অসমৰ কোনে কোনে লাভ কৰিলে ২০২৪ বৰ্ষৰ সাহিত্য অকাডেমীৰ বঁটা

Story by  atv | Posted by  [email protected] • 1 Years ago
ৰঞ্জু হাজৰিকা আৰু নয়নজ্যোতি শৰ্মা
ৰঞ্জু হাজৰিকা আৰু নয়নজ্যোতি শৰ্মা

 

গুৱাহাটী

২০২৪বৰ্ষৰ বিভিন্ন শিতানত সাহিত্য অকাডেমীৰ বঁটাসমূহ শনিবাৰে ঘোষণা কৰা হয়। এই অনুসৰি, অসমৰ প্ৰসিদ্ধ সাহিত্যিক ৰঞ্জু হাজৰিকালৈ ২০২৪ বৰ্ষৰ শিশু সাহিত্য অকাডেমি বঁটা আগবঢ়োৱা হৈছে। 'বিপন্ন বিস্ময় খেল' নামৰ শিশু উপন্যাসৰ বাবে সাহিত্যিকগৰাকীক এই বঁটা প্ৰদান কৰা হৈছে।

ইফালে, নয়নজ্যোতি শৰ্মালৈ ২০২৪ৰ বৰ্ষৰ সাহিত্য অকাডেমি যুৱ বঁটা আগবঢ়োৱা হৈছে। 'জাল কটা জুই' শীৰ্ষক গল্প সংকলনৰ বাবে আগবঢ়োৱা হৈছে এই বঁটা। আনহাতে বড়ো ভাষাত সাহিত্য অকাডেমিৰ যুৱ বঁটা লাভ কৰিছে ছেলফ মেড ৰাণী বড়োয়ে। ছাইখলুম গ্ৰন্থৰ বাবে এই বঁটা লাভ কৰিছে বড়োৱে।

একেদৰে, বড়োভাষাত শিশু সাহিত্য অকাডেমি বঁটা লাভ কৰিছে ভাৰজিন জেকোভা মুছাহাৰীয়ে। বড়ো ভাষাত ‘বুহুমা বৈনিবৌ’ শীৰ্ষক কবিতা সংকলনৰ বাবে ভাৰ্জিন জেকভা মাছাহাৰীয়ে লাভ কৰিছে সাহিত্য অকাডেমী শিশু সাহিত্য পুৰস্কাৰ ২০২৪। বড়ো ভাষাৰ শিশু কবিতা পুথি "বহুমা বৈনিব" (পৃথিৱী সকলোৰে) সাহিত্য একাডেমীৰ শিশু সাহিত্য শিতানত বঁটাৰ বাবে নিৰ্বাচিত হোৱাত কোকৰাঝাৰত আনন্দৰ বন্যা বৈছে।

উল্লেখ্য যে, জেকোভা মুছাহাৰীৰ দ্বাৰা ৰচিত "বহুমা বৈনিব" নামৰ শিশু কবিতা সংকলনখন ২০১৯ চনত বড়ো সাহিত্য সভাই প্ৰকাশ কৰিছিল। উক্ত কবিতা সংকলনটোত সৰ্বমুঠ ৮২ টা কবিতা আছে। ভাৰ্জিন জেকোভা মুছাহাৰীৰ ইতিমধ্যে ৪খন কবিতা পুথি প্ৰকাশ পাইছে আৰু এখন প্ৰকাশৰ পথত আছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ সাহিত্য জগতলৈ সন্মান কঢ়িয়াই অনা আটাইকেইগৰাকী সাহিত্যিকলৈ অভিনন্দন জনাইছে।