ দেখিলে– আৰু সেইবাবেই তেওঁ বিভিন্ন বিষয়, বিভিন্ন চিন্তাক লৈ গীত লিখিলে৷ তেওঁৰ গীতত জিলিকি উঠিল তেওঁৰ ভৱিষ্যতৰ সপোন৷ এটা কথা ঠিক যে চেতনাৰ বাবে যি সংগ্ৰামৰ প্ৰয়োজন, ভূপেন হাজৰিকাৰ বাবেও সেই সংগ্ৰাম আছিল একেই৷ দুখীয়া-নিছলাক নিষ্পেষণ-নিৰ্যাতনৰ পৰা মুক্ত কৰি এখন শান্তিৰ পৃথিৱী ৰচনা কৰাই আছিল তেওঁৰ মূল লক্ষ্য৷ তাৰ মাজতেই জ্যোতি-বিষ্ণুৰ দৰে তেওঁৰ চেতনাতো আছিল গভীৰ অসম-প্ৰেম৷
মানৱতাৰ জয়গান গাই তেওঁ বিশ্ব জিনিব খুজিছিল৷ সেইবাবেই বাংলাদেশৰ প্ৰধানমন্ত্ৰী খালেদা জীয়াই ভূপেন হাজৰিকাৰ মৃত্যুৰ সময়ত দিয়া বাণীত কৈছিল– "ভূপেন হাজৰিকাৰ অবিনাশী গানে সমাজৰ অত্যাচাৰ, নিপীড়িত মানুহক সদায় প্ৰেৰণা যোগাই থাকিব৷ অমৰ এই শিল্পীৰ পৰলোকত উপমহাদেশৰ সংগীত জগতত যি শূন্যতাৰ সৃষ্টি হ’ল, সেয়া সহজে পূৰণ নহ’ব৷" [বৰা, দিলীপ, ২০১২.৯৩]
বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ এই মন্তব্যই এই কথা প্ৰমাণ কৰিছে যে দেশৰ সীমা পাৰ হৈ ভূপেন হাজৰিকাৰ গানে সমগ্ৰ উপমহাদেশৰ মানুহৰ প্ৰাণত খলকনি তুলিছিল৷ অকল সুৰ আৰু কণ্ঠই সেই কাম কৰা নাছিল– তেওঁৰ গীতত আছিল বৰ্তমানৰ বাস্তৱ চিত্ৰ আৰু এক ইতিবাচক ভৱিষ্য-চেতনা৷ সেইবাবেই তেওঁৰ জনপ্ৰিয়তাই দেশ-কালৰ সীমা অতিক্ৰম কৰিছিল৷ এই কথা সকলোৱে জানে যে ভূপেন হাজৰিকাই পল ৰবচনক লগ পাইছিল আৰু ৰবচনৰ প্ৰতি তেওঁ গভীৰ সন্মান প্ৰদৰ্শন কৰিছিল৷ প্ৰায় সকলো মঞ্চতে তেওঁ গাইছিল– We are same boat brother (আমি একেখন নাৱৰে যাত্ৰী)৷
ড০ ভূপেন হাজৰিকা
কৃষ্ণাংগসকলৰ মুক্তিৰ বাবে গোৱা ৰবচনে হাজৰিকাক অনুপ্ৰাণিত কৰিছিল৷ কিন্তু একে সময়তে আন এগৰাকী কৃষ্ণাংগ গীতিকাৰ লীড বেলীৰ বিষয়ে বৰ বিশেষ আলচ হোৱা দেখা নাযায়৷ অথচ ভূপেন হাজৰিকাৰ বহু গীতৰ মাজত লীড বেলীৰ দৰেই প্ৰচণ্ড প্ৰতিবাদী সুৰ আছে৷ ৰবচনৰ মাজেৰেই হয়তো হাজৰিকাৰ লীড বেলীৰ সৃষ্টিৰ সৈতে পৰিচয় ঘটিছিল৷ কাৰণ পল ৰবচন আৰু লীড বেলীৰ সহযোগতে আৰম্ভ হৈছিল এক প্ৰতিবাদী গায়কী শৈলীৰ৷
মেৰী বাৰ্নিয়াৰে এই প্ৰসংগত কৈছে– "While Lead Belly plays the Guitar, actor and a protestor Paul Robson stands behind him to suggest the redemptive power of the music and the arts to transform a legacy of slavery". [অধিকাৰী আৰু বৰা [সম্পা.] ২০১২.১৭৮ ঃপ্ৰণৱ ভাগৱতীৰ প্ৰবন্ধ]
ভূপেন হাজৰিকাৰ সেই প্ৰতিবাদী কণ্ঠ বা সংগ্ৰামী ঐতিহ্য আছিল বাবেই তেওঁৰ এক প্ৰভাৱশালী ভৱিষ্য-চেতনাও আছে৷ তেওঁৰ এই ভৱিষ্যমুখী দৃষ্টি ফুটি উঠিছে তেওঁৰ একাধিক গীতৰ মাজেৰে৷ সকলোবোৰ গীতৰ উল্লেখ সম্ভৱ নহয় যদিও তাৰে কিছুমান গীতৰ উল্লেখ অতি প্ৰয়োজনীয়৷
'অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম...সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম...নতুন ভাৰত গঢ়িম' [গীতাৱলী, ১৯৯৩.৩৩]।
এই গীতটোতে তেওঁ ধৰ্ম ব্যৱসায়ীৰ বাবে ঠাই নথকা, জাতিৰ অহংকাৰ নথকা অস্পৃশ্যতাহীন এখন ভাৰত গঢ়িব বিচাৰিছে৷ তেওঁৰ সপোনৰ ভাৰতত হৰিজন, পাহাৰী, হিন্দু-মুছলমানৰ বা বড়ো-কোচ-চুতীয়াৰ ভেদাভেদ নাথাকে, থাকিব সাম্য-সম্প্ৰীতি৷ এই ধৰণৰ এটা দৃঢ়ভাৱ এই গীতটিৰ মাজেৰে প্ৰতিফলিত হৈছে আৰু এনে এখন ভাৰতবৰ্ষ গঢ়াৰ বাবে তেওঁ অগ্নিযুগৰ ফিৰিঙতি হ’ব বিচাৰিছে, নৰকংকালৰ অস্ত্ৰ সাজি শোষণকাৰীক বধ কৰিবৰ পণ লৈছে৷
ভূপেন হাজৰিকাই "অ’ আয়ুব খান" শীৰ্ষক এটি গীত লিখিছিল৷ ভাৰত-পাকিস্তানৰ সীমা বিবাদ আৰু বিভিন্ন ৰাজনৈতিক বিষয় উত্থাপন কৰা এই গীতটিত হাজৰিকাদেৱে লিখিছিল– 'আজিৰ যুগ মাথোঁ মানুহৰ যুগ...চুকৰ ভেঁকুলীক দিওঁ ধিক্কাৰ...প্ৰমত্ত অন্যায় বক্ষত থিয় হোৱা..শাশ্বত নীতিৰহে জয় জয়কাৰ'[উক্ত গ্ৰন্থ, প্ত]।
এই গীতটিত দুই-এটা বিতৰ্কিত মন্তব্যও আছে। কিন্তু শেষ প্ৰান্তত তেওঁ বক্তব্য দাঙি ধৰিছে যিহে তেওঁৰ ভৱিষ্যমুখী চেতনা৷ সময়ে প্ৰমাণ কৰিছে যে এতিয়া আৰু দেৱ-দেৱতাৰ যুগ নাই, এই যুগ মানুহৰ যুগ৷ অতি তাৎপৰ্যপূৰ্ণভাৱে তেওঁ কৈছে যে এতিয়া আৰু চুকৰ ভেঁকুলী হৈ থাকিলে নহ’ব৷ অন্যায়ৰ বিপক্ষে থিয় দিয়া শাশ্বত নীতিৰহে সদায় জয় হ’ব৷ শাশ্বত নীতিৰ সপক্ষে তেওঁৰ এই দৃঢ় স্থিতিয়েই তেওঁৰ ভৱিষ্য-চেতনাৰ মূল কথা৷
ৰাষ্ট্ৰপতি পুৰস্কাৰ গ্ৰহণ কৰা মুহূৰ্তত ডঃ ভূপেন হাজৰিকা
'অ...জোনালী দীপান্বিতা' শীৰ্ষক গীতটিত তেওঁ এই দীপাৱলী যে দুদিনীয়া আৰু ই যে জগতক শাশ্বত পোহৰ দিব নোৱাৰে সেই কথা তুলি ধৰি ৰাইজক সঁচা দীপাৱলী অৰ্থাৎ সাম্যৰ দীপাৱলী পতাৰ আহ্বান জনাইছে– 'এই পৃথিৱীৰ সঁচা জনতা...যুগৰে এন্ধাৰ নাশি...সুন্দৰ পূজাৰী উজ্বলোৱা...বুকুৰ তেজৰে চাকি...সাম্যৰ দীপালী পাতি৷ [উক্ত গ্ৰন্থ, জ্জ্ব]।
