ভাৰতৰ ঐক্য আৰু সংহতি প্ৰতিফলিত হয় শাওন মাহৰ সাজপাৰ আৰু অলংকাৰত

Story by  atv | Posted by  Munni Begum • 4 h ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
আৰ্ছলা খান / নতুন দিল্লী
 
ভাৰতত যেতিয়া শাওনৰ বৰষুণ লৈ জুলাই মাহে দুৱাৰত টুকুৰিয়াই, তেতিয়া গছ-গছনি, খেতি-পথাৰৰ লগতে আৰু মহিলাৰ হাতৰ সেউজীয়া ৰঙৰ খাৰুৰে চৌদিশ সেউজীয়া কৰি তোলে। বিশেষকৈ উত্তৰ ভাৰত, মধ্য ভাৰত আৰু মহাৰাষ্ট্ৰত শাওন মাহটো কেৱল ধৰ্মীয় বিশ্বাসৰ প্ৰতীকে নহয় বৰঞ্চ সামাজিক আৰু সাংস্কৃতিক ৰঙেৰেও পৰিপূৰ্ণ হৈ থকা এটি অতি গুৰুত্বপূৰ্ণ মাহ।        
 
কিন্তু আপুনি কেতিয়াবা ভাবি চাইছে নে, শাওন মাহত সেউজীয়া ৰঙৰ খাৰু পিন্ধাৰ পৰম্পৰাটো যে কেৱল ধৰ্মীয় কৰ্তব্য নহয়, বৰঞ্চ ই ভাৰতৰ গংগা-জামুনি তেহজীবৰ এক অন্যতম উদাহৰণো হয়?   
 

প্ৰতিনিধিত্বমুলক ছবি
 
সেউজীয়া খাৰু: কেৱল এক ৰং নহয়, ই এক অনুভৱ
 
শাওন মাহত মহিলাসকলে বিশেষকৈ সেউজীয়া ৰঙৰ কাপোৰ, খাৰু আৰু কাপালত ফোট আদি পৰিধান কৰা দেখা যায়। যিবোৰ বিবাহিতাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। সেউজীয়া ৰং মূলত: সমৃদ্ধি, শান্তি আৰু উৰ্বৰতাৰ প্ৰতীক বুলি বিশ্বাস কৰা হয়। এই কাৰণেই বিবাহিতা মহিলাসকলে স্বামীৰ দীৰ্ঘায়ু কামনা কৰি 'হৰিয়ালী তীজ' আৰু সোমবাৰৰ উপবাসৰ সময়ত সেউজীয়া কাপোৰ আৰু সেউজীয়া খাৰু পৰিধান কৰে।   
 
কিন্তু এই সাংস্কৃতিক প্ৰথাৰ সৌন্দৰ্য তেতিয়াহে চৰ্চালৈ আহে, যেতিয়া মুছলমান মহিলাসকলেও নিজৰ হিন্দু প্ৰতিবেশীৰ অনন্দত সহভাগী হৈ তেওঁলোকক সেউজীয়া খাৰু পিন্ধাই দিয়ে। কোনোবা অঞ্চলৰ শ্ববনমে চুবুৰীয়া ৰমাক খাৰু পিন্ধাই। কোনোবা অঞ্চলত আকৌ নাজিয়া আৰু সংগীতাই একেলগে জুলনাত জুলি শাওনৰ গীত গুণ-গুণাই। ঠিক তেনেদৰে বাৰাণসীৰ অংশু ত্ৰিপাঠীয়ে কয় যে, "নাজমা বাইদেউৱে প্ৰতি বছৰে শাওন মাহৰ প্ৰথমটো সোমবাৰে আমাৰ ঘৰলৈ আহি মাক সেউজীয়া খাৰু পিন্ধাই আহিছে। এয়া কোনো অনুষ্ঠান নহয়, ই একমাত্ৰ হৃদয়ৰ সম্পৰ্ক।" 

