জীপ চালকৰ পুত্ৰ নুৰুল হকে কোচিং চেণ্টাৰলৈ নোযোৱাকৈ হ'ল ডিএছপি

Story by  atv | Posted by  Munni Begum • 5 Months ago
 নুৰুল হক
নুৰুল হক
 
মহম্মদ আক্ৰাম / নতুন দিল্লী
 
যিকোনো কামত সফলতা লাভ কৰাৰ আগতে নিজৰ ওপৰত বিশ্বাস থকাটো জৰুৰী। ইয়াৰ দ্বাৰা লক্ষ্যত উপনীত হোৱাৰ সময়ত সন্মুখীন হোৱা বাধা আৰু প্ৰত্যাহ্বানসমূহ স্বয়ংক্ৰিয়ভাৱে নাইকিয়া হয়। 
 
বিহাৰৰ পূৱ চম্পাৰণ জিলাৰ ৰক্সাউল মহকুমাৰ অন্তৰ্গত আদাপুৰ থানাৰ বিশানপুৰা গাঁৱৰ নিবাসী নুৰুল হকে কোনো কোচিং ইনষ্টিটিউটলৈ নোযোৱাকৈ বিহাৰ লোকসেৱা আয়োগৰ উপ-আৰক্ষী অধীক্ষকৰ পৰীক্ষাত দ্বিতীয় স্থান আৰু ইবিচি কেটেগৰীত সমগ্ৰ বিহাৰৰ ভিতৰত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে।  
 
ইয়াৰ আগতেও তেওঁ কোনো প্ৰশিক্ষণ গ্ৰহণ নকৰাকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা অৰ্জন কৰিছে। নুৰুল হক বিবাহিত ব্যক্তি আৰু তেওঁৰ এটা পুত্ৰ সন্তান আছে। তেওঁৰ পিতৃ আইনুল হক ৰেলৱে বিভাগৰ জীপ চালক। তিনিও ভাতৃৰ ভিতৰত জ্যেষ্ঠ নুৰুল হক চহৰৰ পৰা বহু দূৰৈৰ গাঁৱত পঢ়া-শুনা কৰা সকলৰ বাবে আদৰ্শ হৈ পৰিছে।
 

পৰিয়ালৰ সৈতে নুৰুল হক
 
'আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক বাৰ্তালাপত নুৰুল হকে কয় যে তেওঁ ডেৰাডুনৰ অক গ্ৰ’ভ স্কুলৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল আৰু হায়দৰাবাদৰ পৰা ইণ্টাৰ পাছ কৰাৰ পিছত বি.টেক কৰি কলকাতাত চাকৰি কৰিছিল। ইয়াৰ পিছত ছবছৰ মেৰিন ইঞ্জিনিয়াৰ হিচাপে কাম কৰিছিল। ক'ৰ'না কালৰ পৰাই তেওঁ অসামৰিক সেৱাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে। 
 
২০১৮ চনত বিবাহপাঁশত আৱদ্ধ হোৱাৰ পিছত এদিন তেওঁৰ মনলৈ আহিল যে বি পি এছ চি আৰু ইউ পি এছ চিৰ বাবে তেওঁ কিয় প্ৰস্তুতি নচলায়। তাৰ পিছত তেওঁ সম্পূৰ্ণভাৱে তাত নিয়োজিত হৈ পৰিল। অক্টোবৰ মাহত ঘোষণা কৰা প্ৰথমটো প্ৰচেষ্টাত নুৰুল হকে বি পি এছ চিত ৩৯৯ ৰেংক লাভ কৰি ৰাজহ বিষয়া হিচাপে নিৰ্বাচিত হয়। এইবাৰ তেওঁ বিপিএছচি ৬৮ নম্বৰত সমগ্ৰ ৰাজ্যখনৰ ভিতৰতে ১৫ নম্বৰ স্থান দখল কৰি ডিএছপিৰ বাবে নিৰ্বাচিত হয়।
 
প্ৰশাসনিক বিষয়া নুৰুল হকে কয় যে মোৰ এই ফলাফলৰ মূল কাৰণ হৈছে অবিৰত প্ৰচেষ্টা। মোৰ দেউতা মোৰ প্ৰেৰণা, যিয়ে আমাক প্ৰতিটো সময়তে সহায় কৰিছিল। B.Tech Engineeringৰ পিছত হঠাতে BPSC ৰ বাবে প্ৰস্তুতি চলোৱাৰ চিন্তা কেনেকৈ আহিল? এই সন্দৰ্ভত নুৰুল হকে কয় যে যেতিয়া আপুনি ঘৰৰ পৰা ওলাই চহৰৰ ফালে আগবাঢ়ি যায়, আৰু সন্মুখত পৰিৱৰ্তিত পৃথিৱীখন দেখা পায়, তেতিয়া আপোনাৰ মনলৈ বেলেগ কিবা এটা কৰাৰ চিন্তা আহি পৰে।
 
নুৰুল হকক সম্বৰ্ধনা জনোৱাৰ এক মূহুৰ্ত
 
উল্লেখ্য যে, নুৰুল হকৰ পিতৃ আইনুল হক ৰেলৱেৰ জীপ চালক আৰু বৰ্তমান ডানাপুৰত চাকৰি কৰি আছে। তেওঁ তিনি পুত্ৰক নামমাত্ৰ দৰমহাৰ পইচাৰে উচ্চ শিক্ষা প্ৰদান কৰিছে। নুৰুল হকৰ মতে, তেওঁৰ কনিষ্ঠ ভাতৃ হায়দৰাবাদৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট খেলুৱৈ আৰু কনিষ্ঠ ভাতৃ মেৰিন ইলেক্ট্ৰিক ইঞ্জিনিয়াৰ।
 
নুৰুল হকে আৰু কয় যে তেওঁ দেশ আৰু সমাজৰ সেৱা কৰিবলৈ এই ক্ষেত্ৰখনলৈ আহিছে। "কেৱল টকা উপাৰ্জন কৰাই মোৰ একমাত্ৰ উদ্দেশ্য নহয়, মই মানুহৰ লগত সংযোগ কৰি কাম কৰিব বিচাৰো। মোৰ প্ৰেৰণা হৈছে মোৰ দেউতা, যিয়ে আমাক পঢ়াবলৈ সকলো ত্যাগ কৰিছিল।"-তেওঁ কয়।
 
নুৰুল হকে কয় যে যদি কোনো ছাত্ৰই বিপিএছচিত উত্তীৰ্ণ হৈ দেশৰ সেৱা কৰিব বিচাৰে, তেন্তে তেওঁৰ দৃঢ় উদ্দেশ্য থাকিব লাগে আৰু দৈনিক বাতৰি কাকত পঢ়িব লাগে। অষ্টম, নৱম, দশম আৰু একাদশ শ্ৰেণীৰ এনচিইআৰটিৰ পাঠ্যক্ৰম ভালদৰে পঢ়ক। অত্যধিক স্মাৰ্ট হ’বলৈ চেষ্টা কৰাৰ পৰিৱৰ্তে নিজৰ লক্ষ্যত নীৰৱে মনোনিৱেশ কৰক, সদায় ইতিবাচকভাৱে চিন্তা কৰক।