কাশ্মীৰৰ বিখ্যাত PAD-WOMAN ইৰফানা জাৰ্গাৰৰ যুঁজ

Story by  Aasha Khosa | Posted by  Munni Begum • 1 Years ago
কাশ্মীৰৰ বিখ্যাত PAD-WOMAN ইৰফানা জাৰ্গাৰ
কাশ্মীৰৰ বিখ্যাত PAD-WOMAN ইৰফানা জাৰ্গাৰ
 
আছা খোচা / নতুন দিল্লী
 
ন বছৰ পূৰ্বে ঋতুস্ৰাৱৰ স্বাস্থ্য আৰু পৰিচ্ছন্নতা সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে এটা অভিযান আৰম্ভ কৰিছিল কাশ্মীৰৰ বিখ্যাত পেডৱমেন ইৰফানা জাৰ্গাৰে। তেওঁ কয় যে তেওঁ সমগ্ৰ কাশ্মীৰত এই অতি গুৰুত্বপূৰ্ণ স্বাস্থ্য সম্পৰ্কীয় বিষয়টোত মানুহৰ নিষিদ্ধতা আৰু কঠোৰ মনোভাৱৰ বিৰুদ্ধে যুঁজ দি আহিছে। 
 
তেওঁক সাধাৰণতে তেওঁৰ হিতাধিকাৰীসকলৰ মাজত ইৰফানা দিদি বুলি জনা যায়। ইৰফানা নামৰ এগৰাকী ৩১ বছৰীয়া কাশ্মীৰী মহিলা গৰাকীয়ে কয় যে প্ৰতি মাহে প্ৰায় ৫০০ গৰাকী দৰিদ্ৰ মহিলাক নিয়মীয়া চেনিটাৰী পেড বিতৰণৰ বাবে যোগান শৃংখলা সৃষ্টি কৰাৰ পিছত, তেওঁ পুৰুষসকলকো এই অভিযানৰ সৈতে সংযোগ কৰাৰ ওপৰত গুৰুত্ব দিবলৈ চেষ্টা কৰি আহিছে। যাতে মাহৰ সেই ৫ দিনত তেওঁলোকে মহিলাসকলৰ স্বাস্থ্য আৰু অন্যান্য সমস্যা বুজি পায় আৰু তেওঁলোকৰ যত্ন লয়।
 
শ্ৰীনগৰ চহৰৰ ইৰফানাই কয়, "মই পুৰুষসকলক কাশ্মীৰৰ বিভিন্ন ঠাইতে ৰাজপ্ৰসাদৰ দৰে ঘৰ নিৰ্মাণ কৰি অহা দেখিছো। তেওঁলোকে তেওঁলোকৰ ঘৰৰ মজিয়াত মাৰ্বল লগাই লাখ লাখ টকা ব্যয় কৰে, কিন্তু তেওঁলোকে তেওঁলোকৰ জীৱনৰ সৈতে জড়িত হৈ থকা মহিলাসকলৰ বাবে চেনিটাৰী পেডৰ পেকেট এটা কিনিবলৈ মাত্ৰ ৪০ টকা খৰচ কৰিব নোৱাৰে।"
 
কাশ্মীৰৰ শ্ৰীনগৰৰ ৰাজহুৱা শৌচালয়ত ইৰফানাই এটা চেনিটাৰী কিট স্থাপন কৰি থকা এক মূহুৰ্ত
 
তেওঁ কয়, "মই মোৰ সজাগতা শিবিৰৰ লোকসকলক কওঁ যে মহিলাসকল সকলো কাম কৰা, পৰিয়ালৰ যত্ন লোৱা তথা সন্তান জন্ম দিয়াৰ কোনো যন্ত্ৰ নহয়। ঋতুস্ৰাৱৰ পূৰ্বে বা ঋতুস্ৰাৱৰ সময়ত তেওঁলোকৰ মেজাজ সলনি, হতাশা, পেটৰ বিষ, পেট ফুলা আদি সমস্যাত ভোগে। সেই সময়ত তেওঁলোকে তেওঁলোকৰ পুৰুষসকলৰ পৰা আদৰ আৰু যত্ন লোৱাৰ দৰকাৰ।"  
 
