ভুবনেশ্বৰ
ভাৰতীয় এথলেটিকছত এক ঐতিহাসিক মুহূৰ্তৰ সৃষ্টি কৰি কেৰালাৰ এথলীট এন্সি সোজনে শনিবাৰে ওড়িশাৰ ভুবনেশ্বৰৰ কলিংগা ষ্টেডিয়ামত অনুষ্ঠিত ৰাষ্ট্ৰীয় আন্তঃৰাজ্য ছিনিয়ৰ এথলেটিকছ প্ৰতিযোগিতাত মহিলা লং জাম্পৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰে। প্ৰতিযোগিতাখনত তেওঁ ৬.৮৮ মিটাৰ দৈৰ্ঘ্যৰ জাঁপ মাৰি অঞ্জু ববি জৰ্জৰ দীৰ্ঘদিনীয়া ৰাষ্ট্ৰীয় অভিলেখ অতিক্ৰম কৰে।
এন্সিয়ে প্ৰতিযোগিতাখনৰ পঞ্চম প্ৰচেষ্টাত এই ঐতিহাসিক কৃতিত্ব অৰ্জন কৰে। তেওঁ ২০০৪ চনৰ এথেন্স অলিম্পিকত অঞ্জু ববি জৰ্জে স্থাপন কৰা ৬.৮৩ মিটাৰৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰে। ইয়াৰ ফলত ভাৰতীয় এথলেটিকছৰ অন্যতম পুৰণি অভিলেখৰ অৱসান ঘটাৰ লগতে দেশৰ ফিল্ড ইভেণ্টসমূহৰ বাবে এক যুগান্তকাৰী অধ্যায়ৰ সূচনা হয়।
এই অসাধাৰণ প্ৰদৰ্শনে এন্সিক এছিয়াৰ শীৰ্ষস্থানীয় এথলীটসকলৰ শাৰীত স্থান দিয়ে। তেওঁৰ ৬.৮৮ মিটাৰৰ জাঁপ এছিয়াৰ ইতিহাসত অষ্টম শ্ৰেষ্ঠ প্ৰদৰ্শন হিচাপে পৰিগণিত হৈছে। লগতে বিগত দুটা দশকত ৬.৮৫ মিটাৰৰ সীমা অতিক্ৰম কৰা দ্বিতীয়গৰাকী এছিয়ান মহিলা হিচাপেও তেওঁ ইতিহাস ৰচনা কৰে। এই সাফল্যই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ প্ৰদৰ্শনৰ উচ্চমান স্পষ্ট কৰি তোলে।
অঞ্জু ববি জৰ্জ ভাৰতৰ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ এথলীট হিচাপে আত্মপ্ৰকাশ কৰাৰ পিছৰে পৰা তেওঁৰ এই ৰাষ্ট্ৰীয় অভিলেখ উৎকৰ্ষতাৰ প্ৰতীক হিচাপে পৰিগণিত হৈ আহিছিল। দুটা দশকৰো অধিক সময় ধৰি ৰাষ্ট্ৰীয় অভিলেখৰ অধিকাৰি হৈ থকাৰ উপৰিও ২০০৩ চনত পেৰিছত অনুষ্ঠিত বিশ্ব এথলেটিকছ প্ৰতিযোগিতাত ব্ৰঞ্জ পদক জয় কৰি বিশ্ব এথলেটিকছ প্ৰতিযোগিতাত পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে তেওঁ ইতিহাস সৃষ্টি কৰিছিল। তেওঁৰ এই সাফল্যই ভাৰতৰ এক নতুন প্ৰজন্মৰ লং জাঁম্প খেলুৱৈসকলক অনুপ্ৰাণিত কৰিছিল যদিও এতিয়ালৈকে কোনো খেলুৱৈয়ে তেওঁৰ অভিলেখ অতিক্ৰম কৰিব পৰা নাছিল।
ভাৰতীয় ট্ৰেক এণ্ড ফিল্ডৰ দ্ৰুতগতিত উত্থান ঘটোৱা তাৰকাসকলৰ অন্যতম এন্সি সোজনে মহিলা লং জাঁম্পত ইতিমধ্যে দেশৰ অন্যতম শীৰ্ষ শক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে।
২০০১ চনৰ ১ মাৰ্চত কেৰালাৰ ত্ৰিশূৰত জন্মগ্ৰহণ কৰা এন্সিয়ে ভাৰতীয় নৌসেনাক প্ৰতিনিধিত্ব কৰে আৰু তেওঁ চিফ পেটি অফিচাৰ হিচাপে কৰ্মৰত। বিগত কেইবছৰত তেওঁ ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শন আগবঢ়াই এই ইভেণ্টত ভাৰতৰ অন্যতম নিৰ্ভৰযোগ্য খেলুৱৈ হিচাপে আত্মপ্ৰকাশ কৰিছে।
২০২৩ চনত হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছত ৬.৬৩ মিটাৰ জাঁপ মাৰি ৰূপৰ পদক জয় কৰাৰ জৰিয়তে এন্সিয়ে প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰে। ইয়াৰ পিছত ২০২৫ চনৰ এছিয়ান এথলেটিকছ প্ৰতিযোগিতাতো তেওঁ ৰূপৰ পদক জয় কৰে। আনহাতে, ২০২৬ চনৰ এছিয়ান ইনড’ৰ এথলেটিকছ প্ৰতিযোগিতাত ব্ৰঞ্জ পদক লাভ কৰি মহাদেশীয় পৰ্যায়ত নিজৰ ধাৰাবাহিক সফলতাৰ প্ৰমাণ দিয়ে।
এই ছিজনৰ আৰম্ভণিতে অনুষ্ঠিত ৰাষ্ট্ৰীয় ফেডাৰেচন কাপত ৬.৭৫ মিটাৰ জাঁপ মাৰি এন্সিয়ে নিজৰ ব্যক্তিগত শ্ৰেষ্ঠ প্ৰদৰ্শন উন্নীত কৰিছিল। সেই অভিলেখকো অতিক্ৰম কৰি আন্তঃৰাজ্য প্ৰতিযোগিতাত তেওঁ দৃষ্টিনন্দনভাৱে ৬.৮৮ মিটাৰ জাঁপ মাৰি অঞ্জু ববি জৰ্জৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰে।
আগন্তুক বিশ্ব এথলেটিকছ প্ৰতিযোগিতাৰ পূৰ্বে এন্সি সোজনক ভাৰতৰ অন্যতম উজ্জ্বল পদক সম্ভাৱনা হিচাপে গণ্য কৰা হৈছে। একাধিক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক জয় আৰু এই ঐতিহাসিক ৰাষ্ট্ৰীয় অভিলেখে তেওঁৰ দ্ৰুত উত্থানক আৰু অধিক উজ্জ্বল কৰি তুলিছে। একে সময়তে এই কৃতিত্বই ভাৰতীয় মহিলা লং জাঁম্পত এক নতুন যুগৰ সূচনা কৰাৰ লগতে অঞ্জু ববি জৰ্জে গঢ়ি থৈ যোৱা গৌৰৱময় ঐতিহ্যকো আগুৱাই নিয়াৰ দিশটো স্পষ্ট কৰি তুলিছে।