আৱাজ দ্য ভইচ/ নতুন দিল্লী
দিল্লী আৰক্ষীৰ অপৰাধ সংমণ্ডলৰ বিশেষ আৰক্ষী আয়ুক্ত দেৱেশ চন্দ্ৰ শ্ৰীবাস্তৱে কয় যে জামিয়া মিলিয়াৰ চাইবাৰ ক্লাব চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত আদৰ্শ প্ৰতিষ্ঠান হিচাপে প্ৰমাণিত হ'ব। তেওঁ কয় যে বৰ্তমান সময়ত দ্ৰুতগতিত বৃদ্ধি পোৱা চাইবাৰ অপৰাধসমূহ কাৰিকৰী দক্ষতাৰ জৰিয়তেহে নিয়ন্ত্ৰণ কৰিব পৰা যায়।
দেৱেশ চন্দ্ৰ শ্ৰীবাস্তৱে জামিয়া মিলিয়া ইছলামিয়াৰ অভিযান্ত্ৰিক আৰু প্ৰযুক্তি পৰিষদৰ প্ৰেক্ষাগৃহত এক আকৰ্ষণীয় কাৰ্যসূচীত ভাষণ দি ফিছিং, চাইবাৰ ষ্টাকিং, ফ্ৰড কল, ছ’চিয়েল ইঞ্জিনিয়াৰিং, মানি মুলিঙৰ দৰে অপৰাধৰ ওপৰত আলোকপাত কৰে।
জামিয়া মিলিয়া ইছলামিয়া (জে এম আই)ৰ অভিযান্ত্ৰিক আৰু প্ৰযুক্তি পৰিষদৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত দিল্লীৰ আৰক্ষী আয়ুক্ত (ক্ৰাইম ডিভিজন) দেৱেশ চন্দ্ৰ শ্ৰীবাস্তৱে চাইবাৰ সুৰক্ষাৰ ওপৰত সজাগতামূলক বক্তৃতা প্ৰদান কৰে। এই বক্তৃতা বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ কাৰ্যালয়ৰ ডীনৰ তত্বাৱধানত গঠিত ‘চাইবাৰ ক্লাব’ৰ উদ্বোধনী অনুষ্ঠান উপলক্ষে আয়োজন কৰা হৈছিল।
অনুষ্ঠানত মুখ্য পৃষ্ঠপোষক হিচাপে জামিয়া মিলিয়া ইছলামিয়াৰ উপাচাৰ্য অধ্যাপক মাজহাৰ আছিফ উপস্থিত থকাৰ বিপৰীতে পঞ্জীয়ক অধ্যাপক মহম্মদ মেহতাব আলম ৰিজভিয়ে পৃষ্ঠপোষকৰ ভূমিকা পালন কৰে। এই উপলক্ষে বিশেষ অতিথি হিচাপে উপস্থিত থাকে দিল্লী আৰক্ষীৰ দক্ষিণ-পূব জিলাৰ ডিচিপি ডাঃ হেমন্ত তিৱাৰী।
এই কাৰ্যসূচীত বহু আই পি এছ বিষয়া, জ্যেষ্ঠ আৰক্ষী বিষয়া, বিভিন্ন অনুষদৰ ডীন, বিভাগৰ মুৰব্বী, অনুষদৰ সদস্য, অশৈক্ষিক কৰ্মচাৰী আৰু বিশ্ববিদ্যালয় তথা সংযুক্ত বিদ্যালয়ৰ বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। ছাত্ৰ কল্যাণ বিভাগৰ ডীন অধ্যাপক নিলোফাৰ আফজলৰ নেতৃত্বত আৰু জেএমআইৰ নিৰাপত্তা উপদেষ্টা এছ এ ৰছিদ (প্ৰাক্তন ডিচিপি, দিল্লী আৰক্ষী)ৰ নিৰ্দেশনাত এই কাৰ্যসূচীৰ আয়োজন কৰা হয়।
এই অনুষ্ঠানত চাইবাৰ ক্লাবৰ সদস্য ড০ শ্বেন কাজিম নাকভি, ডাঃ মুছিৰ আহমেদ আৰু ক্লাবৰ আহ্বায়ক ড০ উমাইমাই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। এক বিবৃতিত অধ্যাপক নিলোফাৰ আফজলে কয় যে জামিয়াত ‘চাইবাৰ ক্লাব’ স্থাপন কৰাটো ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বত এক সৃষ্টিশীল পদক্ষেপ, যাৰ লক্ষ্য হৈছে চাইবাৰ সজাগতা আৰু ডিজিটেল অনুশাসনক প্ৰসাৰিত কৰা।
ক্লাবটোৱে কেৱল প্ৰশিক্ষণ কাৰ্যসূচী, কৰ্মশালা আৰু বিশেষজ্ঞৰ আলোচনাৰ জৰিয়তে চাইবাৰ সজাগতা বৃদ্ধি কৰাই নহয়, নৈতিক অনলাইন আচৰণ, চাইবাৰ আইন, ডিজিটেল অধিকাৰ, এআইৰ বিপদ আৰু নতুন ভাবুকিৰ ওপৰতো আলোচনাৰ সুবিধা প্ৰদান কৰে। তেওঁ লগতে স্পষ্ট কৰি দিয়ে যে ক্লাবে দিল্লী আৰক্ষীৰ চোৰাংচোৱা সংযোজন আৰু কৌশলগত অপাৰেচন (আই এফ এছ অ’) ইউনিটৰ সহযোগত চাইবাৰ সুৰক্ষাৰ শৈক্ষিক আৰু ব্যৱহাৰিক দিশসমূহ সংযোগ কৰিবলৈ কাম কৰিব।
