এছিয়ান খো খো চেম্পিয়নশ্বিপ: সমন্বয়ৰ অপূৰ্ব নিদৰ্শন

Story by  atv | Posted by  Munni Begum • 2 Years ago
চতুৰ্থ এছিয়ান খো খো চেম্পিয়নশ্বিত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হোৱা ইৰাণৰ পুৰুষ দল
চতুৰ্থ এছিয়ান খো খো চেম্পিয়নশ্বিত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হোৱা ইৰাণৰ পুৰুষ দল
 
  ৰাজীৱ প্ৰকাশ বৰুৱা 
 
ভাৰতৰ পৰম্পৰাগত খেল-ধেমালিৰ বৈশিষ্ট বহনকাৰী খো খো আজি বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত। মহাভাৰতৰ দিনৰে পৰা ভাৰতত খো খো প্ৰচলিত বুলি থকা ধাৰণা আজি দেশজুৰি জনপ্ৰিয়। মহাভাৰতৰ সময়ৰ পৰা দীৰ্ঘ পৰিক্ৰমা সামৰি আধুনিক ক্ৰীড়া বিশ্বৰ মানচিত্ৰতো আজি জিলিকি উঠিছে খো খো। আজি বিশ্বৰ প্ৰায় ৩০ৰো অধিক দেশত জনপ্ৰিয় ভাৰতত উৎপত্তি লাভ কৰা খো খো। 
 
২০১৬ত গুৱাহাটীত অনুষ্ঠিত দক্ষিণ এছিয়া ক্ৰীড়া সমাৰোহতো অন্তৰ্ভুক্তি ঘটিছিল খো খোৰ। শেহতীয়াকৈ অসমৰ তামুলপুৰত সফলতাৰে অনুষ্ঠিত হৈ যায় চতুৰ্থ এছিয়ান খো খো চেম্পিয়নশ্বিপ। অসম খো খো সন্থাৰ উদ্যোগত তথা খো খো ফেডাৰেচন অৱ ইণ্ডিয়া আৰু এছিয়ান খো খো ফেডাৰেচনৰ সৌজন্যত অনুষ্ঠিত হৈ যায় প্ৰতিযোগিতাখন। ২০ মাৰ্চৰ পৰা ২৩ মাৰ্চলৈ অনুষ্ঠিত প্ৰতিযোগিতাখনত সমাহাৰ ঘটে বিশ্বৰ ৯খন দেশৰ কেইবাশতাধিক খো খো খেলুৱৈৰ। আয়োজক ভাৰতসহ প্ৰতিযোগিতাখনত অংশ লয় দক্ষিণ কোৰিয়া, ছিংগাপুৰ, ইণ্ডোনেছিয়া, বাংলাদেশ, ভূটান, ইৰান, মালয়েছিয়া, শ্ৰীলংকা, নেপাল আদি দেশসমূহে।
 
ভাৰত আৰু বাংলাদেশৰ মাজত হোৱা খো খো খেলৰ কিছু মূহুৰ্ত 
 
অসমৰ তামুলপুৰৰ দৰে মফচলীয়া এটা অঞ্চল সমন্বয়ৰ মহাতীৰ্থত পৰিণত হয়। তামুলপুৰৰ দৰে এটা গ্ৰাম্য অঞ্চলত এনেদৰে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ উদাহৰণ দেশৰ ভিতৰতেই হয়তো বিৰল। এমাহজোৰা প্ৰস্তুতিৰ অন্তত তামুলপুৰত গঢ়ি তোলা হৈছিল শীত-তাপ নিয়ন্ত্ৰিত অস্থায়ী এক অত্যাধুনিক ইনডোৰ ষ্টেডিয়াম। প্ৰায় দহ হেজাৰ লোকে একেলগে খেল উপভোগ কৰিব সুবিধা উপলব্ধ আছিল অস্থায়ী ষ্টেডিয়ামখনত। আধুনিক প্ৰযুক্তিবিদ্যাৰ সমাহাৰেৰে খেলুৱৈৰ বাবে সৃষ্টি কৰা হৈছিল আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া পৰিৱেশ। 
 
খেলুৱৈসকলক গুৱাহাটীৰ বিলাসী হোটেলত ৰখাৰ ব্যৱস্থা কৰা হৈছিল। পুৱাই বিলাসী বাছ যোগে খেলুৱৈসকলক লৈ যোৱা হৈছিল প্ৰতিযোগিতাস্থলীলৈ। প্ৰতিযোগিতাৰ দিনকেইটাত তামুলপুৰত সৃষ্টি হৈছিল উৎসৱমুখৰ পৰিৱেশৰ। কেৱল তামুলপুৰেই নহয়, বি টি আৰৰ অন্তৰ্ভু্ত বাক্সা, চিৰাং, কোকৰাঝাৰ আদি অঞ্চললৈও বিয়পি পৰিছিল প্ৰতিযোগিতাৰ আনন্দ। নিতৌ সহস্ৰাধিক লোক সমৱেত হৈছিল খেল উপভোগ কৰিবলৈ। 
 
চতুৰ্থ এছিয়ান খো খো চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা মালায়েচিয়াৰ মহিলা খেলুৱৈৰ দল
 
