লকডাউনৰ পৰা ৰমজানলৈ Raindrops Initiative Assamৰ বিনামূলীয়া খাদ্য বিতৰণ অভিযান অব্যাহত

Story by  Ariful Islam | Posted by  [email protected] • 1 Years ago
বিনামূলীয়াকৈ খাদ্য বিতৰণ কৰি থকাৰ মুহূৰ্তত Raindrops Initiative Assamৰ সদস্যসকল , পুৱতি নিশাৰ ছবি
বিনামূলীয়াকৈ খাদ্য বিতৰণ কৰি থকাৰ মুহূৰ্তত Raindrops Initiative Assamৰ সদস্যসকল , পুৱতি নিশাৰ ছবি
 
আৰিফুল ইছলাম / গুৱাহাটী

মানৱসেৱা কৰাটো কষ্টকৰ কিন্তু অসম্ভৱ নহয়। দৃঢ় মনোবল আৰু প্ৰবল ইচ্ছাশক্তি থাকিলে সহজেই মানৱসেৱাত ব্ৰতী হ'ব পাৰি। ইয়াৰ উৎকৃষ্ট উদাহৰণ হ'ল Raindrops Initiative Assam নামৰ এটা স্বেচ্ছাসেৱী সংগঠন।

ৰমজান আৰম্ভ হোৱাৰ লগে লগে Raindrops initiative Assam নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ সদস্যসকলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত ৰোগীৰ সৈতে থকা আত্মীয়সকলৰ বাবে বিনামূলীয়া ইফটাৰ আৰু চেহেৰীৰ ব্যৱস্থা কৰে। চেহেৰীৰ ব্যৱস্থা কৰাৰ ফলত ৰোগীৰ সৈতে জি এম চি এইচলৈ অহা আত্মীয়সকলৰ যথেষ্ট সুবিধা হৈছে। ইতিমধ্যে, ৰমজানৰ ৭ দিন ধৰি তেওঁলোকে চেহেৰীৰ বাবে খাদ্য বিতৰণ কৰিছে। দৈনিক ৩০০ৰ পৰা ৪০০ লোকে চেহেৰী গ্ৰহণ কৰি আছে। Raindrops Initiative Assam নামৰ সংগঠনটোৰ এই স্বেচ্ছামূলক কামৰ সকলোৱে শলাগ লৈছে আৰু কিছু কিছু লোকে খাদ্য বিতৰণ কাৰ্যসূচীত আৰ্থিক অনুদানো আগবঢ়াইছে।

'আৱাজ দ্য ভইচ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সংগঠনটোৰ বিষয়ববীয়া আবিদ আজাদে কয়; "ইয়াত খাদ্য বিতৰণ কৰা আমাৰ প্ৰায় দুবছৰ হ'ল। আমি প্ৰথম আৰম্ভণি কৰিছিলোঁ লক ডাউনৰ সময়ত। যিহেতু লক ডাউনৰ সময়চোৱাত দোকান-পোহাৰ সম্পূৰ্ণ বন্ধ আছিল, চিকিৎসা মহাবিদ্যালয়ত থকা ৰোগীৰ আত্মীয়সকলে বাহিৰত খাব পৰা নাছিল। তেতিয়াই আমি সদায় প্ৰায় ২০০ মানুহক খাদ্য বিতৰণ কৰিছিলোঁ। লক ডাউন শিথিল হৈ অহাৰ পিছত আমি ভাবিলোঁ যে ইয়াত বহু দুখীয়া মানুহ আছে, তেওঁলোকে ঔষধে কিনিব নে ভাতেই কিনি খাব। আমি আমাৰ ফালৰ পৰা যি পাৰো এইটো অবিৰত ভাবে চলাই আছোঁ। এনেকৈয়ে আমি দুবছৰ ধৰি চলাই খাদ্য বিতৰণ কৰি আছোঁ। কিছুমান মানুহে আহি আমাক ৰমজান মাহৰ কথা কৈছিল, আমিও ভাবিলোঁ যে দুবছৰ আমি যিহেতু খাদ্য দি আহিছোঁ, যদি আমি চেহেৰীৰ ব্যৱস্থাটো কৰিব পাৰো, তেন্তে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ যথেষ্ট সুবিধা হ'ব।" 

