সৰ্বাংগীন ‘বৰ অসম’ গঢ়াৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Story by  PTI | Posted by   Imtiaz Ahmed • 4 h ago
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু চাওলুং চুকাফা এটা মূৰ্তি
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু চাওলুং চুকাফা এটা মূৰ্তি
গুৱাহাটী

মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো সম্প্ৰদায়কে সামৰি ‘বৰ অসম’ বা বৃহত্তৰ অসম নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে। ১২২৮ খ্ৰীষ্টাব্দত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চাওলুং চুকাফাৰ অসমলৈ অহাৰ স্মৃতিত ৰাজ্যখনে ‘অসম দিৱস’ উদযাপন কৰাৰ দিনটোত তেওঁ এই মন্তব্য কৰে।

"আজিৰ দিনটোতে স্বৰ্গদেউ চাওলুং সুকাফা আমাৰ ভূমি আৰু ঐতিহ্যৰ ভেটি স্থাপন কৰি অসমলৈ আহিছিল। আমি #অসমদিৱস পালন কৰাৰ লগে লগে আমি প্ৰতিশ্ৰুতি দিছো যে তেওঁ কল্পনা কৰা ধৰণে বৰ অসম নিৰ্মাণ কৰি যাম ~ গৌৰৱময়, শক্তিশালী, আৰু একত্ৰিত," মুখ্যমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে।

এই উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ধন্যবাদ জ্ঞাপন কৰে শৰ্মাই।

মুখ্যমন্ত্ৰী ৰ্মাই কয়, "অসম দিৱসৰ দিনা আপোনাৰ শুভেচ্ছাৰ বাবে আদৰনিয় @AmitShah জীলৈ ধন্যবাদ। আদৰনিয় @narendramodi জীৰ নেতৃত্বত ডাবল ইঞ্জিন চৰকাৰে আহোম আৰু অসমৰ গৌৰৱময় ঐতিহ্যক বিশ্ব মঞ্চত সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে কোনো প্ৰচেষ্টা বাদ দিয়া নাই।"

শ্বাহে এক্সৰ এটা পোষ্টত "#অসমদিৱসত আমাৰ অসমৰ ভগ্নী আৰু ভাইসকললৈ উষ্ম শুভেচ্ছা" জ্ঞাপন কৰে।

"এই উপলক্ষে আহোম যুগৰ গৌৰৱক স্মৰণ কৰাৰ লগতে অসমৰ চহকী সংস্কৃতি ৰক্ষাৰ প্ৰতি আমাৰ দায়বদ্ধতাক সুদৃঢ় কৰে, যাৰ প্ৰতি প্ৰতিজন ভাৰতীয়ই অতি গৌৰৱ অনুভৱ কৰে।" - থেওঁ কয়।

মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰে অসমক উন্নয়ন আৰু শিক্ষাৰ কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰিত কৰি শান্তিৰ যুগৰ সূচনা কৰিছে আৰু এই অগ্ৰগতি অবিৰতভাৱে অব্যাহত ৰাখিবলৈ সংকল্পবদ্ধ বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়।

"এই দিনটোৱে আমাৰ ঐক্যৰ বান্ধোন শক্তিশালী কৰক আৰু আমাৰ সংস্কৃতিৰ সৈতে আমাৰ সংযোগ গভীৰ কৰক। আমাৰ অতীতক সন্মান জনাই, আমাৰ ভৱিষ্যতক শক্তিশালী কৰক!" তেওঁ লগতে কয়।

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে চৰাইদেউত সু-কা-ফা বিশ্ববিদ্যালয় স্থাপনৰ কথা ঘোষণা কৰে।

তেওঁ লগতে কয় যে, "বৈচিত্ৰময় গোটৰ সৈতে আমি স্বৰ্গদেউ সু-কা-ফাই কল্পনা কৰা ‘বৰ অসম’ক বাস্তৱায়িত কৰাৰ দিশত আন এক পদক্ষেপ গ্ৰহণ কৰোঁ।"