অঞ্জু শাণ্ডিল্য
১২২৮ খ্ৰীষ্টাব্দৰ আঘোণ মাহত চাওলুং চুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহি সৌমাৰ খণ্ডত প্ৰৱেশ কৰিছিল। সেই সময়ত পথাৰবোৰ পকা ধানেৰে সোণোৱালী হৈ আছিল। হালধীয়া হৈ সৰিয়হ ফুলিছিল। চুকাফাই নাম থ'লে মুং-দুন-চুন-খাম, অর্থাৎ সোণালী শস্যৰ দেশ। এই সোণালী শস্যৰ দেশত চুকাফাই গঢ়ি তুলিলে সাতভনীৰ দেশ 'বৰ অসম'।
চুকাফাৰ বংশটোৰ নাম হ'ল আহোম ৰাজবংশ। একেৰাহে ছশ বছৰ ৰাজত্ব কৰি আহোমসকলে এক স্বর্ণযুগৰ সূচনা কৰিলে। টাই আহোম ৰাজবংশৰ লোকসকল তাও ধর্মীয় লোক। পিচলৈ বৃহৎ অসমীয়া জাতি গঠন প্রক্রিয়াত আহোমসকলে নিজা ভাষা-ধর্ম-সংস্কৃতি এৰি স্থানীয় ভাষা-ধর্ম-সংস্কৃতি গ্রহণ কৰিলে। তথাপি বহুতো আহোম সম্প্রদায়ৰ মাজত এতিয়াও টাই আহোমৰ ৰীতি-নীতিৰে কিছুমান পূজা- সেৱা, উৎসৱ, অনুষ্ঠান চলি আছে।
বর্তমান ৩১ জানুৱাৰীৰ দিনা প্ৰতি বছৰে উপৰিপুৰুষৰ স্মৃতি তৰ্পণৰ অনুষ্ঠান মে-দাম-মেফি পালন কৰা হয়। পূর্বতে আহোম স্বৰ্গদেউসকলে আঁহত বা জৰী গছৰ তল, দেওশাল বা থান আদিত ৰাজহুৱাভাৱে মে-দাম-মেফি অনুষ্ঠান পালন কৰিছিল। আজিকালি কাৰেংঘৰৰ বাকৰি, লাকুৱাৰ আমলখি দেওশাল, চৰাইদেউ আদিতো ৰাজহুৱাভাৱে মে-দাম-মেফি পালন কৰা হয়।চুকাফাই সৌমাৰখণ্ডত ভৰি থৈয়েই তিপামৰ বৰগছ আৰু আঁহত গছৰ তলত থান পাতি উপৰিপুৰুষ আৰু স্বৰ্গত থকা দেৱতাসকলৰ আশীৰ্বাদ বিচাৰি তৰ্পণ কৰিছিল। এয়াই মে-দাম-মেফিৰ আৰম্ভণি। পিচত ১২৫৩ খ্রীষ্টাব্দত চৰাইদেউত ৰাজধানী পাতে আৰু প্ৰতি বছৰেই মে-দাম-মেফি পাতে।
মে-দাম-মেফিৰ এক অনুষ্ঠানত বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশ গ্ৰহণ কৰা এক দৃশ্য
আহোম বুৰঞ্জীমতে চুকাফাৰ লগত অহা ম-মুন-ম-মাই দেওধায়ে প্রথম মে-দাম-মেফি পাতিছিল। ৰাজহুৱাভাৱে চুকাফাই তিপামৰ বুঢ়া ডাঙৰীয়াৰ থানত মে-দাম-মেফি পাতিছিল। তাৰো আগতে সৌমাৰখণ্ডত ভৰি দিয়াৰ আগতে ইৰাৱতী নৈৰ পাৰত মে-দাম-মেফি পাতিছিল। সৌমাৰত প্ৰৱেশ কৰি বুঢ়ীদিহিঙৰ পাৰত নামৰূপত মে-দাম-মেফি পাতিছিল। কেইবাখনো আহোম বুৰঞ্জীত এইবোৰ কথা আছে। চৰাইদেউত মে-দাম-মেফি পতাৰ পিচৰ পৰা প্ৰায় সকলো আহোম স্বৰ্গদেৱে মে-দাম-মেফি অনুষ্ঠিত কৰিবলৈ ল'লে।