 
Raindrops Initiative Assamৰ সদস্যসকলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চৌহদতে খাদ্য বনাই বিতৰণ কৰে। যাতে তাত উপস্থিত থকা লোকসকলে একেবাৰে গৰম আৰু সতেজ খাদ্য খাব পাৰে। তেওঁলোকে ৰমজানৰ বাহিৰে অন্য দিনত যেনেকৈ খাদ্য বিতৰণ কৰে, তেনেকৈ  বিতৰণ কৰি আছে। তেওঁলোকে বিতৰণ কৰা চেহেৰী আৰু ইফটাৰৰ খাদ্য কেৱল ইছলামধৰ্মী বা ৰোজাদাৰৰ বাবে নহয়, এই খাদ্য গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত সকলোৱে খাব পাৰে।  সংগঠনটোৰ এই মহান কামৰ প্ৰতি আকৃষ্ট হৈ বিভিন্নজনে তেওঁলোকক আৰ্থিকভাৱে সহায় কৰাৰ লগতে কাম-কাজ কৰাতো সহায়ৰ হাত আগবঢ়াইছে।

Raindrops Initiative Assam নামৰ সংগঠনটোৱে খাদ্য বিতৰণৰ উপৰিও বিভিন্ন সময়ত বিভিন্ন সমাজকল্যানমূলক কাম-কাজ কৰি আহিছে। যোৱা বছৰটোত তেওঁলোকে ১২০০ গছপুলি লগাই তাৰ প্ৰতিপালনৰ দায়িত্ব লৈছে। তাৰোপৰি বান সাহাৰ্য, ৰক্তদান আৰু দৰিদ্ৰসকলক আৰ্থিক সহায় কৰি আহিছে। সংগঠনটোৰ সদস্যসকলে ইণ্ডো-বাংলাদেশ ফ্ৰেণ্ডশ্বিপ চাইকেল যাত্ৰাও কৰিছিল। তাৰোপৰি, তেওঁলোকে গুৱাহাটী মহানগৰীত অনুষ্ঠিত যিকোনো বিবাহ, শ্ৰাদ্ধ বা অন্য অনুষ্ঠানৰ ৰৈ যোৱা খাদ্যসমূহ তেওঁলোকে নিশাৰ ভাগত সংগ্ৰহ কৰে আৰু সেই খাদ্যসমূহ ফ্ৰীজত ৰাখি পিছদিনা সেইবোৰ গৰম কৰি অভাৱগ্ৰস্তসকলৰ মাজত বিতৰণ কৰে।
 
খাদ্য গ্ৰহণ কৰি থকাৰ সময়ত কেইজনমান ব্যক্তি
 
খাদ্যৰ বিতৰণৰ উপৰিও Raindrops Initiative Assam নামৰ ন্যাসটোৱে বিভিন্ন সমাজকল্যানমূলক কাম-কাজ কৰি আছে। "গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বহু ৰোগীয়ে বহু দামী দামী ঔষধ কিনিবলগীয়া হয়, ইয়াৰে ভিতৰত যিসকল ৰোগীৰ ইয়াতে চিকিৎসাধীন হৈ থকা অৱস্থাত মৃত্যু হয় আৰু তেওঁলোকৰ দামী ঔষধ ৰৈ যায়। আমি মৃত ৰোগীৰ পৰিয়ালৰ সদস্যৰ লগত যোগাযোগ কৰি সেই ঔষধবোৰ লৈ ডক্টৰক দিওঁ যাতে অন্য দৰিদ্ৰ ৰোগীয়ে ঔষধবোৰ বিনামূলীয়াকৈ লাভ কৰে", আবিদ আজাদে কয়।

