ক্ৰীড়াৰ জৰিয়তে কিদৰে মানৱতাৰ উৎকৰ্ষ সাধন কৰিছিল স্বামী বিবেকানন্দই

Story by  atv | Posted by  [email protected] • 1 Months ago
 স্বামী বিবেকানন্দ
স্বামী বিবেকানন্দ

মনজিৎ কলিতা

চৌদিশে মাত্ৰ মানুহ৷ মানৱ সমুদ্ৰৰ মাজেৰে খোলা বাহনত আগবাঢ়িছিল ভাৰতীয় ক্ৰিকেট দল৷ তেওঁলোকক কাষৰ পৰা চাবলৈ সমৱেত লক্ষাধিক লোকক নিয়ন্ত্ৰণৰ ক্ষমতা হেৰুৱাই পেলাইছিল আৰক্ষীয়ে৷ 
 
কিছুদিন আগৰ এই দৃশ্য ক্ৰিকেটৰ প্ৰতি ভাৰতীয় জনতাৰ আকৰ্ষণৰ উদাহৰণ৷ কিন্তু ক্ৰিকেটৰ বাবে ভাৰতীয়ৰ উন্মাদনাৰ বিষয়ে বহু ব্যাখ্যা ভিন্নজনে কৰিছে৷ পিছে আচৰিত কথাটো হৈছে সাম্প্ৰতিক সময়ৰ বুম বুম বুমৰাৰ দৰে বিগত শতিকাতো ভাৰতত এজন দুধৰ্ষ বলাৰ আছিল৷ তাহানিৰ শুকান পিটচতে তেওঁ দখল কৰিছিল বিপক্ষ দলৰ সাতটাকৈ উইকেট৷
 
সেই বলাৰজনৰ নাম আছিল নৰেন্দ্ৰনাথ দত্ত৷ সৰ্বজন পৰিচিত নাম হৈছে স্বামী বিবেকানন্দ৷
 
ব্ৰিটিছ শাসনকালত ভাৰতত প্ৰথমে ১৭৯২ চনত স্থাপন কৰা হৈছিল কেলকাট্টা ক্ৰিকেট ক্লাব৷ ব্ৰিটেইনৰ ভূ-খণ্ডৰ বাহিৰত স্থাপন কৰা এইটোৱেই হৈছে সৰ্বপ্ৰাচীন ক্লাব৷ কিন্তু ক্ৰীড়াপ্ৰেমী বাঙালী জনতাই ১৮৮৪ চনত স্থাপন কৰিছিল টাউন ক্লাব৷ এইটো দলৰ হৈয়েই স্বামী বিবেকানন্দই খেলিছিল ক্ৰিকেট৷
 
টীম ইণ্ডিয়াই বিশ্বজয়ৰ পিছত ভাৰতত ক্ৰিকেটৰ উন্মাদনা
 
সনাতনধৰ্মীয় অনুশীলনত শাৰিৰীক অভ্যাসৰ গুৰুত্ব যে প্ৰাচীন কালৰে পৰা গুৰুত্বপূৰ্ণ সেয়া প্ৰমাণিত কৰিছিল সন্ন্যাসী স্বামী বিবেকানন্দৰ ক্ৰীড়াশৈলীয়ে৷ তেওঁ বিগত শতিকাতে সাৰদা ৰঞ্জন ৰয়ৰ সৈতে ক্লাব প্ৰতিষ্ঠাৰ কামতো হাত উজান দিছিল৷
 
তেতিয়া কলকাতাৰ অন্যতম ক্ৰিকেট সংগঠক আছিল কিংবদন্তি চিত্ৰনিৰ্মাতা সত্যজিৎ ৰায়ৰ ককাদেউতাক উপেন্দ্ৰ কিশোৰ ৰায়৷ তেওঁ ক্ৰিকেট ক্লাব প্ৰতিষ্ঠা কৰাৰ সময়ত স্বামী বিবেকানন্দ আছিল স্কটিছ চাৰ্চ কলেজৰ ছাত্ৰ৷ যি শিক্ষানুষ্ঠানৰ নাম তেতিয়া আছিল জেনেৰেল এছেম্বলী ইনষ্টিটিউশ্যন৷ সেই শিক্ষানুষ্ঠানৰ ছাত্ৰ হিচাপেই বংগৰ স্থানীয় লোকে প্ৰতিষ্ঠা কৰা টাউন ক্লাবৰ হৈ খেলিছিল উদীয়মান বলাৰ নৰেন্দ্ৰনাথ দত্ত ওৰফে স্বামী বিবেকানন্দই৷
 