আহোমসকলৰ ধর্মীয় বিশ্বাসমতে পূর্বপুৰুষসকলৰ কায়িক সত্তা নাথাকে; কিন্তু আধ্যাত্মিক সত্তাৰ বৈশিষ্ট্যসমূহ থাকি যায়। এই আধ্যাত্মিক সত্তাই পিচৰ পুৰুষক আশীর্বাদ দিয়ে আৰু সংকটৰ সময়ত প্ৰভাৱ বিস্তাৰ কৰি ৰক্ষা কৰে। ত্রয়োদশ শতিকাৰ পৰা চলি অহা মে-দাম-মেফি উৎসৱে শান্তি-সম্প্রীতিৰ বার্তা বহন কৰি আহিছে। আগতে মে-দাম-মেফিত আঠখন মাইহাং ব্যৱহাৰ হৈছিল। আজিকালি চুকাফাৰ নামতো মাইহাং আগবঢ়োৱা হয়।
স্বৰ্গদেউ চুকাফাৰ বাবেই অসম আৰু অসমীয়া জাতিৰ সৃষ্টি হ'ল। সেইজন চুকাফাৰ আশীর্বাদ অসম আৰু অসমীয়াক লাগে। প্রথমতে সৌমাৰখণ্ডত ৰাজ্য স্থাপনৰ বাবে চুকাফাই মে-দাম-মেফি পাতিছিল যদিও পিচলৈ দেশ-জাতিৰ মংগলৰ বাবে এই অনুষ্ঠান পাতিবলৈ ল'লে। সকলো জাতি-জনগোষ্ঠী-সম্প্ৰদায়ৰ প্রতি সমভাৱ পোষণ কৰিছিল। আহোম ৰাজদৰবাৰত বিষয়া-আমোলাসকল মাথোঁ আহোম সম্প্রদায়ৰ নাছিল। যোগ্যতা-দক্ষতাৰ ভিত্তিত বিভিন্ন জাতি-জনগোষ্ঠী-সম্প্ৰদায়ৰ লোকে বিষয়া-আমোলাৰ পদবী পাইছিল আৰু এইসকলেও মে-দাম- মেফিত পূর্ণ সহযোগ কৰিছিল।
প্ৰতিনিধিত্বমূলক ছবি
তদুপৰি মে-দাম-মেফি উদ্যাপনৰ মূল উদ্দেশ্যই আছিল দেশ-ৰজা-প্ৰজাৰ মংগল কামনা। আৰু অপায়-অমংগল নাশ হোৱা। ৰজাঘৰীয়া উৎসৱৰূপে মুছলমান সম্প্ৰদায়ৰ বিষয়াসকলেও ইয়াত পূর্ণ সহযোগ কৰিছিল। সেয়া চুকাফাৰ দিনৰে পৰাই আছিল। চুকাফাৰ ৰাজত্ব কালত বকতিয়াল উপাধিৰ ৰাজবিষয়াৰ কথা ইতিহাসে কয়।
'চকৰিফেটী অসম বুৰঞ্জী'তো আছে। চুকাফাৰ দিনৰ চেংচাই গৰিয়াৰ কথাও জনা যায়। পিচত আহোম স্বৰ্গদেউসকলৰ দিনত গাঁও সংগঠনত গৰিয়া, মৰিয়া, তাঁতী, জোলা, দর্জি, আখৰকটীয়া, গুণাকটীয়া, জলমবটা, শিলাকুটীয়া, খনিকৰ, ফাচীপঢ়িয়া আদি ভিন্ন ভিন্ন পদবীৰে মুছলমান পৰিয়ালক সংস্থাপন কৰা হৈছিল। জয়ধ্বজ সিংহ স্বৰ্গদেউৰ দিনত ৰাজবিষয়া আছিল চুলতান গৰিয়া, চুহাম গৰিয়া। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজসভাত বগা বৰওজা মোল্লা আছিল। সেনাবিষয়া, চিত্রশিল্পী আদিও মুছলমান সম্প্রদায়ৰ আছিল। এইসকলেও মে-দাম-মেফিত সহযোগ কৰিছিল। সেয়ে এই উৎসৱ বর্তমান আহোমসকলৰ ধর্মীয় উৎসৱ হৈ থকা নাই। এই উৎসৱ জাতীয় উৎসৱত পৰিণত হৈছে।