মানুহৰ অন্তৰ যেতিয়ালৈকে সাম্যৰ মন্ত্ৰৰে উজ্বলি নুঠিব তেতিয়ালৈকে এই দীপাৱলীয়ে সাময়িক পোহৰহে দিব পাৰিব, জগত ধুনীয়া কৰিব নোৱাৰে৷
ভূপেন হাজৰিকাই অসমৰ বা ভাৰতৰ নতুন প্ৰজন্মই কি কৰিব লাগিব তাক তেওঁৰ গীতৰ মাজত কৈ গৈছে৷ আচলতে এই নতুন প্ৰজন্মৰ প্ৰতি দিয়া আহ্বানৰ মাজেৰে তেওঁ ব্যক্ত কৰিছে ভৱিষ্যতৰ লক্ষ্য। অ’ নতুন মনৰ তৰুণ-তৰুণী...বুজিছোঁ তোমাৰ চকুৰ চাৱনি...সমুখা-সমুখি দুয়ো...কিবা প্ৰকাশ কৰাৰ মন...বুকুৱে খুজিলেও মুখেৰে নুফুটে...কটোৱা নীৰৱ ক্ষণ৷ মৌন সময়, মৌন মুহূৰ্ত...ভাল লগা হৈ যায় মৰম...মৰম হৈ যায় ভালপোৱা...জনা-নজনা অভিজ্ঞতা অনভিজ্ঞতা মিলি মিলি মিলি হয়...মৰমৰ বিশাল সাগৰ...কৈশোৰ আৰু যৌৱনৰ মাজত...ঘনে কঁপে আজি সাঁকোখন...তাতে থিয় হৈ দুয়ো বাহু মেলি দিছা...সাগৰ সিঁচিবৰ মন...চকুৰ পতাত লাজ আছে...আছে মিলনৰ বাসনা...সমাজৰ ভেদাভেদ নীতি দেখি...পাইছা তীব্ৰ যাতনা৷ [উক্ত গ্ৰন্থ, ১৩]
এয়া নতুন প্ৰজন্মৰ সমুখত থকা প্ৰত্যাহ্বান৷ অসমৰ সমাজ-জীৱনৰ এখন নিখুঁত ছবি৷ জাত-পাত, উচ্ছ-নীচৰ ভেদাভেদে মৰমক স্বীকৃতি দিব নোখোজে৷ কৈশোৰ-যৌৱনৰ ই এক গভীৰ সমস্যা, অথচ ই তেনেই স্বাভাৱিক৷ হাজৰিকাদেৱে নতুন প্ৰজন্মৰ কিশোৰসকলৰ সমুখলৈ অহা এই সমস্যাৰ কথা অতি সুন্দৰ আৰু আৱেগিকভাৱে উত্থাপন কৰাৰ পিছত কৈছে হেজাৰ বছৰ ধৰি শাসক-শোষিতৰ এই সংগ্ৰাম চলিয়েই আছে। সমাজত আগৰে সংগীতক কবৰ দিব খোজা ঔৰংজেৱো আছে আৰু মানৱ প্ৰেমৰ সংগীতক শিৰত তুলি সন্মান যচা মহামতি আকবৰো আছে, সমাজ-শিল্পী শংকৰদেৱো আছে, আনফালে মহাত্মাৰ ৰাম-ৰাজ্য লণ্ড-ভণ্ড কৰিব খোজা মুখাপিন্ধা ৰাৱণবোৰো আছে৷ এনে অৱস্থাত নতুন পুৰুষেই হ’ল সমাজৰ ভৰসা৷ তেওঁলোক নতুন কবিতা– 'সুৰ হ’ল তাৰ গৌণ, চিন্তাহে মুখ্য'৷ শেষত সেয়ে তেওঁ আহ্বান জনাইছে–
অ’ সূৰ্যসম তৰুণ-তৰুণী
বুজিছোঁ তোমাৰ চকুৰ চাৱনি
সেয়ে নিৰ্ভয়ে কৰি যোৱা
নিজ হাতেৰে
এই সমাজক সলনি৷ [উক্তগ্ৰন্থ. ১৪]
ভৱিষ্যত নিৰ্মাণ কৰিবলৈ হ’লে নিজ হাতে এই সমাজখন সলনি কৰিব লাগিব৷ এই পৰিৱৰ্তনৰ বাবে আমি সাজু হ’ব নোৱাৰিলে চিৰদিন সমাজৰ ৰক্ষণশীলতাক মানি ল’ব লাগিব৷
মহম্মদ ৰফিৰ সৈতে ডঃ ভূপেন হাজৰিকা
ভাৰত স্বাধীন হোৱাৰ পিছত হাজৰিকাদেৱে সন্তুষ্টিৰে হাত সাবটি বহি থকা নাই৷ পৃথিৱীৰ প্ৰগতিৰ হকে দুখ-হলাহল পান কৰি আগুৱাই যোৱাৰ বাবে তেওঁ স্বাধীনচিতীয়া ভাৰতীয়সকলক আহ্বান জনাইছে৷ তেওঁ অতি সঠিকভাৱেই বুজিছে যে পৃথিৱীৰ প্ৰগতিৰ বাটত খোজ পোনাব নোৱাৰিলে এই স্বাধীনতাই আমাক প্ৰকৃত আনন্দ দিব নোৱাৰিব৷ তেওঁ লিখিছে–
সাম্যৰ মন্থন পাতিব লাগিব
চূৰ্ণ কৰি শোষণ অনল
মুমূৰ্ষু জনতাই নৱ চেতনাত
তোলক আনন্দৰ কোলাহল৷ [উক্তগ্ৰন্থ. ২২]
ভূপেন হাজৰিকাই তেখেতৰ ‘অ’টোৰিক্সা চলাওঁ’, গীতটিৰ মাজতো নতুন প্ৰজন্মৰ বাবে বা সমূহৰ ভৱিষ্যতৰ বাবে বহুতো কথা কৈ গৈছে৷ সমাজখন সকলো দিশৰ পৰা আগবঢ়াই নিবৰ বাবে নতুন দিনৰ আহ্বান শুনিব পাৰিব লাগিব৷ গুৱাহাটীলৈ অ’টোৰিক্সা অহাৰ বিশেষ পটভূমিত গীতটি লিখা হৈছিল যদিও যিকোনো ধৰণৰ নতুন ঘটনাৰ বাবেই গীতটিয়ে এক সুন্দৰ বাণী দি থৈ গৈছে৷ গীতটোৰ প্ৰথম আহ্বানটোৱেই হ’ল এইটো যে সময়ৰ সৈতে অহা নতুন ব্যৱসায়-বাণিজ্যৰ বাবে আমি সাজু হ’ব লাগিব৷ সকলোৱেই বিশ্ববিদ্যালয়ৰ অধ্যাপক হ’ব নোৱাৰে বা চৰকাৰী চাকৰিও কৰিব নোৱাৰে৷ গতিকে নতুন সমাজ ব্যৱস্থা তেতিয়াহে বৰ্তি থাকিব যেতিয়া আমি ‘দিগনিটি অৱ লেবাৰ’ বিষয়টো বুজি পাব পৰা হ’ম৷ সেইবাবেই হাজৰিকাদেৱে ভাবী ভাইৰ বোৱাৰীয়েকক অৰ্থনীতিৰ ফিফ্ট ইয়েৰৰ ছাত্ৰী হিচাপে দেখুৱাইছে ইতিমধ্যে অৰ্থনীতিত এম.এ. পাছ কৰি অ’টোৰিক্সাৰ পাৰ্মিট লৈ অ’টো চলাই ফুৰা ভায়েকক তাই উপেক্ষা কৰা নাই– তাই দিগনিটি অৱ লেবাৰ জানে৷ চাকৰি বিচাৰি বেকাৰ হোৱাতকৈ এনে ধৰণৰ ব্যৱসায়ক আঁকোৱালি লোৱা ভাল৷ গীতটিত কেৱল অ’টোৰিক্সা চলোৱাৰ কথাই নাই, বৰং আমাৰ সমাজ-ব্যৱস্থাৰ এখন ছবি আৰু তাৰ সৈতে কেনেদৰে আমি আগবাঢ়িব লাগিব তাৰ এক ৰূপ ৰেখাও দাঙি ধৰা হৈছে৷
ভূপেন হাজৰিকা গভীৰ অন্তৰ্দৃষ্টিসম্পন্ন ভৱিষ্যমুখী ব্যক্তি৷ তেওঁ কিছুমান চিন্তা এনেদৰে গীতৰ মাজত সংস্থাপিত কৰি থৈ গৈছে যে যুগ যুগলৈ তাৰ গুৰুত্ব একেই থাকিব৷ তেওঁ ‘অতীতৰ বুৰঞ্জী’ শীৰ্ষক গীতটিত লিখিছে–
‘‘অতীতৰ বুৰঞ্জী লিখকে লিখিছিল
ৰজা মহাৰজাৰ কথা
আজিৰ বুৰঞ্জী লিখকে লিখিছে
মানুহৰ মুকুতিৰ কথা
...................................