শ্ৰীনগৰৰ ঘৰৰ পৰা ফোনযোগে আৱাজ-দ্য ভইচ'ৰ সৈতে কথা পাতি ইৰফানাই কৈছিল যে তেওঁ কোনো বাহ্যিক সমৰ্থন নোপোৱাৰ বাবে তেওঁৰ কাৰ্যকলাপ সম্প্ৰসাৰিত কৰিবলৈ অক্ষম হৈছে। তেওঁ এই কামত তেওঁৰ দৰমহাৰ কিছু অংশ ব্যৱহাৰ কৰি আহিছে আৰু ইয়াক বহন কৰিব নোৱাৰা মহিলাসকলক ডিচপোজেবল চেনিটাৰী পেডৰ যোগান নিশ্চিত কৰিবলৈ তেওঁৰ বন্ধু বৰ্গ আৰু পৰিয়ালৰ পৰা অধিক সম্পদ সংগ্ৰহ কৰি আহিছে।" 
 
ইৰফানাই গৱেষণা কৰিছিল যে কেনেদৰে মহিলাসকলে ঋতুস্ৰাৱৰ সময়ত পৰিচ্ছন্নতাৰ অভাৱৰ বাবে নিম্ন আৰু গুৰুতৰ স্বাস্থ্য সমস্যাত ভুগি আহিছে। তেওঁ কয় যে ৰাইজৰ সৈতে কৰা মত-বিনিময়ৰ সময়ত, তেওঁ কেইবাগৰাকীও মহিলাৰ সন্মুখীন হৈছে যিসকলে তেওঁলোকৰ ঋতুস্ৰাৱৰ অস্বাস্থ্যকৰ উপায়ৰ বাবে যোনি আৰু জৰায়ুৰ সংক্ৰমণ, পিচিঅ'ডি (পলিচিষ্টিক ডিম্বাশয় চিণ্ড্ৰোম)ত ভুগি আছে। তেওঁ মহিলাসকলক তেওঁলোকৰ প্ৰজনন নলীত সংক্ৰমণৰ বাবে বিবাহ বিচ্ছেদ আৰু বৈবাহিক বিভেদ হোৱা দেখিছে। 
 
ইৰফানা জাৰ্গাৰৰ বাবে তেওঁৰ প্ৰচাৰৰ সময়ৰ এক আৱেগিক মুহূৰ্ত
 
ইৰফানাই কয় যে তেওঁ মাজে মাজে কাশ্মীৰৰ অতি দুৰ্গম অঞ্চললৈও ভ্ৰমণ কৰিছে। যিবোৰ অঞ্চলত ঋতুস্ৰাৱৰ স্বাস্থ্য আৰুনিম্নতম পৰিচ্ছন্নতাৰ বিষয়ে মানুম্বোৰৰ মাজত কোনো ধৰনৰ বুজাবুজি তথা সজাগতা নাই। 
 
ইৰফানাৰ নিজৰ উদ্দেশ্য পূৰণ কৰাৰ সংকল্প এই কথাৰ পৰা অনুমান কৰিব পাৰি যে তেওঁ চেনিটাৰী পেড নথকা মহিলাসকলক সহায় কৰিবলৈ ক'ভিড-প্ৰেৰিত লকডাউনৰ সময়ত শ্ৰীনগৰ চহৰত মাইলৰ পিছত মাইল খোজ কাঢ়ি গৈছিল। ইয়াৰ পূৰ্বে, তেওঁ নিয়মীয়াকৈ শ্ৰীনগৰত প্ৰায় ১৯ গৰাকী মহিলাৰ শৌচালয়ত মহিলাসকলৰ বাবে চেনিটাৰী পেড মজুত কৰি ৰখাৰ ব্যৱস্থা কৰি দিছিল। যিসকলৰ অৱস্থা অসাৱধানতাবশতঃ অৱনতি লৈ গতি কৰে আৰু দিনটোৰ মাজভাগত ৰক্তক্ষৰণ আৰম্ভ হয়। 
 
