মুম্বাইত গণেশ চতুৰ্থীৰ পূৰ্বে প্ৰস্তুত কৰা হৈছে ভগৱান গণেশৰ পৰিৱেশ অনুকূল কাগজৰ মূৰ্তি

Story by  atv | Posted by  [email protected] • 2 Months ago
ভগৱান গণেশৰ মূৰ্তি
ভগৱান গণেশৰ মূৰ্তি
 
মুম্বাই

সমগ্ৰ দেশে পবিত্ৰ গণেশ চতুৰ্থী উৎসৱৰ বাবে সাজু হোৱাৰ সময়তে মুম্বাইত পৰিৱেশ অনুকূল কাগজেৰে ভগৱান গণেশৰ মূৰ্তি প্ৰস্তুত কৰি থকা হৈছে। প্ৰায় ১৮ ফুট ওখ পৰিৱেশ অনুকূল কাগজৰ গণেশৰ মূৰ্তি নিৰ্মাণ কৰিছে মহানগৰীখনৰ কেইবাগৰাকীও ভাস্কৰ্য শিল্পীয়ে। প্লাষ্টাৰ অৱ পেৰিছ (POP)ৰ মূৰ্তি পৰিহাৰ কৰাৰ উদ্দেশ্যেৰে এই মূৰ্তিসমূহ প্ৰস্তুত কৰা হৈছে।

এলফিনষ্টোন গণেশ মহোৎসৱৰ আয়োজক সমিতিৰ সভাপতি সংকেতে কয়, "বিগত ৩৪ বছৰৰ পৰা আমি ভগৱান গণেশ উৎসৱ উদযাপন কৰি আহিছো আৰু যোৱা দুবছৰ ধৰি আমি লালবাউগছা ৰাজা গণেশ চতুৰ্থী উৎসৱৰ আয়োজকসকলৰ উদ্যোগত ১৮ৰ পৰা ১৯ ফুট উচ্চতাৰ পৰিৱেশ অনুকূল কাগজৰ মূৰ্তি তৈয়াৰ কৰি আহিছো। আমি এই মূৰ্তিবোৰ সৃষ্টি কৰিবলৈ ২০০ৰ পৰা ২৫০ কিলোগ্ৰাম কাগজ ব্যৱহাৰ কৰিছো আৰু এইবোৰ প্ৰস্তুত কৰিবলৈ প্ৰায় ৩ মাহ সময় প্ৰয়োজন হৈছে।"
 
পৰিৱেশ অনুকূল গণেশৰ মূৰ্তি তৈয়াৰ কৰা এজন খনিকৰ
 
তেওঁ আৰু কয় যে যোৱা ৩ৰ পৰা ৪ বছৰত পি অ’ পি নিষেধাজ্ঞা সন্দৰ্ভত আলোচনা চলি আছে। "যিহেতু পি অ' পি মূৰ্তিৰ উচ্চতা সন্দৰ্ভত কেইবাটাও বাধা আছে, সেয়েহে আয়োজক সমিতিয়ে ১৮ ফুটৰ মূৰ্তি প্ৰস্তুত কৰিবলৈ বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছিল। গৱেষণাৰ অন্তত আমি গম পালোঁ যে পৰিৱেশ অনুকূল কাগজৰ মূৰ্তি আপোচ নকৰাকৈয়ে নিৰ্মাণ কৰিব পাৰি। আমাৰ ভাস্কৰ্য্য শিল্পীয়ে ইয়াৰ ওপৰত কাম কৰিবলৈ সন্মত হ'ল। এই মূৰ্তিবোৰ ৪ ঘণ্টাৰ ভিতৰতে দ্ৰৱীভূত কৰিব পৰা যাব।"

উল্লেখ্য যে, হিন্দু পঞ্জিকা অনুসৰি ভাদ মাহ শিৱ আৰু পাৰ্বতী পুত্ৰ গণেশৰ জন্মদিন উপলক্ষে গণেশ চতুৰ্থী উৎসৱ পালন কৰা হয়। বিনায়ক চতুৰ্থী বা গণেশ উৎসৱ নামেৰেও জনাজাত এই উৎসৱত গণেশৰ মাটিৰ মূৰ্তি ব্যক্তিগতভাৱে ঘৰত আৰু ৰাজহুৱা পূজাস্থালীত স্থাপন কৰা হয়। ১০ দিনীয়া এই উৎসৱৰ অন্ত পৰে গণেশ বিসৰ্জনৰ দিনা। সেইদিনা সংগীতৰ তালে তালে ৰাজহুৱা শোভাযাত্ৰা কৰি ভক্তসকলে গণেশৰ মূৰ্তি  কঢ়িয়াই আনি অনন্ত চতুৰ্দশীৰ দিনা ওচৰৰ নদী বা সাগৰৰ পানীত বিসৰ্জন দিয়া হয়।

হিন্দু ধৰ্মত গণেশক নতুন আৰম্ভণিৰ দেৱতা আৰু বাধা-বিধিনি দূৰ কৰা দেৱতাৰ লগতে প্ৰজ্ঞা আৰু বুদ্ধিৰ দেৱতা হিচাপে প্ৰাৰ্থনা কৰা হয়। এইবাৰ ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব গণেশ চতুৰ্থী উৎসৱ আৰু ২৯ ছেপ্টেম্বৰলৈকে দহ দিন ধৰি চলিব।