পাহৰি পেলালোঁ বুৰঞ্জীয়ে গোৱা
সামন্ত যুগৰে কথা৷
সময়ৰ সাহেৰে লিখি যাম আজি মই
মানুহৰ মুকুতিৰ কথা৷’’ [উক্তগ্ৰন্থ, ৩৬]
এই গীতটিত তেওঁ ভাৰতবৰ্ষত ‘চাব অলটাৰ্ণ ষ্টাডি’ আয়ত্ত হোৱাৰ বহু আগতেই সেই সম্পকীৰ্য় চিন্তাৰ আভাস দাঙি ধৰিছে৷ ইয়ো এক ভৱিষ্য-চিন্তা, অৰ্থাৎ ভৱিষ্যতে আৰু এই ৰজা-মহাৰজাৰ ইতিহাস মসৃণ কৰি নাথাকে, ভৱিষ্যতে বিচাৰিব এনে ইতিহাস য’ত বৰ্ণিত হ’ব মানুহৰ মুকুতিৰ কথা৷ সেয়েহে সামন্তযুগীয় বন্ধনৰ পৰা মুক্ত হৈ সময়ৰ সাহেৰে মানুহৰ মুকুতিৰ কথা লিখিবলৈ তেওঁ আহ৩ান জনাইছে৷
আগলি বাঁহৰে গীতটিত তেওঁ লিখিছে–
শতিকাৰ এলান্ধুকে সাৰো পোচোঁ আমি
সমতাৰে ৰহন সানি নিকা কৰোঁ আমি৷
মুকলি আকাশ মুকলি উশাহ
আমি দুয়ো আজি যেন মুকলি প্ৰকাশ
দুটি দেহৰ দুটি মানুহ
একেটি মাথোন হিয়া
সমুখতে বাট আমাৰ
মৰম সেন্দূৰীয়া৷ [উক্তগ্ৰন্থ, ৬৪]
ভূপেন হাজৰিকাই এখন ভেদাভেদহীন সমাজ বিচাৰিছিল৷ অসমৰ সমাজ-জীৱনত থকা সাতামপুৰুষীয়া ৰক্ষণশীলতাক আঁতৰাই আধুনিক দৃষ্টিৰে সমাজ গঢ়িব বিচাৰিছিল৷ তেওঁৰ সপোন আছিল মানসিক বন্দিত্বৰ পৰা মুক্তি, আজিও যিটো ভাৰতীয় সমাজ ব্যৱস্থাৰ প্ৰধান অন্তৰায়৷
নতুন যুগৰ আহ্বানৰ প্ৰতি ভূপেন হাজৰিকাৰ দুৰ্বাৰ হেঁপাহ৷ আধুনিকতাৰ লক্ষণেই হ’ল জীৱনটোক ইতিবাচকভাৱে গ্ৰহণ কৰিবলৈ শিকা, প্ৰতিটো ক্ষণ, প্ৰতিটো পল ইতিবাচক চিন্তা আৰু আনন্দেৰে ভৰাই তোলা৷ সমাজৰ কোটিকলীয়া এন্ধাৰৰ মাজত ডুবি চকুপানী টোকাৰ সময় নাই, এতিয়া দুৰ্মদ গতিৰে সমুখলৈ আগুৱাই যোৱাৰ সময়–
আজি জীৱন বুটলিবি; হাঁহি হাঁহি আহ
আজি মৰণ পাহৰিবি, হাঁহি হাঁহি আহ
বাঁহীটি লৈ আহ আৰু হাঁহিটি লৈ আহ
আজি যুগৰ নতুন দিগন্তলৈ ওলাই ওলাই আহ
মনৰ চৰাইটিক আৰু কিমান বান্ধিবি
কালৰ এলান্ধু চাই কিমান কান্দিবি
আজি বন্ধ সজাৰ দুৱাৰ ভাঙি নাহনে ওলাই
আজি জ্যোতিৰ নতুন দিগন্তলৈ ওলাই ওলাই আহ৷ [উক্তগ্ৰন্থ, ৬৭]
ভূপেন হাজৰিকাৰ আটাইতকৈ জনপ্ৰিয় আৰু বিখ্যাত গীতকেইটিৰ ভিতৰত এটি অন্যতম গীত হ’ল– ‘‘আমি অসমীয়া নহওঁ দুখীয়া’’৷ এই গীতটিত হাজৰিকাদেৱে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ সকলোবোৰ গুৰুত্বপূৰ্ণ দিশ দাঙি ধৰাৰ লগতে ভৱিষ্যতলৈ জাতিটোৱে কি কৰিব লাগিব তাৰ এক পূৰ্ণাংগ ৰূপৰেখা দাঙি ধৰিছে৷ প্ৰথম কথাটোৱে হ’ল– কোনো জাতিয়ে অতীতৰ গৌৰৱোজ্জ্বল ইতিহাসক লৈ হাত সাবটি বহি থাকিলে নহ’ব৷ জাতিটোৰ মাজত থকা সকলো বিভেদ আঁতৰাই নিজ হাতে দেশক গঢ়িবলৈ প্ৰতিজ্ঞাবদ্ধ হ’ব লাগিব৷ আৰু আটাইতকৈ ডাঙৰ কথাটো হ’ল– শিপাৰ লগত সম্বন্ধ৷ জাতিটোক বলীয়ান কৰিবলৈ নানা জাতি-উপজাতিৰ ৰহণীয়া কৃষ্টিক লগত লৈ আগুৱাব লাগিব৷ আমি কেনেকৈ থাকিব লাগিব, আৰু কি পণ কৰিব লাগিব, কি কৰিলে আমি সবল হৈ থাকিম আৰু কি নকৰিলে আমাক আনে হাঁহিব সেই কথাও হাজৰিকাদেৱে স্পষ্টভাৱে কৈ গৈছে–
আনৰে লগতে অসমীয়াই অসমতে
যদিহে নেবাচে বাৰু ক’তনো বাচিব,
মোৰ আইক ভাল পাওঁ বুলিলে
আনৰ আইক জানো ঘিণ কৰাটো বুজাব?
প্ৰতি অসমীয়া আমি ভাল ভাৰতীয়
আৰু দূৰণিৰ পৰা আহি লুইতৰ পাৰৰে
মাটিক মাতৃ বোলা প্ৰতি ভাৰতীয় হ’ল
নতুন ৰূপৰ অসমীয়া;
আমি সেই ভাবে থাকিলে হ’ব
নহ’লে অসমীয়াৰ ৰাজহাড় নাই বুলি
বিশ্বই বৰকৈ হাঁহিব৷ [উক্তগ্ৰন্থ. ৬৭]
ডঃ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰ
আজি অসমীয়া জাতিৰ সমুখত বিশাল সংকট৷ বিভিন্ন জাতি-উপজাতিৰ মাজত ক্ৰমান্বয়ে বাঢ়ি অহা দ্বন্দ্বই গোটেই অসমখন জুৰুলা কৰিছে৷ এনেধৰণৰ কিছুমান সমস্যা জাতিটোৰ সমুখলৈ আহিব পাৰে বুলিয়েই তেওঁ এনেবোৰ কথা সোঁৱৰাই থৈ গৈছিল৷ ভৱিষ্যতক নিখুঁতভাৱে অনুভৱ কৰিব পাৰিছিল তেওঁ৷ জাতীয় সচেতনতা জাতি এটাৰ বাবে আটাইতকৈ প্ৰয়োজনীয় কথা৷ থলুৱা আৰু নতুন অসমীয়া সকলোৱে মিলিজুলি জাতিটোক বচাবলৈ চেষ্টা নকৰিলে জাতীয় সমৃদ্ধি লোপ পাব৷ সচেতন নহ’লে, একতা নাথাকিলে প্ৰাপ্যও থিতাতে হেৰাব৷ সেয়ে তেওঁ লিখিছে–
অসমৰ ৰাইজে নিজকে পাহৰিলে
ভোগালীতো দুৰ্ভোগ পাব;
আৰু বাপতি-সাহোন সেই ৰঙালী বিহুটিও
কঙালীত পৰিণত হ’ব৷
পৃথিৱীত জনমি সচেতন নহ’লে
প্ৰাপ্যও থিতাতে হেৰাব
আমি অসমীয়া নহওঁ দুখীয়া
বুলি সান্ত্বনা লভিলে নহ’ব৷ [উক্তগ্ৰন্থ. ৭৭]
কঠোৰ পৰিশ্ৰম অবিহনে যে এটা জাতি বৰ্তি থাকিব নোৱাৰে, সেই কথা হাজৰিকাদেৱে গভীৰভাৱে অনুভৱ কৰিছিল৷ ভাইটি-ভণ্টীৰ বাবে লিখা এটি গীতত তেওঁ আমাৰ সমুখলৈ অহা বাস্তৱ সমস্যাৰ প্ৰতি তেওঁলোকৰ দৃষ্টি আকৰ্ষণ কৰিছে আৰু তেওঁলোকক কঠোৰ পৰিশ্ৰমী হ’বলৈ আহ৩ান জনাইছে৷ তেওঁ সঠিকভাৱেই বুজিছে যে নিজৰ মাটিত নিজে শইচ গজাই জীয়াই থকাৰ সংগ্ৰাম নকৰিলে ভৱিষ্যত অন্ধকাৰ হৈ পৰিব৷
এইয়া আমাৰ মাটি
পাচলিৰো দাম বাঢ়িছে
হাতত লোৱা খন্টি৷
নকটাবা ক্ষণটি
লাই পালেং ধনিয়াৰে
বাৰী কৰা ভৰ্তি৷৷ [উক্তগ্ৰন্থ. ৭৯]
সেই গীতটিতেই তেওঁ দেশৰ ভৱিষ্যত গঢ়িবৰ বাবে নতুন প্ৰজন্মলৈ আহ্বান জনাইছে-
ডাঙৰে দেশ ভাঙে যদি
আমি কৰিম কাম এটি
একেলগে চবেই মিলি
সজাম দেশৰ ঘৰটি৷৷ [উক্তগ্ৰন্থ. ৮০]