ইংৰাজ শাসকৰ দল কেলকাট্টা ক্ৰিকেট ক্লাবৰ বিৰুদ্ধে মেচখনত স্বামী বিবেকানন্দই ৭টা উইকেট দখল কৰিছিল৷ তাৰ পিছৰ ইতিহাস অৱশ্যেই লিখিত ৰূপত নই৷ কিন্তু টাউন ক্লাবৰ হৈ স্বামী বিবেকানন্দই কেবাখনো মেচ খেলিছিল বুলি বংগৰ এচাম লোকে মত ব্যক্ত কৰে৷
 
আনহাতে তেতিয়া আজিৰ কলকাতা চহৰখন আছিল ব্ৰিটিছশাসিত ভাৰতৰ ৰাজধানী৷ তেতিয়াৰ পৰা ক্ৰীড়াৰ অনুৰাগী বাঙালী জনতাই পৰ্যায়ক্ৰমে কেবাটাও ক্লাব স্থাপন কৰিলে৷ এইসমূহৰ সৈতে পৰোক্ষভাৱে জড়িত হৈ আছিল স্বামী বিবেকানন্দ৷ আৰ্য ক্লাব, কুমাৰতুলি ইনষ্টিটিউট, স্পৰ্টিং ইউনিয়ন অথবা বেংগল জিমখানা আদি স্বামী বিবেকানন্দৰ প্ৰজন্মৰ ক্ৰীড়াপ্ৰেমীৰ উদগণিতে প্ৰতিষ্ঠা হৈছিল৷ তাৰে সুফল লাভ কৰিছিল বংগদেশে৷ ঔপনিৱেশিক শাসনৰ সমাপ্তিৰ পিছত দেশৰ ক্ৰীড়াক্ষেত্ৰত আত্মপ্ৰকাশ কৰা প্ৰায়সমূহ খেলুৱৈয়েই আছিল বাঙালী৷ তেওঁলোকে ক্লাব ক্ৰিকেটৰ জৰিয়তে ইতিমধ্যে ক্ৰীড়াগত অৰ্হতা লাভ কৰিছিল৷
 
ঐতিহাসিক কলকাতা ক্ৰিকেট ক্লাবৰ প্ৰাংগন
 
গতিকে বংগৰ ক্ৰিকেটীয় দিশত উত্থানৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আছিল স্বামী বিবেকানন্দ৷ আধ্যাত্মিক প্ৰজ্ঞাৰ লগতে শাৰিৰীক অনুশীলনো যে মানৱীয় উৎকৰ্ষৰ বাবে অত্যাৱশ্যকীয় সেয়া হাতে-কামে বুজাই দিছিল স্বামী বিবেকানন্দই৷
 
অৱশ্যে কেৱল ক্ৰিকেটেই নহয়৷ গেৰুৱা সাজ পৰিধানৰ পিছতো বিবেকানন্দই খেলিছিল ফুটবল৷ দেহ-মন সতেজ কৰি ৰাখিবলৈ ক্ৰীড়াৰ প্ৰয়োজনৰ বিষয়ে বিভিন্ন ভাষণতো তেওঁ উল্লেখ কৰিছিল৷ ধৰ্মগ্ৰন্থ অধ্যয়ন কৰাতকৈ ক্ৰীড়া অনুশীলন কৰিলেহে মানসিক উৎকৰ্ষ সাধন হয় বুলি দেশে-বিদেশে উল্লেখ কৰিছিল আধ্যাত্মিক গুৰুজনে৷
 
