আজি স্বনামধন্য কবি নৱকান্ত বৰুৱাৰ জন্ম শতবৰ্ষ

Story by  atv | Posted by  [email protected] • 3 h ago
আজি স্বনামধন্য কবি নৱকান্ত বৰুৱাৰ জন্ম শতবৰ্ষ
আজি স্বনামধন্য কবি নৱকান্ত বৰুৱাৰ জন্ম শতবৰ্ষ
 
গুৱাহাটী
 
অসম আৰু অসমীয়া কাব্যজগতৰ ইতিহাসত প্ৰজন্মৰ পৰা প্ৰজন্মলৈ ব্যাপ্ত এক প্ৰতিভাৰ নাম নৱকান্ত বৰুৱা। এই মহান কবিগৰাকীৰ আজি জন্ম শতবৰ্ষ।
 
কবি নৱকান্ত বৰুৱাৰ শৈশৱৰ চোতালৰ হৰিতকীৰ তলত নগাঁওবাসীয়ে তেওঁৰ ওপজা দিনটোত যোৱা পয়ত্ৰিছ বছৰে কবিতাৰ দিন হিচাপে পালন কৰি আহিছে। এই উপলক্ষে কবিগৰাকীৰ জন্মভূমি নগাঁৱত প্ৰয়াত কবিগৰাকীৰ জন্ম শতবৰ্ষ পালনৰ  চলিছে প্ৰস্তুতি।
 
উল্লেখ্য যে, ১৯২৯ চনত ডিবৰুত জন্ম গ্ৰহণ কৰা নৱকান্ত বৰুৱা আছিল একেধাৰে কবি, উপন্যাসিক অনুবাদক আৰু প্ৰৱন্ধ লেখক। উত্তৰ প্ৰদেশত শিক্ষকতাৰ বৃত্তিৰে কৰ্ম জীৱনৰ পাতনি মেলা নৱকান্ত বৰুৱাই পৰৱৰ্তী সময়ত যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় আৰু পৰৱৰ্তী সময়ত কটন কলেজৰ পৰা উপাধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে।
 
এখুদ ককাইদেউ বৰুৱাৰ জনপ্ৰিয় ছদ্মনাম। নৱকান্ত বৰুৱাই শান্তি নিকেতনত থকা সময়ছোৱাত চিত্ৰকলাৰ শিক্ষা লাভ কৰিছিল। তেওঁ প্ৰখ্যাত চিত্ৰশিল্পী নন্দলাল বসুৰ পৰাও চিত্ৰ বিদ্যা শিকিছিল।
 
নৱকান্ত বৰুৱাদেৱে তেওঁৰ প্ৰথম কাব্য গ্ৰন্থ "হে অৰণ্য হে মহানগৰ",নিজৰ প্ৰথম উপন্যাস "কপিলীপৰীয়া সাধু"ৰ বেটুপাট নিজেই অংকন কৰিছিল। লগতে তীয় ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ "ৰাজপথে ৰিঙিয়াই",ডঃ প্ৰফুল্ল দত্ত গোস্বামীৰ "শেষ ক'ত",পৰাগ চলিহাৰ "চাৰিহাজাৰ বছৰৰ অসম" আৰু এবাৰ "কটনিয়ান" আলোচনীৰ বেটুপাত অংকন কৰিছিল। অসমীয়া সাহিত্যক তেওঁ এক অনন্য ৰূপ প্ৰদান কৰিলে এখুদ ককাইদেৱে। অসমৰ এইজনা সাহিত্যিকৰ মৃত্যু ঘটে ২০০২ চনৰ ১৪ জুলাইত।