সময় দ্ৰুতগতিত আগুৱাই গৈ থাকে৷ সচেতন ব্যক্তিয়ে বৰ্তমানৰ বুকুত থিয় হৈ ভৱিষ্যতৰ আঁচনি কৰে৷ এক সুস্থ আঁচনি নহ’লে সমাজ কেতিয়াও আগুৱাই যাব নোৱাৰে৷ সেয়েহে একবিংশ শতিকা আহিবলৈ আঢ়ৈ দশক বাকী থাকোঁতেই তেওঁ তাৰ বাবে আঁচনি প্ৰস্তুত কৰিবলৈ কৈছে৷ অথচ একবিংশ শতিকাৰ দুৱাৰদলিত উপস্থিত হোৱাৰ সময়ত ভাৰতবৰ্ষত নানান আহুকাল হৈছিল৷ নতুন শতিকাটোৰ সৈতে তথ্য-প্ৰযুক্তিৰ বিভিন্ন দিশত খোজ দিবলৈ উৱাদিহ নোপোৱা অৱস্থাৰ সৃষ্টি হৈছিল৷ কিন্তু ভৱিষ্যমুখী চেতনাৰে ভূপেন হাজৰিকাই একবিংশ শতিকালৈ পঁচিশ বছৰ থাকোঁতেই লিখিছিল–
আজিৰ যুৱকৰ তেজাল যৌৱনে
এতিয়াই আঁচনি কৰিব
অনাগত একৈছ শতিকাত সিয়ে গৈ
নতুনত বাস্তৱ হ’ব৷
একবিংশ শতিকাই অলপতে জ্বলাব
নতুন সৃষ্টিৰ চাকি৷
বিংশ শতিকা পাৰ হৈ যাবলৈ
আঢ়ৈ দশকহে বাকী৷৷ [উক্তগ্ৰন্থ. ৮২]
উঠি অহা নতুন প্ৰজন্মক ধৰণী উজ্বলাই তুলিবলৈ আৰু পূৰ্ব ভাৰতীৰ শিৰ উজ্বলাই ৰাখিবলৈ আহ্বান জনাই তেওঁ লিখিছে–
অ’ মোৰ অসমীৰ চেনেহৰ অকণি বীৰ৷
পুৱাৰ সূৰুযৰ নতুন সৃষ্টি তুমি
উজ্বলাই তোলা ধৰণী
তুমি ৰুদ্ৰমূৰ্তি ধৰি নাশিব লাগিব
অবিচাৰ শোষণকাৰী
অ’ মোৰ চেনেহৰ অকণি অকণি বীৰ
শোষণ মুক্ত কৰি পূৰ্ব ভাৰতীক
উজ্বলাই ৰাখিবা শিৰ৷৷ [উক্তগ্ৰন্থ. ৮৩]
জ্যোতিপ্ৰসাদৰ গীতত ভৱিষ্য-চেতনা সম্পৰ্কে আলচ কৰিবলৈ লৈ এই কথা কোৱা হৈছিল যে চেতনাৰ জন্ম হয় সংঘাত আৰু সংগ্ৰামৰ পৰা৷ জীৱনৰ এক সংগ্ৰাম নাথাকিলে চেতনাৰো কোনো প্ৰয়োজন নাথাকে৷ আনহাতে পৃথিৱীখনক সুন্দৰ কৰিবলৈ এক নিৰন্তৰ সংগ্ৰামৰ প্ৰয়োজন৷ সেইবাবেই ভূপেন হাজৰিকাই লিখিছে– ‘‘সংগ্ৰাম আন এটি নাম জীৱনৰে’’৷ তেওঁ এই কথাও সোঁৱৰাই দিবলৈ পাহৰা নাই যে পৰিশেষত জনতাৰ জয় অনিবাৰ্য৷ কাৰণ ইতিহাসে সেই কথা সদায়ে সকীয়াই আছে৷
লতা মংগেস্কাৰৰ সৈতে ডঃ ভূপেন হাজৰিকা
ভূপেন হাজৰিকাই সমাজৰ বাস্তৱ ছবিবোৰ অতি নিখুঁতভাৱে অংকন কৰিছে আৰু বাস্তৱৰ প্ৰতি জনগণক সচেতন কৰি দি ভৱিষ্যতৰ বাট দেখুৱাই তেওঁ লিখিছে–
তাঁতীৰে কাপোৰ জগতখন জুৰিলে
তথাপি তাঁতীৰ গা উদি;
ডা-ডাঙৰীয়াই দেশকে ঠগিলে
কৰিনো কতনা বুধি৷ [উক্তগ্ৰন্থ. ৯০]
সেইবাবেই তেওঁ ৰাইজক মনত পেলাই দিছে–
বলিয়া হাতীকো বলাব পাৰি যে
ৰাইজখন একগোট হ’লে৷ [উক্তগ্ৰন্থ. ৯০]
তাৰ পিছতে তেওঁ প্ৰবল আশা ব্যক্ত কৰি ভৱিষ্যতৰ সপোন দাঙি ধৰিছে–
লুইতক ভেঁটা দি কিমান দিন ৰাখিবা
ভেঁটাকে চেৰায়ে যাব
কোনোবা কাহানিৰ কলীয়া এলান্ধু, ধুমুহাই সামৰি থ’ব৷
[উক্তগ্ৰন্থ. ৯০]
উল্লেখনীয় যে সেইটোৱেই হ’ল আমাৰ ভৱিষ্যত৷ ভৱিষ্যত এদিন উজ্জ্বল হ’ব৷ সকলো বাধাৰ প্ৰাচীৰ নেওচি ওলাই আহিব৷ কলীয়া এলান্ধু আঁতৰিব আৰু জগত ধুনীয়া হ’ব৷
ভূপেন হাজৰিকাৰ বিখ্যাত গীতবোৰৰ মাজৰ এটি গীত হ’ল– ‘‘এ’ বিজুলী নাচিলে, চিকমিক চিকমিক’’৷ এই গীতটিত তেওঁ এক প্ৰাকৃতিক চিত্ৰক সমুখত লৈ আমাৰ সমাজত চলি থকা জাত-পাত আদিৰ ৰক্ষণশীলতাক তীব্ৰভাৱে আক্ৰমণ কৰিছে৷ অন্ধ পৰম্পৰা আৰু অস্পৃশ্যতাৰ ভাবে আৱৰি থকা সমাজখনৰ মাজত থকা সৰু সৰু মানুহবোৰেই যে এদিন এই সকলো পৰম্পৰা ভাঙি নতুন দিনৰ সপোন লৈ ওলাই আহিব সেই কথা তেওঁ ব্যক্ত কৰিছে–
সৰুদৈ আইদেউৰ কি হ’ল
কি হ’ল
সৰুকণত বহিবৰ মন গ’ল
এ লেঠা হ’ল
সমাজেও অনুমতি নিদিলে
দুয়োৰে জাত-পাত নিমিলে
সেয়ে সৰুদৈ সৰুকণে বিজুলীৰ পোহৰত
সৰু সৰু সমাজক এৰে৷
এ চিকমিক বিজুলী৷
বনজুয়ে হোম দিলে
বিজুলীয়ে ৰভা দিলে
জিলীয়ে বিয়ানাম গায়
ধুমুহাই গগনা বাই
সাহসৰ বাতৰি বিলায়৷
সৰু সৰু সমাজৰে
সৰু সৰু বিচাৰতে
ভেঁকুলীয়ে বৰ লাজ পায়৷ [উক্তগ্ৰন্থ. ৯৮-৯৯]
গীতটিৰ মাজেদি হাজৰিকাদেৱে ভৱিষ্যতে সমাজৰ এখন ছবি অংকন কৰিছে৷ তেওঁ আশা ব্যক্ত কৰিছে যে এচমকা বিজুলীৰ পোহৰে সমাজক উজ্বলাই তুলিব আৰু সৰুদৈ-সৰুকণৰ দৰে সৰু সৰু মানুহেও এই সৰু, ঠেক সমাজখনক এৰি এখন বহল-উদাৰ সমাজলৈ খোজ পেলাব৷ সৰুদৈ-সৰুকণৰ এই যাত্ৰাত সময় আৰু প্ৰকৃতিয়ে সহায় কৰিব৷ তেওঁলোকৰ এই সাহসৰ বাতৰি বিলাব৷ তেওঁ জানে যে আমাৰ ঠেক সমাজখনৰ এই এলান্ধুকলীয়া সৰু সৰু বিচাৰবোৰত এদিন সকলোৱে লাজ পাব৷ সমাজ জীৱনলৈ আহিবলগীয়া অনাগত দিনৰ এই পৰিৱৰ্তনৰ ছবিখন হাজৰিকাদেৱে অতি সাৰ্থকভাৱে অংকন কৰিছে৷
ড০ ভূপেন হাজৰিকা
বৰ্তমান সময়ত দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰে সমাজ জীৱনক জৰ্জৰিত কৰি তুলিছে৷ ৰাইজক নেতৃত্ব দিবলৈ ওলোৱা ৰজাসকলে তেওঁলোকৰ মৰ্যাদাৰ কথা নাভাবি দেশখনকে বেচিবলৈ ওলাইছে৷ গোটেই পৃথিৱীজুৰি চলা এই অৰাজকতাৰ এখন সাৰ্থক ছবি তেওঁ অংকন কৰিছে– ‘‘এইটি বা কোন ওলালে’’ শীৰ্ষক গীতটিৰ মাজেদি৷ এতিয়া নেগুৰকটা শিয়ালবোৰৰ ৰাজত্বৰ কাল৷ তথাপি ৰাইজে এই কথাবোৰ বুজি উঠা নাই৷ কিন্তু ক্ৰমান্বয়ে আমাৰ ৰাজনৈতিক ব্যৱস্থা কোনফালে যাব আৰু কেনেদৰে ভ্ৰষ্টাচাৰীসকলৰ হাতত ক্ষমতাৰ বাঘজৰী পৰিব সেই কথা হাজৰিকাদেৱে তাহানিতে অনুমান কৰিছিল৷ সমাজ জীৱনলৈ অহা এই নেতিবাচক পৰিৱৰ্তনৰ ছবিখন তেতিয়াৰ পৰা এতিয়ালৈকে একেদৰেই আছে, বৰং হাজৰিকাই কৈ যোৱা কথাবোৰ আজি আৰু বেছি প্ৰাসংগিক হৈ পৰিছে–
এইটি বা কোন ওলালে
সিংহ কেনি লুকালে
নেগুৰ কটা শৃগাল আজি
ৰজসভালৈ যায়৷
পপীয়া তৰা ওলালে
সূৰুয কেনি লুকালে;
তপস্বী বিড়াল আজি
নামঘৰলৈ যায়৷
গদৰ্ভৰে নৃপতি, গৰ্দভে শোভে৷
ন্যায় এৰি নৃপতি, মৰে অতি লোভে৷৷
কাউৰী সজায় যদি, গজৰাজে মুক্তাৰে
তাৰ ঠোঁট যদি জিলিকাওঁ, সুৱৰ্ণ মাণিকেৰে
তথাপি কাউৰী জানো, ৰাজহংস হয়?
