বঙালী মুছলমানৰ বাবে জামাত-ই-ইছলামী কিয় এতিয়াও গ্রহণযোগ্য হৈ উঠা নাই?

Story by  atv | Posted by  Munni Begum • 1 d ago
তুৰ্কীৰ প্ৰতিনিধি দলৰ সৈতে ছফিকুৰ ৰহমান,আমিৰ বাংলাদেশ জামাত-ই-ইছলামী
তুৰ্কীৰ প্ৰতিনিধি দলৰ সৈতে ছফিকুৰ ৰহমান,আমিৰ বাংলাদেশ জামাত-ই-ইছলামী
 
নৌশ্বাদ আলম চিষ্টি
 
বাংলাদেশ নেচনেলিষ্ট পাৰ্টি (BNP)ৰ শেহতীয়া নিৰ্বাচনী বিজয়ে জামাত-ই-ইছলামীক পুনৰবাৰ ৰাষ্ট্ৰীয় চৰ্চালৈ লৈ আহিছে। সত্তৰখন আসনত জয়লাভ কৰি দ্বিতীয় বৃহত্তম ৰাজনৈতিক শক্তি হিচাপে আত্মপ্ৰকাশ কৰাৰ পিছতো জামাত-ই-ইছলামিয়ে তেওঁলোকৰ এই সংখ্যাগত উপস্থিতিক প্ৰকৃত ৰাজনৈতিক সফলতালৈ ৰূপান্তৰিত কৰাত ব্যৰ্থ হ’ল।
 
এই বিৰোধ কোনো আকস্মিক ঘটনা নহয়, বা ই কেৱল সাম্প্ৰতিক নিৰ্বাচনী গতিশীলতাৰ মাজতেই সীমাবদ্ধ নহয়। ইয়াৰ শিপা দলটোৰ ঐতিহাসিক সিদ্ধান্ত, আদৰ্শগত দৃঢ়তা আৰু দক্ষিণ এছিয়াৰ মুছলমান ইতিহাসৰ কিছুমান অতি যন্ত্ৰণাদায়ক অধ্যায়ত তেওঁলোকে পালন কৰা বিতৰ্কিত ভূমিকাৰ মাজত গভীৰভাৱে সোমাই আছে।
বাংলাদেশত জামাত-ই-ইছলামীয়ে কিয় বৈধতাৰ বাবে এতিয়াও সংগ্ৰাম কৰি থাকিবলগীয়া হৈছে, সেইটো বুজিবলৈ হ'লে ইয়াৰ উৎপত্তি, ৰাজনৈতিক আচৰণ আৰু জনমানসত আজিও সজীৱ হৈ থকা হিংসা তথা বিভাজনৰ সেই দীঘলীয়া ছাঁটো পুনৰ নিৰীক্ষণ কৰিব লাগিব।
 
মৌলানা মৌদুদীয়ে প্ৰতিষ্ঠা কৰা জামাত-ই-ইছলামী ভাৰত, পাকিস্তান আৰু বাংলাদেশত বিভিন্ন ৰূপ আৰু গাঁথনিত বিদ্যমান। স্বাধীনতা আন্দোলনৰ সময়ত মৌলানা মৌদুদীয়ে সম্পূৰ্ণ পৃথক স্থিতি গ্ৰহণ কৰিছিল। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ বা মুছলিম লীগ— কোনো এটা পক্ষকেই সমৰ্থন কৰা নাছিল। তেওঁৰ দৃষ্টিত, ভাৰতৰ স্বাধীনতাৰ বাবে সংগ্ৰাম কৰা দুয়োটা দলেই আছিল পথভ্ৰষ্ট আৰু ইছলামিক দৃষ্টিকোণৰ পৰা তেওঁ এই দলবোৰক চয়তানী শক্তিৰ আহিলা হিচাপে গণ্য কৰিছিল।
 
কিন্তু পাকিস্তান সৃষ্টি হোৱাৰ পিছত মৌলানা মৌদুদী তেওঁৰ সম্পূৰ্ণ ৰাজনৈতিক যন্ত্ৰৰ সৈতে পাকিস্তানলৈ প্ৰব্ৰজন কৰে আৰু জামাত-ই-ইছলামি নামৰ উগ্ৰ ৰাজনৈতিক ইছলামক বলবৎ কৰে। সময়ৰ লগে লগে, পাকিস্তানত জামাত-ই-ইছলামীয়ে ইছলাম বলৱৎ কৰাৰ নামত সশস্ত্ৰ সংগ্ৰামৰ আশ্ৰয় ল’বলৈও কুণ্ঠাবোধ কৰা নাছিল।
 
জামাত-ই-ইছলামী পাকিস্তান হ’ল এক চৰমপন্থী ইতিহাস থকা এটা হিংসাত্মক সংগঠন। ইয়াৰ ছাত্ৰ শাখা ‘ইছলামী জমিয়ত-ই-তলেবা’ই এসময়ত পাকিস্তানৰ কলেজ, বিশ্ববিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠানসমূহক ষড়যন্ত্ৰ, গুণ্ডাগিৰি আৰু ৰক্তপাতৰ কেন্দ্ৰলৈ পৰিণত কৰিছিল। ছাত্ৰ সংসদৰ নিৰ্বাচনত বুথ দখল কৰা, প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীক অপহৰণ কৰা, হত্যা আৰু তেওঁলোকৰ সংস্কৰণৰ ইছলাম জাপি দিবলৈ কৰা হিংসাত্মক ভাবুকিয়ে তেওঁলোকৰ পৰিচয়মূলক "সাফল্য" হৈ পৰিছিল।
 
