মৃত্যু বাৰ্ষিকীত ভাৰতৰ সংবিধান প্ৰণেতা ড০ বি আৰ আম্বেদকাৰলৈ শ্ৰদ্ধাঞ্জলি

Story by  atv | Posted by  [email protected] • 1 Months ago
মৃত্যু বাৰ্ষিকীত ভাৰতৰ সংবিধান প্ৰণেতা ড০ বি আৰ আম্বেদকাৰলৈ শ্ৰদ্ধাঞ্জলি
মৃত্যু বাৰ্ষিকীত ভাৰতৰ সংবিধান প্ৰণেতা ড০ বি আৰ আম্বেদকাৰলৈ শ্ৰদ্ধাঞ্জলি
 
নতুন দিল্লী

ভাৰতৰ সংবিধান প্ৰণেতা, ভাৰতৰত্ন ড০ বি আৰ আম্বেদকাৰৰ আজি ৭০ সংখ্যক মৃত্যু বাৰ্ষিকী। ভাৰতীয় 'সংবিধানৰ জনক' হিচাপে পৰিচিত ড০ বি আৰ আম্বেদকাৰে দেশৰ সামাজিক, ৰাজনৈতিক ন্যায় নিশ্চিত কৰা এক সৰ্বোচ্চ আইনৰ ভেটি স্থাপন কৰিছিল, য'ত সকলো নাগৰিকৰ বাবে সমতা, স্বাধীনতা আৰু মৰ্যাদাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল।

ড০ আম্বেদকাৰ ভাৰতীয় সংবিধান ৰচনাৰ বাবে গঠিত খচৰা কমিটীৰ সভাপতি আছিল আৰু সংবিধানখনৰ চূড়ান্ত ৰূপ দিয়াৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰিছিল। তেওঁ অস্পৃশ্যতা নিৰ্মূল, সামাজিক বৈষম্য দূৰ কৰা আৰু অনুসূচিত জাতি, শ্ৰমিক আৰু মহিলাৰ অধিকাৰ সুৰক্ষাৰ বাবে আজীৱন সংগ্ৰাম কৰিছিল। তেওঁ সামাজিক, আৰ্থ-সামাজিক আৰু ৰাজনৈতিক সকলো ক্ষেত্ৰতে গণতন্ত্ৰত বিশ্বাস কৰিছিল, যি সংবিধানত প্ৰতিফলিত হৈছে। 

সংবিধানৰ জৰিয়তে সকলো নাগৰিকৰ বাবে মৰ্যাদা, ঐক্য, স্বাধীনতা আৰু মৌলিক অধিকাৰ নিশ্চিত কৰাত তেওঁ গুৰুত্ব দিছিল। তেওঁক "বাবাচাহেব" বুলিও জনা যায়। আইনবিদ, অৰ্থনীতিবিদ, সমাজ সংস্কাৰক আৰু ৰাজনীতিবিদ ড০ আম্বেদকাৰৰ এই কাৰ্যসমূহে ভাৰতক এক ন্যায়ভিত্তিক আৰু সাম্যবাদী সমাজ গঢ়ি তোলাৰ পথ প্ৰশস্ত কৰিছিল। 
তেওঁৰ মৃত্যু বাৰ্ষিকীৰ দিনটো দেশজুৰি 'মহাপৰিনিৰ্বাণ' দিৱস হিচাপে পালন কৰা হয়। আজি পৱিত্ৰ পুণ্য তিথি উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তত তেওঁক স্মৰণৰ উদ্দেশ্যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি নতুন দিল্লীৰ সংসদ ভৱনস্থিত প্ৰেৰণা স্থলত 'মহাপৰিনিৰ্বাণ' দিৱসৰ আয়োজন কৰা হয়। অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ড০ আম্বেদকাৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।