ভাৰতীয় মুছলমানসকলে জিহাদ, ৰক্তপাতত ধন বিনিয়োগ নকৰেঃ খালিদ জাহাংগীৰ

Story by  Aasha Khosa | Posted by  Munni Begum • 11 Months ago
ভাৰতীয় মুছলমানসকলে সমূহীয়াভাৱে নামাজ পঢ়িছে
ভাৰতীয় মুছলমানসকলে সমূহীয়াভাৱে নামাজ পঢ়িছে
 
আশা খোচা/নতুন দিল্লী
 
কাশ্মীৰৰ এজন বিশিষ্ট ৰাজনৈতিক কৰ্মী তথা লেখক খালিদ জাহাংগীৰে কয় যে বিদেশ ভ্ৰমণৰ সময়ত ভাৰতীয় মুছলমান হোৱাৰ বাবেই তেওঁ আটাইতকৈ বেছি গৌৰৱ অনুভৱ কৰে। "ইছলামিক দেশসমূহৰ আন মুছলমানসকলৰ পাছপোৰ্টত তৰোৱাল বা শেন চৰাইৰ দৰে আক্ৰমণাত্মক প্ৰতীক থাকে বা ধৰ্মীয় দিশক সংযুক্ত কৰিবলৈ পাছপোৰ্টত সেউজীয়া পৃষ্ঠভূমি থাকে। কিন্তু আমাৰ ভাৰতীয় পাছপোৰ্টত সত্যমেৱ জয়তে লিখা আছে। এয়াই আমাৰ ভাৰতৰ মহানতা," খালিদ জাংহাগীৰে কয়। 
 
“সত্যমেৱ জয়তে এনে এক শ্লোগান যিয়ে সকলো ভাৰতীয়ক সংযুক্ত কৰে আৰু ইয়াৰ কোনো ধৰ্মীয় সংকীৰ্ণতা নাই। মোৰ পাছপ’ৰ্টত লিখা আছে যে মই এজন ভাৰতীয় আৰু সেইটোৱেই মোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰিচয়। ধৰ্ম মোৰ পৰিচয় নহয়, ই ব্যক্তিগত বিষয়," এইদৰে কয় খালিদ জাহাংগীৰে। 
 
কাশ্মীৰৰ গান্দেৰবাল অঞ্চলৰ ৪৬ বছৰীয়া ৰাজনীতিবিদজনে 'আৱাজ-দ্য ভইচ'ৰ সৈতে এক বাৰ্তালাপত কয় যে সকলো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত তেওঁ ইমিগ্ৰেচন কাউণ্টাৰত স্বাভাৱিক প্ৰশ্নৰ পিছত সহজে খোজ কাঢ়ি যাব পাৰে। ইয়াৰ বিপৰীতে পাকিস্তান আৰু চিৰিয়াৰ দৰে মুছলমান দেশৰ বহু নাগৰিককে পাছপোৰ্টত উল্লেখ থকা তথ্যৰ অধিক প্ৰমাণীকৰণৰ বাবে পৃথক শাৰীত থিয় হৈ থাকিব লাগে।
 
আমেৰিকাৰ ৱাশ্বিংটন ডি চিত খালিদ জেহাংগীৰ
 
কাৰণ নিৰাপত্তাৰক্ষী বিষয়াসকলে ভাৰতক সন্ত্ৰাসবাদ বা উগ্ৰ মতাদৰ্শৰ দেশ হিচাপে গ্ৰহণ নকৰে আৰু সেয়েহে ভাৰতৰ মুছলমানক তেওঁলোকৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি বুলি গণ্য নকৰে। শেহতীয়াকৈ ইউৰোপ ভ্ৰমণৰ সময়ত পাকিস্তানী প্ৰতিনিধি দল এটাক বিশদভাৱে প্ৰশ্ন কৰা আৰু তেওঁলোকৰ পূৰ্বসূৰীৰ পৰীক্ষণৰ বাবে পৃথকে পৃথকে শাৰী পাতিবলৈ কোৱা দেখি তেওঁ লাজ পাইছিল বুলিও খালিদ জাহাংগীৰে উল্লেখ কৰে।
 
