অনিকা মহেশ্বৰী/ নতুন দিল্লী
ধৰ্ম আৰু বিশ্বাসৰ নামত একাংশ লোকে সমাজত ভেদাভেদৰ পৰিবেশ সৃষ্টি কৰি আহিছে, যদিও আমাৰ সমাজত এনে কিছুমান ব্যক্তিও আছে, যিসকলে নিজৰ কৰ্মৰ জৰিয়তে প্ৰমাণ কৰিছে যে, মানৱতাই হৈছে সৰ্বশ্ৰেষ্ঠ ধৰ্ম। তেনে এক উদাহৰণ দাঙি ধৰিছে খুৰৰাম ছিদ্দিকীয়ে। খুৰৰামে পবিত্ৰ শাওণ মাহত দেহ-মন আৰু ধনেৰে ভগৱান শিৱৰ ভক্তসকলক সেৱা আগবঢ়াই আছে।
খুৰৰাম ছিদ্দিকী হৈছে এগৰাকী মুছলমান যুৱক। কিন্তু তেওঁৰ ধৰ্মই তেওঁৰ কামৰ পথত হেঙাৰ হোৱা নাই। তেওঁ কেৱল কনৱাৰ যাত্ৰাত অংশগ্ৰহণ কৰা শিৱৰ ভক্তসকলক খাদ্য-পানীৰ যোগান ধৰায়ে নহয়, তেওঁলোকৰ বাবে অস্থায়ী আশ্ৰয় আৰু ঔষধৰ ব্যৱস্থাও কৰি দিছে। খুৰৰামে তেওঁৰ দলৰ সৈতে ঘাইপথৰ সমীপত বিশ্ৰাম কৰিব পৰা স্থান তৈয়াৰ কৰি দিছে, য’ত শিৱৰ ভাগৰুৱা ভক্তসকলে কিছু সময় ৰৈ জিৰণি ল’ব পাৰে আৰু চিকিৎসাৰ বাবেও সহায় ল’ব পাৰে।
খুৰৰামে কয়, "ধৰ্ম মানৱতাৰ ওপৰত নহয়। এই লোকসকল ভগৱান শিৱৰ ভক্ত আৰু তেওঁলোকক সেৱা কৰাৰ সুযোগ পোৱাটো আমাৰ বাবে এক অতি সৌভাগ্যৰ কথা।"
বিশেষ কথাটো হ’ল খুৰৰাম তেওঁৰ এই কামত অকলশৰীয়া নহয়। সামাজিক মাধ্যমত বহু মুছলমান যুৱকৰ ৰিল আৰু ভিডিঅ’ প্ৰকাশ পাইছে, যিসকলেও পথত শিৱভক্তসকলক খাদ্য, পানী আদি যোগান ধৰাৰ লগতে ছাঁত বহি জিৰণি লোৱাৰ ব্যৱস্থা কৰি দিয়া দেখা গৈছে। এই ভিডিঅ’সমূহ এতিয়া লাখ লাখ লোকৰ কাষ চাপিছে আৰু ইণ্টাৰনেটৰ জৰিয়তে যথেষ্ট প্ৰশংসাও লাভ কৰিছে।
বহু মুছলমান স্বেচ্ছাসেৱকে নিজৰ গাঁঠিৰ ধন খৰচ কৰি শিৱ ভক্তসকলৰ বাবে তম্বু স্থাপন কৰিছে। য'ত ভক্তসকলৰ বাবে ঠাণ্ডা পানী, প্ৰাথমিক চিকিৎসা, ফল-মূল আৰু জিৰণিৰ বাবে বিচনাৰ ব্যৱস্থা কৰা হৈছে। কোনো কোনো ঠাইত মুছলমান মহিলাসকলেও শিৱ ভক্তসকলক চৰবত আৰু প্ৰসাদ বিতৰণ কৰা দেখা গৈছে।
এই সেৱাৰ মনোভাৱ দেখি সাধাৰণ ৰাইজো আৱেগিক হৈ পৰিছে। সামাজিক মাধ্যমত মানুহে এই মুছলমান যুৱক-যুৱতীসকলক প্ৰশংসা কৰি কৈছে যে, এইখনেই প্ৰকৃত ভাৰত - য’ত ধৰ্ম নহয়, কৰ্মৰ পূজা কৰা হয়।
সমাজকৰ্মী তথা ধৰ্মনিৰপেক্ষতাৰ সমৰ্থক খুৰৰামৰ দৰে যুৱক-যুৱতীসকলৰ এই পদক্ষেপে আজিৰ সময়ত এক শক্তিশালী বাৰ্তা প্ৰদান কৰিছে যে, যেতিয়া আমি ইজনে সিজনৰ ধৰ্ম আৰু আৱেগক সন্মান কৰিম, তেতিয়াহে প্ৰকৃত অৰ্থত ভাৰত একত্ৰিত হৈ থাকিব পাৰিব।
এই কাহিনী কেৱল ভাতৃত্ববোধৰ প্ৰতীক নহয় বৰং ইয়াৰ পৰা এই কথাও প্ৰতিফলিত হৈছে যে, ভাৰতৰ আত্মা এতিয়াও জীয়াই আছে - য'ত মানুহ প্ৰথমে মানুহ হয়, তাৰ পিছত আন কিবা হয়। হৰ হৰ মহাদেৱৰ প্ৰতিধ্বনিৰ মাজত যেতিয়া কোনোবাই ছালাম দি হাত আগবঢ়ায়, তেতিয়া বুজিব যে মানৱতা এতিয়াও জীয়াই আছে।