ঘৃণাৰ কোলাহলৰ মাজতো প্ৰেমৰ কাহিনী; মমতা ৰাৱটে দেখুৱাইছে উত্তৰাখণ্ডৰ এক ব্যতিক্ৰমী দৃশ্য

Story by  atv | Posted by  Munni Begum • 11 h ago
উত্তৰাখণ্ডৰ ৰাম গাঁৱৰ কিছু দৃশ্য আৰু  মমতা ৰাৱট
উত্তৰাখণ্ডৰ ৰাম গাঁৱৰ কিছু দৃশ্য আৰু মমতা ৰাৱট
 
মনছুৰুদ্দিন ফৰিদী/নতুন দিল্লী
 
উত্তৰাখণ্ডৰ কথা কবলৈ গ'লে প্ৰায়ে ধৰ্মীয় উত্তেজনা, ঘৃণাৰ বতৰা, সংখ্যালঘুসকলৰ বিৰুদ্ধে সৃষ্টি হোৱা বিবাদৰ কথা শুনিবলৈ পোৱা যায়। টিভি চেনেলৰ বিতৰ্ক আৰু বাতৰি কাকতৰ শিৰোনামাই এই আভাস দিয়ে যে, যেন পাহাৰৰ শান্ত উপত্যকাত এতিয়া কেৱল পৰস্পৰৰ মাজত অবিশ্বাসহে ৰৈ গৈছে। কিন্তু এই বিতৰ্কবোৰৰ মাজত আছে আন এক সত্য আৰু সুন্দৰ দৃষ্টান্তৰ অস্তিত্বও আছে, যি অতি কম চৰ্চালৈ আহে। এই দৃষ্টান্ত হ'ল হিন্দু-মুছলমানৰ একতা, ভাতৃত্ববোধ আৰু মানৱতাৰ, যিটো উত্তৰাখণ্ডৰ পাহাৰীয়া অঞ্চলৰ এগৰাকী সাধাৰণ মহিলা মমতা ৰাৱটে দাঙি ধৰিছে। 
 
সামাজিক মাধ্যমত 'মিষ্টাৰ এণ্ড মিছেছ ৰাৱট' নামেৰে পৰিচিত মমতা ৰাৱট আজি ইউটিউব আৰু ফেচবুকৰ দৰে প্লেটফৰ্মত লাখ লাখ লোকৰ মাজত অতি জনপ্ৰিয়। তেওঁলোকৰ পৰিচয় কোনো বিবাদ, বিবৃতি বা ৰাজনৈতিক এজেণ্ডাৰ পৰা নহয়, বৰং উত্তৰাখণ্ডৰ ভূমিৰ সৈতে জড়িত সেই সত্য কাহিনীৰে নিৰ্মিত, য'ত প্ৰেম, সহযোগিতা আৰু গ্ৰহণশীলতাৰ প্ৰতিফলন ঘটে। মমতাই নিজৰ ভিডিঅ'ৰ জৰিয়তে সত্যতা প্ৰদৰ্শন কৰে, যিটো প্ৰায়ে মূলধাৰাৰ মিডিয়াই অৱহেলা কৰি আহিছে।
 
 
তেওঁৰ এটা ভিডিঅ'ত তেওঁ উত্তৰাখণ্ডৰ ৰাম গাঁৱত উপস্থিত হয় আৰু অতি সহজভাৱে কেমেৰাৰ সন্মুখত কয় যে, তেওঁ দেৱভূমি উত্তৰাখণ্ডৰ লোকসকলক শুভেচ্ছা জনাইছে আৰু আজি ৰাম গাঁৱলৈ আহিছে। তেওঁ গাঁৱৰ মাজত থকা এটা সুন্দৰ মছজিদ দেখুৱাইছিল, য'ত মৌলবী চাহাব উপস্থিত আছে আৰু লোকসকলে নামাজৰ বাবে অহা-যোৱা কৰি আছে। ওচৰতে কিছুমান গাঁৱৰ মানুহক মনৰেগাৰ কামত নিয়োজিত হৈ থকা  দেখা গৈছে। এই দৃশ্যত কোনো ভয় নাই, কোনো উত্তেজনা নাই, বৰঞ্চ এক সাধাৰণ, শান্ত আৰু ভাৰসাম্যপূৰ্ণ জীৱন দেখা গৈছে। 
 
