বহুবিবাহ ইছলামৰ অপৰিহাৰ্য অংশ নহয়, আইনে ইয়াক নিষিদ্ধ কৰিলে সংবিধান উলংঘা কৰা নহ'ব: বিশেষজ্ঞ সমিতি

Story by  Daulat Rahman | Posted by  [email protected] • 9 Months ago
বিশেষজ্ঞ সমিতিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰতিবেদন দাখিল কৰা মুহূৰ্তত
বিশেষজ্ঞ সমিতিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰতিবেদন দাখিল কৰা মুহূৰ্তত
 
দৌলত ৰহমান/গুৱাহাটী
 
যিহেতু বহুবিবাহ ইছলাম ধৰ্মৰ অত্যাৱশ্যকীয় ধৰ্মীয় প্ৰথা নহয়, গতিকে এনে প্ৰথা নিষিদ্ধ কৰা যিকোনো আইন প্ৰণয়নে সংবিধানৰ ২৫ নং অনুচ্ছেদ (ধৰ্ম পালন, স্বীকাৰ আৰু প্ৰচাৰৰ অধিকাৰ)ক উলংঘা নকৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰুমী কুমাৰী ফুকনৰ নেতৃত্বত গঠিত এখন বিশেষজ্ঞ সমিতিয়ে এই কথা স্পষ্টভাৱে প্ৰকাশ কৰিছে।  
 
অসম চৰকাৰে গঠন কৰা কমিটীখনে বহুবিবাহৰ অন্ত পেলাবলৈ আইন প্ৰণয়ন কৰিবলৈ ৰাজ্য চৰকাৰৰ ক্ষমতা আছে নে নাই, তাক লৈ শেহতীয়াকৈ এক প্ৰতিবেদনত উল্লেখ কৰিছে যে মুছলমান পুৰুষে চাৰিগৰাকীলৈকে মহিলাক বিয়া কৰোৱা প্ৰথা ইছলামৰ অত্যাৱশ্যকীয় ধৰ্মীয় প্ৰথা নহয়।
 
‘মুছলমান ব্যক্তিগত আইন অনুসৰি বহুবিবাহৰ অনুমতি আছে যদিও ই বাধ্যতামূলক নহয়। প্ৰতিজন মুছলমান পুৰুষে বাধ্যতামূলকভাৱে চাৰিগৰাকীকৈ পত্নী ৰখাটো সাধাৰণতে প্ৰয়োজন নহয়। যিহেতু ইছলামৰ অধীনত বহুবিবাহ অত্যাৱশ্যকীয় ধৰ্মীয় প্ৰথা নহয়, গতিকে এনে প্ৰথা নিষিদ্ধ কৰা যিকোনো আইন প্ৰণয়নে সংবিধানৰ ২৫ নং অনুচ্ছেদ (ধৰ্ম পালন, স্বীকাৰ আৰু প্ৰচাৰৰ অধিকাৰ)ক উলংঘা নকৰে।’-সমিতিখনে কয়।
 
প্ৰতিনিধিত্বমূলক ছবি
 
বিশেষজ্ঞ সমিতিৰ মতে বহুবিবাহে সংবিধানৰ ১৪ (সমতাৰ অধিকাৰ), ১৫ (লিংগৰ ভিত্তিত বৈষম্যহীনতা) আৰু ২১ (জীৱন আৰু মৰ্যাদাৰ অধিকাৰ)নং অনুচ্ছেদৰ অধীনত মুছলমান মহিলাই লাভ কৰা মৌলিক অধিকাৰ উলংঘা কৰে। সেইবাবে বহুবিবাহ নিষিদ্ধ কৰিবলৈ এখন আইন প্ৰণয়ন কৰাটো সময়ৰ আহ্বান হৈ পৰিছে। কমিটিখনে কয় যে যিহেতু বিবাহ আৰু বিবাহ বিচ্ছেদ একেখন তালিকাত পৰে, সেয়েহে এই দুটা বিষয়ত আইন প্ৰণয়ন কৰাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে ক্ষমতা আছে। ইয়াত অৱশ্যে এই কথাও কোৱা হৈছে যে যিহেতু বিবাহ আৰু বিবাহ বিচ্ছেদৰ বিষয়সমূহ পূৰ্বতে থকা কেন্দ্ৰীয় আইনখন অন্তৰ্ভুক্ত, গতিকে ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰিলেহে অসমে প্ৰণয়ন কৰিব বিচৰা আইনখন বলবৎ হ’ব।
 
বিশেষজ্ঞ সমিতিখনে কয় যে হিন্দু, বৌদ্ধ আৰু শিখসকলৰ মাজত হিন্দু বিবাহ আইন, ১৯৫৫, খ্ৰীষ্টানসকলৰ মাজত খ্ৰীষ্টান বিবাহ আইন, ১৮৭২ আৰু পাৰ্চীসকলৰ মাজত পাৰ্চী বিবাহ আৰু বিবাহ বিচ্ছেদ আইন, ১৯৩৬ দ্বাৰা বহুবিবাহ বিলুপ্ত কৰা হৈছে। মুছলমান ব্যক্তিগত আইন (শ্বৰিয়ত) ১৯৩৭ৰ দ্বাৰা সুৰক্ষা দিয়াৰ বাবে মুছলমানসকলে বহুবিবাহ অব্যাহত ৰাখিছে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
বহুবিবাহৰ প্ৰথা পবিত্ৰ কোৰআনৰ ছূৰা ৪:৩ত উল্লেখ কৰা হৈছে যাৰ পৰা বুজা যায় যে ইয়াক অনুমতি দিয়া হৈছে কিন্তু উৎসাহিত কৰা হোৱা নাই। বিশেষজ্ঞ সমিতিখনে ইছলামিক ব্যক্তিগত আইনৰ ওপৰত বিভিন্ন মন্তব্যৰ কথা প্ৰকাশ কৰিছে। তেওঁলোকৰ মতামত আগবঢ়াইছে যে বহুবিবাহ ইছলামৰ এটা অপৰিহাৰ্য অংশ নহয়।
 
বিশেষজ্ঞ সমিতিয়ে যোৱা সপ্তাহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত প্ৰতিবেদন দাখিল কৰাৰ পিছত শৰ্মাই কৈছিল যে যদি ইউনিফৰ্ম চিভিল কোড (ইউচিচি)ৰ ওপৰত কোনো চূড়ান্ত সিদ্ধান্ত লোৱা নহয়, তেন্তে চলিত বিত্তীয় বৰ্ষৰ (২০২৩-২৪) ভিতৰতে এখন নতুন বহুবিবাহ প্ৰতিৰোধী আইন উত্থাপন কৰা হ'ব।
 
অধ্যক্ষ হিচাপে ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) ৰুমী কুমাৰী ফুকনৰ নেতৃত্বত গঠিত বিশেষজ্ঞ সমিতিখনত অসমৰ মহাধিবক্তা দেৱজিৎ শইকীয়া, অসমৰ জ্যেষ্ঠ অতিৰিক্ত মহাধিবক্তা নলিন কোহলী, গৌহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান আদি সদস্যসকল আছে।