শ্বহীদ কনকলতাৰ আদর্শই প্রতিটো প্রজন্মকে যোগাব অনুপ্ৰেৰণা

Story by  Pulin Deka | Posted by  Munni Begum • 4 Months ago
শ্বহীদ কনকলতা বৰুৱাৰ প্ৰতিমূৰ্তি
শ্বহীদ কনকলতা বৰুৱাৰ প্ৰতিমূৰ্তি
 
 পুলিন ডেকা
 
স্বাধীনতা আন্দোলন ভাৰতৰ ইতিহাসৰ এক গৰিমামণ্ডিত অধ্যায়। শত শত শ্বহীদৰ ত্যাগ, স্বাধীনতা সেনানীৰ অক্লান্ত সংগ্রাম, অশেষ নির্যাতন মূৰ পাতি লৈ ভাৰতবাসীয়ে লাভ কৰিছিল স্বাধীনতা। এই স্বাধীনতা শব্দটোৰ সৈতে ভাৰত মানুহৰ আৱেগ জড়িত হৈ আছে। মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতবৰ্ষৰ যি অহিংসা আন্দোলনৰ সূচনা হৈছিল সেয়া আছিল বিশ্ববাসীৰ বাবে এক প্ৰেৰণাৰ উৎস। দেশৰ এই স্বাধীনতা আন্দোলনত অসমৰ বহু সংগ্রামীয়ে নিজৰ জীৱনক তুচ্ছ কৰি দেশমাতৃৰ সেৱাত নিজকে সমর্পিত কৰিছিল সেই ব্যক্তিসকল সদায়ে আমাৰ বাবে আদর্শ। ৪২'ৰ ভাৰত ত্যাগ আন্দোলনত অসীম সাহসেৰে দেশ মাতৃৰ বাবে চৰম ত্যাগ কৰা শ্বহীদ কনকলতা আজিও অসমবাসীৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ আছে। শ্বহীদ কনকলতাই দেশৰ বাবে নিজৰ জীৱন উচৰ্গা কৰি যি ইতিহাস ৰচি গ'ল, সেয়া সদায়ে সোণালী আখৰেৰে জিলিকি থাকিব।
 
১৯৪২ চনত শোণিতপুৰ জিলাৰ বৰঙাবাৰী গাঁৱত জন্মগ্রহণ কৰা কনকলতাৰ জীৱন আছিল সকলোৰে বাবে এক আদর্শ। পাঁচ বছৰ বয়সতে মাতৃহাৰা হোৱা কনকলতাই পিতৃৰ স্নেহৰ পৰা কেতিয়াও বঞ্চিত হোৱা নাছিল। অতি কম বয়সতে কনকলতাই শুনিছিল স্বাধীনতা বিপ্লৱৰ কথা। তেতিয়াই দেশৰ স্বাধীনতাৰ প্ৰতি তেওঁ আকৃষ্ট হৈ পৰে। 
 
ভাৰত ত্যাগ আন্দোলনৰ এক পদযাত্ৰা
 
১৯৩১ চনত কলংপুৰ মৌজাৰ গিমিৰি উচ্চ ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হৈছিল এখন বৃহৎ সভা। সেই সভাৰ উদ্যোক্তা আছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাকে ধৰি কেইবাগৰাকী স্বাধীনতা সংগ্রামী। সভাত পৌৰোহিত্য কৰিছিল মাজুলীৰ গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ পিতাম্বৰ দেৱগোস্বামীয়ে। তেতিয়া কনকলতাৰ বয়স মাত্র সাত বছৰ। গান্ধী ভলেন্টিয়াৰসকলে যেতিয়া তেওঁলোকৰ পদূলিৰ মুখেৰে আগবাঢ়িছিল সেই দৃশ্যই কনকলতাৰ কোমল মনত ৰেখাপাত কৰিছিল। 
 
তেওঁ সৰুতেই দেশপ্রেমবোধৰ কথা মোমায়েক দেবেন্দ্ৰনাথ বৰা আৰু যদুৰাম বৰাৰ মুখত শুনিছিল। মহাত্মা গান্ধীৰ বিপ্লৱকে ধৰি ব্ৰিটিছৰ অত্যাচাৰ এই সকলোবোৰ কথাই খুব মনোযোগেৰে শুনিছিল কনকলতাই। আনহাতে, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দেশপ্রেমমূলক গীতবোৰে কনকলতাক দেশপ্রেমবোধৰ ভাবেৰে আকৃষ্ট কৰিছিল।
 