লকডাউনৰ সময়ত, চেনিটাৰী পেডৰ বাবে সংকটজনক অৱস্থাত পুৰুষ তথা মহিলাৰ পৰা তেওঁ ফোন লাভ কৰিছিল আৰু ফোন কৰা প্ৰতিগৰাকী ব্যক্তিৰ অৱস্থানলৈ গৈ আৰু চেনিটাৰী পেড বিতৰণ কৰি তেওঁলোকক সহায় কৰাটো সুনিশ্চিত কৰিছিল।  
 
ইৰফানা জাৰ্গাৰে পুৰুষসকলক তেওঁৰ প্ৰচাৰত অন্তৰ্ভুক্ত কৰিছে
 
ইৰফানাই কাশ্মীৰত ঋতুস্ৰাৱৰ স্বাস্থ্য আৰু পৰিচ্ছন্নতাৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ আৰু কম বয়সতে মৃত্যু হোৱা তেওঁৰ দেউতাকৰ স্মৃতিত প্ৰতি মাহে প্ৰায় ৫০০ মহিলাক চেনিটাৰী নেপকিন ঘৰত প্ৰদান কৰাৰ বাবে এক অভিযান চলোৱাৰ লক্ষ্য উৎসৰ্গা কৰিছে। তেওঁৰ অগ্ৰণী কামৰ বাবে তেওঁ কেইবাটাও বঁটা আৰু সন্মান লাভ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী আৰু অভিনেত্ৰী ৰবীনা টণ্ডনে তেওঁলোকৰ সামাজিক মাধ্যমৰ অনুষ্ঠানত ইৰফানাৰ কামৰ কথা উল্লেখ কৰিছে। 
 
ইৰফানাই শ্ৰীনগৰ পৌৰ পৰিষদৰ কাৰ্যালয়ত চাকৰিৰ বাবে পোৱা দৰমহাৰ এটা অংশ ব্যৱহাৰ কৰি আহিছে। য'ত তেওঁ ৰাইজৰ বাবে তেওঁলোকৰ অভিযোগ পঞ্জীয়ন কৰিবলৈ এটা হেল্পলাইনটো চম্ভালি আছে। তেওঁ কয়, "মই মোৰ সহায়ৰ বাবে প্ৰকল্পটোৰ বাবে কেইবাটাও কাৰ্যালয় আৰু ব্যক্তিগত কোম্পানীৰ কাষ চাপিবলৈ চেষ্টা কৰিছিলো, কিন্তু এতিয়ালৈকে কোনেও আগবাঢ়ি অহা নাই।" 
 
ইৰফানাই অনুভৱ কৰে যে ন বছৰ ধৰি স্বেচ্ছাসেৱী হোৱা স্বত্বেও, তেওঁ সমগ্ৰ কাশ্মীৰী ৰাজহুৱা শৌচালয়টো অতি লেতেৰা আৰু মহিলাসকলৰ বাবে চেনিটাৰী পেড ৰখাৰ কোনো সুব্যৱস্থা নাই। 
 
কাশ্মীৰৰ মহিলাসকলৰ মাজত ছেনিটেৰী পেড বিতৰণ কৰিছে ইৰফানা জাৰ্গাৰে
 
তেওঁ কয়, "শ্ৰীনগৰৰ আন ঠাইৰ কথা পাহৰি যাওঁক, যিখিনি ঠাই স্মাৰ্ট চিটিলৈ ৰূপান্তৰ কৰা হৈছে, সেই ঠাইৰ ৰাজহুৱা কাৰ্যালয়ৰ ভিতৰত থকা শৌচালয়বোৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা অবিহনে গোটেই দিনটো লেতেৰা হৈ থাকে। লগতে, চহৰৰ কাৰ্যালয়বোৰত এটাও শৌচালয়ত চেনিটাৰী টাৱেলৰ বাবে ডিচপেন্সাৰ নাই।"  
 