শাওনত গংগা-জামুনি তেহজীবৰ উত্থান 
 
দিল্লীৰ জামা মছজিদ অঞ্চলৰ বাসিন্দা নছিম ফাতিমাই কয়, “শৈশৱৰ পৰাই মই দেখি আহিছো যে, আমাৰ মায়ে প্ৰতিবছৰে শাওন মাহত হিন্দু বান্ধৱীসকলৰ বাবে সেউজীয়া খাৰু লৈ আহিছিল। এতিয়া মইও একে পৰম্পৰা অব্যহত ৰাখিছো। 'শাওন মেলা'ই হওঁক বা 'তীজৰ সন্ধিয়া'য়ে হওঁক, আমি সকলোৱে একেলগে এই উৎসৱ পালন কৰো।”  
 
প্ৰতিনিধিত্বমুলক ছবি
 
এই পৰম্পৰাই এইটোও প্ৰমাণিত কৰিছে যে, এই উৎসৱৰ প্ৰকৃত সৌন্দৰ্য্য ধৰ্মীয়তাত নাই, বৰং ই আমাৰ মাজত লুকাই থকা মানৱতাৰ ৰঙতহে শিপাই আছে। যদিও এই উৎসৱ হিন্দু লোকসকলৰ, তথাপিও আমাৰ দেশৰ মুছলমান ব্যৱসায়ীসকলে এই উৎসৱৰ সৌন্দৰ্য্য দুগুন বৃদ্ধি কৰে। ভাৰতত লাখ লাখ মুছলমান ব্যৱসায়ীয়ে এই উৎসৱত হিন্দু ভগ্নীসকলৰ বাবে খাৰুৰ বৃহৎ সম্ভাৰ লৈ আহে। যিটো দেশৰ ঐক্যতাৰ আটাইতকৈ ডাঙৰ প্ৰমাণ। 
 
শাওন মাহৰ দিনত বজাৰবোৰ সেউজীয়া খাৰুৰে ভৰি থাকে। এই খাৰুবোৰৰ বেছিভাগ দোকানেই মুছলমান ব্যৱসায়ীৰ হয়। বিভিন্ন সম্প্ৰদায়ৰ লোকে একেলগে কাম কৰি খাৰুবোৰ প্ৰস্তুত কৰাৰ লগতে সুন্দৰকৈ পেকেট কৰি সজাই তোলে। এয়াও ভাৰতৰ সামাজিক সম্প্ৰীতিৰ এক জীৱন্ত নিদৰ্শন। হায়দৰাবাদৰ লাদ বজাৰৰ পৰা জয়পুৰৰ চৌড়ি চৌপাড়লৈ প্ৰতি বছৰে শাওন মাহত লাখ লাখ সেউজীয়া খাৰু তৈয়াৰ কৰি বিক্ৰী কৰা হয়। তেওঁলোকৰ আঁৰত কোনো ধৰ্ম লুকাই থকা নাই। লুকাই আছে কেৱল কঠোৰ পৰিশ্ৰম আৰু ইজনে আনজনৰ সৈতে ভাগ কৰা সুখবোৰ।   

সমন্বয় হৈ পৰিছে শাওন মাহৰ প্ৰতীক 
 
শাওন মাহৰ সময়ছোৱাত বিভিন্ন ঠাইত 'তীজ মিলন' আৰু 'চুড়ি উৎসৱ'ৰ আয়োজন কৰা হয়। য'ত সকলো সম্প্ৰদায়ৰ মহিলাসকলে উৎসাহেৰে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। গীত-নৃত্য, মেহেন্দি আৰু খাৰু বিতৰণৰ ৰীতি-নীতিৰে ধৰ্মৰ নামত থকা ব্যৱধান আতঁৰোৱা হয়, আৰু জন্ম হয় এক ৰঙীন, মধুৰ সম্প্ৰীতি। আজি যেতিয়া ধৰ্মৰ ভিত্তিত হোৱা বৈষম্যৰ ঘটনাই সমাজত শিৰোনাম দখল কৰে, তেতিয়া শাওনৰ দৰে পৰম্পৰাই আমাক সোঁৱৰাই দিয়ে যে, আমাৰ শিপা কিমান গভীৰ আৰু শক্তিশালী।  
 
