মিত্ৰজোঁটৰ চৰকাৰ সুচাৰুৰূপে চলাবলৈ প্ৰধানমন্ত্ৰী মোদীৰ নতুন দৃষ্টিভংগী

Story by   Atir Khan | Posted by  Munni Begum • 1 Months ago
বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, তেলেগু দেশম পাৰ্টিৰ মুৰব্বী এন চন্দ্ৰবাবু নাইডু, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ সভাপতি জে পি নাড্ডা, জনসেনা পাৰ্টিৰ মুৰব্বী পৱন কল্যাণ আদিৰ সৈতে গ্ৰুপ ফটোৰ বাবে পোজ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, তেলেগু দেশম পাৰ্টিৰ মুৰব্বী এন চন্দ্ৰবাবু নাইডু, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ সভাপতি জে পি নাড্ডা, জনসেনা পাৰ্টিৰ মুৰব্বী পৱন কল্যাণ আদিৰ সৈতে গ্ৰুপ ফটোৰ বাবে পোজ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
 
  আতিৰ খান
 
কেয়াৰটেকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰত মিত্ৰজোঁটৰ চৰকাৰক সঠিকভাৱে নেতৃত্ব দিয়াৰ দক্ষতাক লৈ ৰাজনৈতিক বিশ্লেষকসকলৰ মাজত ব্যাপক সন্দেহৰ সৃষ্টি হৈছে যদিও শেহতীয়াকৈ সংসদৰ কেন্দ্ৰীয় সভাগৃহত দিয়া ভাষণে তেওঁৰ দৃষ্টিভংগীৰ এক উল্লেখযোগ্য পৰিৱৰ্তনৰ ইংগিত বহন কৰিছে।
 
প্ৰধানমন্ত্ৰীৰ ভাষণে এই কথাৰ ইংগিত দিছে যে তেওঁ ইতিমধ্যে মিত্ৰজোঁটৰ ধৰ্মৰ জটিলতাক নিয়ন্ত্ৰণ কৰাৰ দিশত নিজৰ কৌশল সালসলনি কৰিবলৈ আৰম্ভ কৰিছে। NDA-ক New, Developed আৰু Aspirational India (নতুন, উন্নত আৰু আকাংক্ষিত ভাৰত) আখ্যা দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁ সহযোগী দলসমূহক লগত লৈ আগবাঢ়িব। তেওঁ কেতিয়াবা দ্ৰুত সিদ্ধান্ত গ্ৰহণৰ পৰা বিৰত থাকি মিত্ৰজোঁটৰ সৈতে হাতে-হাত ধৰি খোজ কাঢ়িবলগীয়া হ’ব পাৰে।
 
শুকুৰবাৰৰ ভাষণত তেওঁ আগন্তুক এন ডি এ মিত্ৰজোঁট চৰকাৰৰ আয়ুসকাল সম্পৰ্কীয় চিন্তা দূৰ কৰিবলৈ চেষ্টা কৰে। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে এন ডি এ 'ইণ্ডিয়া ব্লক'ৰ দৰে নতুন আৰু সুবিধাবাদী মিত্ৰজোঁট নহয়। মোদীয়ে আলোকপাত কৰে যে এন ডি এৰ শিপা ত্ৰিশ বছৰ আগতে ৰোপণ কৰা হৈছিল, এতিয়া ই এজোপা শক্তিশালী বৃক্ষ হৈ উঠিছে। 
 
নতুন সংসদ ভৱনতৰ এক দৃশ্য
 
অটল বিহাৰী বাজপেয়ীৰ পৰা প্ৰেৰণা লৈ তেওঁ ইংগিত দিয়ে যে বিৰোধী আৰু মিত্ৰজোঁটৰ অংশীদাৰ উভয়ৰে প্ৰত্যাহ্বান মোকাবিলা কৰাৰ ক্ষেত্ৰত তেওঁৰ ক্ষমতাক তুচ্ছজ্ঞান কৰাটো ভুল হ’ব। তেওঁ লগতে বিজেপিৰ দুই বৰ্ষীয়ান নেতা এল কে আদৱানী আৰু মূৰলী মনোহৰ যোশীৰ পৰাও আশীৰ্বাদ বিচাৰে। বাজপেয়ীৰ মিত্ৰজোঁটৰ এন ডি এ চৰকাৰৰ সময়ত আদৱানী উপ-প্ৰধানমন্ত্ৰী আছিল আৰু মূৰলী মনোহৰ যোশী কেন্দ্ৰীয় মানৱ উন্নয়ন আৰু শিক্ষা মন্ত্ৰী আছিল।
 
ভাষণত মোদীয়ে দেশবাসীক মিত্ৰজোঁটৰ ৰাজনীতিৰ সৈতে তেওঁৰ পূৰ্বৰ অভিজ্ঞতাৰ কথা সোঁৱৰাই দিয়ে। প্ৰধানমন্ত্ৰীয়ে কয় যে দলীয় সংগঠনৰ ভিতৰত কাম কৰাৰ সময়ত তেওঁ বাজপেয়ী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ গতিশীলতাক ওচৰৰ পৰা নিৰীক্ষণ কৰিছিল। অৱশ্যে, তেওঁ স্পষ্ট কৰি দিয়ে যে আজিৰ বিজেপি বাজপেয়ীৰ কার্যকালৰ দৰে নহয়। এতিয়া ই যথেষ্ট বৃহত্তৰ ৰূপ ধাৰণ কৰিছে। একেৰাহে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ লগতে বিশ্বৰ নেতাসকলৰ সৈতে তেওঁৰ আন্তৰিক সম্পৰ্ক আছে। ই তেওঁক এজন আত্মবিশ্বাসী আৰু শক্তিশালী নেতা হিচাপে প্ৰতিষ্ঠিত কৰে।
 
ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে দলটোৰ সামূহিক শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যিটো বিগত তিনিটা লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ ক্ৰমবৰ্ধমান শক্তিৰ সৈতে তুলনা কৰিব পাৰি। মঞ্চত মিত্ৰজোঁটৰ নেতাসকলৰ সৈতে তেওঁৰ পাৰস্পৰিক ক্ৰিয়াই ইতিবাচক সম্পৰ্ক প্ৰদৰ্শন কৰিছিল, অংশীদাৰসকলে তেওঁৰ নেতৃত্বৰ ওপৰত আস্থা প্ৰকাশ কৰিছিল। আৰু যে ক্ষমতা বিভাজনৰ বিজেপিৰ আপোচ বাজপেয়ীৰ যুগৰ দৰে বৃহৎ নহ’ব৷ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে দলটোৰ সামূহিক শক্তিক আলোকপাত কৰে আৰু বিগত তিনিটা লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ সংযুক্ত শক্তিৰ সৈতে ইয়াক তুলনা কৰে।
 
এন ডি এ মিত্ৰশক্তিৰ নেতাসকলৰ সৈতে হোৱা এক বৈঠকৰ দৃশ্য
 
মঞ্চত মিত্ৰজোঁটৰ নেতাসকলৰ সৈতে তেওঁৰ পাৰস্পৰিক ক্ৰিয়াই ইতিবাচক সম্পৰ্ক প্ৰদৰ্শন কৰে। একেদৰে, অংশীদাৰসকলেও তেওঁৰ নেতৃত্বৰ ওপৰত আস্থা প্ৰকাশ কৰে। তেওঁ লগতে ইংগিত দিয়ে যে বাজপেয়ীৰ যুগত বিজেপিৰ ক্ষমতা বিনিময়ৰ আপোচ যিমান বিস্তৃত আছিল, সিমান ব্যাপক নহ’ব। মিত্ৰজোঁটৰ প্ৰধান অংশীদাৰ চন্দ্ৰ বাবু নাইডু আৰু নীতিশ কুমাৰ দুয়োজন মুখ্যমন্ত্ৰী হোৱাৰ বাবে তেওঁ মিত্ৰজোঁট চলাবলৈ অধিক সুযোগ লাভ কৰিব। তদুপৰি, দুয়োজনেই এন ডি এৰ অভিজ্ঞ মিত্ৰ আৰু মিত্ৰজোঁটৰ বাধ্যবাধকতাক বুজি পায়।
 
বুজা গৈছে যে প্ৰধানমন্ত্ৰী মোদীয়ে কিছুমান দলীয় পদক্ষেপত আপোচ কৰাৰ প্ৰয়োজনীয়তা আৰু নিৰাপত্তা আৰু শিক্ষাৰ কেবিনেট কমিটীৰ বাহিৰেও মিত্ৰজোঁটৰ অংশীদাৰৰ সৈতে গুৰুত্বপূৰ্ণ কেবিনেট পৰ্টফলিঅ’ ভাগ-বতৰা কৰাৰ বাধ্যবাধকতাক উপলব্ধি কৰিছে। মোদীৰ কৰ্তৃত্বশীল ভাবমূৰ্তিৰ বাবেই মিত্ৰজোঁটৰ নীতি মানি চলাৰ ক্ষমতাক লৈ বহুতে সন্দেহ প্ৰকাশ কৰিছে। কিন্তু মিত্ৰজোঁটৰ চৰকাৰত মন্ত্ৰীসভা গঠনৰ সন্দৰ্ভত উদ্বেগ আৰু ভুল বুজাবুজি ৰোধ কৰিবলৈ আৰম্ভ কৰিছে।
 
প্ৰকাশ সিং বাদল, বাল থাকৰে, জৰ্জ ফাৰ্নাণ্ডেজ, আৰু শাৰদ যাদৱৰ দৰে এন ডি এৰ পূৰ্বৰ নেতাসকলৰ কথা মনত ৰাখি প্ৰধানমন্ত্ৰী মোদীয়ে আগন্তুক প্ৰত্যাহ্বানৰ বাবে মানসিকভাৱে সাজু হোৱা যেন দেখা গৈছে। তেওঁ অভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিছে, এয়া কেৱল পাঁচ বছৰৰ বাবে নহয়, দহ বছৰৰ বাবে। 
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বিহাৰৰ মুখ্যমন্ত্ৰী নিতিশ কুমাৰ
 
বাজপেয়ীৰ সৈতে তুলনা থাকিলেও একাংশই এতিয়াও কঠিন পৰিস্থিতি চম্ভালিব পৰাকৈ মোদীৰ দক্ষতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। কিন্তু বিশেষকৈ ক'ভিড মহামাৰীৰ দৰে সংকটৰ সময়ত তেওঁৰ ফলপ্ৰসূ নেতৃত্বৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ সময়ৰ সৈতে খাপ খোৱাৰ ক্ষমতাক তুচ্ছজ্ঞান কৰাটো বুধিয়কৰ কাম নহ’ব।
 
মিত্ৰজোঁটৰ নতুন যুগৰ সৈতে নিজকে খাপ খুৱাই লোৱাৰ গুৰুত্ব উপলব্ধি কৰি বিৰোধীৰ সৈতে মোকাবিলা কৰাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে হয়তো বাজপেয়ীৰ নমনীয়তা আৰু হাস্যৰসৰ অভ্যাস গ্ৰহণ কৰিব লাগিব।