লাহোৰৰ পঞ্জাৱ বিশ্ববিদ্যালয়, মুলতানৰ বাহাউদ্দিন জাকাৰিয়া বিশ্ববিদ্যালয়, সিন্ধ বিশ্ববিদ্যালয়, কৰাচী বিশ্ববিদ্যালয় আৰু বহুতো উচ্চ শিক্ষানুষ্ঠান এসময়ত তেওঁলোকৰ হিংসাৰ ভয়ংকৰ কেন্দ্ৰ আছিল।
 
ঢাকাত ছফিকুৰ ৰেহমান, বাংলাদেশ জামাত-ই-ইছলামী আমিৰ তেওঁৰ মিত্ৰশক্তিৰ সৈতে
 
যেতিয়া পূব পাকিস্তান (বৰ্তমানৰ বাংলাদেশ)ৰ বঙালী মুছলমান জনসাধাৰণে পশ্চিম পাকিস্তানৰ ৰাজনীতিবিদ, আমোলা আৰু সামৰিক বাহিনীৰ অবিবেচক নীতি, ৰাজনৈতিক অহংকাৰ আৰু পঞ্জাৱী শ্ৰেষ্ঠত্ববাদত অতিষ্ঠ হৈ শোষণৰ বিৰুদ্ধে স্বাধীনতা আন্দোলন আৰম্ভ কৰিছিল, তেতিয়া বিভিন্ন পক্ষই সেই বিশৃংখল পৰিস্থিতিৰ সুযোগ নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিছিল। সেই অস্থিৰ পৰিস্থিতিত, বাংলাদেশৰ জামাত-ই-ইছলামীয়ে পশ্চিম পাকিস্তানৰ অন্যায়ৰ বিৰুদ্ধে বঙালী মুছলমানসকলৰ পক্ষত থিয় দিব লাগিছিল।
 
কিন্তু তাৰ পৰিৱৰ্তে, ই পাকিস্তানী সেনাৰ পক্ষ লৈছিল আৰু বঙালী মুছলমানসকলৰ হত্যাত সহযোগী হৈ পৰিছিল। পৰৱৰ্তী সময়ত, পাকিস্তান সমৰ্থক উৰ্দুভাষী লোকসকলকো বঙালীসকলে নৃশংসভাৱে লক্ষ্য কৰি লৈছিল আৰু হত্যা কৰিছিল।
 
পশ্চিম পাকিস্তানে যদি পূব পাকিস্তানৰ বঙালীসকলৰ সৈতে আলোচনা আৰু পাৰস্পৰিক বুজাবুজিৰ পথ বাছি ল’লেহেঁতেন আৰু যদি বিভাজনটো সৌহাৰ্দ্যপূৰ্ণভাৱে হ’লহেঁতেন, তেন্তে কোনো বহিঃশক্তিয়ে পৰিস্থিতিৰ সুযোগ ল’ব নোৱাৰিলেহেঁতেন আৰু লাখ লাখ মুছলমান পুৰুষ-মহিলাৰ প্ৰাণ নগ’লহেঁতেন। বঙালী মুছলমানসকলে নিজৰ অঞ্চলত জামাত-ই-ইছলামিৰ ঐতিহাসিক ভূমিকাৰ বিষয়ে সম্পূৰ্ণভাৱে অৱগত।
 
তদুপৰি, জামাত-ই-ইছলামীয়ে যি ৰাজনৈতিক মতাদৰ্শৰ পোষকতা কৰে আৰু ইছলামৰ যিটো সংস্কৰণ জাপি দিব বিচাৰে, সেয়া দক্ষিণ এছিয়াৰ কতোৱেই কাৰ্যকৰী কৰিব নোৱাৰি। জামাত-ই-ইছলামীয়ে তৃণমূল পৰ্যায়ত নিজকে সলনি নকৰালৈকে কেতিয়াও সফল হ’ব নোৱাৰে।
 
ভাৰতত জামাত-ই-ইছলামীৰ ৰাজনীতিত অৰ্থপূৰ্ণভাৱে জড়িত হোৱাৰ ক্ষমতাও নাই আৰু সফলতাৰ কোনো বাস্তৱিক সম্ভাৱনাও নাই। আফগানিস্তানত ইতিমধ্যে ই ব্যৰ্থ হৈছে। জামাত-ই-ইছলামী পাকিস্তান নিজৰ নীতিৰ বাবে কেনেধৰণৰ হৈ পৰিছে সেই বিষয়ে সমগ্ৰ বিশ্ব অৱগত আৰু বঙালী মুছলমানসকলেও জামাত-ই-ইছলামীয়ে বাংলাদেশত যি ভূমিকা পালন কৰিছিল সেয়া স্পষ্টকৈ মনত ৰাখিছে।
 
(লেখক আলিগড়ৰ এজন পণ্ডিত আৰু ইছলামিক বিষয়ৰ বিশেষজ্ঞ)