বৰ্তমান সমাজত গান্ধীজীৰ আদৰ্শৰ প্ৰাসংগিকতা

Story by  Pulin Deka | Posted by  [email protected] • 7 Months ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
 পুলিন ডেকা
 
স্বৰাজ, অহিংসা, স্বদেশী, সর্বোদয়, সত্যাগ্রহ, স্বচ্ছতাৰ আদৰ্শৰে পৰিচালিত আছিল। গান্ধীজীৰ জীৱন। গান্ধীজীৰ জীৱন দৰ্শনে আজি সমগ্র বিশ্ববাসীকে আকৰ্ষিত কৰিছে। স্বদেশপ্ৰেমৰ উজ্জ্বল নিদর্শনেৰে গান্ধীজীয়ে সত্যক আশ্ৰয় লৈ যি মাৰ্গদৰ্শন প্ৰদৰ্শন কৰিলে সেয়া আজিও মানৱ উত্তৰণৰ পাথেয় হৈ আছে। 
 
 
সমগ্ৰ জীৱনে মানৱতাৰ কল্যাণৰ হকে গান্ধীজীয়ে আত্মোৎসৰ্গাৰে সেৱা আগবঢ়াইছিল। ভাৰতৰ স্বাধীনতা আন্দোলনত এক বিশেষ মহত্ব প্ৰদান কৰা গান্ধীজীৰ জীৱন দৰ্শনক যিসমূহ বিষয় এতিয়াও প্ৰাসংগিক হৈ আছে সেই সম্পর্কত আমি নির্মোহ পর্যালোচনা কৰিব লাগিব। গান্ধীজীৰ আদৰ্শ মানৱ জাতি জীয়াই থকা লৈকে সদায় প্ৰাসংগিক হৈয়ে ৰ'ব।
 
মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্বদ্ধঞ্জলি জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে
 
গান্ধীজীৰ আদৰ্শ জীয়াই ৰাখিবলৈ আমি কিমান দূৰ সচেষ্ট হৈছো সেই বিষয়ে চিন্তা কৰাৰ সময় আহি পৰিছে। এখন ঐক্যবদ্ধ ভাৰতবৰ্ষৰ স্বপ্নই তেখেতৰ সমগ্ৰ জীৱনকে প্রভাৱিত কৰিছিল। জাতি, ধর্ম, ভাষা নির্বিশেষে এখন সমন্বয়ৰ ভাৰতবৰ্ষৰ ছবি তেওঁ বিচাৰিছিল। তেওঁৰ সেই সপোন বাস্তৱায়িত কৰাৰ দিশত আমি কেতিয়াবা ব্যর্থ হোৱা বাবে আজিও ভাৰতবৰ্ষৰ সমাজখনে সমন্বয়ৰ অভাৱ অনুভৱ কৰে। গান্ধীজীৰ আদৰ্শৰে এখন শক্তিশালী ভাৰতবৰ্ষ নিৰ্মাণ কৰিব লাগিলে আমাৰ যুৱ প্ৰজন্মই এক ভাৰত এই আদৰ্শৰে নিজকে আগুৱাই নিয়াৰ প্ৰয়াস কৰিব লাগিব। 
 
ভাৰতবর্ষৰ আত্মা গাঁৱত বাস কৰে বুলি গান্ধীজীয়ে গভীৰভাৱে বিশ্বাস কৰিছিল। তেওঁ ভাৰতৰ অৰ্থনৈতিক উত্তৰণৰ ছবিখন গ্ৰামাঞ্চলৰ পৰা বিচাৰিছিল। সেইবাবে গ্রাম্য শিল্প আধুনিক দিশেৰে আগুৱাই নি দেশৰ অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিব লাগিব। গান্ধীজীৰ সৈতে অসমৰ এক সু-সম্পৰ্ক আছিল। জীৱনকালত গান্ধীজীয়ে ১৯২১, ১৯২৬, ১৯৩৪ আৰু ১৯৪৬ চনত অসম ভ্ৰমণ কৰিছিল। এই ভ্ৰমণকালত গান্ধীজীয়ে ৰাজ্যখনৰ বিভিন্ন স্থানত উপস্থিত হৈ স্বাধীনতা আন্দোলনক অধিক গতিশীলতা প্রদান কৰাৰ সমান্তৰালভাৱে অস্পৃশ্যতা আৰু কানিৰ দৰে মহাব্যাধিৰ বিৰুদ্ধে ব্যাপক জনমত সৃষ্টি কৰিবলৈ সক্ষম হৈছিল।
 
