সৰবৰহী মহিলা চালেহা বেগমৰ দেহাৱসান

Story by  atv | Posted by  [email protected] • 1 h ago
সৰবৰহী মহিলা চালেহা বেগমৰ দেহাৱসান
সৰবৰহী মহিলা চালেহা বেগমৰ দেহাৱসান
 
গুৱাহাটী
 
গুৱাহাটীৰ লাখটকীয়াৰ কৰ্ণেল জে, আলী ৰোডৰ নিবাসী এগৰাকী অতি সৰবৰহী মহিলা চালেহা বেগমে (মেৰী) চলিত মাহৰ ১৫ তাৰিখে পুৱা ১০.৩৫ বজাত নিজ বাসগৃহত ইহলীলা সম্বৰণ কৰে।
 
তেওঁ মৃত্যুৰ পূৰ্বে কেইবাদিন ধৰি অসুস্থ হৈ আছিল। আঠগাঁওস্থিত গুৱাহাটী কবৰস্থানত তেওঁৰ জানাজা সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮১ বছৰ।
 
উল্লেখযোগ্য যে, অতি সহজ-সৰল অমায়িক প্ৰকৃতিৰ মহিলা চালেহা বেগম সকলোৰে প্রিয় আছিল। তেখেতৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰে। মৃত্যুৰ সময়ত তেখেতে দুজন পুত্ৰ, দুগৰাকী কন্যা, বোৱাৰী আৰু নাতি-নাতিনীক এই পৃথিৱীত এৰি থৈ যায়।