মমতাই কয় যে, ৰাম গাঁৱৰ নাম শুনিলেই মানুহে ইয়াক প্ৰায়ে 'মুছলিম গাঁও' বুলি কয়, কিন্তু বাস্তৱত ইয়াত কেইবাটাও প্ৰজন্মৰ লোকে বসবাস কৰি আহিছে। ইয়াত কেতিয়াও কোনো ধৰণৰ বিবাদ বা সংঘাত হোৱা নাছিল। ইয়াত হিন্দু আৰু মুছলমান সকলোৱে শান্তি, প্ৰেম আৰু ভাতৃত্ববোধেৰে একেলগে বাস কৰি আহিছে। এই গাঁওখনে বিভিন্ন ধৰ্মৰ লোকে একেলগে থাকিব নোৱাৰে বুলি কোৱা সকলো ধাৰণা ভংগ কৰিছে।
 
সামাজিক মাধ্যমৰ নেতিবাচকতা বুজি মমতাই দৰ্শকসকলক এই গাঁওখনক লৈ নেতিবাচক মন্তব্য নকৰিবলৈও তেওঁৰ দৰ্শকক আহ্বান জনাইছে। তেওঁ কয় যে, এই গাঁওখন অতি সুন্দৰ আৰু ইয়াৰ লোকসকল অতি মৰমিয়াল। বিয়া হওক বা কাৰোবাৰ ঘৰত দুখ হওক, গাঁওখনৰ সকলো মানুহেই ইজনে সিজনৰ লগত থিয় হৈ থাকে। ইয়াত কাকো অকলে এৰি থৈ যোৱা নহয়।
 
আন এটা ভিডিঅ'ত মমতাই বিহাৰৰ পৰা আহি এই গাঁৱত বসবাস কৰা মৌলবী মহম্মদ ইৰ্শ্বাদৰ সৈতে কথা পাতিছে। মৌলবী চাহেবে কয় যে, তেওঁৰ ৪ টা সন্তান আছে আৰু তেওঁ ইয়াত অতিশয় শান্তি আৰু সুখেৰে বাস কৰে। গাওঁখনৰ মছজিদত পাঁচবাৰৰ নামাজ পঢ়া হয় আৰু মছজিদৰ পৰিষ্কাৰ-পৰিছন্নতা আৰু পৰিচৰ্যা সম্পূৰ্ণ সন্মানেৰে কৰা হয়। মৌলবী চাহেবে কয় যে, এই অঞ্চলৰ লোকসকল অতি সৰল, সৎ আৰু মৰমিয়াল। কৃষিৰ উপায় সীমিত, সম্পদ কম, তথাপিও মানুহে নিজৰ জীৱনক লৈ সন্তুষ্ট। এয়া সেই সুখ, যি ধন বা সা-সুবিধাৰদ্বাৰা নহয়, বৰং পাৰস্পৰিক সম্পৰ্কৰ দ্বাৰা লাভ কৰিব পৰা যায়।  
 
মমতা ৰাৱটৰ আন এটা ভিডিঅ' হৈছে বিবাহৰ অনুষ্ঠান। তেওঁ তাত খোৱাৰ ব্যৱস্থা দেখুৱাই কয় যে, এইটো একেবাৰে ভোজৰ দৰে বুলি বৰ্ণনা কৰিছে। সকলো লোকে একেলগে বহি তৰকাৰি, ৰুটি আৰু অন্যান্য খাদ্য গ্ৰহণ কৰিছে। ইয়াত কোনো সুকীয়া বৈষম্যৰ চিন নাই, বৰং সকলো একেলগে মিলি সুখৰ ভাগ-বতৰা কৰে। মমতাই কয় যে, এই গাঁৱত হিন্দু আৰু মুছলমানসকলে একেলগে বিবাহ, উৎসৱ আৰু অন্যান্য অনুষ্ঠান পালন কৰে। কাৰো ধৰ্মৰ ভিত্তিত পৃথক কৰা নহয়।  
 
