শ্বিলঙত মৃত্যুৰ প্ৰাকক্ষণত নিৰাপত্তাৰক্ষীক কি কৈছিল এ পি জে আব্দুল কালামে ?

Story by  atv | Posted by  [email protected] • 1 Years ago
ড০ এ পি জে আব্দুল কালাম
ড০ এ পি জে আব্দুল কালাম
 
নতুন দিল্লী

২০১৫ চনৰ ২৭ জুলাই। মিছাইল মেন অৱ ইণ্ডিয়া ভাৰতৰত্ন ড০ এ পি জে আব্দুল কালামে অসমৰ গুৱাহাটীৰ পৰা চাৰি ঘণ্টীয়া পথ যাত্ৰাৰ অন্তত আই আই এম(IIM)ৰ ছাত্ৰ-ছাত্ৰীক সম্বোধন কৰিবলৈ প্ৰকৃতিৰ ৰাণী শ্বিলঙত উপস্থিত হৈছিল। শিক্ষা প্ৰতিষ্ঠানখনত উপস্থিত হোৱাৰ পিছতে ড০ কালামে নিজৰ ব্যক্তিগত সচিব ঘনশ্যাম শৰ্মাক কয় যে তেওঁ কনভয়ৰ সন্মুখত এখন বাহনৰ ওপৰত মেচিনগান লৈ থিয় হৈ থকা নিৰাপত্তাৰক্ষীজনক লগ কৰিব বিচাৰে।
 
নিৰাপত্তাৰক্ষীজন ড০ কালামৰ ওচৰলৈ অহাত দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ ওচৰত ক্ষমা খুজি ক’লে, “আপুনি মোৰ পথ যাত্ৰাৰ বাবে ৪ ঘণ্টা ধৰি থিয় হ’বলগীয়া হোৱাত মই অত্যন্ত দুখ পাইছো।” পাঁচ বছৰ ধৰি ৰাষ্ট্ৰপতি ভৱনত ড০ কালামৰ মিডিয়া সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰা আৰু ড০ কালামক লৈ 'পিপলছ প্ৰেচিডেণ্ট' নামেৰে এখন কিতাপ লিখা এছ এম খানে 'আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক মত-বিনিময়ত এই ঘটনাৰ কথা স্মৰণ কৰে।
 
“আই আই এমৰ ছাত্ৰ-ছাত্ৰীৰ সন্মুখত ভাষণ দিবলৈ সাজু হোৱাৰ সময়তে মঞ্চত পৰি মৃত্যুমুখত পৰাৰ প্ৰায় ১৫ মিনিট পূৰ্বে তেওঁ নিৰাপত্তাৰক্ষীজনৰ সৈতে কথা পাতিছিল। পুৱা ৭ বজাত তেওঁ দিল্লীৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল। তাৰ পিছত তেওঁ লগে লগে গুৱাহাটীৰ পৰা শ্বিলঙলৈ পথ যাত্ৰা আৰম্ভ কৰে। ৮৩ বছৰ বয়সত তেওঁ এই দীঘলীয়া যাত্ৰা কৰিছিল। মৃত্যুৰ ১৫ মিনিট পূৰ্বে তেওঁৰ শৰীৰৰ ভিতৰত হয়তো কিবা এটা ঘটিছিল।"-কালামৰ উপস্থিত বুদ্ধি আৰু সহানুভূতিৰ কথা স্মৰণ কৰি এছ এম খানে কয়।
 
শ্বিলঙত ভাষণ দি থকাৰ সময়ত মঞ্চত এইদৰে ঢলি পৰিছিল এ পি জে আব্দুল কালাম
 
অৱসৰৰ পিছত এনচিআৰ(NCR)ৰ সামাজিক আৰু সাহিত্যিক মহলত সক্ৰিয় হৈ থকা খানে ড০ কালামৰ সৈতে ৰাষ্ট্ৰপতি ভৱনত কটোৱা দিনবোৰ চৰকাৰী কৰ্মচাৰী হিচাপে তেওঁৰ “সোণালী সময়” বুলি উল্লেখ কৰে। "ৰাষ্ট্ৰপতি কালামৰ সৰলতা আৰু নম্ৰতাই মোক আটাইতকৈ বেছি মুগ্ধ কৰিছিল। মই লগ পোৱা মানুহৰ ভিতৰত তেওঁ আছিল আটাইতকৈ সহজ-সৰল। চৰকাৰী ভোজতো প্ৰায়ে তেওঁ নিজৰ অতিথিসকলক প্লেট আৰু খাদ্য আগবঢ়াইছিল।" খানে কয়। 
 