মহাত্মা গান্ধীৰ নশ্বৰদেহ লৈ কৰা শোভাযাত্ৰাৰ এক মূহুৰ্ত
 
এতিয়া আমাৰ দায়িত্ব হৈছে যুৱ প্ৰজন্মক ৰক্ষা কৰাৰ বাবে নৈতিক অধপতনৰ দিশসমূহ গান্ধীজীৰ আদৰ্শৰে ৰুদ্ধ কৰা। গান্ধীজীয়ে সমগ্ৰ জীৱন শান্তিৰ বাবে কাম কৰি গৈছিল। অহিংসাৰ এইগৰাকী পূজাৰীয়ে সমাজখনক শক্তিশালীভাৱে আগুৱাই নিয়াৰ বাবে শান্তিৰ বাবেই জীবন উৎসৰ্গিত কৰিছিল। গান্ধীজীৰ আদৰ্শৰ গুৰুত্ব আৰু প্রাসংগিকতা উপলব্ধি কৰিয়েই ৰাষ্ট্ৰসংঘই ২০০৭ চনতে তেখেতৰ জন্মদিৱস 'আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস ৰূপে ঘোষণা কৰিছিল। গান্ধীজীয়ে সদায়ে অসমৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে কাম কৰি গৈছিল। 
 
ভাৰতবৰ্ষৰ স্বাধীনতাৰ পূৰ্বে কেবিনেট মিছনে গ্রুপিং আঁচনিৰ অধীনত দেশ বিভাজনৰ বাবে আগবঢ়োৱা পৰামৰ্শ সকলোৰে জ্ঞাত। এই গ্রুপিং আঁচনিৰ জৰিয়তে সেই সময়ৰ অসম প্ৰদেশ, পূব পাকিস্তান অর্থাৎ বৰ্তমানৰ বাংলাদেশৰ সৈতে চামিলকৰণৰ বাবে কেবিনেট মিছনে পৰামৰ্শ আগবঢ়াইছিল। 
 
অসমৰ স্বকীয় সত্ত্বা অক্ষুণ্ণ ৰখাৰ সংকল্পৰে গোপীনাথ বৰদলৈয়ে মহাত্মা গান্ধীৰ সহযোগিতা বিচাৰিছিল। অসমীয়াৰ ভাৱাবেগক সন্মান জনাই গান্ধীজীয়ে অসমৰ স্বাৰ্থত গোপীনাথ বৰদলৈক কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধেই সত্যাগ্ৰহ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল। গান্ধীজীৰ আস্থা আৰু সাহসৰ ভেটিতেই গোপীনাথ বৰদলৈৰ নেতৃত্বত অসমীয়া জাতিয়ে গ্রুপিং আঁচনি প্রতিহত কৰিবলৈ সক্ষম হৈছিল। 
 
জৱাহৰলাল নেহৰুৰ সৈতে মহাত্মা গান্ধী
 
আমি আজি একবিংশ শতিকাত পদার্পণ কৰি বিজ্ঞান আৰু প্ৰযুক্তিৰে আগুৱাই গৈছো। কিন্তু সমাজ এখন জীয়াই থাকিবলৈ কেতবোৰ আদৰ্শৰ প্ৰয়োজন। যিবোৰে সামাজিক জীৱনধাৰাক শক্তিশালী কৰিব পাৰে। মহামানৱ মহাত্মা গান্ধীয়ে আমাক শক্তিশালী সমাজ গঢ়াৰ চেতনা প্ৰদান কৰি গৈছে। 
 
স্বাধীনতা আৰু সুদীর্ঘ কালছোৱা আমি তেনে আদৰ্শৰে আগুৱাই যোৱাৰ বাবে ধাৰাবাহিক প্রয়াস চলোৱা নাই বাবেই আজি ৰাষ্ট্ৰৰ বিভিন্ন স্থানত হিংসাৰ চাকনৈয়া দেখিবলৈ পোৱা যায়। সমাজৰ দৰিদ্ৰজনৰ অধিকাৰ সুনিশ্চিত কৰাটো গান্ধীজীয়ে বিচাৰিছিল। ৰাষ্ট্ৰই আজিও দৰিদ্ৰতা নিবাৰণ কৰিব পৰা নাই। আমি মহাত্মা গান্ধীৰ প্ৰতিটো দিশেই সুক্ষ্ম পর্যালোচনা কৰিব লাগিব। 
 
ব্যক্তি আৰু সমাজ নিৰ্মাণৰ বাবে গান্ধীজীৰ আদৰ্শৰ বিকল্প নাই। সেই কথা আমি উপলব্ধি কৰিব লাগিব। বিশ্ব সম্প্রদায়ে উপলব্ধি কৰা গান্ধীজীৰ দৰ্শনক আমি অধিক বিকশাই তুলিবলৈ হ'লে নৱ প্ৰজন্মই সেই দিশত কাম কৰিব লাগিব।
 
(লেখক এজন তথ্য আৰু জনসম্পৰ্ক, অসম, বিভাগৰ উপ সঞ্চালক তথা মুখ্যমন্ত্ৰীৰ জনসম্পৰক্ষী কোষৰ সৈতে সংসংলগ্ন। এই প্ৰবন্ধটি মহাত্মা গান্ধীৰ মৃত্যু তিথি  তথা  শ্বহীদ দিৱস উপলক্ষে প্ৰকাশ কৰা হৈছে।)