জেহাদ আৰু ঘৃণাৰ যুঁজ কাৰ স্বাৰ্থত

Story by  atv | Posted by  Munni Begum • 1 Years ago
১১ ছেপ্তেম্বৰৰ বিশ্ব কপোৱা ইছলামীক সন্ত্ৰাসবাদীৰ আক্ৰমণৰ এক দৃশ্য
১১ ছেপ্তেম্বৰৰ বিশ্ব কপোৱা ইছলামীক সন্ত্ৰাসবাদীৰ আক্ৰমণৰ এক দৃশ্য
  ছাজ্জাদ হুছেইন
 
ব্ৰিটিছ লেখক ছাৰ ছলমান ৰুশ্বডিক যোৱা ১২ আগষ্টত নিউয়ৰ্কৰ এটা অনুষ্ঠানত এজন আততায়ীয়ে ছুৰীৰে আঘাত কৰি গুৰুতৰভাৱে আহত কৰে। ছাৰ ৰুশ্বডিৰ বিতৰ্কিত 'দা ছাটানিক ভাৰ্ছেজ' নামৰ গ্ৰন্থৰ বাবে তদানীন্তন ইৰানৰ ধৰ্মীয় নেতা আয়াতুল্লা খোমেইনীয়ে ইছলামৰ পয়গম্বৰ মহম্মদৰ নাম হীন কৰাৰ অভিযোগ আনি তেওঁৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ এক ফতোৱা জাৰি কৰিছিল। সেয়া আছিল ১৯৮৯ চনৰ কথা। সেই ফতোৱা প্রায় তিনি দশকৰো অধিককাল অতিক্রম কৰিছিল। ক্ৰমে ইয়াৰ প্ৰাসংগিকতাও ইতিমধ্যে নোহোৱা হৈ পৰিছিল। কিন্তু যোৱা ১২ আগষ্টৰ ঘটনাই এই বিষয়টোক পুনৰ চৰ্চালৈ আনিছে।
 
ছাৰ ৰুশ্বডিক সমর্থন দি টুইট কৰা 'হেৰী পটাৰ'খ্যাত লেখিকা জে কে ৰাউলিঙো সম্প্রতি হত্যাৰ ভাবুকিৰ সন্মুখীন হৈছে। ছাৰ ছলমান ৰুশ্বডিৰ পৰা ডেনিছ কার্টুন, তছলিমা নাছৰীণ, চাৰ্লি হেব্দৰ পৰা অসমত আনছাৰউল্লা বাংলাৰ সদস্য আটক হোৱালৈকে এই সকলো ঘটনা পৰিঘটনাৰ মাজৰ সৰলৰেখাডাল হৈছে জেহাদৰ প্ৰতি থকা মানসিকতা।  
ইছলামৰ আধুনিক চিন্তাজগতৰ তিনিজন চিন্তাবিদৰ বিষয়ে কুৰি শতিকাত গুৰুত্ব লাভ কৰিছিল। তেওঁলোক হ'ল ভাৰতীয় উপমহাদেশৰ ছাৰ আলামা ইকবাল আৰু মৌলানা আলা মাউদুদী আৰু মিছৰৰ চৈয়দ কুতুব। ইকবালৰ চিন্তা উচ্চ পৰ্যায়ৰ আধ্যাত্মিক আৰু বিশ্বজনীনতাবোধ হোৱাৰ বিপৰীতে মৌলানা মাউদুদী আৰু কুতুবৰ চেতনা আছিল এটি গোড়া মনোভাবৰ ৰাজনৈতিক ইছলামৰ ধাৰণা। মাউদুদী আৰু কুতুবে বিশ্বত ৰাজনৈতিক সীমান্ত নথকা এক একক ইছলামীয় পৰিচয়ৰ গোষ্ঠী ব্যৱস্থাৰ পোষকতা কৰিছিল। য'ত ইছলামধৰ্মীৰ ৰাষ্ট্ৰ বা দেশৰ কোনো পৰিচয় নাথাকে। অৱশ্যে তেওঁলোকৰ এই ইছলামীয় বিশ্বত চিয়া, আহমদীয়া আদি আন আন ফৈদৰ অন্তৰ্ভুক্তিৰ কোনো কথা বা উল্লেখ নাই। 
প্রথম মহাসমৰত হোহেলজিয়ান বংশৰ সম্ৰাট কাইজাৰ ৱেলহেমেও অক্ষশক্তিৰ আটোমান তুৰস্কৰ সম্ৰাটক লৈ মিত্ৰ পক্ষৰ ব্ৰিটিছ আৰু ফৰাচী উপনিবেশসমূহ যেনে ভাৰত, উত্তৰ আফ্ৰিকা আদিৰ মুছলমান প্ৰজাৰ মাজত এক ধর্মযুদ্ধ (জেহাদ) কেন্দ্রিক প্ৰৰোচনা কৰিছিল। সম্পূর্ণ ঔপনিবেশিক স্বাৰ্থত গঠন কৰিব বিচৰা এনে উপাদান আৰু তাৰ ঠিক পিচতে কুতুব আৰু মাউদুদীৰ দীক্ষাই যি আন্তঃৰাষ্ট্ৰীয় চেতনাৰ বিকাশ কৰিছিল তাৰ পৰাই গঠন হৈছিল জামাত-ই-ইছলামী আৰু মুছলিম ব্রাদাৰহুডৰ দৰে সংগঠনৰ।  
 
জেহাদীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰা বিশ্বৰ কেইগৰাকীমান বিখ্যাত লেখক
 
এনে উপাদান নিজ দেশত পুলিয়ে-পোখাই উভলি দিব বিচাৰিছিল মিছৰৰ প্ৰথম ৰাষ্ট্ৰপতি জামাল আব্দেল নাছেৰ আৰু তুৰস্কৰ প্ৰথম ৰাষ্ট্ৰপতি কামাল পাছাই। বিংশ শতিকালৈকে ইছলামীয় জগতৰ দুই বৃহৎ আৰু প্ৰভাৱশালী ৰাষ্ট্ৰ মিছৰ আৰু তুৰস্কই নিজকে ধর্ম নিৰপেক্ষ ৰাষ্ট্ৰ বুলি ঘোষণা কৰি এনে ধৰ্মীয় আদৰ্শক নিলগাই ৰাখিছিল। শীতল যুদ্ধৰ সময়ছোৱাত বিশ্ব পৰিস্থিতি এফালে আমেৰিকাৰ নেতৃত্বত বিভিন্ন ঠাইত আগ্রাসন চলিছিল আৰু সেইবোৰৰ প্ৰতিৰোধ বা প্রতি আগ্রাসন ছোভিয়েট দেশৰ নেতৃত্বত হৈছিল। 
১৯৭০ৰ দশকত হোৱা চাৰিটা আন্তঃৰাষ্ট্রীয় ঘটনাই এই ইছলামীয় আন্তৰাষ্ট্ৰীয় চেতনাক নতুন পৃষ্ঠপোষকতা, গতিশীলতা আৰু এক শক্তি হিচাপে প্রতিষ্ঠা কৰাত সহায় কৰিলে। সেয়া হ'ল ১৯৭৩-৭৪ চনৰ তৈল অৱৰোধ আৰু ১৯৭৯ চনত হোৱা তিনিটা প্রধান ঘটনা— ১। ছৌডি আৰবত হজৰ সময়ত হোৱা সশস্ত্র বিদ্রোহ, ২। ইৰানত ইছলামীয় বিপ্লৱ আৰু ৩। আফগানিস্তানত ছোভিয়েট সেনাৰ প্ৰৱেশ।
১৯৭৩-৭৪ চনত ছৌডি আৰব প্ৰমুখ্যে আৰব তৈল উৎপাদনকাৰী ৰাজতন্ত্ৰসমূহে পশ্চিমীয়া দেশসমূহলৈ খাৰুৱা তেলৰ যোগান বন্ধ কৰি বিশ্ব অর্থনীতি অস্থিৰ কৰি তোলে। বেৰেলে প্ৰতি খাৰুৱা তেলৰ মূল্য যথেষ্ট বৃদ্ধি কৰি এই দেশসমূহে নিজৰ ৰাজহ অভূতপূর্বভাৱে বৃদ্ধি কৰি লয় আৰু পশ্চিমীয়া ৰাজনৈতিক মহলসমূহৰ পৰা নিজৰ অগণতান্ত্ৰিক আৰু স্বৈৰাচাৰী শাসন থকা সত্ত্বেও গুৰুত্ব আৰু সমীহ আদায় কৰিবলৈ সক্ষম হয়। ১৯৭৯ চনৰ ২০ নৱেম্বৰৰ দিনা হজযাত্রা অনুষ্ঠিত হৈ থকাৰ মাজতে জুহাইনান আল্‌ ওটাইবি নামৰ ছৌডি সেনাই পাঁচশমান অনুগামী লৈ মক্কাৰ পবিত্ৰ মছজিদ অৱৰোধ কৰে আৰু ছৌডি ৰাজবংশক শাসন ত্যাগ কৰিবলৈ দাবী জনায়। প্রায় দুসপ্তাহৰ অৱৰোধৰ পিচত ফৰাচী কমাণ্ডো বাহিনীৰ সহায়ত ছৌডি সেনাই এক ৰক্তাক্ত অভিযানৰ দ্বাৰা এই অৱৰোধৰ অৱসান ঘটায়। এই ঘটনাই ছৌডি ৰাজবংশ আৰু দেশখনৰ প্ৰতিটো প্ৰতিষ্ঠানক অধিক ধর্মীয়ভাৱে গোড়া আৰু দমনমূলক কৰি তোলে।
 