এক কথাত প্ৰতিযোগিতাৰ দিনকেইটাত সমন্বয়স্থলীলৈ পৰিণত হৈছিল তামুলপুৰ। বিভিন্ন ভাষা-ভাষী, ধৰ্মাৱলম্বী, জাতি-জনগোষ্ঠীৰ খেলুৱৈ কৰ্মকৰ্তাৰ সমাহাৰেৰে সম্প্ৰীতিৰ মিলনভূমিত পৰিণত হৈছিল তামুলপুৰ। বিশেষকৈ বড়ো, ৰাভাকে আদি কৰি অসমৰ বিভিন্ন জনগোষ্ঠীৰ মিলনভূমি তামুলপুৰত বিশ্বৰ বিভিন্ন ধৰ্মাৱলম্বী লোকৰ সমাহাৰ আছিল প্ৰতিযোগিতাখনৰ অন্য এক উল্লেখযোগ্য দিশ। বিশেষকৈ ইছলামিক দেশ ইৰাণ, ইণ্ডোনেছিয়া, বাংলাদেশ আদি দেশৰ খেলুৱৈসকলে একাত্মতাৰে অসমৰ চহকী কলা-সংস্কৃতিক আঁকোৱালি লৈছিল সেই দিনকেইটাত। খেলুৱৈসকলে সমিল-মিলেৰে সকলোৰে সৈতে মত-বিনিময় কৰাৰ লগতে অসমৰ বৰ্নময় সাংস্কৃতিক অনুষ্ঠানো আন্তৰিকতাৰে উপভোগ কৰা দেখিবলৈ পোৱা গৈছিল। 
 
উল্লেখ্য যে, অসমৰ খো খোৰ মানচিত্ৰত তামুলপুৰে দখল কৰি আহিছে এক সুকীয়া স্থান। অঞ্চলটোৰ প্ৰায় প্ৰতিঘৰ লোকৰ ঘৰতেই খো খো খেলা ল'ৰা-ছোৱালীৰ অভাৱ নাই। যাৰ বাবে প্ৰতিযোগিতাখনক লৈ তামুলপুৰবাসীৰ উৎসাহ আৰু উৎসুকতাৰ সীমা নাছিল। ক্ৰীড়াৰ প্ৰতি তেওঁলোকৰ যি আন্তৰিকতা, সীমাহীন উৎসাহ তাৰ বাস্তৱ প্ৰতিফলন দেখিবলৈ পোৱা গৈছিল প্ৰতিযোগিতাৰ দিনকেইটাত। প্ৰতিযোগিতাখনে বি টি আৰ বাসী ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হয়।  
 
চতুৰ্থ এছিয়ান খো খো চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ অহা খেলুৱৈ সকল আদৰণি জনোৱা এক মূহুৰ্ত
 
নিতৌ খেল উপভোগ কৰিবলৈ বিভিন্ন অঞ্চলৰ ক্ৰীড়ামোদী ৰাইজে ভিৰ কৰিছিল প্ৰতিযোগিতাস্থলী। ক্ৰীড়াপ্ৰেমী ৰাইজৰ বিপুল সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি সেই দিনকেইটাত তামুলপুৰৰ তিনিআলি, চাৰিআলিত এল ই ডি স্ক্ৰিনৰ জৰিয়তে খেল উপভোগ কৰাৰ ব্যৱস্থাও কৰা হয়। প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰি তোলাত অসম খো খো সন্থাৰ সমূহ বিষয়ববীয়া ধন্যবাদৰ পাত্ৰ। এইক্ষেত্ৰত অসম খো খো সন্থাৰ অধ্যক্ষ বি টি আৰ প্ৰধান প্ৰমোদ বড়োৰ সহযোগিতা অনস্বীকাৰ্য। বি টি আৰ কৰ্তৃপক্ষৰ সহায় সহযোগিতাত এনে এখন আটকধুনীয়া প্ৰতিযোগিতা সুকলমে সম্পন্ন হোৱাত সম্ভৱ হৈ উঠিল।  
 
অনুষ্ঠানটোৰ শোভাবৰ্দ্ধন কৰিছিল ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া, ৰাজ্য চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰীকে আদি কৰি বহু বিশিষ্ট ব্যক্তিয়ে। ৰাজ্যৰ সংবাদ মাধ্যমৰো সহযোগিতা আছিল শলাগিবলগীয়া। প্ৰতিযোগিতাখনৰ বাবে মুকলি কৰি  দিয়া হৈছিল এটি বিশেষ সংগীত। ৰাজ্যৰ বিশিষ্ট সংগীত শিল্পী ড: সংগীতা কাকতিৰ কণ্ঠত মুক্তি দিয়া হৈছিল প্ৰতিযোগিতাৰ থীম চংটো। চেম্পিয়নশ্বিপত অংশ লোৱা প্ৰতিযোগীসকলক আটাইকেইখন দেশৰ ভাষাত আদৰণি জনোৱা হয় এই বিশেষ গীতটোৰ জৰিয়তে। এনেদৰেই উল্লাসপূৰ্ণভাৱে সকলোৰে সহযোগিতাত সফলতাৰে সামৰণি পৰে খো খোৰ এছিয়ান চেম্পিয়নশ্বিপৰ কাৰ্যসূচী। এছিয়ান খো খো চেম্পিয়নশ্বিপৰ সফল আয়োজনে ৰাজ্যৰ খো খো ক্ষেত্ৰক অধিক প্ৰাণৱন্ত কৰি তুলিব বুলি আশা কৰিব পাৰি।   
 
(লেখক হৈছে অসম খো খো সন্থাৰ সভাপতি)