তেওঁ লগতে কয় যে, বাহিৰৰ পৰা অহা লোকসকলে এই গাঁওখনক লৈ কিছু ভুল ধাৰণা থকা হ'লেও ইয়াত আহি সকলোৱে ভাল অনুভৱ কৰে। মছজিদত নিয়মিতভাৱে নামাজ পঢ়া হয় আৰু গাঁৱৰ লোকসকলে ইয়াত অংশগ্ৰহণ কৰে। এই সকলোবোৰ ইমান স্বাভাৱিকভাৱে ঘটে যে, ইয়াত কোনো ধৰ্মীয় পাৰ্থক্য থাকিব পাৰে বুলিও কোনেও উপলব্ধি নকৰে।
 
মমতা ৰাৱটৰ কথাবোৰৰ আটাইতকৈ প্ৰভাৱশালী অংশটো তেতিয়াই প্ৰকাশ পাইছে, যেতিয়া তেওঁ অতি সহজ ভাষাৰে মানৱীয়তাৰ কথা কৈছিল। তেওঁ কয় যে, কোনো মানুহেই ধৰ্মৰ বাবে বেয়া নহয়। হিন্দু বা মুছলমান একো বেয়া নহয়।মানুহৰ চিন্তাধাৰাতহে বেয়া নিহিত হৈ থাকে। সকলোৰে তেজ একেই আৰু আমি সকলোৱে প্ৰথমে মানুহ। তেওঁৰ মতে, আমি ঘৃণা আৰু বিদ্বেষ ত্যাগ কৰি প্ৰেম, ভাতৃত্ববোধ আৰু পাৰস্পৰিক সন্মানক গ্ৰহণ কৰা উচিত। ৰাম গাঁৱৰ কাহিনীটোৱে আমাক শিকাইছে যে একেলগে থকা, ইজনে সিজনক সন্মান কৰা আৰু ইজনে সিজনক মৰমেৰে ব্যৱহাৰ কৰাটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ কথা।
 
আজিৰ সময়ত, যেতিয়া সামাজিক মাধ্যমত ঘৃণা আৰু উৰাবাতৰি দ্ৰুত গতিত প্ৰচাৰিত হয়, মমতা ৰাৱটৰ দৰে কণ্ঠবোৰ আশাৰ কিৰণ হৈ উঠে। তেওঁ কোনো ৰাজনৈতিক দলৰ প্ৰতিনিধি নহয় আৰু কোনো মতাদৰ্শৰ প্ৰচাৰ নকৰে। তেওঁ কেৱল নিজৰ পাহাৰ, নিজৰ গাঁও আৰু নিজৰ লোকসকলৰ প্ৰকৃত ছবিহে দেখুৱায়। তেওঁৰ ভিডিঅ'ই এই কথা মনত পেলাই দিয়ে যে ভাৰতৰ আচল শক্তি হ'ল আমাৰ সংস্কৃতি আৰু মানৱতাত নিহিত হৈ আছে।
 
উত্তৰাখণ্ডৰ পাহাৰীয়া অঞ্চলৰ পৰা উদ্ভৱ হোৱা এই প্ৰেম আৰু ভাতৃত্ববোধৰ কাহিনী সমাজক বিভাজিত কৰিবলৈ চেষ্টা কৰা সকলোৰ প্ৰতি এক সঁহাৰি। ৰাম গাওঁৰ এই দৃষ্টান্তই প্ৰকাশ কৰে যে, আজিও দেশত এনে অগণন স্থান আছে, য'ত মানুহে ধৰ্মৰ পূৰ্বেই মানুহ হয়। হয়তো এয়াই সেই ভাৰত, যাক বাৰে বাৰে চাবলৈ, বুজিবলৈ আৰু সযতনে ৰাখিব লাগে।