আতিৰ খান
আৰব বিশ্বৰ সৈতে ভাৰতৰ সম্পৰ্ক অতি প্ৰাচীন আৰু গভীৰ। মধ্যযুগত আৰবী ভাষা কোৱা পৰিভ্ৰমণকাৰীসকলে ভাৰতলৈ আহি ইয়াৰ বিষয়ে মনোমোহা বিৱৰণী লিখিছিল। ভাৰতৰ সমৃদ্ধিৰ বিষয়ে তেওঁলোকৰ বিৱৰণীবোৰে বাকী বিশ্বৰ চকু মেল খুৱাই দিছিল। শেহতীয়াকৈ পশ্চিম এছিয়া আৰু উত্তৰ আফ্ৰিকাত ভাৰতৰ প্ৰচাৰে আঞ্চলিক সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰিছে।
ভাৰত আৰু আৰবী ভাষা কোৱা অঞ্চলসমূহে অধিক শক্তিশালী সম্পৰ্ক গঢ়ি তোলাৰ লগে লগে আৰব অঞ্চলৰ লোকসকলৰ মাজত ভাৰতক ভালদৰে জনাৰ এক কৌতুহল সৃষ্টি হৈছে। এই কথা মনত ৰাখি আৰু আমাৰ সমন্বয়মুখী চিন্তা-ধাৰাৰ সৈতে মিল ৰাখি আমি আপোনালোকৰ মাজলৈ লৈ আহিছো আমাৰ ষষ্ঠ সংস্কৰণ- আৱাজ-দ্য ভইচ আৰবী। এই সংস্কৰণে ভাৰত আৰু আৰব বিশ্বৰ মাজত থকা তথ্যৰ ব্যৱধান দূৰ কৰিব।
আৰব বিশ্বৰ সৈতে আমাৰ সম্পৰ্ক ইমানেই গভীৰ যে ইছলামৰ আগমনৰ আগতেই সেই অঞ্চলৰ পৰিভ্ৰমণকাৰীসকলে ভাৰতৰ দক্ষিণ প্ৰান্ত ভ্ৰমণ কৰিছিল। ইছলামৰ আগমনৰ পাছতো আৰবৰ পৰা ভাৰতলৈ মানুহৰ গতি অব্যাহত আছিল। এই সম্পৰ্কৰ সাক্ষী হিচাপে থিয় দিছে কেৰালাৰ কোডুংগালুৰৰ চেৰমান জুমা মছজিদ।
এই সম্পৰ্কৰ প্ৰথম পৰ্যায়টো ব্যৱসায় আৰু বাণিজ্যৰ সৈতে জড়িত আছিল। তাৰ পিছত সাংস্কৃতিক সম্পৰ্ক আৰম্ভ হয়। আল বাৰুনি আৰু ইবন বট্টুতাৰ দৰে আৰবী ভাষী পণ্ডিতসকলে ভাৰত আৰু ইয়াৰ জনসাধাৰণক বুজিবলৈ যথেষ্ট আগ্ৰহ প্ৰকাশ কৰিছিল। তেওঁলোকে ভাৰতীয় সংস্কৃতি আৰু পাণ্ডিত্যৰ বিষয়ে অধ্যয়ন কৰিবলৈ ভাৰতত যথেষ্ট সময় ধৰি আছিল আৰু তেওঁলোকৰ বিৱৰণী ঐতিহাসিক তথ্যৰ এক বৃহৎ উৎস।
তাৰ পিছৰ সময়ছোৱাত আৰব বিশ্বই গৌণ উৎসৰ পৰা, মূলতঃ পশ্চিমীয়া সংবাদ মাধ্যমৰ পৰা পোৱা তথ্যৰ জৰিয়তে ভাৰতক বুজিব পাৰিছিল। ভাৰতৰ দৈনিক বাতৰি আৰু মতামতসমূহ আৰবী ভাষাত প্ৰকাশ কৰা প্ৰথমটো থলুৱা নিউজ পৰ্টেল হিচাপে পৰিগণিত হৈছে আৱাজ-দ্য ভইচ।
আমাৰ আৰবী সংস্কৰণে পশ্চিম এছিয়া আৰু উত্তৰ আফ্ৰিকাত ভাৰত সম্পৰ্কীয় বিষয়বস্তুৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি পোৱা ক্ষুধাক পূৰণ কৰিব। পৃথিৱীৰ কমেও বাইশখন দেশত আৰবী ভাষা ব্যৱহাৰ হয়। সেই অঞ্চলত বসবাস কৰা লোকসকলে তেওঁলোকৰ সাংস্কৃতিক আৰু আধ্যাত্মিক সম্পৰ্কৰ বাবে ভাৰতীয় লোকসকলৰ বিষয়ে অধিক জানিবলৈ তীব্ৰ আগ্ৰহ প্ৰকাশ কৰিছে।
ভাৰত আৰু আৰব ভাষী বিশ্বই কূটনীতি, নিৰাপত্তা, বাণিজ্য, সংস্কৃতিৰ ক্ষেত্ৰত ভাল সম্পৰ্ক গঢ়ি তুলিছে। ভাৰত আৰু আৰব দেশসমূহ এই অঞ্চলৰ কিছুমান বৃহৎ বাণিজ্যিক অংশীদাৰ। ভাৰতত আৰব অঞ্চলত বসতি স্থাপন কৰা প্ৰব্ৰজনকাৰীৰ বৃহৎ জনসংখ্যা আছে।
উল্লেখ্য যে, চাৰি বছৰৰ কম সময়ৰ ভিতৰতে আৱাজ-দ্য ভইচে ৬টা ভাষাত সংস্কৰণ মুকলি কৰিবলৈ সক্ষম হৈছে। ইংৰাজী, উৰ্দু, হিন্দী, অসমীয়া, আৰু মাৰাঠী ভাষাত প্ৰকাশ পোৱা আমাৰ বা-বাতৰি আৰু প্ৰতিবেদনসমূহৰ প্ৰতি পাঠক আৰু দৰ্শক সমাজৰ অভূতপূৰ্ব আগ্ৰহ অবিহনে এয়া সম্ভৱ নহ’লহেঁতেন।
আৱাজ দ্য ভইচ পৰিয়ালে আন এক মাইলৰ খুঁটিত উপনীত হোৱাৰ সময়ত সকলো পাঠকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰিছো। আমি আশা কৰোঁ আৰব বিশ্বৰ আমাৰ পাঠকসকলেও এতিয়া আমাৰ বা-বাতৰি আৰু প্ৰতিবেদনৰ শলাগ ল’ব।
(আতিৰ খান আৱাজ দ্য ভইচৰ মুখ্য সম্পাদক)