জাতি-ধৰ্মৰ মিলনৰ উৎসৱ অসমৰ সাৰ্বজনীন দুৰ্গা পূজা

Story by  atv | Posted by  [email protected] • 1 Years ago
দুর্গতিনাশিনী মা দুর্গা
দুর্গতিনাশিনী মা দুর্গা

 মাইনী মহন্ত

মহানগৰৰ বাসিন্দা হিচাপে প্ৰতিবছৰে চেপ্তেম্বৰৰ শেষভাগত পদুলিমুখত কেইপাহমান শুভ্ৰ সতেজ শেৱালি তলসৰি থকা দেখিলেই মনলৈ আহে...পূজা আহিল৷ তেতিয়াই মনত পৰে শৈশৱৰ শেৱালি ফুলাৰ বতৰ৷ সেই দিনবোৰত শেৱালি মানেই আছিল স্নিগ্ধ শৰতৰ আগমন, সংহাৰকাৰিণী দেৱী দুৰ্গাৰ পূজা৷

পুৱা এখৰাহি শেৱালি বোটলা, দুপৰীয়া অপাৰ বিস্ময় আৰু ভক্তিৰে দশভূজা দেৱীক সেৱা কৰা, ভজাবাদাম, বেলুন, প্লাষ্টিকৰ ঘড়ী-চশমা লৈ সমনীয়াৰে পূজা চোৱা, গধুলি চোতালত বহি আইতাৰ মুখৰ পৰা শুনা... এইবাৰ দেৱী ঘোঁৰাত আহিছে নে নাৱত আহিছে৷ শৈশৱৰ সেই বিমল আনন্দৰ দিনবোৰৰ স্মৃতিয়ে এতিয়াৰ পৰিস্থিতিত একপ্ৰকাৰ দুখবোধো কঢ়িয়ায়৷ গ্ৰীচদেশত শেৱালি ফুলক কোৱা হয় Tree of sorrow- বেদনা বৃক্ষ৷

কাপোৰৰ দোকানত আজি লগ পালো নাজনীনক৷ সাবটি ধৰি ক’লে-বাইদেউ, পূজাৰ বজাৰ কৰিছে? মইও৷ লক্ষীমপুৰলৈ যাম পূজাত৷ ভাগীনহঁতলৈ কাপোৰ কিনিছো৷ একেই আছে নাজনীন৷ কিন্তু সময়বোৰ একেই আছেনে? আমাৰ বাবে পূজা মানেই যেন মিলি যোৱাৰ আনন্দ, ভগাই খোৱাৰ তৃপ্তি৷ ধৰ্মীয় দিশটোতকৈও এই দিনকেইটাই আমাৰ মনলৈ আনে অনেক বতৰা৷ মহানগৰৰ মধ্যবিত্তীয় সংসাৰসমূহত পূজা অহা মানেই নতুন কাপোৰ, ঘৰখন সামান্য সজাই তোলাৰ প্ৰয়াস, ফুৰিবলৈ আহিব লগা আলহী৷ কিমান যে পৰিকল্পনা৷ পূজা মানে উৎসৱ৷

মনত পৰে আমি হোষ্টেলত থাকোতে দূৰ্গাক লৈ কৰা নৃত্য-নাটিকা খন৷ দূৰ্গাৰ চৰিত্ৰত সুন্দৰকৈ অভিনয় কৰিছিল আমাৰ মুছলমান বান্ধবী এগৰাকীয়ে৷ অসমৰ এগৰাকী আগশাৰীৰ বুদ্ধিজীৱিশ্ৰদ্ধাৰ হাইদৰ দা(হাইদৰ হুছেইন) কিমানখন পূজাৰ যে উপদেষ্টা৷ অসমৰ বিভিন্ন ঠাইত হিন্দু-মুছলমান লোকসকলে একেলগে পৰম উৎসাহেৰে দূৰ্গা পূজা পালন কৰাৰ ইতিহাস আছে৷

গুৱাহাটীৰ এখন পূজাস্থলীৰ দৃশ্য

নিৰ্দিষ্ট ঋতুত শেৱালি ফুলে, পূজা আহে আৰু আমি মতলীয়া হও উৎসৱৰ আনন্দত৷ হেজাৰ দুখ-কষ্ট পাহৰি আমি বছৰটোৰ এই চাৰিটা দিন বৰ্ণময় কৰিব বিচাৰো৷ শংকৰ গুৰুজনাইয়ো শৰতৰ বিতোপন ৰাতিৰ সৌন্দৰ্য্য উপভোগ কৰি সকলো ঋতুৰ ভিতৰত শৰত ঋতুক শ্ৰেষ্ঠ বুলি বৰ্ণাইছিল৷ ভাগৱতত এই বৰ্ণনাৰ প্ৰকাশ পাইছে এনেদৰে-

“পৃথিৱীৰ সৱ কদৰ্য গুচিল

বৈ গ’ল পথ স্বচ্ছল৷

য’ত জল মানে সৱ স্বচ্ছ ভৈল

শৰতে হৰিল মন৷”

