মনছুৰুদ্দিন ফৰিদী
ফাৰুক আহমেদ গণাই নামৰ এজন দূৰদৰ্শী কাশ্মীৰী গাওঁবুঢ়া প্লাষ্টিকৰ আৱৰ্জনাই বিশ্বলৈ কঢ়িয়াই অনা বিপদৰ মোকাবিলা কৰিবলৈ এক প্ৰেৰণাদায়ক অভিযান আৰম্ভ কৰিছে। ভাৰতৰ স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষ উপলক্ষে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণাইয়ে আৰম্ভ কৰিছে 'প্লাষ্টিকৰ বিনিময়ত সোণ' (gold-for-plastic)নামৰ এক অভিনৱ আঁচনি।
এই ব্যক্তিজনে দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ হিল্লাৰ শ্বাহবাদ খণ্ডত অৱস্থিত এখন দূৰৱৰ্তী গাওঁ সাদিৱাৰাক পৰিৱেশ সচেতনাৰ এক আদৰ্শ স্থান হিচাপে গঢ়ি তুলিছে। তেওঁৰ উল্লেখনীয় প্ৰচেষ্টাৰ ফলত এই গাওঁখন ভাৰতৰ প্ৰথমখন প্লাষ্টিকমুক্ত গাওঁ হিচাপে পৰিচিত হৈছে। একাণপতীয়া প্ৰচেষ্টাৰে ফাৰুক আহমেদ গানাই কেৱল গাওঁবাসীৰ জীৱন সমৃদ্ধ কৰাই নহয়, প্লাষ্টিকৰ আৱৰ্জনাৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ভাৰতক এখন অগ্ৰণী দেশ হিচাপেও সমগ্ৰ বিশ্বত চৰ্চালৈ আনিছে।
পেছাত এজন অধিবক্তা গণাই 'প্লাষ্টিকৰ বিনিময়ত সোণ' নামৰ এই অভিযান আৰম্ভ কৰি সাদিৱাৰা গাওঁত পৰিৱৰ্তনৰ দিশত এক সাহসী পদক্ষেপ গ্ৰহণ কৰিছিল। এই আঁচনিয়ে মানুহৰ মাজত মনোভাৱৰ এক গভীৰ পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে, যাৰ ফলত গাওঁবাসীসকলৰ মাজত পৰিৱেশ সজাগতা আৰু দায়বদ্ধতা বৃদ্ধি পাইছে।
স্থানীয় যুৱ ক্লাৱৰ সদস্যৰ সৈতে গাওঁবুঢ়া ফাৰুক আহমেদ গণাই
প্লাষ্টিকমুক্ত দেশ গঢ়াৰ লক্ষ্যৰে অত্যন্ত নিষ্ঠাৰে কাম কৰি থকা গণাইৰ অভিযান আৰম্ভ কৰাৰ মাত্ৰ ১৫ দিনৰ ভিতৰতে গোটেই গাওঁখনে প্লাষ্টিক-মুক্ত হোৱাৰ আকাংক্ষিত মৰ্যাদা লাভ কৰিছিল। এই অভূতপূৰ্ব সাফল্যই ব্যাপক প্ৰশংসা লাভ কৰে আৰু তেলেংগানা ৰাজ্যকে ধৰি অসংখ্য পঞ্চায়ত আৰু অঞ্চলৰ বাবে তেওঁ অনুপ্ৰেৰণাৰ উৎস হৈ পৰে।
অৱশ্যে গণাইৰ উচ্চাকাংক্ষা সাদিৱাৰাৰ গাওঁৰ সীমাৰ ভিতৰতে সীমাবদ্ধ হৈ থকা নাই। তেওঁৰ সপোন আৰু লক্ষ্যই কেতিয়াবাই বহুদূৰ অতিক্ৰম কৰিছে। সাদিৱাৰাক ৰাষ্ট্ৰৰ বাবে এক আদৰ্শ গাওঁলৈ ৰূপান্তৰ কৰাৰ লক্ষ্যৰে তেওঁ প্লাষ্টিকৰ বিনিময়ত সোণ অভিযানক সমগ্ৰ দেশলৈ সম্প্ৰসাৰিত কৰাৰ সপোন দেখিছে। আৱাজ-দ্য ভইচ'ৰ সন্মুখত তেওঁ কয়, "মই ইয়াক সফল বুলি বিবেচনা নকৰোঁ; এইটো সফলতাৰ প্ৰথম পদক্ষেপ। মোৰ আগলৈ এটা দীঘলীয়া যাত্ৰা আছে। আমি আমাৰ অভিযান কন্যাকুমাৰীলৈ লৈ যাবলৈ সংকল্পবদ্ধ।"
