ৰঙৰ উৎসৱ ফাকুৱা আৰু অসম

Story by  Pulin Deka | Posted by  [email protected] • 1 Years ago
সত্ৰনগৰী বৰপেটাত দৌল মহোৎসৱৰ আনন্দ
সত্ৰনগৰী বৰপেটাত দৌল মহোৎসৱৰ আনন্দ
 
 পুলিন ডেকা
 
ভাৰতীয় বৰ্ণিল জীৱনধাৰাত বিভিন্ন সংস্কৃতি আৰু আধ্যাত্মিক উৎসৱ-পাৰ্বণসমুহে এক বিশেষ স্থান লাভ কৰি আহিছে। এই উৎসৱসমূহৰ মাজেদি মিলন আৰু ভাতৃত্ববোধৰ বাণী প্রকাশি আহিছে। এনে এক উৎসৱ হৈছে ফাকুৱা তথা দৌল যাত্ৰা। ফাগুণৰ প্ৰকৃতিৰ উন্মনা পৰিৱেশৰ সৈতে উদযাপিত দৌল মহোৎসৱে ভাৰতীয় আধ্যাত্মিক সংস্কৃতিক অধিক মণ্ডিত কৰি তুলিছে। 
 
এই ৰঙৰ উৎসৱ অতি প্ৰাচীন কালৰে পৰা উদযাপন কৰি অহা হৈছে। বিভিন্ন পুৰাণ যেনে নাৰদপুৰাণ, ভৱিষ্যৎপুৰাণ আদিৰ লগতে বেদতো হোলীৰ প্ৰসংগ আছে। বিভিন্ন শিলালিপি, হৰ্ষবৰ্দ্ধনৰ ৰত্নাৱলী,  পৰিব্ৰাজক আলবেৰণীৰ লিখনিৰ মাজতো হোলী উৎসৱৰ বিশেষ বর্ণনা দেখিবলৈ পোৱা যায়। 
 
আর্যসভ্যতাৰ সৈতে হোলীৰ এক ওতঃপ্রোত সম্পর্ক আছে। মধ্যযুগৰে পৰা ব্ৰজক্ষেত্ৰত ফাকুৱা অনুষ্ঠিত হৈ আহিছে। ফাকুৱা হৈছে বৈষ্ণৱসকলৰ হৰি ভক্তিপ্ৰকাশ আৰু কল্যাণৰ হেতু আয়োজিত এক বিশেষ আনন্দ উৎসৱ। দৌল উৎসৱৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ মহত্ব আৰু আধ্যাত্মিক সংস্কৃতি মূর্তমান হৈ উঠে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাত এই ৰঙৰ উৎসৱৰ সূচনা কৰি অসমীয়া সাংস্কৃতিক চেতনাত এক নৱ দিশৰ সূচনা কৰে। 
 
প্ৰতিনিধিত্বমূলক ফটো
 
মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰৰ বাবে ভক্তি আন্দোলনক আগুৱাই নিয়াৰ দিশত দৌলৎসৱক এক সাংস্কৃতিক উপাদান হিচাপে তুলি ধৰিছিল। গুৰুজনাই বৰদোৱাত তিনিদিন ধৰি ফল্গোৎসৱ কৰিছিল। প্ৰথম দিনা মেষদাহ যজ্ঞ (বহ্নোৎসৱ), দ্বিতীয় দিনা দৌল গোবিন্দক ফাকু প্ৰদান আৰু গীত-বাদ্য, তৃতীয় দিনা দৌল গোবিন্দৰ যাত্ৰা আৰু সমূহীয়া ফাকু খেল। 
 
বৰপেটা সত্ৰটো জগতগুৰুৱে আৰম্ভ কৰা এই দৌল উৎসৱৰ পৰম্পৰা আজিও অব্যাহত আছে। গুৰু জনাই উৰেষা বৰ্ণন খণ্ড কাব্য ৰচনা কৰি দৌলৎসৱৰ মহত্বক বৰ্ণনা কৰিছে। কৃষ্ণভক্ত কবি সুৰদাস, নন্দদাস আদিৰ কাব্যত ফাকুৱাৰ বিশেষ বর্ণনা দেখিবলৈ পোৱা যায়। 
 
অসমীয়া গীতি সাহিত্যক হোলী গীতসমূহে বিশেষ স্থান অধিকাৰ কৰি আহিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীশ্ৰীমাধৱদেৱ বিৰচিত  কেইটামান বৰগীতৰ লগতে কীৰ্ত্তন ঘোষা, নামঘোষা আদিৰ পৰা পদচয়ন কৰি আনি দৌলৎসৱ তথা ফাকুৱাৰ গীত গোৱা কথা চলি আহিছে।
 
প্ৰতিনিধিত্বমূলক ফটো
 
কালক্ৰমত এই উৎসৱক কেন্দ্ৰ কৰি প্ৰাচীন কবিৰ গীত-পদৰ লগতে অর্বাচীন কবি-গীতিকাৰৰ দ্বাৰা ৰচিত গীতো জনপ্ৰিয় হ'বলৈ ধৰে। সেইবোৰ ঢুলুক, পাতিতাল, খুটিতাল, খুঞ্জুৰী প্রভৃতি বাদ্যযন্ত্ৰৰ সহায়ত গাবলৈ লোৱা হয়। এইবোৰ হোলীগীতৰূপে আখ্যায়িত হয়। 
 
