Story by Daulat Rahman | Posted by Munni Begum • 2 h ago
প্ৰতিনিধিত্বমূলক ছবি
দৌলত ৰহমান / গুৱাহাটী
বহুবিবাহৰ প্ৰথা কেৱল অসমৰ মুছলমান সমাজৰ মাজতে প্ৰচলিত নেকি? নে এই প্ৰচাৰ আমাৰ কুসংস্কাৰৰ প্ৰতিফলন? অসম চৰকাৰে শেহতীয়াকৈ বহুবিবাহ নিষিদ্ধ কৰিবলৈ অনা নতুন আইনখনৰ পৰিপ্ৰেক্ষিতত এই প্ৰশ্নবোৰ অধিক প্ৰাসংগিক হৈ পৰিছে। এই আইন উলংঘা কৰাসকলক সাত বছৰ পৰ্যন্ত কাৰাদণ্ড দিয়াৰ প্ৰস্তাৱ দিয়া হৈছে। চৰকাৰে এই নিষেধাজ্ঞাৰ ফলত আৰ্থিক বা সামাজিক অসুবিধাৰ সন্মুখীন হ'বলগীয়া মহিলাসকলৰ বাবে ক্ষতিপূৰণ পুঁজি গঠন কৰাৰ কথাও ঘোষণা কৰিছে।
কিন্তু মুম্বাইস্থিত ‘ইণ্টাৰনেচনেল ইনষ্টিটিউট ফৰ পপুলেচন চায়েঞ্চেছ’ (IIPS)-এ কৰা এক অধ্যয়নত দেখা গৈছে যে বহুবিবাহ কেৱল মুছলমানসকলৰ মাজতে প্ৰচলিত নহয়, অসমৰ হিন্দুসকলকে ধৰি অন্যান্য সম্প্ৰদায়ৰ মাজতো প্ৰচলিত আছে। অৱশ্যে অধ্যয়নটোৰ মতে এই প্ৰথা ক্ৰমান্বয়ে হ্ৰাস পাইছে।
ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ (NFHS)ৰ তৃতীয় (২০০৫-০৬), চতুৰ্থ (২০১৫-১৬) আৰু পঞ্চম (২০১৯-২১) পৰ্যায়ৰ তথ্য বিশ্লেষণ কৰি IIPS-ৰ অধ্যয়নত পোৱা গৈছে যে ১৫ বছৰত অসমত বহুবিবাহৰ হাৰ ৩.৩ শতাংশৰ পৰা ২.৪ শতাংশলৈ হ্ৰাস পাইছে।
NFHS-5(পঞ্চম জৰীপ)ৰ তথ্য অনুসৰি, অসমত বহুবিবাহৰ হাৰ মুছলমানসকলৰ মাজত ৩.৬ শতাংশ, হিন্দুসকলৰ মাজত ১.৮ শতাংশ আৰু অন্যান্য ধৰ্মৰ লোকৰ মাজত ১.৮ শতাংশ। লক্ষণীয়ভাৱে, অন্যান্য ধৰ্মৰ মাজত ইয়াৰ প্ৰচলন অলপ বৃদ্ধি পাইছে, যিটো ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ চতুৰ্থত ০.৯ শতাংশ আছিল।
NFHS-3(তৃতীয় জৰীপ)ৰ তথ্য মতে, অসমত ২.১ শতাংশ হিন্দু, ৬.৯ শতাংশ মুছলমান আৰু ১.৩ শতাংশ অন্যান্য ধৰ্মৰ লোকে এই প্ৰথাৰ কথা স্বীকাৰ কৰিছিল। পৰৱৰ্তী জৰীপত এয়া হ্ৰাস পাই ক্ৰমে ১.৮ (হিন্দু), ৩.৬ (মুছলমান) আৰু ০.৯ শতাংশ (অন্যান্য) হয়।
অসমীয়া মুছলমান পৰিয়ালৰ বিবাহৰ এক দৃশ্য