তেওঁ কয়, "ভাৰতৰ পাছপোৰ্টখনে বিশ্বৰ সকলো প্ৰান্ততে সন্মান লাভ কৰে, আনহাতে ইছলামিক দেশসমূহৰ বহুতো মুছলমান লোকৰ পাছপোৰ্টক সন্দেহৰ দৃষ্টিৰে চোৱা হয়। "
 
দিল্লীস্থিত থিংকটেংক ইণ্টাৰনেচনেল চেণ্টাৰ ফৰ পিচ ষ্টাডিজ (আইচিপিএছ)ৰ অধ্যক্ষ জাহাংগীৰে সঘনাই বিভিন্ন দেশ ভ্ৰমণ কৰি থাকে। তেওঁ কয়, "সন্মিলনত আনৰ সৈতে বাৰ্তালাপ কৰোঁতে তেওঁ উপলব্ধ কৰিছে যে এজন ভাৰতীয় মুছলমান হোৱাৰ বাবে আন দেশৰ মুছলমানসকলৰ তুলনাত তেওঁ অধিক সন্মান আৰু সুদৃষ্টি লাভ কৰে।"
 
কাশ্মীৰী হোৱাৰ বাবে তেওঁ কয় যে তেওঁৰ গৃহভূমিত বহু যুৱক হিংসা আৰু সন্ত্ৰাসবাদৰ সৈতে জড়িত হোৱা দেখা গৈছে। অৱশ্যে, আন ঠাইৰ সন্ত্ৰাসবাদ আৰু ইছলামিক বিদ্ৰোহৰ বিপৰীতে, কাশ্মীৰীসকলক পাকিস্তানে অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ হস্তান্তৰ কৰিছিল আৰু তেওঁলোকে যুঁজ দিয়াৰ আবেগৰ বাবে নিজৰ সম্পত্তি বিক্ৰী কৰা নাছিল।
 
প্ৰতিনিধিত্বমূলক ছবি
 
তেওঁৰ গৃহভূমি কাশ্মীৰক প্ৰায় তিনিটা দশক ধৰি সন্ত্ৰাসবাদ আৰু হিংসাই আঁৱৰি ধৰিছিল যদিও তাৰ পৰিস্থিতি য়েমেন বা ছিৰিয়াৰ দৰে নহয়। তেওঁ কয় যে কাশ্মীৰৰ অস্থিৰতাক অধিক ভালদৰে লক্ষ্য কৰিলে দেখা যায় যে কোনো ব্যক্তিয়ে তথাকথিত জেহাদৰ বাবে এ ইঞ্চি মাটিও বিক্ৰী কৰা নাই। “এজন কাশ্মীৰী (মুছলমান) বা যিকোনো ভাৰতীয় মুছলমানে জেহাদ বা ৰক্তপাতৰ বাবে নিজৰ সম্পত্তি বলিদান নকৰে। তেওঁলোকক পাকিস্তানে অস্ত্ৰ যোগান ধৰে।”
 
ইয়াৰ বিপৰীতে তেওঁ কয় যে ৯/১১ৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ইৰাক, ছিৰিয়া, আৰু অন্যান্য ইছলামিক দেশসমূহৰ মুছলমানসকলে জেহাদৰ বাবে নিজৰ সকলো সা-সম্পত্তি বিক্ৰী কৰি অস্ত্ৰ কিনিছিল। ‘পাকিস্তানৰ বাবে কাশ্মীৰত জেহাদৰ পোষ্টাৰ বয় হিচাপে কাম কৰা বুৰহান ৱানীয়েও আনকি বন্দুক কিনিবলৈ ঘৰৰ সা-সম্পত্তি বিক্ৰী কৰা নাছিল; তেওঁক পাকিস্তানেহে বন্দুক যোগান ধৰিছিল।”
 