চেহেৰীৰ খাদ্য বিতৰণত সহায় কৰা অনিন্দিতা ডেকাই কয়; "মই আজিয়ে আহিছোঁ। মোৰ আইতাৰ মৃত্যু হোৱা ছয় মাহ হ'ল, আইতাৰ নামত ময়ো এই পদক্ষেপটোৰ অংশ হৈ এদিনৰ চেহেৰী দিব বিচাৰিছিলোঁ আৰু আজি দিলো, মনটো ভাল লাগিছে। মই শাৰীৰিক ভাবে যদিও আজি প্ৰথমবাৰ আহিছোঁ, কিন্তু Raindrops Initiative Assam ৰ সৈতে মই আৰম্ভণিৰ পৰাই জড়িত। মোৰ জন্মৰ পৰাই আইতাই ইফটাৰৰ বাবে খাদ্য দি আহিছিল, আইতাৰ মৃত্যু হোৱাৰ পিছত এইবাৰ মই চেহেৰী দিয়াৰ কথা ভাবি এওলোকৰ লগত আহিলোঁ।"
 
উল্লেখ্য যে, Raindrops Initiative Assamৰ সদস্যসকলে নিজৰ নিজৰ হাতৰ টকাৰে চেহেৰীৰ বিনামূলীয়া খাদ্য বিতৰণ কৰা আৰম্ভ কৰিছিল। ৫-৬ দিনত তেওঁলোকৰ এই পদক্ষেপটো প্ৰচাৰ হোৱাত বহু লোকে দান-বৰঙণি দিয়া আৰম্ভ কৰে। আনকি কিছু লোকে ৰাস্তাত দেখিও আৰ্থিক সহায় আগবঢ়াইছে।
 
খাদ্য প্ৰস্তুত কৰি থকাৰ সময়ত সংগঠনটোৰ এজন সদস্য
 
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ থকা ৰোগীৰ আত্মীয় ইছমাইল হুছেইনে কয়; "মই মৰিগাঁওৰ পৰা ৰোগী চিকিৎসালয়ত লৈ আহিছোঁ। এতিয়া ৰাতি ২.৩০ বাজিছে। ইয়াত কোনো হোটেল নাই, ভাল খাদ্যৰ ব্যৱস্থা নাই। তেওঁলোকে চেহেৰীৰ বাবে যি পদক্ষেপ হাতত লৈছে, নিশ্চয়কৈ এইটো এটা বহুত ভাল পদক্ষেপ। অপাতকালীন ৰোগীৰ লগত অহা সকলেও ইয়াত খাদ্য খাব পাৰে। চেহেৰী উপৰিও মই ইয়াত ইফটাৰৰ খানাও পাইছোঁ। মই প্ৰথম ৰোজাৰ পৰাই ইয়াত চেহেৰী আৰু ইফটাৰ কৰি আছোঁ। এওঁলোকৰ পদক্ষেপক সকলোৱে শলাগ লৈছে।"

Raindrops Initiative Assam য়ে খাদ্য বিতৰণৰ উপৰিও বিভিন্নধৰণৰ সমাজকল্যানমূলক কাম-কাজ কৰি আহিছে। যেনে গছপুলি ৰুৱা আৰু প্ৰতিপালন কৰা। বিগত সময়চোৱাত ১২০০ গছপুলি ৰুই প্ৰতিপালন কৰিছে সংগঠনটোৱে। আগন্তুক ২০২৫ চনৰ ভিতৰত ৫ হাজাৰ গছপুলি ৰোপণৰ পৰিকল্পনা কৰিছে তেওঁলোকে। Raindrops Initiative Assam ৰ এই সমাজ তথা মানৱসেৱাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে আৰু সকলোৰে প্ৰশংসাৰ পাত্ৰ হৈছে।