ৰাইজ যদি ৰজা হয়, নৃপতিনো কোন?
দেশখন বেচোঁতা, এই বদনটিনো কোন?
তেজ শোহা জোক জানো, মহাপুৰুষ হয়? [উক্তগ্ৰন্থ. ১০৩]
আগতেও উল্লেখ কৰা হৈছে যে হাজৰিকা আছিল জাতে-পাতে এগৰাকী দুৰন্ত মনৰ গতিশীল ব্যক্তি৷ দুৰ্বাৰ গতিৰে তেওঁ ভৱিষ্যতৰ পিনে আগুৱাব খুজিছিল৷ সেইবাবেই একবিংশ শতিকালৈ বহুদিন থাকোঁতেই তেওঁ ভাবিছিল নতুন শতিকাটোৰ কথা৷ নতুনক আদৰি ল’বলৈ সকলো সাজু হ’ব লাগিব, একমত হ’ব লাগিব৷ সেয়েহে তেওঁ– ‘‘একবিংশ শতিকা আহিল দেখোঁ’’ গীতটিত প্ৰেমিক-প্ৰেমিকা দুয়োকো মনবোৰ নিকা কৰি ল’বলৈ আহ্বান জনাইছে৷ গীতটিৰ আৰম্ভণিতেই তেওঁ লিখিছে– ‘‘আজিৰ এগৰাকী আধুনিকা পাটগাভৰুক কোৱা হৈছে৷ এই আহিবলৈ ধৰা একবিংশ শতিকাক সাবটি ল’বলৈ৷ নতুনভাৱে সাজু হ’বলৈ৷ নাম তাইৰ কি? চয়ন কৰিব জনা- চয়নিকা৷’’ গীতটিত হাজৰিকাদেৱে যিগৰাকী গাভৰুলৈ আহ্বান জনাইছে, তেওঁ হ’ল চয়নিকা৷ আধুনিক ছোৱালীয়ে ব্যৱহাৰ কৰে বুলিয়েই হাজৰিকাই চয়নিকা নামটো নিৰ্বাচন কৰা নাই, তেওঁ চয়ন কৰিব জানে বুলিহে চয়নিকা শব্দটো লৈছে– যিগৰাকী গাভৰুৱে একবিংশ শতিকাৰ বাবে কেনেদৰে সাজু হ’ব লাগিব সেই কথা চয়ন কৰিব পাৰে–
একবিংশ শতিকা আহিল দেখোঁ
আহিলেই দেখোঁ চয়নিকা
নতুন শতিকাক সাবটি ল’বলৈ
সাজু হোৱা চয়নিকা৷৷
তুমি যাক ভাল পাইছা, আজি
সেই ডেকা বন্ধুকো কোৱা
[দুয়ো]- বিংশ শতিকাৰ আৱৰ্জনা
ধুই পখালি লোৱা
মনবোৰ নিকা কৰি লোৱা
বিংশ শতিকাৰ নাটকখনৰ
পৰিব যৱনিকা৷৷ [উক্তগ্ৰন্থ, ১০৪]
গীতটিক তেওঁ একবিংশ শতিকাৰ ভৰা যৌৱন লৈ চয়নিকাক লুইতত সাঁতুৰিবলৈ আহ্বান জনাইছে আৰু শতিকাৰ বিঘিনি নেওচি নতুন পথেৰে আগুৱাবলৈ কৈছে৷ সময়ৰ বাধা দেখি পলাই নাযাবলৈ বা পলাতকা নহ’বলৈ চয়নিকাক তেওঁ আহ্বান জনাইছে৷ দেখাত গীতটি তেনেই সাধাৰণ যেন লাগিলেও গীতটিৰ মাজত সংস্থাপিত শব্দাৱলীৰ নিৰ্বাচনে গূঢ় অৰ্থ কঢ়িয়াই আনিছে৷
শেহতীয়াকৈ প্ৰয়াত ভূপেন হাজৰিকাক গুগলে এইদৰে শ্ৰদ্ধাঞ্জলি জনাই
ভূপেন হাজৰিকাই গণনাট্য আন্দোলনৰ মাজত থাকি ভালেমান আপুৰুগীয়া গীত ৰচনা কৰিছিল– যিবোৰে এটা সময়ত অসমৰ হালোৱা-হজুৱা সকলোকে আকৰ্ষিত কৰিছিল৷ বামপন্থী চিন্তাধাৰা আগুৱাই নিয়াৰ ক্ষেত্ৰতো এনেবোৰ গীতৰ অনন্য অৱদান আছিল৷ তাৰে ভিতৰত সকলোৰে মন জয় কৰা ‘‘এন্ধাৰ কাতিৰ নিশাতে’’ গীতটিৰ কথা অতি উল্লেখনীয়৷ নৈৰ পাৰৰ ভগা পঁজাত পানেইৰ কামিহাড় সাবটি থকা ৰুগীয়া পোনাকণে ভাত-গাখীৰ-পানী বিচাৰি হাহাকাৰ কৰিছে৷ পানেয়ে নিচুকনি গীত গাই পোনাকণক শান্ত কৰিবলৈ চেষ্টা কৰিছে৷ এয়া সময়ত সি চিৰদিনৰ বাবে চকু মুদিছে৷ তাৰ পিছত হাজৰিকাই লিখিছে–
পোনাটিৰ মৰাশ দুই হাতে দাঙি লৈ
বিদ্ৰোহী পানেয়ে নতুন আশা লৈ
শ শ পানেইৰ বাটটি ল’লেগৈ
পৃথিৱী উঠিলে কঁপি–
হেজাৰ পানেয়ে চিঞৰি উঠিলে
আকাশত সূৰুযে ৰঙাকৈ আঁকিলে
ন সমাজৰে ছবি
‘বাছা উভতি যিদিনা আহিবি
ন ন জীৱনৰ মূৰতি দেখিবি
বৰ বৰ মানুহৰ ভঁৰালৰ
পৰা মই
কাঢ়ি আনি ফল দিম
দৰৱ-জাতি দিম,
গাখীৰ গুৰ দিম
পঢ়াশালি পাতি দিম
মুখত হাঁহি দিম, পুতলানো কত দিম
ন ন ৰহণে সজা
উজ্বলাবি পানেইৰ পঁজা৷
ভোকত শুকাব মন্ত্ৰী ৰজা
আৰু যত আছে চোৰ মহাৰজা৷
ধান ভৰা গাঁৱৰে ৰাংঢালী আকাশত
তেতিয়াই উৰুৱাম তোৰেই জীৱনৰ ধবজা
বাছা টোপনি যা
আমাৰ মইনা শুব এ
চিতাকে সাবটি ল’ব এ
মৰণৰ মাজেদি জীয়াই তুলিব
মৰা সমাজৰে মন এ [উক্তগ্ৰন্থ. ১১০-ৰৰৰ]
হাজৰিকাই আঁকি যোৱা এই ছবিখন এতিয়াও একেদৰেই আছে৷ বৰং তেওঁৰ দিনতকৈ সমাজত ধনী-দুখীয়াৰ ব্যৱধান বাঢ়িছে৷ ড০ মনমোহন সিং চৰকাৰৰ দিনত ভাৰতবৰ্ষত শিশুৰ স্বাস্থ্যৰ অৱস্থা চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশতকৈও তলৰ পৰ্যায়লৈ আহিছে৷ যাৰ বাবে এই ঘটনাত স্বয়ং প্ৰধানমন্ত্ৰী জনাই এক ‘‘ৰাষ্ট্ৰীয় লজ্জা’’ বুলি অভিহিত কৰিছে৷ এনে এক অৱস্থাত ভাৰতবৰ্ষত কতগৰাকী পানেইৰ পোনাকণে যে আহাৰ-পানীৰ অভাৱত মৃত্যুক সাবটি লৈছে তাৰ সীমা-সংখ্যা নাই৷ তথাপি হাজৰিকাই আশা কৰাৰ দৰে আকাশৰ সূৰুযে ৰঙাকৈ ছবি অঁকা নাই, দেশৰ অজস্ৰ নিপীড়িত ৰাইজ মাৰ বান্ধি থিয় দিয়া নাই৷ তথাপি বিশ্বৰ প্ৰান্তে প্ৰান্তে আজি প্ৰবল গণআন্দোলন আৰম্ভ হৈছে৷ বহু ঠাইতে পৰিৱৰ্তনৰ বতাহ বলিছে৷ হয়তো হাজৰিকাৰ ভৱিষ্যত বাণী কেতিয়াবা ভাৰততো ফলিয়াব৷