সুৰ আৰু কবিতাৰ সমাৱেশ হৈছে হোলী গীতত। হোলীগীত হোলী উৎসৱ বা ফাগুন সম্পৰ্কীয় আধুনিক গীতৰ শ্ৰেণীতেই পৰিছে। অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীয়ে বাসন্তী গীত বা ফাল্গুনী গীত এটি লিখি হোলগীতৰূপে গোৱাইছিল—
 
“এনুবা বসন্তে
প্ৰাণ ক'লে উৰি যোৱা
ক’লে উৰি যোৱা প্ৰাণ
মলয়া বতাহে।
হাঁহিছে প্রকৃতি চোৱা
কি প্রেমে মাতোৱাল
যৌৱনৰ প্রেম উন্মাদে
মাতোৱাল পৰাণ।‘
 
বর্তমান সময়ত ফাকুৱা উৎসৱ কেৱল বসন্তৰ ৰং-আনন্দ তথা ধৰ্মীয় উৎসৱেই হৈ থকা নাই, ফাকুৱা বা হোলী উৎসৱ-শান্তি, সম্প্রীতি, সমৃদ্ধি আৰু মহা মিলনৰো উৎসৱ হৈ পৰিছে।
 
সমগ্ৰ ভাৰতবৰ্ষতে ৰঙৰ উৎসৱ ফাকুৱা পালিত হয়। ত্ৰিপুৰা বুৰঞ্জীত উল্লেখ থকা মদন পূজাও হোলী উৎসৱে। এইবোৰ ৰাজ্যত অনুষ্ঠিত ফল্গোৎসৱৰ সৈতে বিভিন্ন লোক বিশ্বাস জড়িত হৈ আছে। উত্তৰ প্ৰদেশ, বিহাৰ, উৰিষ্যা আদিত হোলী উৎসৱত যি অগ্নি প্রজ্বলন কৃত্য কৰা হয়, তাৰ ছাইবোৰত যাদুকৰী শক্তি আছে বুলি বিশ্বাস কৰা হয়। সেই ছাইবোৰ কৃষিভূমিত ছটিয়াই দিলে পথাৰৰ উৰ্বৰতা শক্তি বৃদ্ধি পায় বুলিও বিশ্বাস। আছে। 
 
অসমতো এনে বিশ্বাস স্থানভেদে আছে। হোলীৰ দিনা তিয়ঁহ, জিকা আদি বীজ সিঁচিলে শস্যৰ ফল ভাল হৈ বুলিও কোৱা হয়। পুৰাতন সংস্কৃতিৰ অংগ হিচাপে পালিত এই দৌল উৎসৱে আমাৰ ৰাষ্ট্ৰীয় একতাবোধক অধিক শক্তিশালী কৰাৰ লগতে সামাজিক মিলাপ্ৰীতিৰে আগুৱাই যোৱাৰ বাবেও এক পৰিৱেশ নিৰ্মাণ কৰে।
 
প্ৰতিনিধিত্বমূলক ফটো
 
উৎসৱসমূহৰ মহত্ব আৰু গুৰুত্ব সামাজিক একতাৰ অন্যতম উৎকৰ্ষ হোৱা উচিত। উৎসৱসমূহৰ মাজত জড়িত হৈ থাকে এক সাংস্কৃতিক পৰিচয় কেৱল আনন্দ প্রকাশে উৎসৱৰ পৰিচয় নহয়, ইয়াৰ অন্তৰ্নিহিত আৱেদনৰ মাজত এখন সমাজৰ প্ৰতিচ্ছৱি ভাষ্যত হৈ উঠে। ভাৰতবৰ্ষ বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলৰ মাজেদিয়ে বৈচিত্র্যতা প্রকাশিত হয়। 
 
ভাৰতীয় ইতিহাস হৈছে মিলনৰ এক অন্যতম উচ্চ আদর্শ। সেইবাবে প্ৰতিটো ধৰ্মীয় উৎসৱতে অন্য ধৰ্মীয় লোকৰ সহযোগিতা, অংশগ্রহণে ইয়াৰ সৌন্দৰ্যক অধিক মহীয়ান কৰি তুলিছে। প্রকৃততে আধ্যাত্মিক সংস্কৃতিয়ে মানৱতাৰ এনে এক ক্ষেত্ৰ নিৰ্মাণ কৰে য'ত মানুহে উপলব্ধি কৰিব পাৰে সংস্কৃতিৰ বিশালতা আৰু নান্দনিকতা। 
 
ভাৰতীয় এই মহান সংস্কৃতিয়ে হিন্দু, মুছলমান, শিখ, জৈন, বুদ্ধকে ধৰি বিভিন্ন ধৰ্মাৱলম্বী লোকসকলৰ মাজতো সহনশীলতাৰ এক চৰিত্ৰ নিৰ্মাণ কৰি তুলিছে। ফাকুৱাৰ মাজেদিও তেনে এক সুৰ প্ৰৱাহমান হৈ আহিছে। ফাকুৱা উৎসৱ পালনৰ জৰিয়তে আমি সামাজিক শক্তিক মিলন আৰু সহৃদয়তাৰ মাজেৰে আগুৱাই নিয়াৰ বাবে প্ৰয়াস কৰিব লাগিব।
 
(লেখক এজন তথ্য আৰু জনসম্পৰ্ক, অসম, বিভাগৰ উপ সঞ্চালক তথা মুখ্যমন্ত্ৰীৰ জনসম্পৰক্ষী কোষৰ সৈতে সংলগ্ন)