সন্ত্ৰাসবাদৰ অমানৱীয় এখন দৃশ্য
 
১৯৭৮ চনৰ ৭ জানুৱাৰীত মধ্যপ্রাচ্যৰ তৈল সম্পদত চহকী অনা-আৰব ৰাষ্ট্ৰ ইৰানত ইয়াৰ আমেৰিকান বহতীয়া শাসক ৰেজা শ্বাহ পাহ্লৱীৰ অপশাসনৰ বিৰুদ্ধে ইৰানৰ বিপ্লৱ (ইন্কিলাব-ই-ইৰান) আৰম্ভ হয়। বিশ্ববিদ্যালয়ৰ ছাত্ৰ, অধ্যাপক, বাওঁপন্থী নেতা, কবি, সাহিত্যিক তথা ধর্মীয় নেতাসকলে আৰম্ভ কৰা এই ৰাজনৈতিক প্রতিবাদ ১৯৭৯ চনৰ ১১ ফেব্ৰুৱাৰীত শ্বাহ পাহ্লৱীৰ পতন আৰু দেশৰ পৰা পলায়নৰে সমাপ্তি ঘটে। তেতিয়ালৈকে এই আন্দোলনত ধর্মীয় নেতাসকলৰ প্রভাৱ বাঢ়ি যায় আৰু ই ইছলামীয় বিপ্লৱ (ইন্কিলাব-ই ইছলামীয়া) নাম লৈ ইৰানত উগ্ৰ আমেৰিকাবিৰোধী ইছলামীয় প্ৰজাতন্ত্ৰৰ প্ৰতিষ্ঠা হয়। ইৰানৰ এনে ইছয়াধর্মীয় নেতাৰ নেতৃত্বত প্রতিষ্ঠিত হোৱা উগ্র আমেৰিকা-ইজৰাইলবিৰোধী স্থিতিয়ে অঞ্চলটোত পূৰ্বে উল্লেখ কৰা মাউদুদী-কুতুবৰ ৱাহাবী ইছলামৰ শীতল যুদ্ধকালীন ৰণনৈতিক গুৰুত্ব বৃদ্ধি কৰে। 
১৯৭৯ চনৰ ২৪ ডিচেম্বৰত কাবুলৰ কমিউনিষ্ট চৰকাৰক সুৰক্ষা দিবলৈ ছোভিয়েট নেতা ব্রেজনেভে সেনা প্ৰেৰণ কৰে। শীতল যুদ্ধৰ সেই শীর্ষতম মুহূৰ্তত ছোভিয়েট সেনা আহি দক্ষিণ এছিয়াত উপস্থিত হোৱাত আমেৰিকাসহ পশ্চিমীয়া সমৰশক্তিসমূহ সচকিত হৈ পৰে। এনেদৰে এফালে ইজৰাইলৰ সুৰক্ষাৰ মুখ্য প্ৰসংগ আৰু আনফালে খাৰুৱা তৈল ক্ষেত্ৰসমূহৰ মিত্ৰ ৰাষ্ট্ৰসমূহৰ নাকৰ আগতে ইৰানত উগ্ৰ আমেৰিকাবিৰোধী চিয়া ইছলামীয় চৰকাৰৰ প্ৰতিষ্ঠা আৰু অতিৰিক্তভাৱে আফগানিস্তানত ছোভিয়েট সেনা প্রৱেশ কৰাত আমেৰিকা প্ৰমুখ্যে পশ্চিমীয়া দেশসমূহে প্ৰতিৰোধৰ পন্থা হিচাপে এটা কৌশলকে বাছি ল'লে-- সেয়া হৈছে সেই কুতুব মাউদুদীৰ ৰাজনৈতিক সীমা নথকা ৱাহাবী ইছলামপন্থা আৰু আফগানিস্তানত ধর্মযুদ্ধৰ (জেহাদ) সৃষ্টি কৰা। তাৰ পিচৰে পৰা ছৌডি আৰবসহ উপসাগৰীয় তৈল চহকী আৰব প্ৰজাতন্ত্ৰসমূহৰ ধন আৰু ধৰ্মীয় প্ৰচাৰ আৰু স্বেচ্ছাসেৱকৰ দ্বাৰা পাকিস্তানৰ জে জিয়াউল হক সামৰিক চৰকাৰৰ সহযোগত আফ-পাক সীমান্তৰ পৰা ছোভিয়েটবিৰোধী ধর্মযুদ্ধ (জেহাদ)ৰ সূচনা। এই জেহাদক প্রশিক্ষণ দিছিল আমেৰিকাৰ চি আই এ ব্ৰিটিছ আৰু ফৰাচী চোৰাংচোৱা সংস্থাবোৰে। 
সেই তাহানিতে নাছেৰৰ মিছৰৰ পৰা গ্ৰেপ্তাৰ হোৱাৰ ভয়ত ছৌডি আৰবলৈ পলাই অহা ডাঃ আইমান আল জাৱাহিৰী আৰু ছৌডি অভিযন্তা ওছামা বিন লাডেনো এই জেহাদ কৰিবলৈ আফ-পাক সীমান্তলৈ আহিল। এই আন্তঃৰাষ্ট্ৰীয় জেহাদত ভাগ ল'বলৈ আন ঠাইৰ লগতে আহিছিল পাকিস্তান, বাংলাদেশ আদিৰ উপ-সাগৰীয় তৈলক্ষেত্ৰসমূহত কৰ্মৰত বহু দ্বিতীয় প্ৰজন্মৰ শ্রমিক। উল্লেখ্য যে আফগান জেহাদত এজনো ভাৰতীয় নাছিল।
 