তেওঁ শেহতীয়াকৈ মধ্য কাশ্মীৰৰ চাৰাৰ-ই-শ্বৰিফৰ শ্বেখ নুৰুদ্দিন নুৰানীৰ দৰগাহ পৰিদৰ্শন কৰিছিল আৰু শৌচালয়বোৰ অতি নিম্নমানৰ আকৃতিৰ, অস্পষ্ট আৰু অস্বাস্থ্যকৰ অৱস্থাত প্ৰত্যক্ষ কৰিছিল, বিশেষকৈ মহিলাসকলে লেতেৰা শৌচাগাৰৰ আসনৰ জৰিয়তে সহজে মূত্ৰনলী আৰু অন্যান্য সংক্ৰমণত আক্ৰান্ত হব পাৰে। 
 
তেওঁ কয়, "মছজিদৰ দৰগাহ এক পৱিত্ৰ স্থান আৰু ইয়াত পৱিত্ৰতা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ। মোৰ খুব দুখ লাগিছিল। কাশ্মীৰৰ আন বেছিভাগ উপাসনা স্থল আৰু মছজিদৰ পৰিস্থিতি প্ৰায়ে একে আছিল।"
 
ইৰফানা জাৰ্গাৰে ডাল হ্ৰদ অঞ্চলৰ ভিতৰত চেনিটাৰী পেড বিতৰণ কৰিবলৈ নাও ব্যৱহাৰ কৰাৰ এক দৃশ্য
 
তেওঁ চাৰাৰ-ই-শ্বৰীফত পুৰুষ আৰু মহিলাৰ বাবে এক সজাগতা শিবিৰৰ আয়োজন কৰিছিল আৰু পুৰুষ আৰু মহিলা উভয়কে চেনিটাৰী নেপকিন কিট বিতৰণ কৰিছিল। তেওঁ কয়, "এগৰাকী বৃদ্ধ মহিলা মোৰ ওচৰলৈ আহিছিল আৰু মোক সুধিছিল যে মই কিয় এনে এটা বিষয়ত কথা পাতি আছোঁ, যিটো লজ্জাজনক বিষয় হয়।" 
 
তেওঁ কয়, "মই তেওঁক জৈৱিক পৰিঘটনাটোৰ বিষয়ে বুজাইছিলো আৰু তেওঁক কৈছিলো যে ইয়াত কোনো ভুল নাই বা এই বিষয়ে কথা পাতিবলৈ কোনো লাজৰ কাৰন নাই। মই তেওঁলোকক বুজাইছিলো যে এগৰাকী মহিলাৰ শৰীৰৰ এই জৈৱিক প্ৰক্ৰিয়াটো আল্লাৰ আশীৰ্বাদ। একে সময়তে, তেওঁ বুজিব লাগে যে তেওঁৰ ছোৱালী, বোৱাৰী আৰু নাতিনীৰ সৈতে এনে হৈছে, যিসকলক তেওঁ ভাল পায় আৰু সুৰক্ষা দিব বিচাৰে।  তেতিয়া তেওঁ চেনিটাৰী নেপকিনৰ কেইটামান পেকেট হাতত তুলি লৈছিল, যিবোৰ মই সকলোৱে ব্যৱহাৰ কৰাৰ বাবে বিনামূলীয়াকৈ বিতৰণ কৰি আছিলোঁ।"  
 
তেওঁ কামত যোগদান কৰাৰ পিছত, ইৰফানাই চিনাক্ত হিতাধিকাৰীসকলক চেনিটাৰী নেপকিন বিতৰণৰ বাবে চহৰৰ বিভিন্ন প্ৰান্তলৈ যাত্ৰা কৰিবলৈ এখন বাছ লৈ  যায়। তেওঁ কয়, "মোৰ অভিজ্ঞতাৰ পৰা, মই চহৰখনৰ কিছুমান অঞ্চল চিনাক্ত কৰিছোঁ, যিবোৰ অঞ্চলত কম সম্পদ থকা লোকসকলে বৃহৎ সংখ্যাত বাস কৰি আহিছে।" 
 
ঋতুস্ৰাৱৰ পৰিচ্ছন্নতাৰ বিষয়ে সজাগতা বিয়পাবলৈ কৰ্মক্ষেত্ৰত ইৰফানা জাৰ্গাৰ
 
অৱশ্যে, ইৰফানাই অনুভৱ কৰে যে পুৰুষসকলে এতিয়া সজাগতা শিবিৰত উপস্থিত থাকিবলৈ লাজ নকৰে। যিসকলক তেওঁ 'বাৰ্তালাপ' অনুষ্ঠান হিচাপে আয়োজন কৰি আহিছে। তেওঁ কয়, "চাৰাৰ-ই-শ্বৰীফত, যেতিয়া মই পুৰুষসকলৰ সৈতে কথা পাতিছিলো, তেওঁলোকে আঁতৰি যোৱাৰ প্ৰয়াস কৰা নাছিল। মই তেওঁলোকক কৈছিলো যে আপোনালোকে মাহৰ সেই পাঁচদিনত ঘৰত  আপোনালোকৰ মহিলাসকলৰ যত্ন ল'ব।" 
 
তেওঁলোকে অনুভৱ কৰে যে তেওঁলোকে ঈশ্বৰৰ নামত কাম কৰি আছে আৰু এয়া হৈছে আল্লাৰ দৃষ্টিত এটা অতু ভাল কাম। মই মোৰ মাক হজত পঠিয়াব পৰা নাই, কিন্তু মই অনুভৱ কৰোঁ যে এই কামটো ঈশ্বৰৰ পথত কৰা হৈছে।  ফাৰহানাই কয় যে এবাৰ তেওঁ ফেচবুকত 'ডোনেট এ পেড' অভিযানত লাইভ আহিছিল আৰু যেতিয়া কোনোবাই তেওঁৰ ঘৰত তেওঁৰ মাকক দেখুৱাইছিল, ই যথেষ্ট আকৰ্ষণ লাভ কৰিছিল। তেওঁ কয়, "লাইভ শ্ব'ৰ মাজতে তেওঁৰ পৰা ফোন পাই মই অতি সুখী হৈছিলোঁ আৰু জানিছিলোঁ যে তেওঁ মোক লৈ গৌৰৱান্বিত, মোৰ উৎসাহ আৰু দুগুণ বৃদ্ধি হৈছিল।" 
 
এগৰাকী কাশ্মীৰী মহিলাৰ সৈতে ইৰফানা জাৰ্গাৰ
 
মহিলাকে ধৰি যুৱসকলৰ মাজত ড্ৰাগৰ অপব্যৱহাৰ আৰু কাশ্মীৰত ঘৰুৱা হিংসা আজিকালি কাশ্মীৰী জীৱনৰ দুটা ৰহস্য হৈ পৰিছে। যি ৰহস্য অতি শীঘ্ৰেই উন্মোচিত হব। ইৰফানাই কয় যে তেওঁ মহিলাসকলৰ সৈতে সন্মুখীন হৈছে। বিবাহ বহিৰ্ভূত সম্পৰ্ক আৰু ড্ৰাগছৰ বিপদে কাশ্মীৰীসকলৰ জীৱনত জুই জ্বলাইছে আৰু কোনেও এই বিষয় সন্দৰ্ভত মাত নামাতে।