কৰ্মবিমুখ জাতি এটা কেতিয়াও সদম্ভে জীয়াই থাকিব নোৱাৰে৷ গীতাত শ্ৰীকৃষ্ণয়ো কৰ্মৰ বিষয়ে বিস্তৃত ব্যাখ্যা দাঙি ধৰিছে৷ জীয়াই থকাৰ বাবে কৰ্ম আৰু এটা সুস্থ জীৱনৰ বাবে কৰ্মৰ মাজতো তফাৎ আছে৷ মানুহে জীয়াই থকাৰ বাবে কৰ্ম কৰাৰ লগতে এক বিৰাট উদ্দেশ্য লৈ পৰিৱৰ্তনৰ বাবেও কৰ্ম কৰিব লাগিব৷ সেয়েহে তেওঁ লিখিছে–
কৰ্মই আমাৰ ধৰ্ম, কৰ্মই আমাৰ ধৰ্ম
জীৱন যুঁজত জিকিব লাগিব
পিন্ধি সাহসৰ বৰ্ম৷৷
স্বাৰ্থপৰৰ লোলুপ আশা
আমি কৰিম খৰ্ব
মহা-মানৱৰ বাণী শিৰে লৈ
নাশিম যুঁজৰ গৰ্ব৷
সুফলা মাটিৰ সৃষ্টিৰ সুৰয
গায়েই দেশৰ গৰ্ব
পীড়িত জনক আঁকোৱালি লৈ
গাঁৱতে পাতিম স্বৰ্গ৷
দ্বাপৰত ক’লে শ্ৰীকৃষ্ণই
নেপেলাবা নিজ কৰ্ম
কুৰি শতিকাত বাপুজীয়ে ক’লে
কৰ্মই সাৰমৰ্ম৷৷
আমি নতুন যুগৰ নতুন মানৱ
আনিম নতুন স্বৰ্গ
অৱহেলিত জনতাৰ বাবে
ধৰাত পাতিম স্বৰ্গ৷৷ [উক্তগ্ৰন্থ. ১২৩]
তেওঁ এই গীতৰ মাজেৰে শ্ৰীকৃষ্ণ আৰু বাপুজীৰ মৰ্মবাণীৰ কথা সোঁৱৰাই দি সকলোকে কৰ্মৰ বাবে উৎসাহিত কৰিছে৷ তেওঁৰ এই কৰ্মযজ্ঞৰ বাবে জনোৱা আহ্বানৰ এক লক্ষ্য আছে– তেওঁ গাঁৱতে স্বৰ্গ পাতিব খোজে৷ গান্ধীজীৰ গ্ৰাম্য স্বৰাজৰ সপোন যেন গীতটিৰ মাজত প্ৰতিফলিত হৈছে৷ যেতিয়ালৈকে ভাৰতবৰ্ষৰ গাঁওবোৰ সুন্দৰ আৰু সমৃদ্ধ হৈ নুঠিব তেতিয়ালৈকে আমি এখন উন্নত ভাৰতবৰ্ষৰ সপোন দেখিব নোৱাৰোঁ৷ সেয়েহে হাজৰিকাৰ ভৱিষ্য-চিন্তাৰ মাজত গাঁৱতে সৰগ পতাৰ সপোন জিলিকি উঠিছে৷
ডঃ ভূপেন হাজৰিকা
এই পৃথিৱীত দুখ আৰু অনুতাপৰ কোনো মূল্য নাই৷ বুকু ভুকুৱাই কান্দিলেও কোনেও কালৈকো ঘূৰি নাচায়৷ সেয়ে জীয়াই থাকিবলৈও দুৰ্ঘোৰ সংগ্ৰামত প্ৰবৃত্ত হোৱাৰ বাদে মানুহৰ ওচৰত আৰু কোনো বিকল্প পথ নাই৷ সেয়েহে হাজৰিকাই লিখিছে–
দুহাতেৰে চকু দুটি ঢাকি ধৰি তই
অকলে কান্দিছনো কিয়?
কান্দিছনো কিয়? [উক্তগ্ৰন্থ. ১৩৩]
সেইবাবেই তেওঁ পৃথিৱীৰ চৌদিশে হোৱা বিদ্ৰোহ-বিপ্লৱৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি কৈছে–
চহৰে-নগৰে গাঁৱে পথে ঘাটে পথাৰে
সমদল দেখিছনে নাই
তোৰ দৰে হেজাৰে চিঞৰি চিঞৰি সৌৱা
আগবাঢ়ে পৃথিৱী কঁপাই
যি তই নেপালি, কাঢ়ি কিয় নানিলি
ইঙ্গিত নুবুজাটো হ’ব/
অকলে কান্দিছনো কিয়?
কান্দিছনো কিয়? [উক্তগ্ৰন্থ. ১৩৩]
ধনী-দুখীয়াৰ ব্যৱধানে আমাৰ সমাজ ব্যৱস্থাক ভয়ানকভাৱে ব্যাধিগ্ৰস্ত কৰি তুলিছে৷ হাজৰিকাই তেতিয়াই অঁকা ছবিখন এতিয়া অধিক স্পষ্ট হৈ পৰিছে৷ আনকি লাহে লাহে দুখীয়াৰ সন্তানে বিদ্যা-শিক্ষা গ্ৰহণ কৰা বিদ্যালয়বোৰ বন্ধ হোৱাৰ উপক্ৰম হৈছে৷ গীতটিত উল্লেখিত এই নিৰ্দিষ্ট কথাখিনিলৈ চালে এনে লাগে যেন হাজৰিকাই ভৱিষ্যতৰ এই ছবিখন চাই চাইহে গীতটি ৰচনা কৰিছে৷
কোনোবাই কাৰেং সাজি বিদ্যাৰ আলয় পাতিছে;
অভিজাতৰ দুলাল সবে ৰঙৰ খেলা খেলিছে৷
কাৰোবাৰ পঢ়াশালিৰ জঁকা ভাগি পৰিছে
দুখীয়াৰ ছৱালে তাতে বিয়োগ অংক শিকিছে;
কাৰোবাৰ সোণৰ পঁজাত ঈশ্বৰ বন্দী হৈছে
দুখীয়াৰ থাপনাতে শলিতা কঁপিছে৷ [উক্তগ্ৰন্থ. ১৩৫]
এনেবোৰ গীতত হাজৰিকাদেৱৰ শব্দ সংযোজনৰ দক্ষতাও অতি মন কৰিবলগীয়া৷ অভিজাতৰ বাবে ‘বিদ্যাৰ আলয়’ আৰু তেওঁলোকৰ সন্তানসকল হ’ল ‘অভিজাতৰ দুলাল’, তেওঁলোকে খেলে ৰণৰ খেলা৷ আনহাতে দুখীয়াৰ বাবে ‘পঢ়াশালি’– তাৰো জঁকা ভাগি পৰা অৱস্থা, তাত ‘বিয়োগ’ অংক শিকে ‘দুখীয়াৰ ছৱালে’৷
ভাৰতবৰ্ষৰ এক জ্বলন্ত সমস্যা হ’ল– বৰ্ধিত জনসংখ্যা৷ জনসংখ্যা বৃদ্ধিৰ এই হাৰে নিম্ন মধ্যবিত্তসকলৰ জীৱন দুৰ্বিসহ কৰি তুলিছে৷ সন্তানসকলৰ স্বাস্থ্য আৰু শিক্ষাৰ যথাযোগ্য ব্যৱস্থা কৰিব নোৱাৰাকৈ অধিক সন্তান জন্ম দিলে গোটেই সমাজখনেই যে জৰ্জৰিত হ’ব সেই কথা হাজৰিকাদেৱে সঠিকভাৱে বুজিছিল৷ সেয়েহে তেওঁ সীমিত পৰিয়ালৰ সপক্ষে গীত ৰচনা কৰিছিল৷ গীতটিয়ে চৰকাৰী আঁচনিৰ কথা দাঙি ধৰা যেন লাগে যদিও এই সমস্যাক কোনেও নুই কৰিব নোৱাৰে৷ ভৱিষ্যতৰ বাবে এখন সমৃদ্ধ ভাৰতৰ আশা কৰা সকলো মানুহেই এনে চিন্তা কৰা উচিত–
ঘনে ঘনে কত শিশুক
জন্ম দিবা তুমি? তুমি জন্ম দিবা
স্বাৰ্থবিহীন মৰতলে আনি৷৷
..................................
এতিয়াই চিন্তি তোমাৰ শিশুক
তাক নকৰা কিয় সুঠাম-সবল
তেহে তুমি হাঁহিৰে
ঘৰ উজ্বলাবা৷৷
বিশ্ব জোৰাই জানো অভাৱৰ ভাৰ
অগণন শিশুক দিবা পোহপাল?