গণাইৰ অসাধাৰণ যাত্ৰাৰ আৰম্ভণি হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰত অভিযানৰ পৰা। এই ৰাষ্ট্ৰীয় আন্দোলনটো পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু পৰিৱেশৰ প্ৰতি গণাইৰ প্ৰতিশ্ৰুতিৰ সৈতে গভীৰভাৱে প্ৰতিধ্বনিত হৈছিল। তেওঁৰ gold-for-plastic অভিযানৰ আৰম্ভণিৰ মূল আছিল নিজৰ গাওঁ আৰু ইয়াৰ জলাশয়সমূহৰ পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাৰ আকাংক্ষা। এই প্ৰচেষ্টাত তেওঁ স্থানীয় উপায়ুক্ত, খণ্ড উন্নয়ন বিষয়া আৰু স্থানীয় যুৱ সংঘকে ধৰি সকলো শ্ৰেণীৰ লোকৰ পৰা উৎসাহ লাভ কৰিছিল।
প্লাষ্টিক ব্যৱহাৰ বন্ধ কৰা বাবে মানুহৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস ফাৰুক আহমেদ গণাইৰ
গণাইৰ এই অভিনৱ পদক্ষেপে অঞ্চলটোলৈ নাটকীয় পৰিৱৰ্তন কঢ়িয়াই আনিছিল। তেওঁ কয়, "বিশ্বাস কৰক, মাত্ৰ ১৫ দিনৰ ভিতৰত আমাৰ অঞ্চলটো পৰিচ্ছন্ন হৈ পৰিছিল। আজিও আদালতৰ পৰা উভতি অহাৰ সময়ত মই কিছুমান লোকক একত্ৰিত কৰোঁ আৰু একেলগে আৱৰ্জনাৰ স্তূপ থকা ঠাই এখন বাছনি কৰোঁ আৰু ইয়াক পৰিস্কাৰ কৰো।"
গ্ৰামোন্নয়ন বিভাগৰ অধীনত চলিত বৰ্ষৰ ৭ জানুৱাৰীত আনুষ্ঠানিকভাৱে আৰম্ভ কৰা গণাইৰ অভিযানে ১৫ দিনৰ ভিতৰত তিনিটা কাৰ্যসূচী হাতত লয় আৰু এই সক্ৰিয় পদক্ষেপৰ ফলত সাদিৱাৰাৰ এক কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কমেও দহটা অঞ্চল পৰিষ্কাৰ কৰা হৈছে।
উল্লেখ্য যে, 'প্লাষ্টিকৰ বিনিময়ত সোণ' আঁচনিৰ সফল ৰূপায়নত গণাইক বিশেষভাৱে সহযোগ আগবঢ়াইছে তেওঁৰ পত্নীয়ে। গণাই গৌৰৱেৰে তেওঁৰ পত্নীক এজন দায়িত্বশীল নাগৰিক বুলি উল্লেখ কৰি কয় যে, সকলোৰে সামূহিক প্ৰচেষ্টাই সামাজিক প্ৰগতিক আগুৱাই নিয়ে।
গাঁৱৰ যুৱকৰ সৈতে ফাৰুক আহমেদ গনাই
"প্ৰথমে মই মোৰ গাঁৱত এটা শ্লোগান আৰম্ভ কৰিছিলো, পলিথিন দিয়ক আৰু এটা পুৰস্কাৰ লওক। আমাৰ অঞ্চলটোৰ নৈবোৰ পৰিষ্কাৰ কৰিবলৈ মই এই পদক্ষেপ আৰম্ভ কৰিছিলো। গাঁৱৰ সকলোৱে আমাক এই কামত সহায় কৰিছিল। আৰু অৱশেষত ৭ জানুৱাৰীত উপায়ুক্তই আমাৰ অঞ্চলটো প্লাষ্টিকমুক্ত ঘোষণা কৰিছিল। এখন সেউজীয়া গাঁও গঢ়ি তোলাৰ লক্ষ্যৰে আমি মানুহক প্লাষ্টিকৰ বিনিময়ত সোণ আগবঢ়াইছিলো। এই অভিযান আমি অকল আমাৰ গাঁৱতে আৱদ্ধ নাৰাখি কাশ্মীৰৰ সকলো জিলালৈ আৰু পিছলৈ দেশৰ সকলো প্ৰান্তলৈ লৈ যোৱাৰ লক্ষ্য লৈছো।’- ফাৰুক আহমদ গণাইয়ে কয়।