প্ৰতিনিধিত্বমুলক ছবি
 
সেউজীয়া খাৰুৰ এই উৎসৱ কোনো এটা নিৰ্দিষ্ট ধৰ্ম বা সম্প্ৰদায়ৰ নহয়, বৰং ই ভাগ-বতৰা, সমন্বয় আৰু মানৱতাৰ উৎসৱত পৰিণত হৈছে। শাওনত সেউজীয়া খাৰু পিন্ধাটো কেৱল ধৰ্মীয় বা সামাজিক পৰম্পৰা নহয়, বৰঞ্চ হৃদয়ক সংযোগ কৰা এক সম্প্ৰীতিৰ সেতু। যিয়ে কেৱল হিন্দু-মুছলমান সমাজত যুগ যুগ ধৰি চলি অহা বিশ্বাস আৰু সমন্বয়ক জীয়াই ৰখাই নহয়, প্ৰতি বছৰে ইয়াক শক্তিশালী কৰিও আহিছে।   

হিন্দু ধৰ্মত ইয়াৰ গুৰুত্ব কি?
 
হিন্দু ধৰ্মত শাওন মাহৰ বিশেষ ধৰ্মীয় আৰু সাংস্কৃতিক গুৰুত্ব আছে। এই মাহটো শিৱৰ প্ৰতি ভক্তি, সেউজীয়া আৰু সৌন্দৰ্য্যৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। বিশেষকৈ বিবাহিত মহিলাসকলে এই সময়ত সেউজীয়া খাৰু পিন্ধে। কাৰণ সেউজীয়া ৰং জীৱন, সমৃদ্ধি, সৌভাগ্য আৰু উৰ্বৰতাৰ প্ৰতীক। সেউজীয়া খাৰু পৰিধান কৰিলে স্বামীৰ দীৰ্ঘায়ু আৰু বিবাহিত জীৱনত শান্তি আৰু সুখ নিশ্চিত হয় বুলি বিশ্বাস কৰা হয়। 
 
শাওনত 'হৰিয়ালী তীজ', 'মংগলা গৌৰী ব্ৰত' আৰু 'শিৱ পূজা'ৰ সময়ত সেউজীয়া কাপোৰ, খাৰু আৰু কপালত ফোট পৰিধান কৰাৰ পৰম্পৰা আছে। এই পৰম্পৰা কেৱল ধৰ্মীয় বিশ্বাসৰ লগত জড়িত নহয়, বৰং ই সামাজিক যোগাযোগ আৰু নাৰী সৌন্দৰ্য্য প্ৰকাশৰ এক অংশ স্বৰূপ। চলিত বৰ্ষৰ ১০ জুলাই (বৃহস্পতিবাৰ)ৰ পৰা শাওন আৰম্ভ হৈছে আৰু ইয়াৰ অন্ত পৰিব ৮ আগষ্ট (শুকুৰবাৰ)ত। এই সময়ছোৱাত চাৰিটা সোমবাৰ আহিব। যিবোৰক "শাওন সোমবাৰ" বুলি কোৱা হয়। আৰু দিনকেইটাই শিৱ ভক্তিৰ বাবে বিশেষ তাৎপৰ্য বহন কৰে।  
 
এই শাওনত যেতিয়া আপুনি হাতত সেউজীয়া খাৰু পিন্ধে, তেতিয়া ইয়াক কেৱল এক অলংকাৰ বুলি নাভাবিব, কিয়নো ই হৈছে এক বাৰ্তা। যিয়ে কয়: আমি সকলোৱে এক। আমাৰ উৎসৱ আৰু আমাৰ সুখবোৰো এক।