সন্ত্ৰাসবাদৰ বিৰুদ্ধে কৰা মুছলমানসকলৰ প্ৰতিবাদ
 
আনহাতে আয়াতুল্লা খোমেইনীৰ নেতৃত্বত ইৰানৰ বর্ধিত চিয়া ইছলামীয় পৰিচয়ৰ শক্তিয়ে ছৌডি আৰবসহ সমূহ চুন্নী ইছলামীয় দেশসমূহক শংকিত কৰিছিল। সেয়ে আমেৰিকা ছৌডি আৰব আদিয়ে শ্বাট আল্‌-আৰব নামৰ সীমান্ত অঞ্চলৰ তৈলক্ষেত্ৰৰ বিবাদৰ প্ৰসংগত তদানীন্তন ইৰাকী ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইনৰ দ্বাৰা ইৰানৰ বিৰুদ্ধে ১৯৮০ চনৰ ২২ ছেপ্টেম্বৰত যুদ্ধৰ সূচনা কৰে। ১৯৮৮ চনলৈ চলা আধুনিক বিশ্বৰ দীৰ্ঘতম এই ইৰান-ইৰাক যুদ্ধ মূলতঃ এক 'চিয়া-চুন্নী'ৰ যুদ্ধৰ ৰূপ দিয়া হৈছিল। 
এফালে আফগানিস্তানত ছোভিয়েটবিৰোধী জেহাদ আৰু আনহাতে ইৰান-ইৰাক যুদ্ধৰ যোগেদি একে সময়তে আমেৰিকাই উগ্ৰ ৱাহাবী চুন্নী আন্তঃৰাজ্যিক ইছলামীয় চেতনাক এফালে ছোভিয়েট শক্তি আৰু লগতে চিয়া ইৰানৰ বিৰুদ্ধে প্ৰয়োগ কৰি নিজৰ ৰণনৈতিক স্বার্থক ৰূপায়ণ কৰিছিল। তেতিয়াৰ পৰাই এই 'জিহাদ' মূলতঃ পশ্চিমীয়া মিলিটেৰী শক্তিসমূহৰ স্বাৰ্থৰে বাহক হিচাপে কাম কৰি আহিছে আৰু বিশ্বৰ ইছলাম, অনা-ইছলামীয় সকলো ব্যক্তিয়ে ইয়াৰ দ্বাৰা আক্ৰান্ত হৈ আহিছে। এই ৰণনৈতিক দৃষ্টিকোণেৰেই ৰুশ্বডিৰ ক্ষেত্ৰত খোমেইনীৰ ফতোৱাৰ উদ্দেশ্য নিহিত হৈ আছে।
১৯৮৯ চনত যেতিয়া আয়াতুল্লা খোমেইনীয়ে ছাৰ ছলমান ৰুশ্বডিক মৃত্যুদণ্ডৰ ফতোৱা জাৰি কৰিছিল, সেয়া আছিল সম্পূৰ্ণ ৰাজনৈতিক আৰু ৰণনৈতিক। কাৰণ খোমেইনী বিশ্বৰ চিয়া ইছলামৰহে আধ্যাত্মিক নেতা আছিল আৰু ইৰান, ভাৰত, পাকিস্তান আদিৰ বাহিৰে বিশ্বৰ অন্যান্য ঠাইত চিয়া মুছলমানৰ সংখ্যা তেনেই নগণ্য। কিন্তু চুন্নী মুছলমানে শত্রুজ্ঞান কৰা চিয়া ইছলামৰ ধৰ্মীয় গুৰু এজনৰ আহ্বানত বিশ্বৰ চুন্নী ইছলামৰ জগততে প্রতিক্রিয়া বেছিকৈ হ'ল আৰু সৰ্বত্ৰ ৰুশ্বডিবিৰোধী বিদ্বেষ বাঢ়ি গ'ল, ফলত 'ছাটানিক ভাৰ্ছেজ' নিষিদ্ধ হ'ল। সেই হিচাপে খোমেইনী তেওঁৰ ৰাজনৈতিক কৌশলৰ যুদ্ধত ইয়াৰ দ্বাৰা জয়ী হ'ল, কাৰণ এজন চিয়া নেতাৰ কথাক সংখ্যাগুৰু চুন্নী বিজয় উন্মাদনাৰে সঁহাৰি জনালে। যি পাকিস্তানত চিয়া মছজিদত বোমা নিক্ষেপ কৰা হয়, মহৰমৰ আশ্বুৰা সমাৰোহত বোমা বিস্ফোৰণ ঘটোৱা হয়। অৱশেষত পাকিস্তানেও চৰকাৰীভাৱে 'ছাটানিক ভাৰ্ছেজ' নিষিদ্ধ কৰে। 
 