চৰকাৰে আৰম্ভ কৰা পদক্ষেপৰ তুলনাত গনাইৰ এই পদক্ষেপ বহু ফলপ্ৰসু বিবেচিত হৈছে। গোটেই গাঁওখনে এই অভিযানত অংশ লৈছে আৰু এতিয়া তেওঁলোকৰ গাওঁখন দেশৰ প্ৰথম প্লাষ্টিকমুক্ত গাঁও। অঞ্চলটোৰ যুৱক-যুৱতীসকলে গাওঁবুঢ়াৰ সৈতে মিলি গাঁওখন পৰিষ্কাৰ কৰি সমগ্ৰ দেশৰ বাবে এক আদৰ্শ দাঙি ধৰিছে।
‘মহাত্মা গান্ধীৰ পৰা আমি অনুপ্ৰাণিত হৈছিলো যদিও ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰা স্বচ্ছ ভাৰত অভিযান আমাৰ আৰম্ভণিৰ মূল আছিল। গাওঁবুঢ়া গণাই এজন মেধাৱী নেতা আৰু এনে পদক্ষেপক আগুৱাই নিয়াৰ বাবে আমাক সকলোকে একত্ৰিত কৰিছিল। আমাৰ গাঁওখন প্লাষ্টিকমুক্ত কৰিবলৈ আমি দুসপ্তাহ সময় লৈছিলো। আমি ইয়াক আন জিলালৈ আগবঢ়াই লৈ যাম।’- এই মন্তব্য যুৱনেতা তথা কৰ্মী ছাকিল ৱানীৰ।
স্বচ্ছ ভাৰত অভিযানৰ দ্বাৰা প্ৰভাৱিত ফাৰুক আহমেদ গণাইয়ে বাট-পথৰ পৰা পেলনীয়া প্লাষ্টিক পৰিষ্কাৰ কৰি থকাৰ এক দৃশ্য
উল্লেখ্য যে, গাঁওখনৰ মাজেৰে বৈ যোৱা নৈবোৰ এতিয়া পৰিষ্কাৰ কৰা হৈছে আৰু নৈবোৰক শ্বাসৰুদ্ধ কৰি ৰখা প্লাষ্টিকবোৰ উলিয়াই অনা হৈছে। বছৰ বছৰ পিছত অৱশেষত নদীৰ পানী স্ফটিকৰ দৰে হৈ পৰিছে। মহিলাসকলেও এই পদক্ষেপত অংশগ্ৰহণ কৰি ৰাস্তা, নৈ আৰু পথাৰ পৰিষ্কাৰ কৰাত সহায় কৰে।
‘আমি এতিয়া চাৰি মাহ ধৰি গাওঁবুঢ়াৰ সৈতে কাম কৰি আছো, আৰু তেওঁ কঠোৰ পৰিশ্ৰমী। আমাৰ গাঁওখন পৰিষ্কাৰ-পৰিচ্ছন্ন হোৱাটো তেওঁ নিশ্চিত কৰিছিল আৰু সেয়া এতিয়া চকুৰে চাব পাৰি। তেওঁ পঢ়-শুনা কৰা মেধাৱী ব্যক্তি যদিও আমাৰ অঞ্চলৰ নলাবোৰ চাফা কৰা দেখা যায়। আমাৰ গাঁওখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰিবলৈ তেওঁ কঠোৰ পৰিশ্ৰম কৰে৷ আমি প্লাষ্টিক দি সোণ লাভ কৰো। ই অঞ্চলটোৰ বাবে তেওঁ আচৰিত কাম কৰিছে।’-অংগনবাড়ী কৰ্মী ছাকিনা বেগমে এইদৰে কয়।
ইফালে, হমেদ গনাইয়ে কয় যে কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে প্লাষ্টিকৰ আৱৰ্জনা পুনঃব্যৱহাৰৰ ক্ষেত্ৰত গাঁওবাসীক সহায় কৰিছে। ‘পলিথিনৰ পৰা প্লাষ্টিকৰ টাইলছ বনোৱাৰ মেচিন ক্ৰয় কৰাৰ পৰিকল্পনা আছে আৰু একেখিনিৰে গাঁৱৰ লেন সৌন্দৰ্য্যবৰ্ধন কৰাৰ পৰিকল্পনা আছে। বৰ্তমান পঞ্চায়তে চৰকাৰে দান কৰা হাতৰ মেচিনত হাইড্ৰলিক প্ৰেছ ব্যৱস্থা ব্যৱহাৰ কৰি নিৰ্দিষ্ট আকাৰৰ কম্পেক্ট পেকেটলৈ ৰূপান্তৰিত কৰি আছে। এই মেচিনটোৰ দাম প্ৰায় ৬০ হাজাৰ টকা।”