নতুন দিল্লী
আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১৩০ সংখ্যক জন্মবাৰ্ষিকী তথা পৰাক্ৰম দিৱস৷ দেশজুৰি স্মৰণ কৰা হৈছে নেতাজী সুভাষ চন্দ্ৰ বসুক৷ উল্লেখ্য যে ভাৰতৰ স্বাধীনতা সংগ্ৰামত নেতাজী সুভাষ চন্দ্ৰ বসুৰ অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যেই আজিৰ দিনটো পৰাক্ৰম দিৱস হিচাপে পালন কৰা হয়।
স্বাধীনতা সংগ্ৰামৰ এজন স্মৰণীয় কিংবদন্তি নেতা নেতাজী সুভাষ চন্দ্ৰ বসু। দেশৰ বাবে তেওঁ যি কাম কৰিছিল, ইংৰাজ শাসনৰ বিৰুদ্ধে দেশবাসীক পথ দেখুৱাই আগবঢ়াই নিয়া সহজ নাছিল। তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসৰ এজন উজ্জ্বল আৰু মহৎ ব্যক্তি যিয়ে তেওঁৰ গোটেই জীৱন সংগ্ৰামৰ বাবে উৎসৰ্গিত কৰিছিল। ১৯২০-১৯৩০ চনৰ সময়ছোৱাত বসু ভাৰতীয় জাতীয় কংগ্ৰেছৰ যুৱ শাখাৰ নেতা আছিল আৰু পাছলৈ ১৯৩৮ আৰু ১৯৩৯ চনত দুবাৰকৈ কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল।
সুভাষচন্দ্র বসু তেওঁৰ অসাধাৰণ ওকালতি আৰু সমাজতান্ত্ৰিক নীতিৰ বাবে জনাজাত আছিল। নিজৰ অভিনৱ পন্থা, অসাধাৰণ সাংগঠনিক শক্তি প্রভৃতিয়ে সমগ্র ভাৰতবর্ষত তেওঁক জনপ্রিয় কৰি তুলিছিল। ১৮৯৭ চনৰ ২৩ জানুৱাৰীত উৰিষ্যাৰ কটকত সুভাষ চন্দ্ৰ বসু জন্ম হৈছিল। তেওঁৰ দেউতাক জানকী নাথ বসু এগৰাকী বিখ্যাত উকীল আছিল আৰু তেওঁৰ মাতৃ প্ৰভাৱতী বসু এগৰাকী ধাৰ্মিক মহিলা আছিল।
নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মবাৰ্ষিকী উপলক্ষে পালন কৰা পৰাক্ৰম দিৱসত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এই মহান নেতাগৰাকীৰ প্ৰতি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এক পোষ্টযোগে তেওঁ কয় যে স্বাধীনতাৰ বাবে তেওঁৰ আহ্বান লক্ষ লক্ষ ভাৰতীয়ৰ মনত সাহস, আত্মবিশ্বাস, ঐক্য আৰু জাতীয়তাবাদৰ চেতনা জাগ্ৰত কৰিছিল। তেওঁ আজাদ হিন্দ ফৌজৰ জৰিয়তে ভাৰতৰ স্বাধীনতা আন্দোলনত নিৰ্ণায়ক নেতৃত্ব প্ৰদান কৰাৰ উপৰি এই আন্দোলনক আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ লৈ গৈছিল। তেওঁৰ আদৰ্শই প্ৰতিজন ভাৰতীয়ক অনুপ্ৰাণিত কৰে।
পৰাক্ৰম দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে কয়, ''পৰাক্ৰম দিৱস হিচাপে পালন কৰা নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মবাৰ্ষিকীত মই তেওঁৰ অদম্য সাহস, সংকল্প আৰু ৰাষ্ট্ৰৰ প্ৰতি অনবদ্য অৱদানক স্মৰণ কৰিছো। তেওঁ আছিল সাহসী নেতৃত্ব আৰু অটল দেশপ্ৰেমৰ প্ৰতীক। তেওঁৰ আদৰ্শই আজিও প্ৰজন্মৰ পিছত প্ৰজন্মক শক্তিশালী ভাৰত গঢ়াৰ বাবে অনুপ্ৰাণিত কৰে।’’