সেয়ে আগতীয়া পন্থা গ্ৰহণ কৰি
সীমিত নকৰা কিয় সুখী পৰিয়াল,
তেহে তুমি প্ৰাণ ভৰি
হাঁহিব পাৰিবা,
তুমি ঘনে ঘনে কত শিশুক
জনম দিবা?? [উক্তগ্ৰন্থ. ১৬৫]
এনেধৰণৰ আন এটি গীত হ’ল– ‘‘জ্ঞানীজনে কয় সিংহৰ এটাই ভাল’’৷ ইয়াত তেওঁ স্পষ্টভাৱে লিখিছে– ‘‘পৰিয়াল পৰিকল্পনা মাথোঁ গৰ্ভনিৰোধ আঁচনি নহয় যে ই মাতৃ আৰু শিশুৰ সমানেযস্ব-নিৰাপত্তাহে হয়৷’’ এতিয়াও ভাৰতবৰ্ষত মাতৃ আৰু শিশুৰ কল্যাণৰ প্ৰশ্নটো দুঃখজনকভাৱে অৱহেলিত৷ তেওঁ উল্লেখ কৰি গৈছে যে ধৰালৈ অহা প্ৰতিটো শিশুৰে প্ৰাপ্যৰ অধিকাৰ আছে আৰু তাক সেই প্ৰাপ্যৰ অধিকাৰ দিয়া তথা তাৰ সত্তাক সন্মান জনোৱাটো প্ৰতিটো পৰিয়ালৰ দায়িত্ব৷ আনকি গীতটিত তেওঁ হজৰত মহম্মদেও জীৱনকালত জন্ম নিয়ন্ত্ৰণৰ সপক্ষে উপদেশ দিয়া বুলি উল্লেখ কৰি ইছলামধমী লোকসকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল৷
আবু চৈয়দ আয়ুবৰ নামতে
হজৰত মহম্মদে জীৱন কালত
জন্ম নিয়ন্ত্ৰণ কৰাৰ সপক্ষে
উপদেশ দিলে মুছলিম সমাজক [উক্তগ্ৰন্থ. ২১৮]
চৌদিশে বজাৰ অৰ্থনীতিৰ আগ্ৰাসিক প্ৰভাৱ বাঢ়ি অহাৰ লগে লগে মানুহৰ জীৱনৰ পৰা কেতবোৰ শাশ্বত অনুভৱ নোহোৱা হৈ গৈছে৷ এষাৰ মৰমৰ মাত, অলপ আতিথ্য এই সকলোবোৰ জনজীৱনৰ পৰা প্ৰায় নোহোৱা হৈছে৷ অথচ জীৱনে সদায় মৰম বিচাৰে৷ ভৱিষ্যতে যে ধন-ৰত্নৰ প্ৰভাৱত এনেবোৰ সম্পদ নোহোৱা হ’ব আৰু মানুহে তাক বিচাৰি হাবাথুৰি খাব সেই কথাও হাজৰিকাদেৱে গীতৰ মাজেৰে প্ৰকাশ কৰি থৈ গৈছে–
এটি মিঠা জীৱন, এটি জীৱিকাৰ বাট
ৰাজপথে এৰাবাটে; এষাৰি মৰমী মাত;
বিচাৰোঁতেই দিন যায়, কৰি দাম দৰ৷৷
চোৰাং ক’লা বজাৰতে, বহু ক’লা ধন পাবা
এন্ধাৰ এন্ধাৰ গুদামতে কুবেৰৰো ধন পাবা
তেনে পাপী কুবেৰৰ নহওঁ আমি অনুচৰ
খাটি খাটি অৰ্জা
দুটা শুদা-নিকা ভাত
এযোৰ মাথোন কাপোৰ, থাকে যদি এই গাত; [উক্তগ্ৰন্থ. ১৬৬]
সমাজ গঢ়িবলৈ সুস্থ পৰিকল্পনা লাগিব৷ ‘‘জীৱন সিন্ধু বহু বিন্দুৰে হয়’’ গীতটিৰ আগকথাত ভূপেন হাজৰিকাই নিজেই লিখি থৈ গৈছে– ‘‘আজিৰ সমাজ গঢ়োঁতে অগভীৰ পৰিকল্পনা আৰু অলস চিন্তাই কোনো কাম নিদিয়ে৷ জীৱন সিন্ধু বহু বিন্দুৰে হয়৷ কিন্তু সেই বিন্দু কৰ্মেৰে পূৰ্ণ হ’ব লাগিব৷’’ [উক্তগ্ৰন্থ. ২০৬] এই গীতটিত তেওঁ সমাজবাদৰ প্ৰতি থকা তেওঁৰ বিশ্বাসৰ কথা স্পষ্টভাৱে উল্লেখ কৰিছে আৰু ঔপনিৱেশবাদী শোষণৰ বিপৰীতে সাহৰ মন্ত্ৰেৰে ওলাই আহিবৰ বাবে আহ্বান জনাইছে৷
জীৱন সিন্ধু বহু বিন্দুৰে হয়
যদি কৰ্মেৰে হয় বিন্দু পূৰ্ণ৷
অলস চিন্তা অগভীৰ আঁচনিয়ে
জয়ৰ বাসনা কৰে চূৰ্ণ৷৷
..................................
সমাজক এৰি কোনো বাদ নহয়
সমাজবাদ আজিৰ লক্ষ্য
জীৱন বোধহীন ব্যক্তিৰ বাবে
পৰিধি মাথোঁ হয় নিজ কক্ষ
স্বাৰ্থপৰ যান্ত্ৰিক দৃষ্টিয়ে
শাসনক কৰে সংকীৰ্ণ৷৷
...................................
লুভীয়া নৱ উপনিৱেশবাদীৰ
শোষণ বিপৰীতে হেজাৰে জাগে
শোষিতই সাহসৰ মন্ত্ৰেৰে কৰে
শোষকৰ বক্ষ বিদীৰ্ণ৷৷ [উক্তগ্ৰন্থ. ২০৬-২০৭]
নতুন পুৰুষসকলৰ বাবে তেওঁ ভৱিষ্যত সংগ্ৰামৰ পথ নিৰ্দিষ্ট কৰি থৈ গৈছে৷ ভূপেন হাজৰিকাৰ প্ৰায়বোৰ গীততেই আছে তৰুণ-তৰুণীসকলৰ প্ৰতি গভীৰ বিশ্বাস৷ তেওঁলোকক লৈয়ে তেওঁৰ ভৱিষ্যতৰ সপোন–
তুমি নতুন পুৰুষ, তুমি নতুন নাৰী
অনাগত দিনৰ, জাগ্ৰত প্ৰহৰী
কেঁচা জীৱন সোঁতক দ্বিগুণ কৰি
সজাবা সমাজ নিজ হাতেৰে গঢ়ি;
এন্ধাৰ গলিত আলোক বৰষাৰ
ঢালিবা তুমি উচ্ছল বাৰি৷৷
মৃত্যুঞ্জয়ী তুমি কৰিবা দমন
শোষকৰ দংশন নোহে চিৰন্তন
সংকল্প তোমাৰ হ’বই সফল
দুৰ্বাৰ সাহসৰ পথ উজ্জ্বল৷৷
তুমি নৱ সপোন, নৱ অঙ্গীকাৰ
তুমি নৱ সংগ্ৰাম শত শত ঝঞ্ঝাৰ
বিপদৰ প্ৰস্তৰ বিচূৰ্ণ কৰি
সজাবা নতুন পথ, হাতেৰে গঢ়ি
বজাবা তুমি আশাৰ গগনা
নোপোৱাৰ হাহাকাৰ নোহোৱা কৰি৷৷ [উক্তগ্ৰন্থ. ২৩২]
একেদৰে ‘‘নতুন পুৰুষ নতুন পুৰুষ’’ গীতটিৰ মাজতো একেধৰণৰ আশা ফুটি উঠিছে৷ অভিজ্ঞতাক বুকুত বান্ধি মানুহ সমুখলৈ আগুৱাব লাগিব৷ আগুৱাই যোৱা সকলেহে উজুটি খায়৷ সেয়ে উজুটি খালেও পুনৰ সাহসেৰে আগুৱাব লাগিব কাৰণ হাত সাবটি থকাসকলে কেতিয়াও সমাজৰ গতি সলাব নোৱাৰে৷
ভুল হওক ভালেই হওক
নতুন নতুন পুৰুষে, নিজেই ঠেকি শিকিলে৷
হাত সাবটি থকা কাপুৰুষে
তাকে দেখি প্ৰমাদ গণিলে//
যুগে যুগে দাবী কঢ়িয়াই
নতুন নতুন পুৰুষ আহিলে
নোপোৱাৰ বেদনাক ধবংস কৰিব বুলি
দেশৰেই ধৰণী কঁপালে৷
মুকুতিৰ চিন্তাক যেতিয়া আৱৰে
পুৰণি চিন্তাৰ মকৰা জালে
নতুন পুৰুষে নিয়ে সমাজ গতিক
নতুন নতুন পন্থাৰ ফালে৷৷ [উক্তগ্ৰন্থ. ২৬৭-৬৮]
ভূপেন হাজৰিকাই আশা কৰিছিল– ‘‘মুমূষুৰ্ মানুহৰ এন্ধাৰ আকাশত বিজুলীৰ কিছু জ্যোতিৰ সঞ্চাৰ কৰিব পাৰিলেই মোৰ গানে ধন্য মানিব৷’’ [উক্তগ্ৰন্থ. ২৯৩] সেইবাবেই তেওঁ লিখিছে–
প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক
‘তোমাৰ প্ৰাপ্য কি কোৱা?’
মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক’লোঁ
‘তোমাৰ শক্তিখিনি দিয়া৷’
বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক’লে
‘তোমাৰ কাম্য কি কোৱা?’