তেওঁ অৱশ্যে কয় যে কাশ্মীৰী মুছলমানসকলৰ এক সুকীয়া পৰিচয় আৰু সুকীয়া চিন্তা-চৰ্চা আছে, যিটো দেশৰ আন মুছলমানসকলৰ তুলনাত পৃথক। “কাশ্মীৰী মুছলমানসকলে কেতিয়াও মোগলৰ প্ৰতি প্ৰেম প্ৰকাশ নকৰে, কাৰণ কাশ্মীৰীৰ ৰজা ইউছুফ শ্বাহ চাক, (১৫৭৯ চনৰ পৰা ১৫৮৬ চনলৈকে শাসন কৰা কাশ্মীৰীৰ ৰজা) আৰু বিহাৰত (নালন্দা জিলাৰ বিশ্বক গাঁও) সমাধিস্থ হৈ থকা আকবৰেই শেষত নিৰ্বাসিত হৈছিল।
 
"খাদ্য, সামাজিক পৰম্পৰা, আৰু ভাষাৰ ক্ষেত্ৰত আমাৰ সংস্কৃতি ভাৰতীয় মুছলমানতকৈ পৃথক। তেওঁলোকৰ কিছুমানে মোগল শাসনৰ বোজা কঢ়িয়াই লৈ ফুৰে আনহাতে কাশ্মীৰীয়ে নিজৰ ব্ৰাহ্মণ বংশৰ প্ৰশংসা কৰে আৰু আনকি হিন্দু পূৰ্বপুৰুষৰ নামো জানে। ইছলাম কাশ্মীৰলৈ এক সৌহাৰ্দ্যপূৰ্ণ উপায়েৰে আহিছিল, বলপূৰ্বক ভাৱে নহয়," খালিদ জাংহাগীৰে কয়।
 
খালিদ জেহাংগীৰৰ ‘The Snatched my Playground’ নামৰ কিতাপখনৰ বেটুপাত
 
তেওঁ অনুভৱ কৰে যে কাশ্মীৰী মুছলমানসকলে তেওঁলোকৰ পূৰ্বপুৰুষসকল অত্যাচাৰী আছিল বুলি ইতিহাসৰ বোজা অনুভৱ নকৰে।
জাহাংগীৰে প্ৰকাশ কৰিছে যে সমগ্ৰ ভাৰত ভ্ৰমণৰ সময়ত তেওঁ ভাৰতীয় মুছলমানসকলৰ মাজত এক প্ৰচলিত আৱেগ পৰ্যবেক্ষণ কৰে, যিয়ে হিন্দু সংখ্যাগৰিষ্ঠতা আৰু তেওঁলোকৰ বিশ্বাস, জীৱনশৈলী, মন্দিৰ, আচাৰ-ব্যৱহাৰ ইত্যাদিৰ পৰা অস্বস্তি বা ভাবুকি অনুভৱ কৰে। কিন্তু তেওঁ লক্ষ্য কৰে যে ১৯৮৯ চনত পাকিস্তানে সশস্ত্ৰ বিদ্ৰোহৰ জৰিয়তে হস্তক্ষেপ নকৰালৈকে কাশ্মীৰী মুছলমানসকলে এই দিশসমূহৰ সমান্তৰালভাৱে সুসমতাপূৰ্ণভাৱে বাস কৰিছিল।
 
এই কাৰণেই পাকিস্তানে কাশ্মীৰৰ বৈচিত্ৰ্যক প্ৰথম লক্ষ্য কৰি লৈছিল। ১৯৮৯ চনত আন কাৰোবাৰ আগতে কাশ্মীৰী পণ্ডিতসকলক লক্ষ্য কৰি লোৱা হৈছিল আৰু সেই সময়ৰ পৰাই কাশ্মীৰ ভাৰতৰ একমাত্ৰ একক ধৰ্মীয় স্থান হৈ পৰে।”
 