স্বামী বিবেকানন্দৰ ক্ৰীড়াসূলভ মানসিকতাৰ আঁৰতো তেওঁৰ ক্ৰিকেটীয় দক্ষতাই ক্ৰিয়া কৰিছিল বুলি মন্তব্য কৰিছে বুৰঞ্জীবিদে৷ অনন্য জ্যোতিৰে চিৰজ্যোতিষ্মান স্বামী বিবেকানন্দই ১৮৯৩ চনত আমেৰিকাৰ চিকাগ’ত দিছিল ঐতিহাসিক বক্তৃতা৷ দৰ্শকক ভাতৃ আৰু ভগ্নীগণ বুলি সম্বোধন কৰা বক্তৃতাৰ শেষত এগৰাকী মাৰ্কিন মহিলাই স্পৰ্শৰ অনুমতি বিচাৰিছিল স্বামী বিবেকানন্দৰ হাত৷ আধ্যাত্মিকতাৰ সৰল ৰূপে বিমুগ্ধ কৰা মহিলাগৰাকীয়ে বিবেকানন্দক স্পৰ্শ কৰাৰ পিছত কেবাদিনো নিজৰ হাত ধোৱা নাছিল৷ তেওঁৰ শৰীৰৰত বিবেকানন্দৰ জ্যোতিয়ে সৃষ্টি কৰিছিল বিজুলী প্ৰবাহৰ৷
 
এইজন স্বামী বিবেকানন্দই সমাজ গঠনৰ বাবে ক্ৰীড়াৰ প্ৰয়োজনৰ বিষয়ে আমৃত্যু ব্যাখ্যা কৰিছিল৷ ক্ৰীড়াৰ জৰিয়তেই তেওঁ আহৰণ কৰিছিল পৰমাৰ্থিক সংকেত শ্ৰৱণৰো অৰ্হতা৷ শিষ্যৰ মতেই কোনোবা দূৰ-দূৰণিত হোৱা ঘটনাৰ শব্দও কাণত পৰিছিল স্বামী বিবেকানন্দৰ৷
 
মাত্ৰ ৩৯ বছৰৰ বাবে ধৰালৈ অহা স্বামী বিবেকানন্দৰ আধ্যাত্মিকতাৰ পৰিচয়েই হৈছে মানৱতা৷ ব্ৰহ্মাণ্ডৰ প্ৰতি সমানতাৰ প্ৰমাণ দিয়া বিবেকানন্দই দেশক আধ্যাত্মিকতাৰ উপৰি দেখুৱাই গৈছে শাৰিৰীক কুচকাৱাজৰ জৰিয়তে উন্নতিৰ পথ৷
 
স্বামী বিবেকানন্দই ভাষণ দিয়া চিকাগো সংসদৰ বাহিৰৰ দৃশ্য
 
যদি আমি দকৈ ভাবি চাও তেন্তে দেখিম যে স্বামী বিবেকানন্দৰ পথেৰেই আগবাঢ়িছে কেবাখনো দেশ৷ আধ্যাত্মিকতা যে আধুনিকতা আৰু প্ৰগতিৰে সমাৰ্থক সেয়া প্ৰতিপন্ন কৰি গেৰুৱা বসনধাৰী স্বামীয়ে পুৰুষ-মহিলা সকলোকে খেলিবলৈ উদগণি দিছিল৷ তেওঁ তেতিয়াই কৈছিল- ক্ৰীড়া হ’ব পাৰে বিশ্বজনীন ভাতৃত্ববোধৰ জৰী৷ খেলৰ জৰিয়তেই সম্ভৱ হৈ পৰিব পাৰে শান্তি৷
 
সৰ্বশেষত আধুনিক বিশ্বই স্বীকাৰ কৰিছে বিবেকানন্দৰ আদৰ্শ৷ অৰ্থনৈতিক আৰু সামৰিক শক্তিৰে কৰিব নোৱাৰা কঠিন কামো ক্ৰীড়াৰ জৰিয়তে সম্ভৱ হৈছে৷ স্বামী বিবেকানন্দই সকলোকে খেলিবলৈ উদগণি দিয়া ফুটবলে একত্ৰিত কৰিছে বিশ্বক৷ সদ্যসমাপ্ত ইউৰো কাপে তল পেলাইছে গোলকীয় অশান্তিক৷ গোলকৰ ভিন্ন স্থানত চলি থকা অশান্তিক তল পেলাই বিশ্বজুৰি ফুটবলৰ জৰিয়তে বাজি উঠিছে শান্তিৰ ধ্বনি৷
 
ক্ৰীড়াজগতৰ ৰথী-মহাৰথীয়ে নেতৃত্ব দিছে বিশ্বক৷ ক্ৰীড়াশক্তিৰ জয়জয়কাৰে নস্যাৎ কৰিছে সামাজিক অসূয়াক৷ এয়াই স্বামী বিবেকানন্দৰ আধ্যাত্মিকতাৰ সাৰ্থকতা৷
 
(লেখক এজন ব্ল’গাৰ)