মই ক’লোঁ, বজ্ৰ তোমাৰ শক্তিশালী
উদাত্ত কণ্ঠটি দিয়া৷৷ [উক্তগ্ৰন্থ. ২৯২]
সেই কণ্ঠেৰে, সেই শক্তিৰে তেওঁ মানুহৰ জীৱনলৈ জ্যোতিৰ জোৱাৰ নমাব বিচাৰে–
মুমূষুৰ্ মানৱক, জীৱনৰ বিদ্যুৎ
কিঞ্চিতো যদি দিব পাৰোঁ
আকাশ, ধুমুহা আৰু বজ্ৰক
তাৰ বাবে শতবাৰ প্ৰণিপাত কৰোঁ৷ [উক্তগ্ৰন্থ. ২৯৫]
মঞ্চত গীত পৰিবেশন কৰি থকা মুহূৰ্তত
আজি অসমীয়াৰ জাতীয় উৎসৱৰ ৰূপ লোৱা বিহুটোক এটা সময়ত বহুতে ইতৰসকলৰ সংস্কৃতি বুলি ভাবিছিল৷ বেজবৰুৱাকে ধৰি এচাম ভৱিষ্যমুখী অসমীয়াই পিছে বিহুটিক শিষ্ট সমাজলৈ আদৰি অনাত আগভাগ লৈছিল৷ গণনাট্য আন্দোলনৰ নেতা হেমাংগ বিশ্বাসেও বিহুৰ মাজত জাতীয় উৎসৱৰ গুণ দেখিছিল৷ পিছে ভূপেন হাজৰিকাৰ দৰে কোনেও ভবা নাছিল যে ই অসমীয়াৰ জীৱনৰ আয়ুস ৰেখাৰ দৰে হৈ পৰিব৷ সেই কথা ভাবিয়েই তেওঁ লিখিছিল–
ব’হাগ মাথোঁ এটি ঋতু নহয়
নহয় ব’হাগ এটি মাহ
অসমীয়া জাতিৰ ই আয়ুস ৰেখা
গণজীৱনৰ ই সাহ৷ [উক্তগ্ৰন্থ. ৩১৫]
বহুবোৰ গীতৰ মাজত ভূপেন হাজৰিকাই কেতবোৰ ভৱিষ্যতৰ ইংগিত দি থৈ গৈছে–
কালৰাত্ৰিৰ বুকুতে লুকাই
আছেই প্ৰভাত বুজিলানে নাই
ৰাইজ সিংহক শৃংখল শৃগালে
সদা কৰে ভয় বুজিলানে নাই [উক্তগ্ৰন্থ. ৩৭৫]
মোক এনে এখন সৰগ দিয়া
যি ধৰাত জিলিকি পৰে
এনে এটি পৰিৱেশ দিয়া
হিয়া য’ত শাঁত পৰে৷ [উক্তগ্ৰন্থ. ৩৮৩]
তাৎপৰ্যপূৰ্ণ যে বৰ্তমান ঐশ্বৰ্য-বিভূতিৰ চক্মকীয়া জীৱনৰ মাজত মানুহে হিয়া শাঁত পৰা পৰিৱেশ এটাৰ বাবেই হামৰাও কাঢ়িছে৷
জাত-পাত আৰু সামাজিক ৰক্ষণশীলতাৰ বিৰুদ্ধে তেওঁ বহুতো গীতেই লিখিছে৷ তথাপি তাৰে মাজত একেবাৰে উজ্জ্বল হৈ জিলিকি থকা এটি গীত হ’ল– ‘‘যুৱতী অনামিকা গোস্বামী’’৷ এই গীতটিত তেওঁ জাতি-অজাতিৰ বিচাৰ নেওচি যুৱতী অনামিকা গোস্বামী আৰু যুৱক প্ৰশান্ত দাসক কামাখ্যা ধামত বিয়া পাতি দিছে৷ পিছে বিয়াৰ বাবে এই বিয়া নহয়, এক নতুন যুগৰ বাবে প্ৰস্তুত হ’বলৈ আৰু মানৱতাৰ কঠীয়া সিঁচিবলৈহে তেওঁ এনে মিলনৰ আহ্বান জনাইছে–সিদিনা দুয়ো আশীৰ্বাদ বিচাৰি অহাত মই ক’লোঁ–
মহাশূন্যত উপগ্ৰহ ৰাখি
এইয়া গণ সংযোগ কৰোৱাৰ যুগ;
আৰু আণৱিক শক্তিক দানৱৰ পৰা আনি
এইয়া প্ৰশান্ত আৰু অনামিকাৰ
জাতিকূল নেওচা হোমাগ্নিৰ যুগ,
এয়া জনাৰ যুগ
এয়া বুজাৰ যুগ
এয়া জেট যুগ
এয়া আণৱিক যুগ
এইয়া সীমাৰ পৰিধি ভঙাৰ যুগ৷
মনৰ পথাৰ বহল কৰি
প্ৰেমৰ ৰসেৰে জীপাল কৰি
এয়া মানৱতাৰ কঠীয়া সিঁচাৰ যুগ৷ [উক্তগ্ৰন্থ. ৪০৩]
লুইতৰ পাৰৰ অগণন খাটি খোৱা দৰিদ্ৰ মানুহৰ যন্ত্ৰণাৰ কথা তেওঁ উল্লেখ কৰিছে তেওঁৰ ‘লুইতৰ পাৰ দুটি’ গীতটিত৷ ইয়াতো এক চেতনাৰ ইংগিত দিছে, তেনে চেতনা জাগ্ৰত হ’লেই সমস্যাৰ সমাধান হ’ব৷ সেইবাবেই তেওঁ ক্ষোভত লিখিছে–
ধাননিও তল গ’ল, চেনেহীও উটি গ’ল
ডুগ্ডুগী বন্ধকত আছে
ৰাইজে লগ লাগি ভৰা লুইত বান্ধিব
সাহসী বুকুখন নাচে
ক’লীয়া পিশাচক ভদীয়াই বধিব
আছে তাৰ দুবাহুত শকতি৷ [উক্তগ্ৰন্থ. ৪৩৬]
তেওঁ আশা কৰে ভৰা লুইত ভেঁটিব পৰা শক্তিৰে ৰাইজ যেতিয়া লগ লাগিব তেতিয়াই পৃথিৱীত এক আমূল পৰিৱৰ্তন হ’ব৷
ভূপেন হাজৰিকাই যেনেকৈ কাজিৰঙা সম্পৰ্কত গীত লিখি কাজিৰঙাৰ সুন্দৰ প্ৰকৃতি, জীৱ-জন্তু আৰু তাৰ ওপৰত চলা মানুহৰ হিংসাৰ এখন ছবি অংকন কৰিছে, ঠিক তেনেদৰে তেওঁ প্ৰকৃতি সংৰক্ষণৰ ওপৰতো গুৰুত্ব দি গীত ৰচনা কৰিছে৷ আনকি ভাৰতীয় সভ্যতা গঢ় লোৱাতো যে অৰণ্যৰ অৱদান আছে সেই কথাও তেওঁ উল্লেখ কৰিছে৷ আজি প্ৰকৃতিৰ ওপৰত ধবংসযজ্ঞ চলিছে৷ মানুহে প্ৰকৃতিক সুৰক্ষা দিয়াৰ কথা শিকিব নোৱাৰিলে মানৱ সভ্যতা নানান বিপদৰ মুখত পৰিব৷ সেয়েহে তেওঁ লিখিছে–
অৰণ্যই যুগে যুগে দিলে
সাধনাত ব্ৰতী ঋষি মুনি৷
ক’ত শত জ্ঞানৰ আদৰ্শ দিলে
দিলে ক’ত মনীষী গুণী৷ [উক্তগ্ৰন্থ. ১৩১]
আন এটি গীতত তেওঁ লিখিছে–
বনভূমি সেৱাৰ থলী হে
মানৱ কল্যাণৰ
বন সংৰক্ষণ হওক
চিন্তা সমাজৰ৷ [উক্তগ্ৰন্থ. ৪৫৮]
এই ধৰণে হাজৰিকাদেৱে বিভিন্ন গীতৰ মাজেৰে তেখেতৰ ভৱিষ্য-চেতনাৰ ইংগিত দি থৈ গৈছে৷ সামগ্ৰিকভাৱে তেওঁৰ ৰচনাত ফুটি উঠিছে এক উদাৰ মানৱতাবাদী দৃষ্টিভংগী৷ সমাজখনৰ সকলো শ্ৰেণীৰ মানুহে যাতে মিলাপ্ৰীতিৰে বসবাস কৰি জীৱনটোক উপভোগ কৰিব পাৰে তাকেই তেওঁ কামনা কৰিছে৷ কিন্তু ভৱিষ্যতক সুন্দৰ কৰিবলৈ এক নিৰন্তৰ সংগ্ৰাম লাগিব৷ সেই সংগ্ৰাম হ’ব দুনীৰ্তি, ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে, ক’লা বেপাৰীৰ বিৰুদ্ধে, ভণ্ড ৰাজনীতিকৰ বিৰুদ্ধে আৰু যুগ যুগ ধৰি বৰ্তি থাকি সমাজখনক গ্ৰাস কৰি ধৰা এলান্ধুকলীয়া সংস্কাৰবোৰৰ বিৰুদ্ধে৷ তেওঁ চাব বিচৰা সমাজখনত পানেইৰ পোনাকণ, ৰংমন, ভদীয়া সকলোৱে শান্তিৰে এমুঠি খাবলৈ পাব, সকলোৰে ঘৰত বন্তি জ্বলিব আৰু প্ৰশান্ত-অনামিকাৰ বিয়াত কোনো বাধাও নাথাকিব৷ অসমৰ নতুন পুৰুষে বিজ্ঞানৰ নতুন চিন্তাৰে পুষ্ট হৈ নতুন শতিকাৰ বাবে নিজকে প্ৰস্তুত কৰিব৷
(লেখক এগৰাকী আৰক্ষী বিষয়া)