খানে কোৱা মতে, কালাম অত্যন্ত কৰ্মযোগী আছিল। আনৰ প্ৰতি তেওঁ সহানুভূতিশীল আছিল যদিও কাৰো প্ৰতি পক্ষপাতিত্বমূলক আচৰণ কৰা নাছিল। খোৱা-বোৱাৰ প্ৰতি বিশেষ ৰাপ নোহোৱা ড০ কালামে পুৱা-গধূলি ৰাষ্ট্ৰপতি ভৱনত নিয়মীয়াকৈ খোজ কাঢ়িছিল। 
 
খানে কয় যে ৰাষ্ট্ৰপতিয়ে প্ৰায়ে বিষয়াসকলক ব্ৰেকফাষ্টৰ বাবে আমন্ত্ৰণ জনাইছিল আৰু বিভিন্ন বিষয়ক লৈ আলোচনা কৰিছিল। তেৱোঁ বহুবাৰ যোগদান কৰিছিল। “তেওঁ ইডলী-ছম্বাৰ আৰু ফলৰ ব্ৰেকফাষ্ট ভাল পাইছিল আৰু মাজে মাজে দোছা খাইছিল। তেওঁ দুপৰীয়াৰ আহাৰ সন্ধিয়া ৪-৫ বজাৰ ভিতৰতহে গ্ৰহণ কৰিছিল আৰু নিশাৰ আহাৰ খাওতে বহুত দেৰি হৈছিল।
 
প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ জীৱনৰ কিছুমান অতি কম পৰিচিত দিশৰ বিষয়ে উল্লেখ কৰি খানে কয় যে কালাম ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ আগতেই বিখ্যাত আছিল। তেওঁ আছিল ভাৰতৰত্ন, মিছাইল মেন অৱ ইণ্ডিয়া। তেওঁ ভাৰতক পাৰমাণৱিক শক্তি হিচাপে গঢ়ি তোলাত অপৰিসীম অৱদান আগবঢ়াইছিল। 
 
আব্দুল কালামৰ সৈতে ৰাষ্ট্ৰপতি ভৱনৰ চৌহদত এছ এম খান
 
খানে কয় যে পুৰণি লোকসকলে তেওঁৰ জনপ্ৰিয়তাক ইন্দিৰা গান্ধীৰ সৈতে তুলনা কৰিছিল (ভাৰতৰ একমাত্ৰ মহিলা প্ৰধানমন্ত্ৰী)। তেওঁ য’তেই গৈছিল তাতেই মানুহে তেওঁক ৰাস্তাৰ দাঁতিত আৰু শাৰী পাতি ৰৈ আছিল। কালামৰ জীৱনী লিখোতাই স্বীকাৰ কৰিছে যে “ভাৰতৰ মহাকাশ, পাৰমাণৱিক, আৰু ক্ষেপণাস্ত্ৰ অভিযানত কালামে অপৰিসীম অৰিহণা যোগাইছিল আৰু দেশে তেওঁক ৰাষ্ট্ৰপতিৰ আসনত অধিষ্ঠিত কৰি আৰু অজস্ৰ মৰম- চেনেহেৰে তেওঁক ইয়াৰ প্ৰতিদান দিছিল।”
 
খানে কয় যে কালামৰ ধৰ্মীয় বিশ্বাস সন্দৰ্ভত কোনো কথা কেতিয়াও প্ৰচাৰিত হোৱা নাই যদিও তেওঁ নিজৰ কোঠাৰ ভিতৰতে পুৱাৰ নামাজ (ফজৰ) আগবঢ়াইছিল আৰু মছজিদলৈ যোৱা নাছিল। তেওঁ কোৰআন আৰু ভাগৱত গীতাৰ দৰে ধৰ্মীয় শাস্ত্ৰও পাঠ কৰিছিল।
 
সকলো ধৰ্মগোষ্ঠীৰ ধৰ্মগুৰুসকলৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক থকাৰ লগতে ধৰ্মীয় একতা-সম্প্ৰীতিক লৈ কাম কৰিবলৈ আগ্ৰহী আছিল। মৃত্যুৰ তিনিদিন পূৰ্বে দিল্লীৰ ৰাজাজী ৰোডৰ ঘৰত কালামৰ সৈতে হোৱা শেষ সাক্ষাৎকাৰৰ কথা মনত পেলাই খানে কয়, "তেওঁৰ স্বাস্থ্য ভাল দেখা গৈছিল আৰু মোৰ সৈতে সংসদত হোৱা আলোচনাৰ বিষয়ে কথা পাতিছিল। ৩ দিনৰ পাছত তেওঁ আমাক এৰি যাব বুলি কোনো ক্ষণতে আমি অনুভৱ কৰা নাছিলো। তেওঁৰ শৰীৰত কোনো লক্ষ্যণ দেখা নাছিলো।”