স্বাধীনতা বিপ্লৱৰ প্ৰতিনিধিত্বমূলক ছবি
 
ভাৰত ত্যাগ আন্দোলনে দৰং জিলাৰ জনসাধাৰণক প্ৰভাৱিত কৰিছিল। সেই সময়ত সত্যাগ্রাহীসকলক দুটা ভাগত বিভক্ত কৰা হৈছিল। এটা মৃত্যু বাহিনী আৰু আনটো শান্তি বাহিনী। কনকলতাই এই মৃত্যু বাহিনীত যোগদান কৰিছিল। ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰত গহপুৰ আৰক্ষী থানাত পুষ্পলতা দাসে পতাকা উত্তোলন কৰাৰ কথা আছিল যদিও কনকলতাই পুষ্পলতা দাসক অনুৰোধ কৰিলে যে গহপুৰত পতাকা উত্তোলনৰ দায়িত্ব তেওঁক দিব লাগে। লগতে কনকলতাই অনুৰোধ কৰিছিল যে পুষ্পলতা দাসে ঢেকিয়াজুলিৰ সমদলৰ নেতৃত্ব বহন কৰিব লাগে। 
 
পুষ্পলতা দাসে কনকলতাৰ সাহস দেখি গহপুৰত পতাকা উত্তোলনৰ দায়িত্ব কনকলতাক এৰি দিয়ে। সেইদিনা ৰাতিপুৱা জলপান খোৱাৰ সময়ত নিজৰ ভনীয়েকক কৈছিল আজিয়ে হয়টো জীৱনৰ শেষ দিন হ'ব পাৰে। দেশমাতৃৰ আহ্বান শুনিছো বুলিও ক'লে। 
 
সেইদিনা আন্দোলনকাৰীসকলে পুৰুষ আৰু মহিলা দুটা গোটত বিভক্ত হ'ল। মহিলাৰ শাৰীত প্রথমে থিয় হ'ল কনকলতা। গহপুৰ থানাত যেতিয়া সমদলকাৰীসকল আহি পায় তেতিয়া সশস্ত্র আৰক্ষী আৰু মিলিটেৰীৰ মুখামুখী হ'ল। গহপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে যেতিয়া সমদলকাৰীসকলক আগুৱাই যাবলৈ বাধা দিছিল, তেতিয়া কনকলতাই কৈছিল যে অহিংসা পদ্ধতিৰে নিজৰ কৰ্ম কৰি ইয়াৰ পৰা আঁতৰি যাব। 
 
গান্ধীজীয়ে স্বাধীনতা আন্দোলনত এক পদযাত্ৰাৰ নেতৃত্ব দিছে
 
থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে সমদলকাৰী আগুৱাই আহিলে গুলিয়াই হত্যা কৰাৰ ভাবুকি দিছিল। কনকলতাই সাহসেৰে কৈছিল যে গুলীৰ মাতৃভূমিৰ প্রতি ভালপোৱা মনটো চীন্ন ভিন্ন কৰিব পৰা নাযায়। কনকলতাই আৰক্ষীক নিজৰ কাম কৰিবলৈ ক'লে আৰু সমদলকাৰীয়ে অহিংসা পদ্ধতিৰে নিজৰ কাম কৰিব বুলি জনাই দিলে। তেতিয়াই গুলীবর্ষণ আৰম্ভ হয় আৰু কনকলতা সেই গুলীত বাগৰি পৰে। ইয়াৰ পিছত মুকুন্দ কাকতিয়ে পতাকাখন দাঙি ধৰে। তেওঁ গুলীত মৃত্যু মুখত পৰে।
 
কনকলতাই সাহসেৰে ভাৰতৰ স্বাধীনতা আন্দোলনত নিজৰ জীৱন উৎসৰ্গা কৰি যি আদর্শ প্রতিষ্ঠা কৰি গ'ল, সেই আদর্শই যুগে যুগে মানুহক দেশমাতৃৰ বাবে সেৱা কৰাৰ প্ৰেৰণা যোগাই যাব। এইগৰাকী মহান শ্বহীদৰ শতবৰ্ষই আজি সমগ্ৰ ৰাজ্যবাসীক দেশৰ বাবে উৎকর্ষিত মনোভাৱেৰে কাম কৰাৰ দিশত নৱপ্ৰেৰণা যোগাব।
 
(লেখক এজন তথ্য আৰু জনসম্পৰ্ক, অসম, বিভাগৰ উপ সঞ্চালক তথা মুখ্যমন্ত্ৰীৰ জনসম্পৰক্ষী কোষৰ সৈতে সংসংলগ্ন। এই লেখাটি শ্বহীদ কনকলতা বৰুৱাৰ ১০০ বছৰীয়া জয়ন্তী উপলক্ষে প্ৰকাশ কৰা হৈছে।)