নিজৰ বক্তৃতাত দেৱেশ চন্দ্ৰ শ্ৰীবাস্তৱে দৰ্শকক বিভিন্ন ধৰণৰ চাইবাৰ অপৰাধৰ বিষয়ে অৱগত কৰি সেই অপৰাধসমূহ প্ৰতিৰোধৰ ব্যৱস্থাৰ বিষয়ে বিতংভাৱে আলোচনা কৰে। জামিয়াই চাইবাৰ ক্লাব স্থাপনৰ প্ৰশংসা কৰি তেওঁ কয় যে এই পদক্ষেপ সময়ৰ প্ৰয়োজনীয়তা আৰু ই বিশ্ববিদ্যালয় চৌহদটো অধিক চাইবাৰ-সুৰক্ষিত কৰি তুলিব।
তেওঁ কয়, "শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত জামিয়াই যি সুনাম অৰ্জন কৰিছে, সেই সুনামে ইয়াক সমগ্ৰ দেশৰ বাবে আদৰ্শ কৰি তুলিছে। মোৰ বিশ্বাস যে এই চাইবাৰ ক্লাবে জামিয়াক চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰতো এক আদৰ্শ প্ৰতিষ্ঠান কৰি তুলিব পাৰে। পাৱাৰপইণ্ট প্ৰেজেণ্টেচনত তেওঁ বৰ্তমান সময়ত দ্ৰুতগতিত বৃদ্ধি পোৱা চাইবাৰ অপৰাধৰ ওপৰত আলোকপাত কৰি এই প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ কাৰিকৰী দক্ষতাৰ লগতে সামাজিক সতৰ্কতাও কেনেদৰে প্ৰয়োজনীয় সেই বিষয়েও ব্যাখ্যা কৰে।
তেওঁ ফিছিং, চাইবাৰ ষ্টাকিং, ফ্ৰড কল, ছ’চিয়েল ইঞ্জিনিয়াৰিং, মানি মুলিং আদি অপৰাধৰ কথা উল্লেখ কৰে আৰু ইয়াক প্ৰতিৰোধৰ ব্যৱহাৰিক ব্যৱস্থাসমূহ আলোচনা কৰে। কাৰ্যসূচীত ডিচিপি ড০ হেমন্ত তিৱাৰীয়ে ছ’চিয়েল মিডিয়াৰ সতৰ্কতামূলক ব্যৱহাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
তেওঁ বিশেষকৈ Mule Bank Account-ৰ সমস্যাৰ ওপৰত আলোকপাত কৰে, য’ত নিৰীহ লোকসকলে প্ৰৱঞ্চনাৰ বলি হৈ নিজৰ বেংক একাউণ্ট অপৰাধীৰ হাতত গতাই দিয়ে। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক সকীয়াই দিয়ে যে ভাৰ্চুৱেল জগতখনত আৱেগিক মোহ অতি বিপদজনক হ’ব পাৰে আৰু ব্যক্তিগত তথ্য ভাগ-বতৰা কৰাৰ আগতে চিন্তা কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ।
পঞ্জীয়ক অধ্যাপক মহম্মদ মেহতাব আলম ৰিজৱীয়ে ডি এছ ডব্লিউৰ কাৰ্যালয়ৰ এই পদক্ষেপক প্ৰশংসা কৰি কয় যে চাইবাৰ ক্লাবে বিশ্ববিদ্যালয় সমূদায়ক চাইবাৰ অপৰাধৰ বিষয়ে সজাগ কৰাই নহয়, নিৰাপদ আৰু ডিজিটেলভাৱে দায়বদ্ধ কেম্পাছ গঢ়ি তোলাতো সহায় কৰিব।
অনুষ্ঠানৰ সভাপতিত্ব কৰা উপাচাৰ্য অধ্যাপক মাজহাৰ আছিফে চাইবাৰ অপৰাধৰ মানসিক দিশসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে চাইবাৰ অপৰাধীয়ে প্ৰায়ে মানুহৰ লোভ, আৱেগিক দুৰ্বলতা আৰু আত্মসন্তুষ্টিৰ ভাৱৰ সুযোগ লয়। তেওঁ ছাত্ৰ-ছাত্ৰী আৰু দৰ্শকক তেওঁলোকৰ ব্যক্তিগত তথ্যৰ প্ৰতি সতৰ্ক হ’বলৈ, অচিনাকি মানুহক বিশ্বাস নকৰিবলৈ আৰু ডিজিটেল জগততো মানৱীয় মূল্যবোধক পাহৰি নাযাবলৈ আহ্বান জনায়।
তেওঁ কয় যে, “চাইবাৰ অপৰাধৰ পৰা হাত সাৰিবলৈ আমি লোভৰ পৰা আঁতৰি থকা আৰু আত্মনিয়ন্ত্ৰণ বজাই ৰখাটো গুৰুত্বপূৰ্ণ।” এই অনুষ্ঠানৰ জৰিয়তে জামিয়া মিলিয়া ইছলামিয়াত এক নতুন চাইবাৰ সজাগতা যাত্ৰা আৰম্ভ হৈছে, যিয়ে আগন্তুক সময়ত প্ৰতিষ্ঠানটোক চাইবাৰ ভাবুকিৰ পৰা সুৰক্ষিত ৰখাত সহায় কৰাই নহয়, ছাত্ৰ-ছাত্ৰীসকলক দায়িত্বশীল ডিজিটেল নাগৰিক হ’বলৈও অনুপ্ৰাণিত কৰিব।