মুম্বাই
দেশৰ সম্প্ৰচাৰ আৰু বিজ্ঞাপন জগতলৈ বৈপ্লৱিক পৰিবৰ্তন আনিছে ইণ্ডিয়ান প্রিমিয়াৰ লীগে। যোৱা ২০১৭ বৰ্ষত আই পি এলৰ সম্প্ৰচাৰ স্বত্ব বিক্ৰী হৈছিল ১৬,৩৪৭.৫০ কোটি টকাত। এইবাৰ ইয়াৰ পৰিমাণ ৪৮,৩৯০ কোটি টকা। পাঁচ বছৰত ইয়াৰ পৰিমাণ বৃদ্ধি হ'ল প্ৰায় তিনি গুণ।
আই পি এলৰ যিকোনো এখন মেচৰ এটা বলৰ মূল্য এতিয়া ৪৯ লাখ টকা। প্রতি অ’ভাৰত ২.৯৫ কোটি টকা। প্রতিখন মেচৰ মূল্য ১১৮.০২ কোটি টকা। আই পি এলৰ পৰা ব'ৰ্ডৰ বাৰ্ষিক আয় ৯,৬৭৮ কোটি টকা।
তাৎপর্যপূর্ণভাৱে ২০২২-২৩ বৰ্ষৰ কেন্দ্ৰীয় ক্রীড়া বাজেটৰ পৰিমাণ ৩,০৬২.৬০ কোটি টকা। এই পৰিমাণৰ ধনেৰে দেশৰ সমস্ত ক্রীড়াক্ষেত্ৰ পৰিচালিত হয়। তাৰ বিপৰীতে ভাৰতীয় ক্রিকেট ব’ৰ্ডে দুমাহৰ এখন প্রতিযোগিতা আয়োজন কৰি লাভ কৰে প্ৰায় তিনি গুণ। আই পি এলৰ উপৰি দ্বিপাক্ষিক শৃংখলা আছেই।
আই পি এলৰ পৰা লাভ কৰা বিপুল পৰিমাণৰ ধনেৰে বৰ্ডে কি কৰিব! ক’ত ব্যয় কৰিব ইমান ধন? ব'ৰ্ডৰ এটা সূত্ৰই জনোৱা অনুসৰি সম্প্ৰচাৰ স্বত্বৰ পৰা লাভ কৰা ৪৮,৩৯০ কোটি টকাৰ আধা অংশ ধন আই পি এলৰ দহটা দলৰ মাজত সম পৰিমাণত বিতৰণ কৰা হ'ব। সেই অনুসৰি প্ৰতিটো দলেই লাভ কৰিব প্রায় ২,৪১৯ কোটি টকা। বাকী থকা ধনৰ ২৬ শতাংশ বিতৰণ কৰা হ'ব দেশীয় আৰু বিদেশী খেলুৱৈৰ মাজত। প্ৰায় ৬,২৯০ কোটি টকা বিতৰণ হ'ব।
একেবাৰে শেষত বাকী থকা ১৬,৯৩৬ কোটি বিতৰণ কৰা হ'ব ৰাজ্যিক সংস্থাসমূহৰ মাজত। কেন্দ্রীয় চুক্তিত থকা খেলুৱৈ, মুখ্য কাৰ্যালয়ৰ কৰ্মচাৰীৰ দৰমহা আদিৰ ব্যয় বিভিন্ন দ্বিপাক্ষিক শৃংখলা, আই চি চিৰ প্ৰতিযোগিতাৰ পৰা লাভ কৰে ব'ৰ্ডে।
FEATURED VIDEOS
PISA
HSLC Result Al-Ameen
Dhekiakhowa Bornamghar
Physical challenge no hurdle in Md Gulpham's learning skill
Dustbin distributor Nazrul Islam
Illiterate poet Habil Uddin
Taj Hotel
Gauhati University's Arabic department in good shape
Abdul Barek chooses marathon as his livelihood