মৌলবাদী সংগঠনৰ এক প্ৰতিনিধিত্বমূলক ফটো
 
আনকি ২০০৭ চনত ব্ৰিটিছ চৰকাৰে ৰুশ্বডিক 'নাইট' উপাধি প্ৰদান কৰোতেও পাকিস্তানে আনুষ্ঠানিকভাৱে ইয়াৰ বিৰোধিতা কৰিছিল। ছাটানিক ভাৰ্ছেজৰ জাপানী অনুবাদক, বিশিষ্ট ইছলামীয় শাস্ত্রবিদ হিট'শ্বি ইগাৰাছিক ১৯৯১ চনত টকিঅ'ৰ ছুকুবা বিশ্ববিদ্যালয়ত চুৰী মাৰি হত্যা কৰা হৈছিল। তেনেদৰে ১৯৯৩ চনত গ্ৰন্থখনৰ তুর্কী ভাষাৰ অনুবাদক আজিজ নেছিনক হত্যা কৰিবলৈ এদল উগ্রবাদীয়ে তেওঁ থকা হোটেলখনতে জুই লগাই দিছিল, য'ত অনুবাদকজন কোনোমতে প্রাণ বচায় যদিও ৩৭ জন তুর্ক বুদ্ধিজীৱীৰ উক্ত ঘটনাত মৃত্যু হৈছিল। জাপানী পুলিচে ইগাৰাছিৰ হত্যাৰ সন্দেহত এগৰাকী বাংলাদেশী ছাত্ৰক আটক কৰিছিল যদিও ৰাজনৈতিক হেঁচাত সেই তদন্ত আগনাবাঢ়িল। তুৰস্কত অৱশ্যে উক্ত দুষ্কার্য চলোৱা মৌলবাদী সংগঠনটোৰ ৩৩ গৰাকী সদস্যক পিচত মৃত্যুদণ্ড দিয়া হয়। 
উল্লেখযোগ্য যে জাপানী অধ্যাপকগৰাকীৰ হত্যাকাণ্ডৰ সন্দেহত আটক হোৱা বাংলাদেশী ছাত্রজন বা তুৰস্কত আজিজ নেছিনক হত্যাৰ বাবে চেষ্টা চলোৱা উগ্ৰপন্থী দলটো কোনোৱেই চিয়া ইছলামধর্মী নাছিল। এয়া সেই মানসিকতা যিবোৰ ১৯৭০ দশকৰ পৰা অহৰহ আন্তঃৰাষ্ট্ৰীয় পৃষ্ঠপোষকতাত চলি আহিছে। অর্থাৎ ভিন্ন পন্থাৰ হৈও খোমেইনীয়ে ইমানদিনে শক্তিশালী পৃষ্ঠপোষকতা আৰু আৰ্থিক সাহায্যৰে বিস্তাৰিত হৈ থকা সংখ্যাগুৰু চুন্নী ইছলামীয় মৌলবাদী ধাৰণাক এটা উদগীৰণৰ বাট দেখুৱাই দিলে আৰু সেয়াই আৰম্ভণি। 
ইয়াৰ পিচত ১৯৯৩ চনত বাংলাদেশৰ তছলিমা নাছৰীন, ২০০৫ চনৰ ডেনমাৰ্কৰ বাতৰি কাকত জাইলান্দছ পষ্টেল'ত পয়গম্বৰৰ কাৰ্টুনৰ পৰা ২০১৫ৰ ফ্ৰান্সৰ চাৰ্লি হেব্দলৈকে অনুৰূপ ফতোৱা আৰু আক্ৰমণৰ ঘটনা চলি থাকিল। ছাৰ ছলমান ৰুশ্বডি বহু বছৰ অজ্ঞাতবাসত থাকিল। পিচত তেওঁ নিজেই এদিন ক'লে যে 'সন্ত্ৰাসবাদৰ এদিন স্বাভাৱিক মৃত্যু হব'। ১৯৯৮ চনতে ইৰানৰ ৰাষ্ট্ৰপতিয়ে ৰুশ্বডিৰ বিষয়টো আনুষ্ঠানিকভাৱে অন্ত পৰিল বুলিও ঘোষণা কৰে। লাহে লাহে বিশ্বত ৰুশ্বিডৰ ফতোৱাৰ বিষয়টো সকলোৰে মানসপটৰ পৰা নোহোৱা হ'বলৈ ধৰে।
 