জাহাংগীৰে কয় যে ভাৰতীয় মুছলমানসকল চহকী বৈচিত্ৰ্যৰ এই ভূমিত বাস কৰাটো ভাগ্যৰ কথা। “মই যিখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চললৈ যাওঁ, ইমানবোৰ ভিন্ন সংস্কৃতি, ভাষা, খাদ্যৰ আভাস লাভ কৰো। আমাৰ ল’ৰা-ছোৱালীৰ বাবে এইটোৱেই উত্তম পৰিৱেশ।”
 
কিন্তু তেওঁ আক্ষেপ কৰিছে যে কাশ্মীৰেই দেশৰ একমাত্ৰ অঞ্চল য’ত এনে বৈচিত্ৰ্য দেখিবলৈ পোৱা নাযায়। "মই কাশ্মীৰী পণ্ডিতেৰে ভৰি থকা চুবুৰীয়াৰ সৈতে ডাঙৰ-দীঘল হৈছো আৰু ১৯৮৯ চনলৈকে ধৰ্মীয় বৈচিত্ৰ্যৰ সাক্ষী হৈছো। মোৰ সন্তানে কিন্তু এতিয়া সেই পৰিৱেশ অনুভৱ নকৰাটোৱে মোক দুখ দিয়ে।"
 
কাশ্মীৰী মুছলমানসকল
 
উল্লেখ্য যে, জাহাংগীৰ আৰু তেওঁৰ পত্নী চুছানে ২০০২ চনত বিবাহপাশত আবদ্ধ হয়।  চুছান হৈছে তামিলনাডুৰ। তেওঁলোকৰ দুগৰাকী কন্যা সন্তান আছে। যোগ্য অভিযন্তা চুজান শ্ৰীনগৰৰ এখন প্ৰতিষ্ঠিত বিদ্যালয়ত কাম কৰে। তেওঁলোকৰ ডাঙৰ কন্যা ছফিয়াই বিদেশত স্নাতক অধ্যয়নৰ বাবে সাজু হৈছে, আনহাতে তেওঁলোকৰ সৰু কন্যা ৰিয়ানা বৰ্তমান স্কুলত পঢ়ি আছে।
 
তেওঁ দৃঢ়তাৰে কয় যে কাশ্মীৰ আৰু সন্ত্ৰাসবাদৰ বিষয়ে অধ্যয়ন কৰাসকলে স্বীকাৰ কৰিব লাগিব যে কাশ্মীৰৰ বৈচিত্ৰ্যই আছিল পাকিস্তানৰ প্ৰধান লক্ষ্য। বিদ্ৰোহ আৰম্ভ কৰাৰ পূৰ্বে পাকিস্তানে কাশ্মীৰত হিন্দুসকলৰ ঘৃণাৰ প্ৰচাৰৰ বাবে যথেষ্ট ধন বিনিয়োগ কৰিছিল, তেওঁলোকক মূৰ্তিপূজক বুলি লেবেল লগাইছিল। খালিদ জাহাংগীয়ে কয়, "এই কাৰণে তেওঁলোকে নেতাসকলক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰাৰ আগতেই কাশ্মীৰী হিন্দুসকলক লক্ষ্য কৰি খেদি পঠিয়াইছিল, যাৰ ফলত কাশ্মীৰী পণ্ডিতসকলে পলায়ন কৰিছিল।"
 
খালিদ জাহাংগীৰে 'আৱাজ দ্য ভইচ'ৰ সন্মুখত প্ৰকাশ কৰে যে ভাৰতৰ মুছলমানসকলে সামাজিক কাৰকৰ বাবে মাজে মাজে সমস্যাৰ সন্মুখীন হ’ব পাৰে, কিন্তু তেওঁৰ অভিজ্ঞতাৰ ভিত্তিত তেওঁ বা তেওঁৰ সন্তানসকলে কেতিয়াও নিজৰ ধৰ্মৰ ভিত্তিত প্ৰতিষ্ঠানিক পক্ষপাতিত্বৰ সন্মুখীন হোৱা নাই।