ধৰ্মৰ পৰিসৰত বান্ধ খাই নাথাকে এই ঋতুৰ আনন্দ৷ সাৰ্বজনিনতাই ধৰ্মৰ ভেদাভেদ আতৰাই মিলনৰ বাট মুকলি কৰে৷ দূৰ্গা পূজাক আমি সাম্প্ৰদায়িক দৃষ্টিৰে নাচাও৷ নগাঁৱৰ বৰহমপুৰৰ পূজাৰবাবেকাঠৰ প্ৰতিমা সাজি উলিয়াইছিল এজন মুছলমান আৰু এজন হিন্দু শিল্পীয়ে৷ পূজাত অংশগ্ৰহণো কৰে জাতি-ধৰ্ম নিৰ্বিশেষে সকলোৱে৷

সেইদৰে নগাঁও জিলাৰ কামপুৰৰ দূৰ্গাপূজাৰো আছে এই বৈচিত্ৰময় ঐতিহ্য৷ সম্প্ৰীতিৰ অনন্য এক উদাহৰণ হৈছে নলবাৰী জিলাৰ ৩৫০ বছৰীয়া প্ৰাচীন বিল্বেশ্বৰ দেৱালয়৷ ভাতৃত্ব আৰু সমন্বয়ৰ উজ্জ্বল নিদৰ্শন এই অঞ্চলটোৰ হিন্দু-মুছলমান উভয় সম্প্ৰদায়েই দূৰ্গা পূজাক লৈ উৎসাহিত৷ মন্দিৰৰ এভাগ প্ৰসাদ মুছলমান লোকক দিয়াতো ইয়াৰ পৰম্পৰা৷

কেৱল অসমেই নহয়, উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যতো পোৱা যায় এনে সম্প্ৰীতিৰ উদাহৰণ৷ জানিব পৰা মতে ত্ৰিপুৰাৰ চিপাহীজালা জিলাৰ সোণামুৰা মহকুমাৰ এক পূজাত ধাৰাবাহিকভাবে পূজা কমিটিৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল বছিৰুদ্দিন ভুঞাক৷ এই মহকুমাৰে ৯০ শতাংশ মুছলমান বসতিপ্ৰধান দুৰ্গাপুৰ গাঁৱত মুছলমান লোকসকলে পেণ্ডেল সজা, মুৰ্ত্তি নিৰ্মাণ আদি কামত আনন্দেৰে অংশগ্ৰহণ কৰে৷ ত্ৰিপুৰাৰ আন আন অঞ্চলতো পোৱা যায় এনে নিৰ্মল সাৰ্বজনীনতা ৷

এখন পূজা মণ্ডপৰ বাহিৰত মা দূৰ্গাৰ বৃহৎ প্ৰতিমূৰ্তি (ফাইল ফটো) 

শৰত ঋতুয়ে যেন প্ৰতিজনৰে মনপ্ৰাণ কৰি তোলে ফৰকাল৷ এনেকৈয়ে পূজা আহিছিল আমাৰ মাজলৈ শৰতৰ আলসুৱা মেঘটুকুৰাৰ দৰে৷ আমাৰ শৈশৱ, কৈশোৰ, যৌবনত৷ সেই শৰৎ বিচাৰি মনে হাহাঁকাৰ কৰে আজি৷ কৰবাত যেন চন্দপতন ঘটিবলৈ লৈছে লাহেলাহে৷ ঘোৰাতেই হওক, নৌকাতেই হওক আজিও দেবী আহে ধৰাৰ সকলোৰে বাবে৷

দেবীৰ আৰাধনাক কেন্দ্ৰ কৰিয়েই আমি পাহৰিব পাৰো ভেদাভেদ, অসুয়া-অশান্তি ৷ প্ৰকৃতিৰ বুকুত আদিম মানুহে উৎসৱৰ আখৰা কৰিছিল লগ হবৰ বাবে, মিলিজুলি আনন্দ কৰিবৰ বাবে, ইজনে সিজনৰ কাষ চাপিবৰ বাবে৷ সময়ৰ সোঁতত সেই নিৰ্মল উচ্ছাস যেন আজি ম্লান পৰিবলৈ লৈছে৷ দুৰ্ভাগ্যজনকভাবে আজি উংসবক কেন্দ্ৰ কৰি বিভেদৰো সৃষ্টি হৈছে বিভিন্ন ঠাইত৷ আমি এনে পৰিস্থিতিৰ ওৰ পৰাতো বিচাৰো ৷

এই পূজাৰ বতৰত আশা কৰিছো আমাৰ অনাগত প্ৰতিটো ঋতুৱেই যেন শৰতৰ দৰে স্বচ্ছ আৰু নিকা হয়৷ আকৌ ঘুৰাই পাও তাহানিৰ তেতিয়াৰ অনাবিল আনন্দৰ দূৰ্গা পূজা৷

(লেখক এগৰাকী  জেষ্ঠ সাংবাদিক)