হজৰত মহম্মদৰ কাৰ্টুন অংকনক কৰাক লৈ কৰা এক  প্ৰতিবাদৰ দৃশ্য
 
তাৰ বিপৰীতে কিন্তু আফগানিস্তানৰ জেহাদত সৃষ্টি হোৱা চুন্নী মৌলবাদী সন্ত্রাসে সর্বত্র অশান্তিৰ সৃষ্টি কৰিবলৈ ধৰে। ভাৰতৰ কাশ্মীৰৰ পৰা আৰম্ভ কৰি ছেছনিয়া, বছনিয়া, আফ্ৰিকাৰ ছোমালিয়া, নাইজেৰিয়া, মালি, আলজেৰিয়া, এছিয়াৰ পাকিস্তান, আফগানিস্তান, বাংলাদেশ, ইণ্ডোনেছিয়া, ফিলিপাইনছ আদিত বহু অশান্তিৰ সৃষ্টি কৰিবলৈ ধৰিলে। অল কায়দা, তালিবান, লস্কৰ-ই-তৈবা, জইচ-ই-মহম্মদ, হুজী জেমা ইছলামিয়া, বকো হাৰাম, আল ছাবাব আনছাৰ দিন আদিয়ে বহু সন্ত্রাস সৃষ্টি কৰে। 
৯/১১ সন্ত্ৰাসৰ পৰা পেৰিছ, ব্ৰুছেলছৰ বোমা বিস্ফোৰণলৈকে এই একেবিধ জেহাদী মানসিকতাৰ চিকাৰ আমি সৰ্বত্ৰ দেখিবলৈ পাই আহিছো। সম্প্রতি ওছামা বিন লাডেন, ডাঃ জাৱাহিৰীৰ দৰে জেহাদী নেতাবোৰ নাই যদিও তেওঁলোকৰ জীৱন-কর্মই বিকশিত কৰি যোৱা সেই মানসিকতা বহুতৰ মাজত অব্যাহত আছে। বাংলাদেশত এসময়ত ত্ৰাসৰ সৃষ্টি কৰা ইছলামীয়া ছাত্ৰ সন্থাৰ নেতা বাংলা ভাইকো সেই দেশে ফাঁচী দিলে যদিও বাংলাদেশত হুজী, আনছাৰউল বাংলা আদি আফগান ফেৰৎ জেহাদীয়ে জন্ম দিয়া সংগঠনৰ চিন্তা চেতনা আজিও অব্যাহত আছে। বিশেষকৈ সম্প্রতি অতি সুলভ হৈ পৰা তথ্য প্ৰযুক্তিৰ মাধ্যমসমূহে ব্যক্তিগতভাৱে হ'লেও এনে মানসিকতাৰ ব্যক্তিক বিভিন্নধৰণেৰে সংযোজিত কৰি ৰাখিছে। ইছলামিক ষ্টেটত বা আইছিছৰো শীর্ষ নেতাৰ মৃত্যুৰ পিচত সেই সন্ত্রাসবাদী গোটৰ কার্যকলাপ কমিছে যদিও চাইবাৰ ক্ষেত্ৰখনৰ যোগেদি এনে উপাদান সর্বত্র আছে। 
ৰুশ্বডিক নিউয়র্কত আক্রমণ কৰা আততায়ীজনো এনে মানসিকতা কঢ়িয়াই বা এজন তথ্য-প্রযুক্তি প্রদত্ত ব্যক্তি। চৌব্বিশ বছৰীয়া এই আক্ৰমণকাৰীজনৰ জন্মৰ প্ৰায় এটা দশকৰ পূর্বেই ৰুশ্বডিৰ বিৰুদ্ধে খোমেইনীৰ ফতোৱা ওলাইছিল। অর্থাৎ নিজৰ জীৱনকালত আক্ৰমণকাৰীজনে কেৱল এই ভার্চুৱেল জগতত থাকিয়েই এইগৰাকী আমেৰিকাৰ নাগৰিকে সেই জেহাদৰ দীক্ষা লৈছিল আৰু সেই মানসিকতা বিকশিত কৰিছিল। সেয়ে মানসিকতাটোহে মূল। সহজলভ্য তথ্য প্ৰযুক্তিৰ দ্বাৰা অহা জেহাদী চিন্তা-চৰ্চাই আজি আমাৰ বহুতৰে মন মগজু ভৰাই ৰাখিছে। এই মানসিকতাৰ পৰিবৰ্তন নহ'লে এই ঘৃণাৰ যুঁজখনৰ অন্ত নাই।
 
(লেখক এজন স্তম্ভলেখক  তথা উত্তৰ লখিমপুৰৰ লখিমপুৰ কমাৰ্চ কলেজত ইংৰাজীৰ শিক্ষক)