স্বৰ্গদেউ চুহুংমুঙৰ ৰাজত্বকাল (১৫৩৫)ত প্রথমবাৰৰ বাবে ধুমধামেৰে ৰাজকীয়ভাৱে মে-দাম-মেফি পতা হৈছিল। তাৰ পিচত স্বৰ্গদেউ প্রতাপ সিংহই ১৬০৫ আৰু ১৬১৫ ত ৰাজকীয়ভাৱে মে-দাম-মেফি পাতে। জয়ধ্বজ সিংহ স্বর্গদেৱে মে-দাম-মেফি নপতাৰ বাবেই মোগলে আহোম সেনাক পৰাস্ত কৰে বুলি প্রবাদ ওলোৱাত পিচৰজনা স্বৰ্গদেউ চক্ৰধ্বজ সিংহই মহা আড়ম্বৰপূৰ্ণভাৱে মে-দাম-মেফি পাতে আৰু শৰাইঘাট ৰণত জয়লাভ কৰে। আহোম ৰাজত্বৰ শেষলৈকে এই উৎসৱ চলি আছিল। পিচত ইংৰাজৰ শাসন কালত এই উৎসৱ ৰাজহুৱাভাৱে অনুষ্ঠিত হোৱাৰ তথ্য নাই।
প্ৰতিনিধিত্বমূলক ছবি
স্বাধীনতা লাভ কৰাৰ আগত ১৯৪০ ৰ পৰা ১৯৪৫ চনলৈ উত্তৰ গুৱাহাটীৰ মণিকণেশ্বৰত মে-দাম-মেফি পতা হৈছিল। দেশে স্বাধীনতা লাভ কৰাৰ কেইবাবছৰৰ পিচত ১৯৬৩ চনত ব্ৰহ্মপুত্ৰৰ পাৰত গুৱাহাটীৰ বহুকেইজন লোকৰ প্ৰচেষ্টাত মে-দাম-মেফি পতা হৈছিল। ১৯৭১ চনত গড়গাঁৱত চন্দ্ৰ আৰন্ধৰা, তনু কোঁৱৰ আদিৰ প্রচেষ্টাত ৰাজহুৱাভাৱে মে-দাম-মেফি অনুষ্ঠিত হৈছিল। ১৯৮৩ চনত সেই সময়ৰ মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়াৰ উদ্যোগত শিৱসাগৰৰ তলাতল ঘৰৰ প্ৰাংগণত অতি ধুমধামেৰে মে-দাম-মেফি পতাৰ পিচৰ পৰা এই উৎসৱে মাত্র অসমৰে নহয়, উত্তৰ-পূৰ্বাঞ্চলৰ সকলো জনগোষ্ঠীকে একত্রিত কৰি তোলে।
প্রথম অৱস্থাত বিভিন্ন সময়ত মে-দাম-মেফি পতা হৈছিল যদিও প্রতি বছৰে ৩১ জানুৱাৰীৰ দিনটোকে চৰকাৰীভাৱে ধার্য কৰা হয়। ১৯৮৩ ৰ মে-দাম-মেফিত ৰাজ্যখনৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ সাতোখন ৰাজ্যৰ মুখ্যমন্ত্রী, থাইলেণ্ড, ব্ৰহ্মপুত্ৰৰ অতিথিৰে ৰংঘৰ, তলাতল ঘৰৰ বাকৰি লোকাৰণ্য হৈছিল। শোভাযাত্রাত নাগালেণ্ড, অৰুণাচল, মিচিং, বড়ো, ৰাভা, কছাৰী, চাহ জনজাতি আদিৰ জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতি জিলিকি উঠিছিল।
২০১০ চনত মে-দাম-মেফি উৎসৱ গুৱাহাটীৰ চুকাফা নগৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উদ্যাপন কৰা হৈছিল। এই উৎসৱত চীন, লাওচ, থাইলেণ্ড, ম্যানমাৰ, কানাডা, ভিয়েটনাম আদিৰ ৰাষ্ট্রদূতৰ লগতে প্রায় ৫০ জন প্রতিনিধিয়ে অংশগ্রহণ কৰিছিল। এইবাৰো অসমৰ ভিন্ন প্রান্তত মে-দাম-মেফি অনুষ্ঠিত হ'ব। অসমতো ভিন্ন সম্প্ৰদায়ৰ লোকে বসবাস কৰে। সেইসকলেও অসম আৰু অসমীয়াৰ সংকট মোচনৰ বাবে পূর্বপুৰুষৰ আশীর্বাদ বিচাৰি মে-দাম-মেফিতে তর্পণ কৰা উচিত। জাতি-বর্ণ-ধর্ম-সম্প্রদায় নির্বিশেষে আমি সকলোৱে ইয়াত অংশগ্রহণ কৰি সম্প্রীতিৰ উৎসৱলৈ পৰিণত কৰোঁ আহক।