মধ্য অসমৰ বিশ্বনাথ জিলা আৰু দক্ষিণ অসমৰ কৰিমগঞ্জ জিলাত এই সংখ্যা ৪.২ শতাংশ। এই দুয়োখন জিলাই দেশৰ ভিতৰতে সৰ্বাধিক বহুবিবাহ হোৱা শীৰ্ষ ৪০ খন জিলাৰ ভিতৰত আছে। মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ (য’ত অধিকাংশই খ্ৰীষ্টান) এই তালিকাৰ শীৰ্ষত আছে, য’ত ২০ শতাংশ বিবাহিত মহিলাই তেওঁলোকৰ স্বামীৰ একাধিক পত্নী থকা বুলি জনাইছে। NFHS-5ৰ তথ্য অনুসৰি, ওড়িশা (৩.৯) আৰু অসম (৩.৬) ত মুছলমানসকলৰ মাজত বহুবিবাহৰ হাৰ সৰ্বাধিক।
IIPS-ৰ অধ্যয়নত দেখা গৈছে যে NFHS-3ত বৌদ্ধ (৩.৮ শতাংশ) আৰু মুছলমান (২.৬ শতাংশ) ধৰ্মৰ লোকৰ মাজত বহুবিবাহৰ প্ৰচলন বেছি। কিন্তু NFHS-5ত দেখা গৈছে যে এয়া অন্যান্য ধৰ্মৰ লোকৰ মাজত (২.৫ শতাংশ) সৰ্বাধিক, ইয়াৰ পিছতে খ্ৰীষ্টান (২.১ শতাংশ) আৰু মুছলমান (১.৯ শতাংশ)সকল আছে। তদুপৰি, গৱেষণাটোৰ শেষত কোৱা হৈছে যে চহৰাঞ্চলৰ তুলনাত গ্ৰামাঞ্চলত বহুবিবাহ অধিক প্ৰচলিত।
অসমৰ বহুবিবাহৰ ছবিৰ গ্ৰাফিক্স: হাচমী
IIPS-ৰ অধ্যয়নৰ মতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিশেষকৈ মেঘালয় আৰু দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ মহিলাসকলে বহুবিবাহৰ কথা বেছিকৈ উল্লেখ কৰিছে। NFHS-3তত উত্তৰ-পূব আৰু দক্ষিণ ভাৰতৰ বৰ্তমান বিবাহিত মহিলাৰ ৩.৩ শতাংশ আৰু ৩ শতাংশই বহুবিবাহত আবদ্ধ হোৱা বুলি জানিবলৈ দিয়ে। NFHS-5ৰ তথ্য অনুসৰি, উত্তৰ-পূবৰ ২.৬ শতাংশ আৰু দক্ষিণ ভাৰতৰ ২ শতাংশ মহিলাই এই সমস্যাৰ সন্মুখীন হৈছে। এই অধ্যয়নত আৰু দেখা গৈছে যে উচ্চ শিক্ষিত মহিলাৰ তুলনাত আনুষ্ঠানিক শিক্ষা নথকা মহিলাসকলৰ মাজত বহুবিবাহৰ প্ৰচলন বেছি।
বিগত বৰ্ষৰ ডিচেম্বৰ মাহত অসম বিধানসভাই 'অসম বহুবিবাহ নিষিদ্ধ আইন, ২০২৫ গৃহীত কৰে। এই আইনখনৰ উদ্দেশ্য হৈছে বহুবিবাহ আৰু বহুবিবাহৰ সকলো প্ৰকাৰৰ প্ৰথা অসমত নিষিদ্ধ কৰা আৰু ৰাজ্যখৰ পৰা ইয়াক সম্পূৰ্ণৰূপে নিৰ্মূল কৰা। অৱশ্যে ষষ্ঠ অনুসূচীৰ জনজাতীয় এলেকাসমূহক এই আইনৰ পৰিসৰৰ পৰা আঁতৰত ৰখা হৈছে। অসমৰ বেছিভাগ মুছলমান লোকে, বিশেষকৈ মহিলাসকলে এই নতুন আইনখনক এক প্ৰগতিশীল পদক্ষেপ বুলি অভিহিত কৰিছে যদিও সম্প্ৰদায়টোৰ এটা অংশই আইনখনে যাতে কেৱল মুছলমান সমাজক লক্ষ্য কৰি নলয়, তাৰ বাবেও সতৰ্ক কৰি দিছে।